অপৰাধ প্রতিৰোধৰ ইতিবাচক বার্তা
অসমত এবছৰৰ ভিতৰতে ৫০ শতাংশ অপৰাধ হ্রাস হোৱাৰ তথ্য শেহতীয়াকৈ প্রকাশ পাইছে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনস্থ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)ৰ প্রতিবেদনত৷ বিগত প্রায় ডেৰ দশকত ৰাজ্যখনৰ উগ্রপন্থীজনিত হিংসা–হত্যাৰ বিভীষিকা ক্রমাগতভাৱে হ্রাস হোৱাৰ লগে লগে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি উন্নত হৈছে৷ উগ্রপন্থীৰ নৰসংহাৰ হ্রাস হ’লেও গার্হস্থ্য হিংসা বিগত প্রায় দুটা দশকত লক্ষণীয়ভাৱে বৃদ্ধিয়ে ৰাষ্ট্রীয় পর্যায়ত অসমৰ ছবিখনে নেতিবাচক দিশ উন্মোচিত কৰিছিল৷ প্রায় ১ দশক পূর্বে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ ৰাষ্ট্রীয় পর্যায়ত চর্চিত হোৱাৰ মূল কাৰক আছিল উগ্রপন্থী সংগঠনসমূহৰ হিংসাত্মক কার্যকলাপ৷ বিগত সময়ছোৱাত এটা এটাকৈ অধিকাংশ উগ্রপন্থী সংগঠনে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু ইয়াৰে কেইবাটাও সশস্ত্র সংগঠন বিলুপ্ত হৈছে৷ এতিয়া পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ বাহিৰে আটাইবোৰ সংগঠনে চৰকাৰৰ স’তে আলোচনা আৰম্ভ কৰিছে৷ উগ্রপন্থীৰ হিংসা–হত্যা হ্রাস হ’লেও বিগত প্রায় এটা দশকত ৰাজ্যখনত নাৰীজনিত অপৰাধৰ ঘটনা বৃদ্ধি হৈছে৷ আনকি ৰাষ্ট্রীয় পর্যায়ত এই অপৰাধৰ সংখ্যা ইমানেই উদ্বেগজনক আছিল যে অসমখন যে মহিলাসকলৰ বাবে সুৰক্ষিত নহয়, সেয়া অপৰাধৰ তালিকাখনত স্পষ্ট হৈছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক্ষমতাত অধিষ্ঠিত হৈয়ে ৰাজ্যখনৰ পৰা অপৰাধ নিয়ন্ত্রণৰ বাবে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই গুৰুতৰ অপৰাধ সংঘটিত কৰা অপৰাধী চক্রৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লৈছে৷ এই সময়ছোৱাত গুৰুতৰ অপৰাধ সংঘটিত কৰা বহুসংখ্যক অপৰাধী আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে আৰু কেইবাজনো নিহত হৈছে৷ বিগত আঢ়ৈ বছৰত অসমত সর্বাধিক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে৷ ইয়াক লৈ একাংশ লোকে ৰাজ্য চৰকাৰখনক কঠোৰ সমালোচনা কৰাও পৰিলক্ষিত হৈছে৷ কিন্তু অপৰাধ নিয়ন্ত্রণৰ এনে কঠোৰ ব্যৱস্থাই যে ৰাজ্যখনত অপৰাধ বহু পৰিমাণে নিয়ন্ত্রিত কৰিছে, সেয়া নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ শেহতীয়া ‘ক্রাইম ইন ইণ্ডিয়া ২০২২’ প্রতিবেদনত প্রকাশ পাইছে৷ প্রতিবেদনখনত প্রকাশিত তথ্য অনুসৰি, ২০২১ চনত ভাৰতীয় দণ্ডবিধি আৰু অন্যান্য আইনৰ অধীনত শাস্তিযোগ্য অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈছিল ১,৩৩,২৩৯টা৷ ২০২২ চনত এনে অপৰাধৰ পঞ্জীভুক্ত গোচৰৰ সংখ্যা হ্রাস পাইছে ৬৮,৯৩৭টালৈ৷ এবছৰৰ ভিতৰত ৰাজ্যখনৰ অপৰাধজনিত ঘটনা ৫০ শতাংশলৈ হ্রাস হোৱাটো কোনো কাৰণতে সহজসাধ্য নহয়৷ ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগে কঠোৰতম ব্যৱস্থা অবিহনে এনে অসাধ্য কেতিয়াও সাধন কৰিব নোৱাৰিলেহেঁতেন৷ আৰক্ষী বিভাগ আৰু ৰাজ্য চৰকাৰে এইক্ষেত্রত আগতীয়াকৈ এনে পদক্ষেপ গ্রহণ কৰাহেঁতেন ৰাজ্যখনত নাৰীজনিত অপৰাধকে ধৰি গার্হস্থ্য হিংসাৰ তালিকাখন ইমান ভয়ানক হৈ নুঠিলহেঁতেন৷
২০১৬ত ৰাজ্যৰ শাসনভাৰ বিজেপি নেতৃত্বাধীন মর্চাৰ অধীনত অহাৰ পিছত বিগত আঠ বছৰত অসমত নাৰীজনিত অপৰাধকে ধৰি মুঠ ৩,৬৩,১২৫টা অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈছে৷ ২০১৬ চনৰ নাৰীজনিত অপৰাধৰ গোচৰ ৫,৩৩৯টা, ২০১৭ত ৫,৫৬৫টা, ২০১৮ত ৬,৩৫৯টা, ২০১৯ত ৬,৯৮৯টা, ২০২০ত ৫,৩৬৪টা আৰু ২০২২ত ৩,৩০২টা গোচৰ পঞ্জীভুক্ত হৈছে৷ ২০১৬ৰ পৰা ৰাজ্যখনত ৪ বছৰ ধৰি নাৰীজনিত অপৰাধৰ গোচৰৰ সূচাংক বৃদ্ধি হোৱাৰ বিপৰীতে ২০২০ত ইয়াৰ সূচাংক সামান্য পৰিমাণে নিম্নগামী হৈছিল যদিও ২০২১ত সূচাংক পুনৰ বৃদ্ধি হয়৷ লক্ষণীয়ভাৱে ২০২২ চনত নাৰীজনিত অপৰাধৰ ঘটনা হ্রাস হোৱা দেখা গৈছে৷ একেদৰে ২০১৬ চনত ৰাজ্যখনত ধর্ষণৰ পঞ্জীভুক্ত গোচৰৰ সংখ্যা আছিল ১,৭২৩টা৷ ২০১৭ চনত এনে গুৰুতৰ অপৰাধৰ গোচৰৰ সংখ্যা বৃদ্ধি হৈছিল ১,৮০৭টালৈ৷ ২০১৮ চনত ধর্ষণৰ গোচৰৰ সংখ্যা ২,০০৯টা, ২০১৯ত ২,০৫২টালৈ বৃদ্ধি হৈছে৷ ২০২০ চনত এনে গুৰুতৰ অপৰাধৰ ঘটনা ১,৯০০টালৈ হ্রাস হৈছিল৷ ২০২১ চনত এনে গোচৰৰ সংখ্যা আছিল ১,৯০২টা৷ ২০২২ত ৰাজ্যখনত ধর্ষণৰ গোচৰৰ সংখ্যা হ্রাস পাইছে ১,১৭৮টালৈ৷ একেদৰে ৰাজ্যখনত নাৰীজনিত অপৰাধত নিহত হোৱা লোকৰ সংখ্যাও বহু পৰিমাণে হ্রাস হৈছে৷ ২০১৯ চনত নাৰীজনিত অপৰাধত নিহতৰ সংখ্যা আছিল ১,২৮২টা৷ ২০২২ত এনে অপৰাধৰ ঘটনা হ্রাস হৈছে ১,০২৮টালৈ৷ একেদৰে ৰাজ্যখনত আত্মহত্যাৰ ঘটনায়ো এক ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ২০১৬ চনত ৰাজ্যখনত ৩,০২৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ এনে অপৰাধৰ ঘটনা ক্রমাগতভাৱে বৃদ্ধি হৈ ২০২১ চনত ৩,২৬২টালৈ বৃদ্ধি হৈছিল৷ ২০২২ চনত এনে গোচৰৰ সংখ্যা হ্রাস হৈছে ১,০২৮টালৈ৷ ৰাজ্যখনৰ নাৰীজনিত অপৰাধকে ধৰি অন্যান্য অপৰাধৰ গোচৰ এবছৰৰ ভিতৰতে যি হাৰত হ্রাস পাইছে সেয়া নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনৰ বাবেই নহয়, অসমবাসীৰ বাবে এক শুভ বার্তা৷ অপৰাধী চক্রৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ বাবেই এনে সফলতা সম্ভৱ হৈছে৷ কিন্তু এনে গুৰুতৰ অপৰাধত জড়িতসকলক আইন–আদালতৰ জৰিয়তে শাস্তি প্রদানৰ ক্ষেত্রত এতিয়াও আশাপ্রদ ছবিখন দেখা নাই৷ গুৰুতৰ অপৰাধসমূহত জড়িতসকলক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাত সফল হ’লেও আদালতৰ মজিয়াত দোষী সাব্যস্তকৰণত সফল নোহোৱাৰ বাবে এতিয়াও ৯২ শতাংশ অভিযুক্তই শাস্তি লাভ নকৰে৷ এখন অপৰাধমুক্ত সমাজ গঢ়িবলৈ হ’লে আমি অপৰাধীসকলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিব লাগিব৷ অপৰাধীসকলক শাস্তি প্রদানৰ বাবে সর্বশ্রেণীৰ লোকে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ অন্যথা অপৰাধ সমূলঞ্চে বিনাশ কৰাটো সহজসাধ্য নহ’ব৷