ব্যক্তিস্বার্থ আৰু বনাঞ্চল
ব্যস্ত সময়ৰ পৰা ফালৰি কাটি কিছুসময় প্রকৃতিৰ মাজত কটাবলৈ আধুনিক মানুহে কোনো বিলাসী ৰিজ’ৰ্টৰ কাষ চাপে৷ প্রকৃতিৰ সুধাপান কৰি মনক প্রশান্তি দিবলৈ মানুহে কৰা এই বিলাসে প্রকৃতি ধ্বংসতেই যে প্রত্যক্ষ প্রভাৱ পেলাইছে সেই কথা অৱজ্ঞা কৰা হয়৷ এচাম পুঁজিপতিৰ বাবে এতিয়া ৰিজ’ৰ্টৰ ব্যৱসায় ধন ঘটাৰ অন্যতম আহিলাত পৰিণত হৈছে৷ বহু ঠাইত সকলো নিয়ম–নীতি স্বজ্ঞানে উলংঘা কৰি বিলাসী ৰিজ’ৰ্ট, উদ্যোগ স্থাপনৰ নামত অবাধে কৰি গৈছে বন ধ্বংস৷ মানুহে নিজৰ স্বার্থ পূৰণৰ বাবে কৰা বন ধ্বংসৰ পৰিণাম কিমান ভয়াৱহ সেয়া কল্পনাৰো অতীত৷ গৱেষকৰ তথ্যত দেখা গৈছে যে বিগত দুটা দশকত অর্থাৎ ২০০১ৰ পৰা ২০২০লৈ অসমে প্রায় ২,৬৯০ বর্গকিলোমিটাৰ গছৰ আৱৰণ ক্ষেত্র হেৰুৱাইছে, যিটো দিল্লীৰ আয়তনৰ দুগুণৰ ওচৰ চাপিছে৷ ইয়াৰ ফলত ৰাজ্যখনত ন্যূনতম আৰু সর্বোচ্চ উষ্ণতা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে মানুহ, জীৱ–জন্তুৰ সংঘাতৰ সৃষ্টি হৈছে৷ ইউনিভার্ছিটী অৱ মেৰিলেণ্ডৰ গৱেষকসকলে বিশ্লেষণ কৰা উপগ্রহৰ তথ্যৰ প্রতিবেদন অনুসৰি কার্বি আংলঙে ৯৭ হাজাৰ হেক্টৰতকৈ অধিক মাটি হেৰুৱাই শীর্ষস্থান দখল কৰাৰ পিছতে ডিমা হাছাওৱে ৬৩.২ হাজাৰ হেক্টৰ, শোণিতপুৰ ১৭.৪ হাজাৰ হেক্টৰ, তিনিচুকীয়া ১৩.২ হাজাৰ হেক্টৰ আৰু কোকৰাঝাৰে ১০.৪ হাজাৰ হেক্টৰ মাটি হেৰুৱাইছে৷
যোৱা দশককেইটাত বনাঞ্চলৰ বেদখল, দ্রুত বনাঞ্চল ধ্বংস আৰু বৃহৎ পৰিসৰত হোৱা নগৰায়নৰ ফলত উষ্ণতা বৃদ্ধি, বন্যপ্রাণী আৰু মানুহৰ সংঘাত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ অসমত বন্যহস্তী আৰু মানুহৰ সংঘাতত বহু মানুহৰ লগতে হাতীৰো প্রাণ গৈছে৷ মানুহৰ ঘৰ–দুৱাৰ ভাঙি, পথাৰৰ পকা ধান খাই হাতীয়ে তহিলং কৰিছে৷ হাতী–মানুহৰ সংঘাতত জর্জৰ অঞ্চলসমূহৰ শিশুসকলৰ শিক্ষা, স্বাস্থ্য সকলোতে পৰিছে ব্যাপক প্রভাৱ৷ অহৰহ শংকাত দিন কটাব লগা হোৱাৰ বাবে মানসিকভাৱেও যে তেওঁলোক ভাৰাক্রান্ত হৈছে, সেয়া তেনে ঠাইবোৰলৈ গ’লেই গম পোৱা যায়৷ অৰণ্য ধ্বংস কৰি বৃহৎ ৰিজ’ৰ্ট, উদ্যোগ আদি স্থাপনৰ ফলত খাদ্য সংকটত ভোগা বন্যহস্তী জনাঞ্চললৈ আহিবলৈ বাধ্য হৈ পৰে৷ তদুপৰি বন্যহস্তী অহা–যোৱা পথৰ হস্তীদণ্ডিসমূহ বাধাপ্রাপ্ত হোৱাৰ ফলতো হাতীবোৰ উগ্র হৈ তাণ্ডৱ সৃষ্টি কৰে৷ তদুপৰি অসমৰ জৈৱ–বৈচিত্র্য হ্রাসৰো অন্যতম কাৰণ অবাধ বন ধ্বংস৷ অসমৰ জলবায়ু পৰিৱর্তনৰ বাবে জগৰীয়া বন ধ্বংস আৰু তাৰ প্রত্যক্ষ প্রভাৱ পৰিছে পক্ষীকুলৰ ওপৰতো৷ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ সম্পর্কে কৰা এক অধ্যয়নত প্রকাশ পাইছে যে ২০৭০ চনৰ ভিতৰত অসমত দেওহাঁহৰ ৪৩৬.৬১ বর্গকিঃমিঃ অতি সম্ভাব্য বাসস্থান ২০৭০ চনৰ ভিতৰত হেৰাই যাব৷ বাসস্থান হেৰুওৱাৰ প্রধান কাৰণ হ’ব উষ্ণতাৰ পৰিৱর্তন আৰু জলবায়ু পৰিৱর্তনৰ ফলত বৰষুণৰ হাৰৰ পৰিৱর্তন বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ বন্যপ্রাণী বিশেষজ্ঞসকলে কয় যে ৰাজ্যিক চৰাই হিচাপে দেওহাঁহৰ অখণ্ডতা বচাবলৈ হ’লে বাঘ আৰু গঁড় ৰক্ষাৰ বাবে প্রয়োগ কৰা ধৰণেই অধিক চৰকাৰী মনোযোগৰ প্রয়োজন৷ কেৱল দেওহাঁহেই নহয়, আন বহু বন্যপ্রাণী, পক্ষী বন ধ্বংসৰ বাবেই বিলুপ্ত হৈছে৷ বৃহৎ পুঁজিপতিৰ স্বার্থৰ বাবেই অবাধে বন ধ্বংস কৰা কার্যক সমর্থন কৰাটো কোনো সভ্য সমাজৰ দস্তুৰ নহয়৷ বন ধ্বংসই সমগ্র মানৱ জাতিক এক অনিশ্চিত ভৱিষ্যতৰ দিশে আগবঢ়াই নিছে৷ চৰকাৰ, পৰিৱেশবিদৰ লগতে জনসাধাৰণেও পৰিৱেশ ৰক্ষা কৰাৰ লগতে পৰৱর্তী প্রজন্মৰ বাবে এক সুৰক্ষিত ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে সচেতন হোৱাৰ লগতে ব্যক্তিস্বার্থ পৰিহাৰ কৰাটো নিতান্তই প্রয়োজন হৈ পৰিছে৷