নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ বঁটা আৰু সোণাল মানসিং

শংকৰদেৱ বঁটা আৰু সোণাল মানসিং

অসমৰ জাতীয় জীৱনলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আগবঢ়াই যোৱা অৱদান প্রতিগৰাকী অসমীয়াই সগৌৰৱে স্বীকাৰ কৰিবই লাগিব৷ এইগৰাকী মহাপুৰুষে অসমীয়া সাহিত্যৰ প্রতিটো অংগলৈ আগবঢ়োৱা অপৰিসীম বৰঙণিয়ে অসমীয়া সাহিত্যক বিশ্ব সাহিত্যত বিশেষ স্থান দিবলৈ সক্ষম হৈছে৷ এইগৰাকী ধর্মপ্রচাৰক তথা সাহিত্যিকে অসমীয়া সমাজ জীৱনলৈ আগবঢ়াই থৈ যোৱা বৰঙণিৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ কীর্তিসমূহ চিৰযুগমীয়া কৰি ৰাখিবলৈ অসম চৰকাৰে ১৯৮৬ চনৰ পৰা শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান কৰাৰ ব্যৱস্থা কৰে৷ কলা, সংস্কৃতি, সাহিত্য আৰু গণসংযোগৰ জগতখনত শংকৰদেৱৰ আদর্শ জনমানসত সম্প্রসাৰণ কৰাত বিশেষ ভূমিকা গ্রহণ কৰা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্রদান কৰি অহা হৈছে৷ আৰম্ভণিতে এই বঁটা প্রতিবছৰে প্রদান কৰি অহা হৈছিল যদিও ২০০৮ চনৰ পৰা প্রতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা প্রদান কৰিবলৈ লৈছে৷ বিগত সময়ছোৱাত দেশৰ সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ অভূতপূর্ব বৰঙণি আগবঢ়োৱা বহুকেইগৰাকী পুৰোধা ব্যক্তিক অসম চৰকাৰে এই সন্মানজনক বঁটা প্রদান কৰিছে৷ মহাপুৰুষগৰাকীৰ আদর্শৰাজি দেশৰ লগতে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰি তেওঁৰ গুণৰাজিক সর্বত্র প্রচাৰ কৰাৰ উদ্দেশ্যে প্রদান কৰা এই বঁটা ১৯৮৬ চনত প্রথমবাৰ প্রদান কৰা হৈছিল বিশিষ্ট সাংবাদিক প্রয়াত কীর্তিনাথ হাজৰিকাক৷ ইয়াৰ পিছত এই বঁটা আগবঢ়োৱা হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক৷ বিগত সময়ছোৱাত অসমৰ বহুকেইগৰাকী চিৰনমস্য ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হয়৷ এইসকলৰ ভিতৰত মহেশ্বৰ নেওগ, সত্যেন্দ্র নাথ শর্মা, সত্যপ্রসাদ বৰুৱা, মহেন্দ্র বৰা, চৈয়দ আব্দুল মালিক, ড০ ভবেন্দ্র নাথ শইকীয়া, সোণাৰাম চুতীয়া, আচার্য ইলাৰাম দাস, ইন্দিৰা মিৰি, নাৰায়ণ দেৱ গোস্বামী, পাৰবিন চুলতানা, কেশৱানন্দ দেৱগোস্বামী, হোমেন বৰগোহাঞি, কনকসেন ডেকা, বশিষ্ঠ দেৱ শর্মা, ভৱপ্রসাদ চলিহা আদি অন্যতম৷ ইয়াৰ উপৰি দেশৰ কেইবাজনো খ্যাতিসম্পন্ন ব্যক্তিলৈ আগবঢ়োৱা হৈছে শ্রীমন্ত শংকৰদেৱ বঁটা৷ এইসকল হৈছে সত্যজিৎ ৰায়, কপিলা বাৎসায়ন, ৰামচন্দ্র নাৰায়ণ দণ্ডেকাৰ, ভৱেশ চন্দ্র সান্যাল, কেলুচৰণ মহাপাত্র, আমজাদ আলী খান, হবিব তনবীৰ, বি জি ভার্গিজ, শর্মিলা ঠাকুৰ, এম এল ভৰতপাণ্ডে আদি৷ এইসকল ব্যক্তিয়ে দেশৰ সাহিত্য, সংস্কৃতিৰ লগতে সমাজ জীৱনলৈ অমূল্য বৰঙণি আগবঢ়াইছে৷ এই বঁটাত নগদ ধনৰ লগতে এখন প্রশংসা–পত্র, এটি সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্র আগবঢ়োৱা হয়৷ প্রথম অৱস্থাত এই বঁটাৰ সৈতে নগদ এক লাখ টকা আগবঢ়োৱা হৈছিল যদিও ১৯৯৭ চনৰ পৰা নগদ ধনৰ পৰিমাণ তিনি লাখলৈ বৃদ্ধি কৰা হয়৷ ২০২০ চনৰ পৰা বঁটাৰ সৈতে পাঁচ লাখ টকা প্রদান কৰি অহা হৈছে৷
এইবাৰ ২০২৩ বর্ষৰ সন্মানীয় শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান কৰা হ’ল প্রখ্যাত নৃত্যশিল্পী ড০ সোণাল মানসিঙক৷ দেশৰ দ্বিতীয় সর্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত বিশিষ্ট শাস্ত্রীয় নৃত্যশিল্পী, পণ্ডিত, লেখিকা, সমাজকর্মী আৰু ৰাজ্যসভাৰ প্রাক্তন সাংসদ ড০ সোণাল মানসিং ভাৰতীয় নাৰী সমাজৰ প্রতিভূস্বৰূপ৷ তেওঁৰ অসাধাৰণ জীৱন কাহিনী, সৃষ্টিশীলতা আৰু শাস্ত্রীয় নৃত্যৰ পাৰদর্শিতাৰে দেশৰ সমাজ আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ কেইবাদশকজুৰি গভীৰভাৱে উদ্বুদ্ধ কৰি আহিছে৷ তদুপৰি ভাৰত নাট্যম আৰু ওডিচি নৃত্যৰ জৰিয়তে তেওঁ অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱন উজ্জীৱিত কৰাই নহয়, নৃত্যকলাক মহিলা সবলীকৰণৰ এক শক্তিশালী মাধ্যমলৈও ৰূপান্তৰ কৰিছে৷ জীৱনৰ অসংখ্য প্রতিকূলতাৰ মাজতো মানসিঙে নিজৰ লক্ষ্যত অটল হৈ আছিল৷ এনে অবিচল স্পৃহা আৰু মানসিক দৃঢ়তাৰ বাবে সামাজিক ন্যায় প্রতিষ্ঠাৰ ক্ষেত্রত এক সাহসী যোদ্ধা হ’ব পাৰিছে৷ নতুন দিল্লীত তেওঁ প্রতিষ্ঠা কৰা ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাছিকেল ডেঞ্চেছ’ৰ জৰিয়তে নতুন প্রজন্মৰ শিল্পীসকলক অনুপ্রাণিত কৰি আগুৱাই নিবলৈ সক্ষম হৈছে৷ এইগৰাকী মহান শিল্পীৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৩০ এপ্রিলত মুম্বাইত৷ ভাৰত নাট্যম আৰু ওডিচি নৃত্যৰ গুৰু মানসিং ৰাষ্ট্রপতিৰ দ্বাৰা ৰাজ্যসভাৰ সাংসদৰূপে মনোনীত হৈছিল৷ ১৯৯২ চনত তেওঁ পদ্মভূষণ আৰু ২০০৩ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত হয়৷ তেওঁৰ ককাক মংগল দাস পাকভাছা এগৰাকী মুক্তিযোদ্ধা আছিল৷ তদুপৰি মংগল দাস আছিল ভাৰতৰ প্রথম পাঁচগৰাকী ৰাজ্যপালৰ এজন৷ মণিপুৰী নৃত্যৰ জৰিয়তে মানসিঙে শাস্ত্রীয় নৃত্যৰ জগতখনত প্রৱেশ কৰিছিল৷ ইয়াৰ পিছতে তেওঁ ভাৰত নাট্যমৰ শিক্ষা আৰম্ভ কৰে৷ তেওঁ ভাৰতীয় বিদ্যা ভৱনৰ পৰা সংস্কৃতৰ প্রবীণ আৰু মুম্বাইৰ এলফিনষ্টন কলেজৰ পৰা জার্মান ভাষাত স্নাতক ডিগ্রী অর্জন কৰে৷ অৱশ্যে ১৮ বছৰ বয়সতহে নৃত্যৰ আনুষ্ঠানিকতা আৰম্ভ হয়৷ পৰিয়ালৰ বিৰোধিতা সত্ত্বেও তেওঁ বেংগালুৰুত ভাৰত নাট্যমৰ প্রশিক্ষণ আৰম্ভ কৰে৷ ইয়াৰ পৰৱর্তী সময়ত তেওঁ প্রখ্যাত গুৰু কেলুচৰণ মহাপাত্রৰ ওচৰত ওডিচি নৃত্যৰ প্রশিক্ষণ গ্রহণ কৰে৷ শাস্ত্রীয় নৃত্যকে কেৰিয়াৰ হিচাপে গ্রহণ কৰা সোনাল মানসিঙে অসংখ্য সন্মানো লাভ কৰিছে৷ ২০০২ চনত নৃত্য জগতত তেওঁৰ ৪০ বছৰ পূর্ণ হোৱা উপলক্ষে প্রসিদ্ধ হিন্দী ছবি পৰিচালক প্রকাশ ঝাই তেওঁৰ জীৱনৰ ভিত্তিত ‘সোণাল’ নামেৰে এখন তথ্যচিত্রও নির্মাণ কৰে৷ এই ছবিখনে ৰাষ্ট্রীয় পুৰস্কাৰো লাভ কৰে৷ ২০১৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা মানসিঙক উত্তৰাখণ্ড বিশ্ববিদ্যালয়ে ড০ অৱ ছায়েঞ্চ আৰু সম্বলপুৰ বিশ্ববিদ্যালয়ে ডক্টৰ অৱ লিটাৰেচাৰ সন্মান প্রদান কৰে৷ এনে এগৰাকী স্বনামধন্য শিল্পীক শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান কৰাটো অসম চৰকাৰৰ লগতে প্রতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়৷ শিল্পীগৰাকীক এই বঁটা প্রদান কৰাৰ পদক্ষেপে নিশ্চিতভাৱে মহাপুৰুষজনাৰ সৃষ্টিকর্মৰ প্রচাৰ আৰু প্রসাৰক নতুন মাত্রা দিব৷

You might also like