পাকলৈ তালিবানৰ প্রত্যাহ্বান
ভয়াৱহ যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে পাকিস্তান আৰু আফগানিস্তানৰ তালিবান সেনাই৷ শেহতীয়াকৈ পাকিস্তানৰ পাকতিয়া প্রদেশৰ কেইবাখনো গাঁৱত পাকিস্তানী বায়ুসেনাই নির্বিচাৰভাৱে বোমাবর্ষণ কৰাৰ ফলত কেইবাটাও শিশু আৰু মহিলাসহ ৪৬গৰাকী লোক নিহত হৈছিল৷ এই ঘটনাত আহত হৈছিল শতাধিক লোক৷ কেইবাখনো গাঁও ধ্বংসস্তূপত পৰিণত হয় এই বোমাবর্ষণৰ ঘটনাত৷ আফগানিস্তানৰ তালিবান প্রশাসনে অভিযোগ কৰা অনুসৰি অতি শীতল মস্তিষ্কৰে পাকিস্তানী বায়ুসেনাই ৱাজিৰিস্তানৰ শৰণার্থী শিবিৰৰ লোকসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লয়৷ মূলতঃ আফগান শৰণার্থীসকলক পাকিস্তানৰ পৰা খেদি পঠিওৱাৰ পিছত তালিবান সন্ত্রাসবাদী বুলি অভিহিত কৰি পাক সেনাই এই লোকসকলৰ ওপৰত সঘনে আক্রমণ চলাই অহা বুলি অভিযোগ কৰিছে আফগান চৰকাৰে৷ অকল সেয়াই নহয়, মাত্র ৪৮ ঘণ্টাৰ ভিতৰতে ১৫সহস্রাধিক তালিবান যোদ্ধাই আহি পাকিস্তানৰ অভ্যন্তৰত আক্রমণ কৰে৷ পৰহি বিয়লি ৪ বজাত আফগান–পাকিস্তান সীমান্তত আক্রমণ চলায় তালিবানে৷ এই আক্রমণৰ ঘটনাত পাকিস্তানী বাহিনীৰ ১৯জন জোৱান নিহত হোৱা বুলি দাবী কৰা হৈছে৷ অকল সেয়াই নহয়, সীমান্তত থকা পাক সেনাৰ দুটা চকী দখল কৰি লৈছে তালিবান যোদ্ধাই৷ তালিবান আৰু পাক সেনাৰ মাজত আৰম্ভ হোৱা এই সংঘর্ষই এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি আফগানিস্তানৰ তালিবানক সহায় কৰি আহিছিল পাকিস্তানে৷ পূর্বে আমেৰিকাসহ পাশ্চাত্যৰ দেশসমূহে অভিযোগ কৰিছিল যে আফগানিস্তানত সাংগঠনিক শক্তি বৃদ্ধিৰ মূলতে তালিবানে পাক সেনাৰ পৰা সহায় লাভ কৰিছে৷ লক্ষণীয়ভাৱে অন্য কেইবাখনো দেশে আফগানিস্তানত তালিবানক বিভিন্ন সময়ত সহায় কৰা বুলি পাক সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছিল৷ অৱশ্যে পাকিস্তান চৰকাৰে সেই অভিযোগ অগ্রাহ্য কৰে৷
গুৰুত্বপূর্ণ বিষয়টো হৈছে যি তালিবানক পাকিস্তানে সহায় কৰিছিল, সেই তালিবানেই পাকিস্তানৰ অভ্যন্তৰতো সাংগঠনিক ভেটি গঢ়ি তোলে৷ এসময়ত পাক তালিবান হৈ পৰে দেশখনৰ চৰকাৰৰ বাবে আশংকাৰ কাৰণ৷ আনকি পাকিস্তানী সেনাৰ বিৰুদ্ধে বিভিন্ন সময়ত মোক্ষম আঘাত হানি আহিছে পাক তালিবানে৷ পেছোৰাৱত থকা সেনা পৰিচালিত বিদ্যালয়ত আক্রমণ চলাই পাক তালিবানে হিংস্রতাৰ নতুন নজিৰ সৃষ্টি কৰিছিল৷ তেতিয়াৰে পৰা তালিবানৰ বিৰুদ্ধে পাকিস্তানে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ ধৰে৷ কিন্তু মেৰি শ্বেলীৰ সেই বিখ্যাত উপন্যাস ‘ফ্রেংকেনষ্টাইন’ৰ মানৱসৃষ্ট সেই দৈত্যৰ দৰে পাকিস্তানে এসময়ত সাৰ–পানী যোগোৱা তালিবানো হৈ পৰিল পাক সেনাৰ বাবে আতংকৰ কাৰণ৷ মানুহে গঢ়ি তোলা ফ্রেংকেনষ্টাইন কেনেদৰে মানুহৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে সেয়া মেৰি শ্বেলীৰ বহু পঠিত উপন্যাস ফ্রেংকেনষ্টাইনে ইতিমধ্যে প্রতিফলন কৰি আহিছে৷ বাস্তৱৰ ঘটনাৰ সৈতে তাৰ যেন হুবহু সাদৃশ্য আছে৷ তাহানি মধ্যপ্রাচ্যত ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে শত্রু শিবিৰক শক্তিশালী কৰিবলৈ আমেৰিকাই কুখ্যাত জেহাদী সংগঠনবোৰক জন্ম দিছিল৷ আনকি লাডেন তথা আল–কায়দাৰ দৰে কুখ্যাত সন্ত্রাসবাদী নেতা তথা নেটৱর্কৰ জন্মৰ ক্ষেত্রত হোৱাইট হাউছে কোটি কোটি ডলাৰ বিনিয়োগ কৰিছিল৷ ইছলামিষ্ট জেহাদীৰ হাতত গতাই দিয়া হৈছিল অত্যাধুনিক মাৰণাস্ত্র৷ কিন্তু এটা সময়ত গৈ সেই লাডেন হৈ পৰিল আমেৰিকাৰেই শত্রু৷ ৯/১১ৰ বিভীষিকাৰ আমেৰিকা সাক্ষী হ’বলগীয়া হ’ল লাডেন আৰু আল–কায়দাৰ বাবে৷ অথচ এই জেহাদ আৰু সন্ত্রাসবাদক মূৰ দাঙি তুলিবলৈ আমেৰিকাই সহায় কৰিছিল৷ এতিয়া একেই ঘটনাৰ প্রতিফলন ঘটিছে পাকিস্তানত৷ এসময়ত আফগানিস্তানত তালিবানক অস্ত্র আৰু ধনেৰে সহায় কৰি দেশখনৰ অভ্যন্তৰত অস্থিৰতা সৃষ্টিত অৰিহণা যোগাইছিল পাক চৰকাৰে৷ এতিয়া সেই তালিবান হৈ পৰিছে পাকিস্তান চৰকাৰৰ বাবে ফ্রেংকেনষ্টাইন৷ এতিয়া সেই দৈত্য ফ্রেংকেনষ্টাইনৰূপী তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল পাক সেনাই৷ ইতিমধ্যে ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে পাকিস্তানী সেনাই৷ শেহতীয়াকৈ তালিবানে যিধৰণে পাক সেনাক প্রত্যাহ্বান জনাইছে, আগন্তুক দিনত ইয়াৰ ভয়াৱহ ফল দেখিবলৈ পোৱা যাব৷