নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটৰ ইতিবাচক সিদ্ধান্ত

বিজেপি নেতৃত্বাধীন দ্বিতীয়টো কার্যকালৰ মিত্রজোঁট চৰকাৰৰ এশ দিন সম্পূর্ণ হোৱাৰ দিনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰে এটা সিদ্ধান্ত বিবেচিত হৈছে যথেষ্ট ইতিবাচক তথা তাৎপর্যপূর্ণ ৰূপে৷ কিয়নো এই সিদ্ধান্তটোৰ লগত পৰিৱেশ সুৰক্ষাৰ দৰে অতি স্পর্শকাতৰ বিষয় এটা নিহিত হৈ আছে৷ প্রধানতঃ পৰিৱেশ সুৰক্ষাৰ দিশত চলি থকা বিশ্বব্যাপী অভিযানৰ অংশ হিচাপে অসম ৰাজ্যিক পৰিবহণ নিগম, চমুকৈ এ এছ টি চিৰ দ্বাৰা গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থা ইলেক্ট্রনিক যাতায়াত মাধ্যমলৈ পৰিৱর্তন কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে৷ অকল সিদ্ধান্ত লোৱাই নহয়, ইয়াৰ বাবে দুশখন ইলেক্ট্রনিক বাছ আৰু এশখন চি এন জি বাছ ক্রয় কৰাৰ ক্ষেত্রতো কেবিনেটে অনুমোদন জনাইছে৷ গোলকীয় উষ্ণতা তথা কার্বন মনোক্সাইড, কার্বন–ডাই–ক্সাইড আৰু ছালৰডাই অক্সাইড আদিৰ দৰে গ্রীন হাউছ গেছৰ বায়ুমণ্ডলত নির্গমনে পৃথিৱী গ্রহৰ প্রতি ভাবুকি কঢ়িয়াই অনাক লৈ এই সম্পাদকীয় স্তম্ভত একাধিকবাৰ আলোচনা কৰা হৈছে৷ সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বায়ুমণ্ডলত কার্বনৰ নির্গমন হ্রাস কৰাৰ প্রতি লক্ষ্য ৰাখিয়েই গুৱাহাটীৰ ৰাজপথৰ পৰিবহণ ব্যৱস্থা ইলেক্ট্রনিক যাতায়াত মাধ্যমলৈ পৰিৱর্তন কৰাৰ কথা কৈছে৷ লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ বর্ষপূর্তিৰ দিনাই এই প্রয়াস আৰু প্রচেষ্টা চলোৱা হ’ব৷ প্রথমতে এ এছ চি টিৰ দ্বাৰা সূচনা কৰিবলগীয়া ইলেক্ট্রনিক পৰিবহণ ব্যৱস্থা অনাগত সময়ছোৱাত ব্যক্তিগত খণ্ডলৈ সম্প্রসাৰিত কৰাৰো তেওঁ ইংগিত দিছে৷ হয়তো ব্যক্তিগত খণ্ডলৈ সম্প্রসাৰিত কৰোঁতে কিছু সময়ৰ প্রয়োজন হ’লেও ৰাজ্য চৰকাৰখনৰ এই পদক্ষেপৰ অংশ হিচাপে কেবিনেটে শেহতীয়াকৈ গ্রহণ কৰা উক্ত সিদ্ধান্ত নিঃসন্দেহে আদৰণি আৰু দৃষ্টান্তমূলক বুলি অভিহিত কৰিব পাৰি৷
এই প্রসংগতে গোলকীয় উষ্ণতাৰ মূল কাৰণ বায়ুমণ্ডলত গ্রীন হাউছ গেছৰ মাত্রাধিক নির্গমনে বিশ্ববাসীৰ প্রতি কিমান উদ্বিগ্ণতাৰ কাৰণ হ’ব পাৰে, সেয়া তথ্য সহকাৰে উল্লেখ কৰি ৰাষ্ট্রসংঘৰ এক প্রতিবেদনৰ কথা উল্লেখ কৰিব পাৰি৷ ৰাষ্ট্রসংঘৰ ‘ইণ্টাৰ গৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ’–এ গোলকীয় উষ্ণতাক লৈ তিনিটা পর্যায় গুৰুত্বপূর্ণ প্রতিবেদন প্রস্তুত কৰিছে৷ এই পর্যায়কেইটা হ’ল– জলবায়ু পৰিৱর্তনৰ বিজ্ঞান, তাৰ প্রভাৱ আৰু জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত মানুহৰ প্রভাৱ৷ ইতিমধ্যে যোৱা সোমবাৰে ইয়াৰে এটা পর্যায়ৰ প্রতিবেদন প্রকাশ পাইছে৷ বহুল প্রচাৰিত ব্রিটিছ দৈনিক ‘দ্য গার্ডিয়ান’–এ দাবী কৰা অনুসৰি অহা মার্চ মাহত ৰাষ্ট্রসংঘৰ সংস্থাটোৰ তৃতীয় পর্যায়ৰ প্রতিবেদনখন প্রকাশ পাব৷ ব্রিটিছ সংবাদ–পত্রখনে দাবী কৰা অনুসৰি এই তৃতীয় পর্যায়ৰ প্রতিবেদনতে সন্নিৱিষ্ট হৈছে এক গুৰুত্বপূর্ণ বিষয়৷ য’ত গোলকীয় উষ্ণতাৰ মূল কাৰণ গ্রীন হাউছ গেছৰ নির্গমনৰ কাৰণ অহা চাৰি বছৰত শীর্ষ বিন্দুত উপনীত হ’ব বুলি কোৱা হৈছে৷ যদিহে এই আশংকা বাস্তৱ হয়, তেন্তে অহা দশকটোৰ মাজভাগত বিশ্বজুৰি কয়লা আৰু প্রাকৃতিক গেছনির্ভৰ বিদ্যুৎ উৎপাদনৰ সকলো কেন্দ্র বন্ধ কৰি দিবলগীয়া হ’ব৷ অকল সেয়াই নহয়, পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱর্তন ঘটিব৷ যাৰ কাৰণে আমূল পৰিৱর্তন ঘটিব মানুহৰ জীৱনযাত্রাত৷ মানুহে পেট্র’ল–ডিজেলৰ ব্যৱহাৰেৰে গাড়ী চলোৱাৰ পৰিৱর্তে খোজকঢ়া অথবা চাইকেল চলোৱাৰ ওপৰত অধিক নির্ভৰশীল হ’বলগীয়া হ’ব পাৰে৷ পৰিৱর্তন কৰিব লাগিব খাদ্যাভ্যাসো৷ প্রাণীজ প্র’টিন এৰি মানুহ নির্ভৰশীল হ’বলগীয়া হ’ব পাৰে উদ্ভিজ প্র’টিনৰ ওপৰত৷ মুঠৰ ওপৰত গোলকীয় উষ্ণতাৰ পৰিণতিত পৃথিৱীবাসীৰ বাবে এক অভাৱনীয় পৰিৱেশে অপেক্ষা কৰাৰ ইংগিত দিয়া হৈছে ৰাষ্ট্রসংঘৰ আসন্ন তৃতীয় পর্যায়ৰ প্রতিবেদনত৷ একেখন প্রতিবেদনৰ কথা উল্লেখ কৰি ব্রিটিছ সংবাদ–পত্রখনত এই কথাও দাবী কৰা হৈছে যে চীন, ভাৰত, আমেৰিকাসহ দহ শতাংশ দেশ বায়ুমণ্ডলত গ্রীন হাউছ গেছ নির্গমনৰ বাবে ৩৬ৰ পৰা ৪৫ শতাংশ দায়ী৷ গোলকীয় উষ্ণতাক লৈ বিশ্বজুৰি সৃষ্টি হোৱা সজাগতাৰ সময়তো এই দেশসমূহে গ্রীন হাউছ গেছ নির্গমনৰ বিষয়টোত লেকাম লগাব পৰা নাই৷ এনে প্রেক্ষাপটতে গুৱাহাটীৰ ৰাজপথত ইলেক্ট্রনিক বাছ চলাবলৈ ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্তক ইতিবাচক ৰূপে অভিহিত কৰিব পাৰি৷

You might also like