নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বিক্ষোভৰ জুই

আমেৰিকাত বিক্ষোভৰ জুই

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ প্রব্রজন নীতিক লৈ এতিয়া সমগ্র দেশখন বিক্ষোভৰ জুইত জ্বলিবলৈ ধৰিছে৷ ইতিমধ্যে নির্বাচনত দিয়া প্রতিশ্রুতি অনুসৰি ৰাষ্ট্রপতিৰ ক্ষমতাত আৰোহণ কৰিয়েই ড’নাল্ড ট্রাম্পে আমেৰিকাত অবৈধভাৱে বাস কৰি থকা বিভিন্ন দেশৰ প্রব্রজনকাৰীক হাত–ভৰি শিকলিৰে বান্ধি বিমানেৰে ওভতাই পঠিয়াইছে৷ ট্রাম্পৰ এই নীতিক লৈ বিভিন্ন দেশে প্রতিবাদ সাব্যস্ত কৰিছে যদিও আমেৰিকাত অবৈধ অনুপ্রৱেশকাৰীৰ স্থান নাই বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ বিগত কিছুদিন ধৰি প্রব্রজনকাৰীৰ বিৰুদ্ধে গ্রহণ কৰা পদক্ষেপত কিছু শিথিলতা অনা হৈছিল যদিও শেহতীয়াকৈ ট্রাম্পে পুনৰ মার্কিন ভূখণ্ডৰ পৰা অবৈধ অনুপ্রৱেশকাৰীক বিতাড়ন কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ দেশখনৰ বিভিন্ন স্থানত অবৈধ অনুপ্রৱেশকাৰীক বিচাৰি হোমলেণ্ড ছিকিউৰিটী বিভাগে চলোৱা অভিযানে এইবাৰ ক্ষুব্ধ কৰিছে মার্কিন নাগৰিকসকলক৷ ইয়াৰ ফলতে নিৰাপত্তাৰক্ষী আৰু প্রতিবাদকাৰীৰ সংঘর্ষত ৰণাংগনত পৰিণত হৈছে আমেৰিকাৰ লছ এঞ্জেলছ৷ বিগত কেইবাদিনো ধৰি মার্কিন চহৰখনত অব্যাহত আছে বিক্ষোভ৷ এই বিক্ষোভ কঠোৰ হাতেৰে দমন কৰিবলৈ চহৰখনলৈ প্রেৰণ কৰিছে নেচনেল গার্ড তথা নৌসেনা৷ কিন্তু কেলিফ’র্নিয়াৰ প্রাদেশিক চৰকাৰৰ সৈতে কোনোধৰণৰ আলোচনা অবিহনেই ট্রাম্পে ফেডাৰেল বাহিনীক লছ এঞ্জেলছলৈ প্রেৰণ কৰাৰ লগে লগে প্রদেশখনৰ গৱর্নৰ আৰু লছ এঞ্জেলছৰ মেয়ৰে ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷ আনকি লছ এঞ্জেলছৰ মেয়ৰগৰাকীয়ে ট্রাম্পৰ বিৰুদ্ধে গোচৰো তৰিছে৷ মার্কিন প্রদেশসমূহৰ স্থানীয় প্রশাসনক অগ্রাহ্য কৰি ফেডাৰেল চৰকাৰে কোনো সিদ্ধান্ত জাপি দিব নোৱাৰে৷ এইক্ষেত্রত ট্রাম্পৰ সিদ্ধান্তক অন্যায় বুলি চিহ্ণিত কৰিছে কেলিফ’র্নিয়াৰ প্রশাসনে৷ লগে লগে স্থানীয় প্রশাসনৰ সৈতে ট্রাম্প চৰকাৰৰ এখন যুদ্ধ আৰম্ভ হৈছে৷ পৰিণতিত বিক্ষোভে নতুন মাত্রা লাভ কৰিছে৷ আনকি লছ এঞ্জেলছত আৰোপ কৰা হৈছে সান্ধ্য আইন৷ নৌসেনা আৰু নেচনেল গার্ডৰ বিৰুদ্ধে স্থানীয় জনতাই বিক্ষোভ প্রদর্শন কৰাৰ লগতে বহু চৰকাৰী বাহনত অগ্নিসংযোগ কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ নীতিৰ বাবেই এতিয়া চহৰখন বিক্ষোভৰ জুইত দাওদাওকৈ জ্বলি উঠা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ ইয়াৰ পাছতো পৰিস্থিতিৰ পৰিৱর্তন হোৱা নাই৷ ট্রাম্পৰ আঁকোৰগোজ নীতিক প্রত্যাহ্বান জনাই আমেৰিকাৰ অন্যান্য প্রদেশৰ নাগৰিকসকলেও আৰম্ভ কৰিছে প্রতিবাদী কার্যসূচী৷
এইবাৰ আমেৰিকাৰ টেক্সাছ প্রদেশতো বিক্ষোভে নতুন মাত্রা লাভ কৰিছে৷ লগে লগে এই বিক্ষোভ দমন কৰিবলৈ প্রদেশখনৰ গৱর্নৰ গ্রেগ এবটে সিদ্ধান্ত গ্রহণ কৰিছে৷ লছ এঞ্জেলছত নেচনেল গার্ড মোতায়েনক লৈ বিক্ষোভ সংঘটিত হৈছে যদিও টেক্সাছত কিন্তু গৱর্নৰগৰাকীয়ে নিজেই নেচনেল গার্ডক এই বিক্ষোভ দমন কার্যসূচীত মোতায়েন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ লক্ষণীয় বিষয়টো হৈছে, লছ এঞ্জেলছৰ বিক্ষোভে কেলিফ’র্নিয়াৰ অন্যান্য প্রদেশলৈ প্রসাৰ লাভ কৰাৰ পাছতো প্রব্রজন নীতি সন্দর্ভত সৃষ্টি হোৱা ক্ষোভৰ বিষয়টোক অনুধাৱন কৰাৰ চেষ্টা চলোৱা নাই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ বৰঞ্চ এই বিক্ষোভে প্রতিবাদী ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা সত্ত্বেও ট্রাম্প প্রশাসনে আমেৰিকাৰ বিভিন্ন স্থানত অবৈধ অনুপ্রৱেশকাৰীক বিচৰাৰ নামত দমন অভিযান তীব্রতৰ কৰিছে৷ ট্রাম্পৰ এই দমন অভিযানক লৈয়েই ক্ষুব্ধ হৈছে দেশখনৰ নাগৰিকসকল৷ গতিকে শীঘ্রে অবৈধ অনুপ্রৱেশকাৰীক দেশৰ পৰা বিতাড়নৰ নামত স্থানীয় নাগৰিকসকলৰ ওপৰত আতিশয্য চলোৱা বিষয়টোক লৈ নতুন নতুন প্রদেশত আৰম্ভ হৈছে প্রতিবাদ৷ টেক্সাছৰ বিক্ষোভে স্পষ্ট কৰি দিছে যে ট্রাম্প প্রশাসনে গ্রহণ কৰা কঠোৰ পদক্ষেপ প্রত্যাহাৰ নকৰিলে শীঘ্রে সমগ্র আমেৰিকালৈ ব্যাপিত হ’ব এই বিক্ষোভৰ জুই৷ ইতিমধ্যে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিভিন্ন নীতিক লৈ ক্ষোভ উজাৰিছে স্থানীয় নাগৰিকসকলে৷ বিশেষকৈ বিভিন্ন বিভাগৰ পৰা চাকৰিয়ালসকলক কৌশলেৰে বর্খাস্ত কৰাৰ যি নীতি ট্রাম্পে গ্রহণ কৰিছে, তাক লৈ ইতিমধ্যে আমেৰিকাৰ অভ্যন্তৰত তুঁহ জুইৰ দৰে জ্বলি আছে ক্ষোভৰ জুই৷ এইবাৰ লছ এঞ্জেলছৰ বিক্ষোভে সমগ্র আমেৰিকাৰ নাগৰিকসকলৰ বিক্ষোভৰ বহিঃপ্রকাশ ঘটাবলৈ লৈছে৷ গতিকে যিমানেই সময় আগবাঢ়িছে সিমানেই আমেৰিকাত বিক্ষোভ–প্রতিবাদে নতুন মাত্রা লাভ কৰিছে৷ কেলিফ’র্নিয়া, টেক্সাছৰ পাছত হয়তো কম দিনৰ ভিতৰতে এই বিক্ষোভে আমেৰিকাক অগ্নিপিণ্ডত পৰিণত কৰিব পাৰে৷ যদি সেয়াই হয়, ট্রাম্প প্রশাসনৰ বাবে সৃষ্টি হ’ব বৃহৎ প্রত্যাহ্বান৷

You might also like