তাৰকাবিহীন ভাৰতীয় টেষ্ট ক্রিকেট
🔹 তাৰকাবিহীন ভাৰতীয় টেষ্ট ক্রিকেট
তিনিগৰাকী অভিজ্ঞ তাৰকা খেলুৱৈৰ অৱসৰৰ পিছত প্রথমবাৰৰ বাবে টেষ্ট শৃংখলাত অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ প্রায় সমসাময়িকভাৱে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শর্মা, তাৰকা বেটছমেন বিৰাট কোহলি আৰু অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে৷ এই তিনিওগৰাকী তাৰকা অবিহনে ইংলেণ্ডৰ বিপক্ষে দেশখনৰ মাটিত টেষ্ট খেলিব ভাৰতে৷ ইতিমধ্যে ১৮জনীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে৷ দলত অন্তর্ভুক্ত কৰা হৈছে একাধিক নতুন মুখ৷ ভাৰতৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে শুভমন গিলৰ ওপৰত৷ কিন্তু নতুন দল ঘোষণা কৰাৰ সময়তো আলোচনাৰ কেন্দ্রবিন্দুত আছে কোহলি৷ আনকি দল ঘোষণা কৰাৰ সময়তো সাংবাদিকৰ প্রশ্ণৰ মাজত স্থান লাভ কৰিলে এইগৰাকী তাৰকাই৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দিবলৈ গৈ অস্বস্তিত পৰে নির্বাচক অজিত আগৰকাৰ৷ অৱসৰৰ সিদ্ধান্ত কোহলিৰ সম্পূর্ণ ব্যক্তিগত বুলি প্রশ্ণ এৰাই চলাৰ চেষ্টা কৰে মুখ্য নির্বাচকগৰাকীয়ে৷ আগৰকাৰে কয় যে বিৰাটৰ দৰে ক্রিকেটাৰে অৱসৰ গ্রহণ কৰিলে এটি বৃহৎ শূন্য স্থান পূৰণ কৰিবলগীয়া হয়৷ অশ্বিনেও অৱসৰ গ্রহণ কৰিছে৷ তেওঁলোক তিনিওজনে দীর্ঘদিন ধৰি ভাৰতীয় ক্রিকেটলৈ অপৰিসীম অৱদান আগবঢ়াইছে৷ কোহলি সম্পর্কত আগৰকাৰে কয়– তেওঁ খেলপথাৰত নামিলেই ২০০ শতাংশ মনোনিৱেশ কৰে৷ তেওঁৰ সিদ্ধান্তক সন্মান জনোৱা উচিত৷ উল্লেখ্য যে অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হ’ব টেষ্ট শৃংখলা৷ মেচকেইখন অনুষ্ঠিত হ’ব ক্রমে লীডছ, ল’ৰ্ডছ, মানচেষ্টাৰৰ ওল্ড ট্রেফ’ৰ্ড আৰু অভেলত৷ নিশ্চিতভাৱে ইংলেণ্ডৰ বাউন্সী উইকেটত ভাৰতৰ বাবে এই টেষ্ট শৃংখলা অগ্ণিপৰীক্ষা হ’ব৷ কোনো তাৰকা ক্রিকেটাৰ অবিহনেই শৃংখলাটোত অৱতীর্ণ হ’ব ভাৰত৷ উল্লেখ্য যে তাৰকা প্রথা ভাৰতীয় ক্রিকেট সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ সেই কথা অস্বীকাৰ কৰাৰ উপায় নাই৷ আমাৰ দেশত ক্রিকেটক লৈ অব্যাহত থকা উন্মাদনাৰ এইটোৱে অন্যতম কাৰণ৷ মন কৰিবলগীয়া যে যোৱা ৭ মে’ত টেষ্টৰ পৰা অৱসৰ গ্রহণ কৰে অধিনায়ক ৰোহিত শর্মাই৷ সেই আঘাত চম্ভালি উঠাৰ পূর্বেই পুনৰ ভাৰতীয় অনুৰাগীসকললৈ আহে আন এটি দুঃসংবাদ৷ ইয়াৰ পাছতে হঠাৎ টেষ্ট ক্রিকেটক বিদায় জনায় কোহলিয়ে৷ আচলতে ৰোহিতৰ সৈতে একেলগে অৱসৰ গ্রহণ কৰিব বিচাৰিছিল কোহলিয়ে৷ কিন্তু অপাৰেচন সিন্দূৰৰ বাবে সেয়া সম্ভৱ নহ’ল৷ ৭ মে’ৰ সন্ধিয়া ইনষ্টাগ্রামত এটি সৰু বার্তাৰে টেষ্টৰ পৰা অৱসৰ লয় ৰোহিতে৷ ইংলেণ্ড ভ্রমণৰ পৰা বাদ পৰাৰ সম্ভাৱনা থকা বাবেই এই সিদ্ধান্ত লৈছিল হিটমেনে৷
অৱশ্যে এই কথা স্বীকাৰ কৰিবই লাগিব যে টেষ্ট ক্রিকেটত তেওঁৰ অভাৱ পূৰণ কৰা যথেষ্ট কঠিন হ’ব৷ ইয়াৰ পাছতে কোহলিৰ অৱসৰক লৈ আৰম্ভ হৈছিল জল্পনা–কল্পনা৷ ১২ মে’ত অৱসৰৰ সিদ্ধান্ত লয় কোহলিয়ে৷ হয়তো আৰু তিনি–চাৰি বছৰ তেওঁ টেষ্ট ক্রিকেট খেলি যাব পাৰিলেহেঁতেন৷ কিন্তু তেওঁ হঠাৎ টেষ্ট ক্রিকেটক বিদায় জনালে৷ ইয়াৰ লগে লগে অন্ত পৰিল টেষ্ট ক্রিকেটত বিৰাট যুগৰ৷ ১৪ বছৰীয়া বর্ণময় কেৰিয়াৰৰ সমাপ্তি ঘটালে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে৷ অৱসৰৰ পূর্বে তেওঁ নিজৰ সিদ্ধান্ত জনাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডলৈ পত্র প্রেৰণ কৰিছিল৷ ব’র্ডে কোহলিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল যদিও তেওঁ সেই আহ্বান প্রত্যাখ্যান কৰিছিল৷ ইয়াৰ লগে লগে কোহলিক বগা জার্ছী পৰিধান কৰি খেলপথাৰত নমা দেখিবলৈ পোৱা নাযাব৷ মন কৰিবলগীয়া যে ২০২৪ চনৰ টি–২০ বিশ্বকাপ জয় কৰাৰ দিনাই ৰোহিত আৰু কোহলিয়ে ক্রিকেটৰ হ্রস্ব সংস্কৰণটোৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷ ২০১১ চনত টেষ্ট ক্রিকেটত অভিষেক ঘটোৱা বিৰাট কোহলিয়ে ১২৩খন টেষ্ট মেচত ভাৰতক প্রতিনিধিত্ব কৰি গড়ে ৪৬.৮৫ ৰানেৰে সংগ্রহ কৰিছে মুঠ ৯২৩০ ৰান৷ এই ফর্মেটত কোহলিৰ নামত আছে ৩০টা শতক আৰু ৩১টা অর্ধশতক৷ তদুপৰি ২০১৪ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক আছিল কোহলি৷ সফলতাৰ হাৰৰ দিশৰ পৰা চাবলৈ গ’লে কোহলি ভাৰতৰ শ্রেষ্ঠ অধিনায়ক৷ অধিনায়ক হিচাপে কোহলিৰ নেতৃত্বত ভাৰতে ৬৮খন মেচৰ ৪০খনতে জয়লাভ কৰিছিল৷ আনহাতে, ১১খন মেচ অমীমাংসিত হৈ সামৰণি পৰে৷ ভাৰতৰ অন্যতম শ্রেষ্ঠ বেটাৰ হিচাপে টেষ্ট কেৰিয়াৰত দহ হাজাৰ ৰান সম্পূর্ণ কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল কোহলিৰ৷ ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱা কোহলিয়ে তিনি বছৰৰ পাছত দলৰ নেতৃত্ব লাভ কৰিছিল৷ ২০১৮–১৯ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলা বিজয়ৰ সময়ত ভাৰতীয় দলৰ নেতৃত্বত আছিল কোহলি৷ কোহলিৰ অধিনায়কত্বত অজেয় হৈ থাকে ভাৰতীয় দলটো৷ চলিত বর্ষৰ আৰম্ভণিতে অষ্ট্রেলিয়াৰ ছিডনীত অনুষ্ঠিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী আছিল কোহলিৰ কেৰিয়াৰৰ অন্তিমটো টেষ্ট শংখলা৷ ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পিছত ভাৰতৰ হৈ চতুর্থ সর্বাধিক ৰান সংগ্রহকাৰীত পৰিণত হৈছে কোহলি৷ এইগৰাকী তাৰকাৰ অভাৱ ভাৰতীয় ক্রিকেট দলে সহজে পূৰণ কৰা সম্ভৱ নহ’ব৷