সমৃদ্ধিয়ে যৌতুকত ইন্ধন যোগায়
ভাৰতত ১৯৬১ চনৰ পৰা যৌতুক নিষিদ্ধ কৰা হৈছে, সম্প্রতি আনুষ্ঠানিকভাৱে যৌতুক প্রথা প্রচলিত হৈ থকা নাই যদিও পৰোক্ষভাৱে ই পূর্বৰ দৰেই চলি আছে৷ অর্থাৎ যৌতুক প্রথা আইনী অর্থত নিষিদ্ধ যদিও সমাজত যৌতুক নির্বিঘ্ণে চলি আছে৷ কইনাৰ পৰিয়ালে উপহাৰ দিয়াৰ নামত নগদ ধন, সাজ–পোছাক, আ–অলংকাৰ আদি দৰাৰ পৰিয়ালক দিয়ে৷ ই যদিও যৌতুক বুলি ধৰা নহয়, কিন্তু পৰোক্ষভাৱে যৌতুকৰে এক অংশ৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দপ্দপনিত পুৰুষ আৰু নাৰী সমান বুলি ধৰা হয় যদিও সামাজিক ব্যৱস্থাত নাৰী যেন এতিয়াও পুৰুষৰ সমান হ’ব পৰা নাই৷ ইয়াৰ প্রথম উদাহৰণ হিচাপে বিবাহৰ সময়ত নাৰীৰ পৰিয়ালে পুৰুষৰ পৰিয়াললৈ উপহাৰৰ নামত আগবঢ়োৱা সম্পদবোৰকেই ক’ব পাৰি৷ বিগত দশক দশক ধৰি ভাৰতত পুৰুষৰ কাৰণে শিক্ষা আৰু সংস্থাপনৰ সুবিধা বর্ধিত হৈছে যদিও বিবাহৰ সময়ত এই সংস্থাপন আৰু শিক্ষা বিষয়টোক অৱহেলা কৰা হয়৷ অর্থাৎ যৌতুক প্রথা প্রতিৰোধ কৰিবলৈ পুৰুষৰ শিক্ষা আৰু সংস্থাপনৰ বিষয়টোক আঁতৰাই ৰাখি নাৰীৰ পৰিয়ালৰ পৰা পৰোক্ষভাৱে যৌতুক দাবী চলি আহিছে৷ যৌতুক প্রথাৰ বাবে ভাৰতত মহিলাসকল গার্হস্থ্য হিংসাৰ বলি হ’বলগীয়া হয়৷ কেতিয়াবা এনে পর্যায় পায় যে যৌতুকৰ বাবে মহিলা হত্যাৰ বলি হয়৷ ১৯৬১ চনত আইনযোগে যৌতুক প্রথা নিষিদ্ধ কৰা হয় যদিও গ্রাম্য অর্থনীতি আৰু জনসংখ্যা জৰীপৰ তথ্য মতে, ১৯৯৯ চনলৈকে বিবাহ অধ্যয়নৰ এটা তথ্য পোহৰলৈ আহিছে যে প্রায় ৯০ শতাংশ বিবাহতে যৌতুক প্রথা প্রত্যক্ষ কিম্বা পৰোক্ষভাৱে চলি আছে৷ মন কৰিবলগীয়া যে নাৰীক বিবাহসূত্রে অন্য এটা পৰিয়াললৈ গতাই দিয়াৰ পাছত সেই নাৰীগৰাকীয়ে নিজৰ ঘৰত লাভ কৰা সা–সুবিধাখিনি অইন ঘৰতো লাভ কৰাৰ প্রয়োজনীয়তা আহি পৰে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই পৰিয়ালৰ মুৰব্বীয়ে বিবাহৰ সময়ত নাৰীগৰাকীক প্রয়োজনীয় সামগ্রীখিনি দি পঠিয়ায়৷ সেই প্রয়োজনীয় সামগ্রীখিনিয়ে পিছলৈ পুৰুষৰ পৰিয়ালে অধিক হাৰত দাবী কৰে৷ ইয়েই যৌতুক প্রথাৰ ৰূপ লয়৷ এই যৌতুক প্রথা সমাজবিৰোধী বুলি আধুনিক সমাজে দাবী কৰাৰ পাছতে আইন প্রণয়ন কৰি যৌতুক নিষিদ্ধ কৰা হয়৷
দেশত নিষিদ্ধ যৌতুক প্রথা যে চলি আছে, তাৰ এক জ্বলন্ত উদাহৰণ অলপতে সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ ভূপালৰ ২৭ বছৰীয়া শিক্ষয়িত্রী এগৰাকীয়ে যৌতুক প্রদান নকৰাৰ বাবে কেইবাবাৰো বিবাহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ শিক্ষয়িত্রীগৰাকীৰ পৰিয়াল কিম্বা শিক্ষয়িত্রীগৰাকীয়ে নিজৰ বিবাহৰ বাবে যৌতুক দিবলৈ অমান্তি হোৱাই নহয়, তেওঁলোকে অপাৰগতা প্রকাশ কৰি থকাৰ বাবে ১২বাৰ তেওঁৰ বিবাহ প্রত্যাখ্যান হয়৷ আইন এখন থকাৰ পাছতো কিয় শিক্ষয়িত্রীগৰাকীক যৌতুক প্রথাৰ বাবে শিক্ষিত সমাজৰ পুৰুষে বিবাহ কৰাবলৈ সন্মতি প্রদান কৰা নাই তাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি এই সন্দর্ভত শিক্ষয়িত্রীগৰাকীয়ে আইনৰ ওচৰ চাপিছে৷ ভূপালৰ বাসিন্দা শিক্ষয়িত্রীগৰাকীয়ে থানাত এই সন্দর্ভত আবেদন জনাইছে৷ বিবাহৰ বাবে তেওঁলোকৰ পৰিয়াললৈ অহা লোকে টকাৰ পৰিমাণ প্রত্যক্ষভাৱে উল্লেখ কৰাই নহয়, আনকি কন্যা ধুনীয়া হ’লে ৰেহাই দিয়া সন্দর্ভতো মতামত ব্যক্ত কৰে৷ এনে বক্তব্য শুনাৰ পাছতে শিক্ষয়িত্রীগৰাকীয়ে পৰিয়ালৰ লোকক তেওঁৰ বিবাহৰ বাবে যৌতুক নিদিয়াৰ বাবে আহ্বান জনায়৷ যৌতুকৰ বাবে ১২বাৰ বিবাহ প্রত্যাখ্যান কৰা শিক্ষয়িত্রীগৰাকীয়ে আৰক্ষীৰ ওচৰত আবেদন জনাই কেইবাটাও গুৰুত্বপূর্ণ দাবী জনাইছে৷ শিক্ষয়িত্রীগৰাকীৰ মতে, প্রত্যক্ষ কিম্বা পৰোক্ষভাৱে চলি থকা যৌতুক প্রথা সম্পূর্ণভাৱে নিষিদ্ধ কৰিবলৈ হ’লে চৰকাৰে কেইবাটাও পদক্ষেপ ল’ব লাগিব৷ আবেদনত শিক্ষয়িত্রীগৰাকীয়ে আগবঢ়োৱা দুটা পৰামর্শৰ ভিতৰত বিবাহস্থলীত এগৰাকী আৰক্ষী বিষয়া মোতায়েন কৰাৰ লগতে বিবাহস্থলীত আৰক্ষীৰ দ্বাৰা অভিযান চলোৱা৷ এনে কৰিলে সমাজত নিষিদ্ধ যৌতুক প্রথা আইনক উলংঘন কৰি কিদৰে লোকসকলে বিবাহ অনুষ্ঠিত কৰি আহিছে তাৰ প্রমাণ লাভ কৰিব৷ এনে কৰিলেহে দেশৰ পৰা সমাজৰ বাবে বিপজ্জনক যৌতুক প্রথা নির্মূল কৰিব পাৰিব৷ উল্লেখ্য যে সমৃদ্ধিয়ে যৌতুক প্রথাক ইন্ধন যোগাই আহিছে৷ সমৃদ্ধিৰ বাবে যৌতুকৰ চাহিদা বৃদ্ধি পাই আহিছে৷ যৌতুক প্রথা নির্মূল কৰিবলৈ হ’লে দেশৰ প্রতিগৰাকী লোকে উপহাৰৰ নামত প্রতিযোগিতা কৰাৰ পৰা বিৰত থাকিব লাগিব৷