ৰাছিয়াৰ অস্থিৰতা
ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ মাজতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ঘনিষ্ঠ ভাৰাতীয়া বাহিনী ৱাগনাৰৰ মুৰব্বী য়েভজেনি প্রিগোজিনে পুটিনক উৎখাতৰ হুংকাৰ দি মস্কো অভিমুখে সামৰিক সমদল আৰম্ভ কৰিছিল৷ ইউক্রেইন যুদ্ধত ৰুছ সেনাক সহায় কৰা ৱাগনাৰ বাহিনীৰ সৈতে বিশ্বাসঘাতকতাৰ অভিযোগ তুলি য়েভজেনি প্রিগোজিনে ৰাছিয়াৰ শাসনৰ পৰা পুটিনক ক্ষমতাচ্যুত কৰিবলৈ ‘ন্যায়ৰ যাত্রা’ আৰম্ভ কৰা বুলি ঘোষণা কৰিছিল৷ আনকি ইউক্রেইন সীমান্তৱর্তী কেইবাখনো চহৰ দখল কৰা বুলিও ঘোষণা কৰিছিল য়েভজেনি প্রিগোজিনে৷ পুটিনৰ একালৰ ঘনিষ্ঠ হোটেল ব্যৱসায়ী প্রিগোজিনৰ অভিযোগ আছিল যে ইউক্রেইন যুদ্ধৰ সময়ত ৰুছ বাহিনীয়ে ৱাগনাৰ যোদ্ধাসকলৰ বিৰুদ্ধে ক্ষেপণাস্ত্র ব্যৱহাৰ কৰিছে৷ আনকি এই ক্ষেপণাস্ত্রৰ আঘাতত দুই সহস্রাধিক ৱাগনাৰ যোদ্ধাৰ মৃত্যু হোৱা বুলিও অভিযোগ কৰিছিল প্রিগোজিনে৷ যুদ্ধবাজ প্রিগোজিনৰ মতে ইউক্রেইন যুদ্ধত ৰুছ সেনাৰ মুৰব্বী আৰু দেশখনৰ প্রতিৰক্ষা মন্ত্রীয়ে ভুল নীতি গ্রহণ কৰাৰ ফলত ৱাগনাৰ যোদ্ধাসকল ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আনফালে ৰাছিয়াৰ পৰা প্রয়োজনীয় অস্ত্র আৰু ৰচদপাতি ৱাগনাৰ যোদ্ধাসকলক যোগান নধৰাৰ ফলত ইউক্রেইনত সমস্যাৰ সন্মুখীন হৈছিল প্রিগোজিনৰ বাহিনী৷ গতিকে ইউক্রেইনৰ পৰা প্রত্যাৱর্তন কৰি পুটিন প্রশাসনক ক্ষমতাৰ পৰা উৎখাত কৰাৰ হুংকাৰ দিছিল ৱাগনাৰৰ মুৰব্বীজনে৷ এই হুংকাৰৰ পাছতে শুকুৰবাৰে মস্কো অভিমুখে যাত্রা আৰম্ভ কৰে ৱাগনাৰৰ প্রায় ২৩ হাজাৰ যোদ্ধাই৷ টেংক আৰু সামৰিক বাহন তথা বিভিন্ন অস্ত্রৰে সজ্জিত হৈ ৰাছিয়াৰ তিনিখন চহৰৰ সামৰিক ঘাটি দখল কৰা বুলি ৱাগনাৰক লৈ পাশ্চাত্যৰ সংবাদ মাধ্যমে বিভিন্ন প্রতিবেদন প্রকাশ কৰে৷ ইয়াৰ পিছতে ৰুছ ৰাষ্ট্রপতি পুটিনে প্রিগোজিনক বিশ্বাসঘাতক তথা দেশদ্রোহী আখ্যা দি কঠোৰ শাস্তি বিহা হ’ব বুলি ঘোষণা কৰে৷ দেশবাসীক সম্বোধি দিয়া ভাষণত পুটিনে উল্লেখ কৰে যে যিকোনো মূল্যৰ বিনিময়ত ৰাছিয়াক ৰক্ষা কৰা হ’ব৷ লক্ষণীয়ভাৱে মস্কোত উপস্থিত হোৱাৰ বহু পূর্বেই ৰাছিয়াত ৰক্তপাত নিবিচাৰে বুলি উল্লেখ কৰি প্রিগোজিনে ৱাগনাৰ বাহিনীক প্রত্যাৱর্তন কৰিবলৈ নির্দেশ দিয়ে৷ এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাছেনকোৱে৷ নেতাগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত প্রিগোজিনৰ বাহিনীয়ে ৰাছিয়াৰ পৰা গৈ বেলাৰুছত আশ্রয় লোৱাৰ সিদ্ধান্ত লৈছে৷ ইফালে ৱাগনাৰৰ মুৰব্বী প্রিগোজিনৰ বিৰুদ্ধে কোনোধৰণৰ অপৰাধ গোচৰৰ বিচাৰ প্রক্রিয়া চলোৱা নহ’ব বুলি মস্কো প্রশাসনে ঘোষণা কৰিছে৷ হঠাতে ৰাছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ অৱসান ঘটিছে লুকাছেনকোৰ তৎপৰতাত৷
চুৰি–ডকাইতিৰ অভিযোগত একাধিকবাৰ কাৰাবাস খটা য়েভজেনি প্রিগোজিন পৰৱর্তী সময়ত ৰুছ ৰাষ্ট্রপতি পুটিনৰ ঘনিষ্ঠ হৈ পৰে৷ পূর্বে য়েভজেনি প্রিগোজিনৰ ৱাগনাৰ ভাৰাতীয়া বাহিনীক পুটিনৰ নিজা সেনা বুলি বিভিন্ন দেশে অভিযোগ কৰিছিল৷ ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত পূর্বৰ কুখ্যাত অপৰাধী প্রিগোজিন কেনেদৰে পুটিনৰ অতি ঘনিষ্ঠ হৈ পৰিল, সেই কথা জনা নাযায়৷ ২০১৪ চনত ক্রেমলিনত সেউজ সংকেত পোৱাৰ পাছতে প্রিগোজিনে গঢ়ি তোলে এক বাহিনী৷ এই বাহিনীত নিয়োগ কৰা হয় ৰাছিয়াৰ কাৰাবন্দী কুখ্যাত অপৰাধীসকলক৷ অতি নৃশংস এই বাহিনীৰ ওপৰত সঘনে আস্থা ৰাখি আহিছিল পুটিনে৷ আনকি লিবিয়া, ছিৰিয়া, ছুডান আদি বিভিন্ন দেশত ৰক্তক্ষয়ী যুদ্ধত পুটিনে গোপনে প্রেৰণ কৰিছিল এই নৃশংস বাহিনীক৷ ৰাছিয়াৰ সেনাৰ অংশ নহয় যদিও ৱাগনাৰ বাহিনীয়ে পুটিনৰ বাবেই লাভ কৰিবলৈ সক্ষম হৈছে এক বাহিনীৰ বাবে প্রয়োজনীয় সকলো অস্ত্র৷ টেংক, যুদ্ধবিমান আদিও ৱাগনাৰ বাহিনীয়ে ৰুছ চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই বাহিনীয়েই মাত্র কেইঘণ্টামানৰ ভিতৰতে ৰাছিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বেলাৰুছৰ ৰাষ্ট্রপতি লুকাছেনকোৰ মধ্যস্থতাত পুটিনৰ সন্মুখত সৃষ্টি হোৱা প্রত্যাহ্বান অন্ত পৰিছে যদিও পুটিনে প্রিগোজিনক ৰেহাই নিদিয়ে বুলি একাংশ সমৰ বিশেষজ্ঞই ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে ইউক্রেইন যুদ্ধৰ মাজতে ৱাগনাৰ বাহিনীৰ এই ‘গৃহযুদ্ধ’ৰ চেষ্টা বিদেশী শক্তিৰ বাবেও পুটিনৰ বিৰুদ্ধে এক অনুপ্রেৰণা হিচাপে চিহ্ণিত হৈছে৷ গতিকে আগন্তুক দিনত পুটিনে প্রিগোজিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ কিন্তু তাৎপর্যপূর্ণ বিষয়টো হৈছে ‘ফ্রেংকেনষ্টাইন’ৰূপী প্রিগোজিনৰ ৱাগনাৰক গঢ়ি তোলা ৰুছ ৰাষ্ট্রপতি পুটিন আজি সেই দানৱ বাহিনীৰেই হুংকাৰৰ সন্মুখীন হ’বলগীয়া হ’ল৷