নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাল্য বিবাহ প্রতিৰোধ

দেশজুৰি বাল্য বিবাহ নিষেধাজ্ঞা আইন ২০০৬ বলৱৎ হৈ আছে যদিও ইয়াৰ ফলপ্রসূতাক লৈ বিতর্ক অব্যাহত আছে৷ বাল্য বিবাহ প্রতিৰোধৰ বাবে আইন আছে যদিও এই আইনৰ সফল প্রয়োগ হৈ থকা নাই বুলি প্রায়ে চর্চা হয়৷ এনে সময়তে দেশত বাল্য বিবাহ নিষেধাজ্ঞা আইন ২০০৬ কঠোৰভাৱে বলৱতৰ বাবে উচ্চতম ন্যায়ালয়ে ৰোডমেপ প্রস্তুত কৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক নির্দেশনা জাৰি কৰে৷ ছ’চাইটী ফৰ এনলাইটমেণ্ট এণ্ড ভলেণ্টাৰী একচন নামৰ এনজিঅ’ এটাই জনোৱা ৰাজহুৱা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পর্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্রৰ তিনিজনীয়া বিচাৰপীঠে প্রহিবিচন অৱ চাইল্ড মেৰিজ এক্ট ২০০৬ ৰূপায়ণ সন্দর্ভত নির্দেশনা জাৰি কৰে৷ লক্ষণীয় যে এনজিঅ’টোৱে দেশত বাল্য বিবাহ আইনখন কঠোৰভাৱে ৰূপায়ণৰ বাবে আবেদন জনাইছিল৷ ইয়াৰ পৰিপ্রেক্ষিততেই বিচাৰপীঠে বাল্য বিবাহ সম্পর্কিত গোচৰৰ শুনানিৰ বাবে বিশেষ বাল্য বিবাহ আদালত গঠনৰ লগতে এই সন্দর্ভত ৰায়দানৰ বাবে দণ্ডাধীশক শক্তিশালীকৰণ আৰু এনে বিবাহ প্রতিৰোধৰ ক্ষেত্রত উৎসর্গিত আৰক্ষী গোট গঠনৰ নির্দেশনা দিছে৷ সর্বোচ্চ ন্যায়ালয়ৰ বাল্য বিবাহ প্রতিৰোধক লৈ ৰোডমেপ অনুসৰি আইনী ব্যৱস্থা অধিক শক্তিশালীকৰণৰ বাবে চিএমপিঅ’ (চাইল্ড মেৰিজ প্রহিবিচন অফিচাৰ) নিযুক্তি আৰু দায়বদ্ধতাত গুৰুত্ব আৰোপ কৰে৷ জিলা পর্যায়ত বিশেষকৈ উপায়ুক্ত আৰু দণ্ডাধীশসকলে বাল্য বিবাহ ৰোধৰ ক্ষেত্রত নেতৃত্ব আৰু আইন বলৱতৰ ক্ষেত্রত পদক্ষেপৰ ওপৰত গুৰুত্ব দিয়ে৷ চিএমপিঅ’ৰ সৈতে আন্তৰিকতাৰে কাম কৰাৰ বাবে বিশেষ আৰক্ষী গোট গঠনৰ লগতে বাল্য বিবাহ ৰোধত জড়িত বিষয়া বিশেষকৈ চিএমপিঅ’ আৰু আৰক্ষীৰ দায়বদ্ধতাক লৈ আচৰণবিধি উন্নীত কৰাৰ ওপৰতো বিচাৰপীঠে গুৰুত্ব দিয়ে৷ ন্যায়িক ব্যৱস্থাৰ ক্ষেত্রত বাল্য বিবাহ ৰোধ সম্পর্কীয় বিষয়টোত ৰায়দানৰ বাবে দণ্ডাধীশক শক্তিশালীকৰণৰ লগতে বিশেষ বাল্য বিবাহ আদালত স্থাপনত গুৰুত্ব দিয়ে৷ এনে কৰিলে বাল্য বিবাহ সম্পর্কীয় গোচৰসমূহ এই আদালতত শুনানিৰ ব্যৱস্থা কৰিব পাৰিব৷ স্মর্তব্য যে বাল্য বিবাহ প্রতিৰোধৰ ক্ষেত্রত আইনী ব্যৱস্থাৰ শক্তিশালীকৰণৰ সমান্তৰালকৈ আৰক্ষী, প্রশাসনৰ বলিষ্ঠ পদক্ষেপৰ লগতে সাধাৰণ জনতায়ো এই সন্দর্ভত পূর্ণ সহযোগিতা কৰাৰ ওপৰত উচ্চতম ন্যায়ালয়ে অধিক প্রাধান্য দিয়ে৷ বিচাৰপীঠে বাল্য বিবাহ সম্পর্কীয় ঘটনাক অৱজ্ঞা কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধে বাধ্যতামূলক ব্যৱস্থা গ্রহণৰ ক্ষেত্রত কঠোৰ হ’বলৈ নির্দেশনা দিয়ে৷ ঠিক তেনেদৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে বাল্য বিবাহ ৰোধৰ বাবে বার্ষিক কার্য পৰিকল্পনা আৰু সমূহীয়াকেন্দ্রিক সক্ষমতা নির্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব৷ অতিৰিক্তকৈ স্থানীয় সাংস্কৃতিক আৰু সামাজিক কাৰকসমূহক চিনাক্ত কৰি সেইবোৰৰ জৰিয়তে যাতে বাল্য বিবাহ হ’ব নোৱাৰে, তাৰ ওপৰত সজাগতা কার্যসূচী, আলোচনা–চক্র আৰু কর্মশালা অনুষ্ঠিত কৰিব লাগিব৷ চিএমপিঅ’, স্থানীয় প্রশাসন, এনজিঅ’, শিক্ষাৰ সৈতে জড়িত লোকক সাঙুৰি বাল্য বিবাহ প্রতিৰোধৰ বাবে সজাগতা অভিযান চলোৱাত গুৰুত্ব দিব লাগিব৷
যিদৰে মুকলি স্থানত অনাময়মুক্ত গাঁও আদর্শ হিচাপে প্রচাৰ কৰি থকা হৈছে, ঠিক তেনেদৰে বাল্য বিবাহমুক্ত গাঁও হিচাপে গঢ়াৰ পদক্ষেপ ল’ব লাগিব৷ বাল্য বিবাহৰ বাবে হোৱা ঋণাত্মক প্রভাৱ সন্দর্ভত ৰাইজক সজাগ কৰাৰ বাবে সজাগতা অভিযান চলাব লাগিব৷ বেচৰকাৰী সংগঠন (এনজিঅ’)ক অন্তর্ভুক্ত কৰি সংবাদ মাধ্যমৰ জৰিয়তে এই বাল্য বিবাহ ৰোধৰ অভিযানৰ সজাগতা চলাব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে অংগনৱাড়ী কর্মী, এ এন এম, আশাকর্মীক বিশেষভাৱে প্রশিক্ষিত কৰি বাল্য বিবাহ প্রতিৰোধৰ অভিযানত অংশগ্রহণ কৰাব লাগিব৷ বাল্য বিবাহ নিষেধাজ্ঞা আইন সন্দর্ভত আইন বলৱতকাৰী, ন্যায়িক বিষয়া, আৰক্ষী বিষয়া, বিশেষ শিশু আৰক্ষী গোটক প্রশিক্ষিত কৰি তুলিব লাগিব৷ বিদ্যালয় কর্তৃপক্ষ আৰু শিক্ষককো বাল্য বিবাহ সম্পর্কত প্রশিক্ষিত কৰাত গুৰুত্ব দিব লাগিব৷ কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে বাল্য বিবাহৰ বলি হ’ব পৰা কন্যাক এইক্ষেত্রত শিক্ষিত কৰি তোলাত গুৰুত্ব দিব লাগিব৷ সামাজিক কল্যাণ কার্যসূচীৰ লগতে বাল্য বিবাহ সম্পর্কীয় বিষয়বোৰ নিৰীক্ষণ কৰাৰ বাবে বিশেষ গোট গঠনত গুৰুত্ব দিব লাগিব৷ পঞ্চায়ত আৰু স্থানীয় নেতাসকলক বাল্য বিবাহ প্রতিৰোধৰ বাবে প্রশিক্ষণ দিয়াৰ লগতে এই কর্মীসকলে তিনি মাহৰ মূৰে মূৰে নিজ অঞ্চলৰ বিবাহ সম্পর্কীয় প্রতিবেদন দাখিল কৰিব লাগিব৷ বাল্য বিবাহ সম্পর্কীয় তথ্যৰ কাৰণে প্রযুক্তিচালিত ব্যৱস্থা বিশেষকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে মিলিত হৈ কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে প’র্টেলযোগে বাল্য বিবাহ সম্পর্কীয় তথ্য আপলোড কৰিব লাগিব৷ সংশ্লিষ্ট মন্ত্রালয় আৰু কেন্দ্রীয় চৰকাৰে বাল্য বিবাহ প্রতিৰোধৰ ক্ষেত্রত প্রয়োজনীয় বার্ষিক বাজেট সময়মতে অনুমোদন জনাব লাগিব৷ বাল্য বিবাহৰ বলি হোৱা কন্যাক তাৰ পৰা আঁতৰাই আনিলে কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে ক্ষতিপূৰণ দিব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে এনে কন্যাৰ বাবে ক্ষতিপূৰণ আঁচনি বলৱৎ কৰিব লাগিব৷ উচ্চতম ন্যায়ালয়ৰ বাল্য বিবাহ প্রতিৰোধক লৈ নির্দেশনা ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে কিদৰে গুৰুত্ব আৰোপ কৰে তাৰ ওপৰত নির্ভৰ কৰিব বাল্য বিবাহ নিষেধাজ্ঞা আইনৰ সফল ৰূপায়ণ হয় নে নহয়৷ আইন বলৱৎ হৈ থাকিলেই নহ’ব, আইনৰ ৰক্ষক সকলো সংশ্লিষ্ট কর্তৃপক্ষই আইন ৰূপায়ণৰ আন্তৰিকতা দেখুৱাব লাগিব৷ তেনেদৰে দেশৰ নাগৰিকেও আইন মানি চলাৰ সমান্তৰালকৈ বাল্য বিবাহৰ দৰে নেতিবাচক পন্থাক নির্মূল কৰাৰ ক্ষেত্রত সজাগ–সচেতন হ’ব লাগিব৷

You might also like