নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাত আমূল সংস্কাৰ

অসমৰ চৰকাৰী আৰু প্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহ ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত সংস্কাৰৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি, পৰিচালনা, পাঠদান আদি বিষয় সামৰি শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা ‘স্কুল ৰুল বুক’ অর্থাৎ বিধি–নির্দেশনাত কেইবাটাও গুৰুত্বপূর্ণ বিষয় সন্নিবিষ্ট কৰা হৈছে৷ নতুন বিধি–নির্দেশনা সম্পূর্ণৰূপে কার্যকৰী কৰিবলৈ শিক্ষানুষ্ঠানসমূহৰ প্রধান শিক্ষক আৰু অধ্যক্ষক দায়িত্ব অর্পণ কৰিছে শিক্ষা বিভাগে৷ শেহতীয়াকৈ জাৰি কৰা ‘স্কুল ৰুল বুক’ক প্রতিজন প্রধান শিক্ষক আৰু অধ্যক্ষই মান্যতা দিয়াটো বাধ্যতামূলক কৰা হৈছে৷ বিধি–নির্দেশনা অনুসৰি এতিয়াৰ পৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী তথা শিক্ষাগুৰুৱে সামাজিক মাধ্যমত কোনোধৰণৰ বিতর্কিত মন্তব্য আগবঢ়াব নোৱাৰিব৷ ছাত্র–ছাত্রীসকলৰ পাঠদান নিয়মীয়াকৈ সম্পন্ন কৰাৰ লগতে নির্ধাৰিত সময়সীমাৰ ভিতৰত পাঠ্যক্রম সম্পূর্ণ কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ এতিয়াৰ পৰা পুৱা ৯ বজাৰ পিছত বিদ্যালয়ত কোনো শিক্ষকে প্রৱেশ কৰিব নোৱাৰিব৷ প্রতিদিনে প্রধান শিক্ষকে কমেও এটি শ্রেণীত পাঠদান কৰিব লাগিব৷ সপ্তাহত কমেও ছাত্র–ছাত্রীৰ পাঁচটা ক্লাছ ল’ব লাগিব প্রধান শিক্ষকে৷ প্রাদেশীকৃত আৰু চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পাঠদান ব্যাহত কৰি কোনো ছাত্র–ছাত্রীয়ে এতিয়াৰ পৰা প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিব নোৱাৰিব৷ ধর্ণা–প্রতিবাদ আদিৰ বাবে শিক্ষানুষ্ঠান নির্ধাৰিত সময়ৰ পূর্বে ছুটী দিব নোৱাৰিব৷ শিক্ষানুষ্ঠানসমূহত কোনো দল–সংগঠনক সভা–সমিতি অনুষ্ঠিত কৰিবলৈ প্রধান শিক্ষকে অনুমতি দিব নোৱাৰিব৷ বিজ্ঞান আৰু গণিত ইংৰাজীতে শিকাব লাগিব বিদ্যালয়সমূহে৷ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা বিধি–নির্দেশনা নিশ্চিতভাৱে ৰাজ্যখনৰ মাতৃভাষাৰ বিদ্যালয়সমূহৰ বাবে গুৰুত্বপূর্ণ৷ বিগত সময়ছোৱাত ৰাজ্যখনৰ মাতৃভাষাৰ বিদ্যালয়সমূহে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এনে প্রত্যাহ্বানৰ মূল কাৰক হৈছে মাতৃভাষাৰ বিদ্যালয়সমূহৰ প্রতি ছাত্র–ছাত্রী আৰু অভিভাৱকসকলৰ আস্থাহীনতা৷ ফলত ছাত্র–ছাত্রীৰ অভাৱত মাতৃভাষাৰ অধিকাংশ বিদ্যালয়ে তীব্র সমস্যাৰ সন্মুখীন হৈছে৷ ছাত্র–ছাত্রীৰ অভাৱত ৰাজ্যখনৰ কেইবাশ শিক্ষানুষ্ঠান বন্ধ হৈছে, একাংশ শিক্ষানুষ্ঠান অন্য বিদ্যালয়ৰ স’তে একত্রীকৰণ কৰা হৈছে৷ মাতৃভাষাৰ বিদ্যালয়সমূহৰ প্রতি অভিভাৱক তথা ছাত্র–ছাত্রীৰ আস্থাহীনতাৰ মূলতেই হ’ল শিক্ষা ব্যৱস্থাৰ অধোগতি৷ পূর্বৰ তুলনাত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বহু পৰিমাণে উন্নত হৈছে যদিও অধিকাংশ চৰকাৰী তথা প্রাদেশীকৃত বিদ্যালয়ে ছাত্র–ছাত্রী তথা অভিভাৱকসকলৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই৷
ৰাজ্যখনৰ চৰকাৰী তথা প্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহে সন্মুখীন হোৱা শেহতীয়া ভয়ংকৰ পৰিস্থিতিয়ে মাতৃভাষাৰ শিক্ষা ব্যৱস্থাৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে৷ কিয়নো, মাতৃভাষাৰ শিক্ষাৰ ধাৰা বহন কৰা শিক্ষানুষ্ঠানসমূহেই হ’ল ৰাজ্যৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাতৃভাষাৰ শিক্ষাৰ নামত এক পালমৰা ব্যৱস্থা চলি আছে৷ প্রাথমিক পর্যায়ত মাতৃভাষাৰ শিক্ষাত নতুন শিক্ষানীতিতো বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পৰিচালনাৰ বাবে শেহতীয়া বিধি–নির্দেশনা সুচাৰুৰূপে কার্যকৰী হ’লে নিশ্চিতভাৱে ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নতুন যাত্রা আৰম্ভ কৰিবলৈ সক্ষম হ’ব৷ বিগত চাৰিটা দশকত ৰাজ্যখনৰ চৰকাৰী আৰু প্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মান ক্রমাগতভাৱে অৱনমিত হৈছে৷ ইয়াৰ মূলতঃ কেইবাটাও কাৰক আছে৷ বিগত সময়ছোৱাত ৰাজ্যখনৰ যিসমূহ আন্দোলন, প্রতিবাদ হৈছে সেইবোৰত অংশগ্রহণকাৰী ছাত্র–ছাত্রীসকলৰ অধিকাংশই চৰকাৰী তথা প্রাদেশীকৃত শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রী৷ ৰাজ্যৰ প্রতিবাদ–আন্দোলনত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্র–ছাত্রীৰ অংশগ্রহণ তেনেই নগণ্য৷ ৰাজ্যখনৰ দল–সংগঠনসমূহে মাতৃভাষাৰ ছাত্র–ছাত্রীসকলক এনে প্রতিবাদী কার্যসূচীত জড়িত কৰি আহিছে৷ পাঠদান এৰি ৰাজপথৰ আন্দোলনত ছাত্র–ছাত্রীসকলক জড়িত কৰাৰ প্রৱণতা ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ মাৰাত্মক ক্ষতি হোৱা সত্ত্বেও আমাৰ ৰাজনৈতিক দল তথা জাতীয় সংগঠনসমূহৰ অধিকাংশই এই বিষয়ত নির্বিকাৰ হৈ আছে৷ আনকি শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়েও এইক্ষেত্রত বলিষ্ঠ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ মাতৃভাষাৰ শিক্ষাৰ মান উন্নীত কৰিবলৈ হ’লে ৰাজ্যৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি পাঠদান প্রক্রিয়াত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন আছে৷ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তিৰ ক্ষেত্রত পূর্বৰ তুলনাত বহু পৰিমাণে স্বচ্ছতা আহিলেও আৰু অধিক কৰণীয় আছে৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে বিভিন্ন জৰীপ আৰু নির্বাচন সম্পর্কীয় কাম–কাজত শিক্ষকক নিয়োগ কৰাৰ যি ব্যৱস্থা চলি আছে সেয়াও বন্ধ কৰিব লাগিব৷ জৰীপ সম্পর্কীয় কাম–কাজত শিক্ষকসকলক জড়িত কৰাৰ ফলত মাতৃভাষাৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে পাঠগ্রহণত সমস্যাৰ সন্মুখীন হয়৷ ইয়াৰ উপৰি ৰাজ্যখনৰ বিভিন্ন নির্বাচন আৰু ভোটগণনাৰ সময়ত একাংশ শিক্ষানুষ্ঠান ব্যৱহাৰ কৰাৰ ফলত সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ পাঠদান প্রক্রিয়া বহুদিনৰ বাবে বন্ধ হৈ পৰে৷ পৰম্পৰাগতভাৱে চলি থকা এনে ব্যৱস্থা পৰিহাৰ কৰাৰ ওপৰতো ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা প্রয়োজন৷

You might also like