সাগৰীয় উষ্ণতাৰ অভিলেখ ভংগ
পৃথিৱীৰ তাপমাত্রা বৃদ্ধি মানৱ জাতিৰ বাবে প্রত্যাহ্বানৰ কাৰণ হৈ উঠিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলশ্রুতিত জলবায়ু পৰিৱর্তনে আমাৰ প্রকৃতিৰ পাৰিপার্শ্বিকতাৰ ওপৰত প্রচণ্ড প্রভাৱ পেলোৱাত বতৰে ভাৰসাম্য হেৰুৱাইছে৷ ভূপৃষ্ঠৰ তাপমাত্রা বৃদ্ধিৰ পোৱাৰ সমান্তৰালকৈ সাগৰ–মহাসাগৰৰ উষ্ণতাও বৃদ্ধি পাই আছে৷ শেহতীয়া তথ্য মতে, সাগৰীয় উষ্ণতাই পূর্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িলে৷ জলবায়ু পৰিৱর্তনৰ পৰা ভূপৃষ্ঠৰ তাপমাত্রা বৃদ্ধিৰ সমান্তৰালকৈ সাগৰীয় উষ্ণতা বৃদ্ধি এতিয়া পৃথিৱীৰ প্রকৃতিৰ বাবে ভয়াৱহ হৈ উঠিছে৷ প্রতিদিনে গড়ে গোলকীয় সাগৰৰ জলপৃষ্ঠৰ তাপমাত্রা বৃদ্ধিয়ে ২০১৬ চনৰ অভিলেখ ভংগ কৰিছে৷ ২০১৬ চনত সাগৰীয় জলপৃষ্ঠৰ তাপমাত্রাই পূর্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছিল৷ সেই অভিলেখ আগষ্টৰ প্রথম সপ্তাহতেই ভংগ কৰি উষ্ণতাৰ নতুন অভিলেখ গঢ়িছে৷ ই পৃথিৱীৰ লগতে মানৱ জাতিৰ বাবে এক অশনি সংকেত৷ তথ্য মতে, সাগৰীয় তাপমাত্রাৰ গড় উষ্ণতাৰ ওপৰত ২০.৯৬ চেণ্টিগ্রেড (৬৯.৭৩ ফাৰেনহাইট) অতিক্রম কৰিছে৷ ই হৈছে সাগৰীয় উষ্ণতাৰ নতুন অভিলেখ৷ জলবায়ু নিয়ন্ত্রণৰ বাবে মহাসাগৰ অতিকে গুৰুত্বপূর্ণ৷ অর্থাৎ পৃথিৱীৰ জলবায়ু নিয়ন্ত্রণৰ ক্ষেত্রত মহাসাগৰে সবাতোকৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে আৰু কৰি আহিছে৷ মহাসাগৰে তাপমাত্রা শোহনৰ লগতে পৃথিৱীৰ অক্সিজেনৰ আধা উৎপাদন কৰে৷ তদুপৰি বতৰৰ ভাৰসাম্য বর্তাই ৰখাত ভূমিকা লয়৷ এই ক্ষেত্রত সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলবায়ুৰ পৰা মানৱ জাতিৰ জীৱন–যাপনৰ ওপৰতো নেতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত৷ ঠিক তেনেদৰে সাগৰৰ উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত সাগৰীয় জীৱ–জন্তুৰ ক্ষেত্রতো নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত হৈছে৷ ইতিমধ্যে সাগৰীয় জীৱ–জন্তুৰ ওপৰত পৰা নেতিবাচক প্রভাৱ স্পষ্ট হৈ উঠিছে৷ সাগৰীয় উদ্ভিদৰ পৰা জীৱ–জন্তুলৈকে উষ্ণতাৰ ফলশ্রুতিত বিস্তৰ ক্ষতিসাধন হৈ আছে৷
মহাসাগৰৰ পানী উত্তপ্ত হোৱা অর্থাৎ গড় তাপমাত্রাতকৈ অধিক বৃদ্ধি পোৱা মানেই কার্বন–ডাই–অক্সাইড শোহন প্রক্রিয়াত বাধা জন্মায়৷ উত্তপ্ত পানীয়ে কার্বন–ডাই–অক্সাইড শোহন কৰিবলৈ সক্ষম নহয়৷ ইয়াৰ অর্থ হৈছে গ্রহটি উত্তপ্ত কৰা গেছ বায়ুমণ্ডলত অধিক বৃদ্ধি পোৱা৷ মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত দ্রুতগতিত বৃদ্ধি পোৱা সেউজগৃহ গেছ বিশেষকৈ কার্বন–ডাই–অক্সাইড সাগৰে শোহন কৰিব নোৱাৰিলে ই বায়ুমণ্ডলত নেতিবাচক প্রভাৱ পেলায়৷ গোলকীয় স্তৰত বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধি পোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আহিছে৷ অকল সেয়াই নহয়, বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ পৰিমাণ বৃদ্ধি পোৱাত গোলকীয় উষ্ণতাৰ তাৰতম্যই হিমবাহ গলন ক্ষিপ্রতৰ হৈ উঠে আৰু ইয়ে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি কৰে৷ উত্তপ্ত সাগৰ আৰু গ্রীষ্ম প্রৱাহে সাগৰীয় প্রাণী বিশেষকৈ মাছ আৰু তিমি মাছৰ চালচলনত ব্যাঘাত জন্মায়৷ ইয়ে মাছ আৰু তিমি মাছৰ বিলুপ্তিত অৰিহণা যোগায়৷ আনপিনে সাগৰীয় প্রাণী বিশেষকৈ চার্ক অধিক আগ্রাসী হৈ পৰে৷ উল্লেখ্য যে ১৯৭৯ চনৰ পৰাই সাগৰীয় উষ্ণতা বৃদ্ধি পাই আহিছে৷ প্রতিবছৰে সাগৰীয় উষ্ণতা গড় অতিক্রম কৰি বৃদ্ধি হৈ আহিছে৷ ২০২৩ চনত পূর্বৰ সকলো অভিলেখ ভংগ কৰি নতুন উষ্ণতাৰ অভিলেখ গঢ়িছে৷ ই মহাসাগৰৰ বাবেই নহয়, পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ বাবেও এক ভয়াৱহতাৰ ইংগিত৷ সাগৰীয় উষ্ণতা বৃদ্ধিৰ তথ্য স্পষ্ট হৈ পৰাৰ পিছতেই বিশ্বৰ বিজ্ঞানীসকলে এই উষ্ণতা নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ বিশ্বৰ দেশসমূহক সকীয়নি দিছে৷ সাগৰীয় উষ্ণতা বৃদ্ধিৰ নেতিবাচক প্রভাৱ শেহতীয়াভাৱে ইউৰোপ, আমেৰিকা, গ্রেট ব্রিটেইনকে ধৰি বিভিন্ন দেশত প্রতিফলিত হৈছে৷ গ্রীষ্ম প্রৱাহে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ বিজ্ঞানীসকলে সময় থাকোঁতেই এই উষ্ণতা নিয়ন্ত্রণৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণৰ সকীয়নি দিছে৷ নহ’লে পৃথিৱীৰ মানৱ জাতিৰ ভৱিষ্যৎ শংকাত পৰিব৷