ছিপাঝাৰ–হাথৰাছ
দৰং জিলাৰ ছিপাঝাৰস্থিত পদুমপুখুৰী হাইস্কুলত কিছুদিন পূর্বে এজন ছাত্রৰ একেখন বিদ্যালয়তে অধ্যয়নৰত শিক্ষার্থীৰ প্রহাৰত মৃত্যু হৈছিল৷ তাৰে দুদিনমান পাছত উত্তৰ প্রদেশৰ হাথৰাছৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এজন কণমানি ছাত্রই প্রাণ হেৰুৱাবলগীয়া হয়৷ দুয়োটা ঘটনাৰ মাজত কোনোধৰণৰ তুলনা কোনো কাৰণতে নহয় বা তুলনা কোনো বিবেকৱান লোকে কৰিবও নোৱাৰে৷ কিন্তু ঘটনা দুটাৰ মাজত মিলো নথকা নহয়৷ এটা ঘটনাত যদিও শিক্ষার্থীৰ প্রহাৰত ছাত্র এজনৰ মৃত্যু ঘটিছিল, সেইটোক একপ্রকাৰ নৰবলি বুলিয়েই ক’ব পাৰি৷ বিদ্যালয় কর্তৃপক্ষ তথা শিক্ষাগুৰুসকলৰ চূডান্ত দায়িত্বজ্ঞানহীনতা আৰু বিদ্যালয়খনৰ অনুশাসনহীনতাৰ বলি হয় নৱম শ্রেণীৰ দুর্ভগীয়া ছাত্রজন৷ হাথৰাছৰ কাণ্ডটো? সেইটো কল্পনাতীত৷ ছিপাঝাৰৰ বিদ্যালয়খনৰ শ্রেণীকোঠাতে সংঘটিত শিহৰণকাৰী ঘটনাটোৱে ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত বিৰাজমান অক্ষমণীয় অনুশাসনহীনতাক উদঙাই দিয়াৰ লগতে প্রতিফলন ঘটালে বিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাক৷ বিদ্যালয় এখনৰ শ্রেণীকোঠাৰ বাহিৰে–ভিতৰে সংঘটিত ঘটনাপ্রৱাহক লৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষ সততে সজাগ হৈ থাকিব লাগে৷ শিক্ষার্থীক শৃংখলাবদ্ধতা আৰু নিয়মানুৱর্তিতাৰ মূল্য আৰু গুৰুত্ব বুজাই দিয়াটো প্রতিগৰাকী শিক্ষাগুৰুৰ নৈতিক দায়িত্ব৷ একেদৰে নীতিশিক্ষাকো পাঠদানৰ অংশ কৰি ল’ব লাগে৷ ইয়াৰ বাবে পাঠ্যক্রম বিচাৰি ফুৰাৰ আৱশ্যক নাথাকে৷ বিদ্যালয় এখনৰ শিক্ষার্থী সমাজখন শিক্ষাগুৰুসকলৰ সন্তানসম৷ সন্তানক জ্ঞানৰ পাঠ দিওঁতে পাঠ্যক্রমত নাথাকিলেও কিছুমান কথাৰ পাঠ দিব পাৰি৷ ইয়ে বিদ্যালয় এখনক বিদ্যাৰ মন্দিৰলৈ উন্নীত কৰে৷ পদুমপুখুৰী হাইস্কুলত সংঘটিত দুর্ভাগ্যজনক ঘটনাটো এদিনৰ ফচল নহয়৷ ইয়াৰ আৰম্ভণি ঘটনাটো সংঘটিত হোৱাৰ দিনাই হোৱা নাছিল৷ বিদ্যালয়খনৰ শিক্ষাগুৰুসকল, কর্তৃপক্ষৰ উদাসীনতাৰ বাবে তাক ৰোধ কৰিব পৰা নগ’ল৷ পুত্রক লৈ চিন্তিত দুর্ভগীয়া পিতৃগৰাকীয়ে ঘটনাৰ আগেয়ে বিদ্যালয় কর্তৃপক্ষৰ কাষ চপা বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে৷ এইটো দায়িত্বজ্ঞানহীনতাৰ চূড়ান্ত প্রকাশ৷ অকল সেয়াই নহয়, ই ক্ষমাৰো অযোগ্য৷ বিদ্যালয় এখনত তেনেধৰণৰ অবাঞ্ছিত ঘটনা ৰোধত অভিভাৱকৰো দায়িত্ব থাকে৷ বিদ্যালয়লৈ পঠিয়াই দিয়াতে নিজৰ দায়িত্ব সীমাবদ্ধ নাৰাখি সন্তানে কি শিকিছে, মাত–কথা, আচৰণত কিবা অস্বাভাৱিক পৰিৱর্তন পৰিস্ফুট হৈছে নেকি, তালৈও সতর্কতাৰে দৃষ্টি দিব লাগে৷ হাইস্কুল বিশেষকৈ অষ্টমমানৰ পৰা দশমমানলৈকে ছাত্র–ছাত্রীয়ে জীৱনৰ এটা বিশেষ সময়ত প্রৱেশ কৰে৷ শাৰীৰিকৰ লগতে মানসিক জগতখন কিছুমান পৰিৱর্তনে চুই যায়৷ জীৱনটো কিবা নতুন নতুন যেন লগা হয়৷ এই সময়ছোৱাত কেতিয়াবা কেতিয়াবা সাধাৰণ কথাও ভয়ংকৰ অপৰাধৰ দিশে গতি কৰে৷ যৌৱন–কৈশোৰৰ আলিদোমোজাত অপৈণত মনটোক বিভ্রান্ত আৰু পথভ্রষ্ট কৰিবলৈ আজিকালি বহু বিষয় হাতৰ মুঠিতে পোৱা যায়৷ হাতে হাতে থকা ম’বাইল ফোনটোৰ জৰিয়তে বিচৰণ কৰা ইণ্টাৰনেটৰ জগতখনে বহু ভাল কথাৰ লগতে উচটনি দিয়ে অপৰাধপ্রৱণতাক৷ অভিভাৱকে এইবোৰ কথাত মন দিব পাৰে৷ হাইস্কুলীয়া জীৱন অতিবাহিত কৰি থকাজনৰ হাতত থকা ম’বাইল ফোনটোক লৈ অভিভাৱক উদাসীন হৈ থকাটোক একপ্রকাৰ দায়িত্বজ্ঞানহীনতা বুলিও ক’ব পাৰি৷ এটা আশাৰ কথা যে পদুমপুখুৰী হাইস্কুলৰ ঘটনাটোৰ পিছত ৰাজ্য চৰকাৰৰো চকু মেল খালে৷ কিছু বছৰ ধৰি পাঠ্যক্রমৰ পৰা আঁতৰাই ৰখা নীতিশিক্ষাক পুনৰ চামিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়ে শিক্ষার্থীৰ চৰিত্র গঠনত ভেটি এটা তৈয়াৰ কৰি দিব৷ লগতে আন এটা লক্ষণীয় পৰিৱর্তন পৰিলক্ষিত হৈছে৷ শ্রেণীকোঠাত প্রৱেশৰ পূর্বে শিক্ষার্থীৰ বেগ তালাচী চলোৱাৰ দিহা কৰা হৈছে৷ অনেকে ইয়াক আদৰণি জনোৱা দেখা গৈছে৷ তেনে দিন এটা নহাহেঁতেন ভাল আছিল৷ শিক্ষা বিভাগে ব্যৱস্থাটো নকৰাহেঁতেন ভাল আছিল৷ কিন্তু পদুমপুখুৰী হাইস্কুলৰ ঘটনাটোৱে দেখুৱাই দিলে যে বিদ্যালয়ত অবাঞ্ছিত ঘটনা ৰোধ কৰিবলৈ তালাচীৰ দৰে ব্যৱস্থা এটাৰো কেতিয়াবা প্রয়োজন হৈ পৰে৷ এইটো দীর্ঘদিনীয়া নহৈ শিক্ষার্থীক এইক্ষেত্রত সজাগ কৰিহে তুলিব লাগে৷ বিদ্যালয়–শিক্ষানুষ্ঠানত কাজিয়া–মাৰপিট কৰিবলৈ নহয়, বিদ্যা অর্জনৰ বাবেহে, কথাটো শিক্ষাগুৰু, অভিভাৱক আদি সকলো পক্ষই শিক্ষার্থীৰ মন–মগজুত ভৰাই দিব পাৰিলে পদুমপুখুৰী হাইস্কুলৰ ঘটনা দুনাই সংঘটিত নহয় বুলি দাবী কৰি ক’ব পৰা যায়৷
পদুমপুখুৰী হাইস্কুলৰ ঘটনাটোৰ দুদিনমান পিছতে উত্তৰ প্রদেশৰ হাথৰাছৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত যিটো ঘটিল, সেইটো অকল্পনীয় আৰু মানৱ সভ্যতাৰ বাবে চৰম উপহাসস্বৰূপ৷ আজিৰ দিনত তেনে ঘটনাৰ কথা ভাবিবই নোৱাৰি৷ পদুমপুখুৰীৰ ঘটনাটোক কোনোধৰণে লঘু নকৰাকৈ ক’ব পাৰি যে হাথৰাছৰ কাণ্ডটো মানৱ সভ্যতাৰ বাবে কাহানিও মচিব নোৱাৰা এটা কলংক হৈ ৰ’ব৷ সমুদ্রতলিৰ পৰা মহাকাশলৈ মানৱ সভ্যতাৰ বিচৰণ আৰু বিকাশৰ সুঠাম দেহটোত হাথৰাছ কাণ্ডটো এটা বিকাৰ হৈ ৰৈ যাব৷ বিদ্যালয় এখনলৈ সমৃদ্ধি–সুনাম আহে বিদ্যার্থী সমাজৰ কৃতিত্বৰে৷ দায়িত্বশীল শিক্ষাগুৰু সমাজখনে মানবিশিষ্ট শিক্ষাৰে তাক অধিক উজলাই তোলে৷ কিন্তু হাথৰাছৰ ডি এল পাব্লিক স্কুলৰ স্বত্বাধিকাৰী, সঞ্চালক, শিক্ষকে বিদ্যালয়খনক জনমানসত প্রতিষ্ঠা কৰাৰ বাবে ল’লে মানৱ সভ্যতাক কলংকিত কৰা জঘন্য পথ এটা৷ বিদ্যালয়খনৰ শিক্ষার্থী এজনক বলি দি সমৃদ্ধি–সুনামৰ কামনা কৰিলে৷ এনে ঘটনা দহ হাজাৰ বছৰ পূর্বেও সভ্যতাৰ কাম নাছিল, আজিও ই চৰম অবাঞ্ছিত৷ পার্থক্য এটাই– আজিৰ পৃথিৱীখনে সেই অন্ধকাৰ যুগক পিছলৈ ঠেলি বহুদূৰ আগুৱাই আহিল৷ এতিয়াৰ পৃথিৱীৰ চিন্তা–চেতনাত নৰবলিৰ দৰে কার্যৰ দূৰ–দূৰণিলৈকে কোনো স্থান নাই৷ হাজাৰ হাজাৰ বছৰ আগেয়ে এৰি থৈ অহা দিনবোৰলৈ মান সভ্যতা আৰু উভতি নাযায়৷ যিসকলে আজিৰ পৃথিৱীখনক তেনে দিনলৈ ওভতাই নিব বিচাৰে, তেনে লোকক আইনে চৰম শাস্তি বিহিব লাগে, যাতে পৃথিৱীৰ প্রগতিৰ চকাটোৰ গতিৰ দিশ সেইধৰণৰ মান্ধাতা যুগৰ অপ্রগতিশীল চিন্তাধাৰাৰে ওলোটামুৱা কৰিব বিচাৰে৷ হাথৰাছত যিসকলে অকল্পনীয়–অবর্ণনীয় ঘটনাটো সংঘটিত কৰিলে, তেওঁলোক শিক্ষাৰ সৈতে প্রত্যক্ষভাৱে জড়িত৷ কোনোাজন শিক্ষাগুৰু, কোনোবাজন বিদ্যালয়খনৰ শৈক্ষিক দিশ পৰিচালনাৰ সৈতে যুক্ত৷ তেনে লোকৰ পৰা মানৱ সম্পদ গঠন বা গঢ়াৰ কথাহে ভাবিব পাৰি৷ তেওঁলোকক ভাবিব পাৰি একবিংশ শতিকাৰ ভাৰতবর্ষৰ মানৱ সম্পদৰ কাৰিকৰ হিচাপে৷ কিন্তু কথাটো হৈ পৰিল সম্পূর্ণ ওলোটা৷ মানৱ সম্পদৰ খনিকৰৰ মহান দায়িত্বত থকা লোককেইজনৰ চিন্তা–চেতনাৰ জগতখন ভয়ানকভাৱে মানৱ সভ্যতাই নাকচ কৰা ভাবধাৰাৰে ৰোগাক্রান্ত৷ লোককেইজনে বিদ্যালয়খনত প্রদান কৰা শিক্ষাৰ মান আৰু স্তৰ সম্পর্কত ৰাজ্যখনৰ চৰকাৰে তদন্ত কৰিব লাগে৷ তাত শিক্ষাদানৰ নামত শিক্ষার্থীৰ কোমল মনত কিধৰণৰ চিন্তা আৰু প্রজ্ঞাৰ বীজ ৰোপণ কৰা হৈছে বা হৈছিল সেয়া নিতান্তই পৰীক্ষা কৰি চাবলগীয়া৷ লগতে আৰু এটা কথালৈ চৰকাৰে মন কৰিব লাগে৷ বর্তমানৰ প্রতিযোগিতাৰ যুগটোৱে অকল শিক্ষার্থীকেই নহয়, শিক্ষানুষ্ঠানসমূহকো কঠিন প্রত্যাহ্বানলৈ ঠেলি দিছে৷ প্রতিযোগিতাৰ মাজত নিজকে প্রতিষ্ঠা কৰিবলৈ আৰু তিষ্ঠি থাকিবলৈ ব্যক্তিগত খণ্ডৰ কোনো বিদ্যালয়ে অনৈতিক পন্থা হাতত লয়৷ গুৰুত্বপূর্ণ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ সৈতে জড়িত হৈ পৰা দেখা যায়৷ অসমতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কাণ্ডৰ সৈতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় জড়িত থকাৰ কথা পূর্বে পোহৰলৈ আহিছিল৷ হাথৰাছৰ কাণ্ডটোও শিক্ষানুষ্ঠানখনক জনমানসত উন্নত আৰু উৎকৃষ্ট হিচাপে প্রতিষ্ঠা কৰাৰ চেষ্টাহে আছিল৷ শিক্ষাৰ জৰিয়তে তাক অর্জনৰ প্রয়াস নচলাই দুৰাচাৰীকেইটাই এটা নিষ্পাপ শিশুৰ জীৱনেৰে প্রাপ্তিৰ অপপ্রয়াস কৰিলে৷ এই অক্ষমণীয় অপৰাধটোৰ বাবে তেওঁলোকক আইনে কঠোৰ শাস্তি বিহিবই লাগিব৷ ইয়াৰ দ্বাৰা মানৱ সভ্যতা কলংকমুক্ত নহ’লেও আগলৈও শিকনি এটা হ’বও পাৰে৷