নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক নৈতিকতাৰ শিক্ষা

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহত চৰিত্র পাঠ বিষয়টো অন্তর্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ শেহতীয়াভাৱে অসমৰ কেইবাখনো বিদ্যালয়ত শিক্ষকৰ ওপৰত ছাত্রৰ আক্রমণৰ ঘটনা ঘটাৰ উপৰি সহপাঠীৰ দ্বাৰা হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত ছাত্র–ছাত্রীৰ নৈতিক স্খলনৰ বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ ইয়াৰ পিছতে চৰকাৰে নৱপ্রজন্মৰ মাজত নৈতিক শিক্ষা প্রদানৰ বাবে এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি পাঠ্যপুথিত অন্তর্ভুক্ত কৰা হ’ব এসময়ৰ এখন অতিশয় মূল্যৱান আৰু গুৰুত্বপূর্ণ পুথি৷ যিখন পুথিত আছে শিশু তথা শিক্ষার্থীসকলৰ চৰিত্র গঠনৰ আদিপাঠ৷ নৱপ্রজন্মৰ মাজত দেখা দিয়া অসহিষ্ণুতা আৰু মূল্যবোধৰ অৱক্ষয়ে সমাজৰ সচেতন ব্যক্তিসকলক ভবাই তুলিছে৷ অতি বেছি বস্তুবাদী আৰু কেৰিয়াৰক লৈ অত্যধিক সচেতন হ’ব খোজা মানসিকতাৰ বাবে ল’ৰা–ছোৱালীৰ মাজত আচাৰ–ব্যৱহাৰ, চৰিত্র গঠন আদিত বিৰূপ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ শৈশৱৰ পৰা নৈতিক চৰিত্র গঠনৰ বাবে প্রয়োজনীয় শিক্ষা প্রদানৰ বাবে উপযুক্ত পাঠ্যক্রমো নোহোৱা হৈ পৰাত ছাত্র–ছাত্রীসকলে দিক্ভ্রান্ত হোৱাৰ উপাদানসমূহ বিদ্যমান হৈ পৰিছে৷ উপযুক্ত সময়ত ছাত্র–ছাত্রী তথা শিশুসকলক নৈতিক শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে নিশ্চিতভাৱে এনে ঘটনাবোৰৰ বহু পৰিমাণে অৱসান ঘটিব৷ বিদ্যালয়ৰ পাঠ্যক্রমৰ পৰা চৰিত্র পাঠৰ নিচিনা পুথি আঁতৰাই দিয়াৰ ফলত তেওঁলোকক এই সম্পর্কীয় জ্ঞান প্রদানৰ বাবে নোহোৱা হৈ পৰিছিল প্রয়োজনীয় মাধ্যম৷ ছাত্র–ছাত্রীসকলক চৰিত্র গঠনৰ আদিপাঠ দিবলৈ চৰকাৰে পুনৰ চৰিত্র পাঠ প্রৱর্তন কৰাৰ ব্যৱস্থা গ্রহণ কৰাটো নিঃসন্দেহে প্রশংসাৰ যোগ্য৷
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তত বিশেষকৈ যুৱপ্রজন্মৰ মাজত কিছুমান অনাকাংক্ষিত ঘটনা সংঘটিত হ’লেই ব্যাপকভাৱে চর্চা লাভ কৰে৷ আৰু তেতিয়াই বিদ্যালয়ত চৰিত্র পাঠৰ অন্তর্ভুক্তিৰ বাবে বিভিন্ন পক্ষ সৰৱ হৈ পৰে৷ মন কৰিবলগীয়া যে কেইটামান দশক আগলৈ বিদ্যালয়সমূহৰ পাঠ্যক্রমৰ লাগতিয়াল অংগ আছিল নৈতিক শিক্ষাৰ পুথি চৰিত্র পাঠ৷ এই পুথি অধ্যয়ন কৰিলে ছাত্র–ছাত্রীসকলে মানসিকভাৱে শিক্ষিত হৈ পৰাৰ লগতে সামাজিক ক্ষেত্রতো প্রয়োজনীয় আচৰণসমূহ শিকোৱা হয়৷ এনে আচৰণৰ জৰিয়তে শিক্ষার্থীসকলক বৌদ্ধিক দিশত শক্তিশালী কৰি তুলিবলৈ চৰকাৰে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ সেই অনুসৰি তৃতীয় আৰু ষষ্ঠ শ্রেণীৰ নতুন পাঠ্যপুথি ২০২৪–২৫ শিক্ষাবর্ষৰ পৰা কার্যকৰী হোৱা পাঠ্যক্রমত চৰিত্র পাঠ অন্তর্ভুক্ত হ’ব৷ অৱশ্যে বহু আগতেই এই পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আছিল৷ মানৱ সমাজৰ সামগ্রিক উন্নয়নত শিক্ষাই এক অপৰিহার্য ভূমিকা গ্রহণ কৰি আহিছে৷ অসম যিহেতু সাংস্কৃতিক বৈচিত্র্য, প্রাকৃতিক সৌন্দর্য আৰু ঐতিহাসিক সম্পদেৰে সমৃদ্ধ সেইবাবে আমাৰ ইয়াত নৈতিক শিক্ষাৰ প্রয়োজনো গভীৰ৷ আধুনিক প্রযুক্তিৰ উত্থান আৰু ক্রমবর্ধমান নগৰায়ন আৰু পাৰিবাৰিক কাঠামোৰ পৰিৱর্তন আদিৰ বাবে পৰম্পৰাগত মূল্যবোধৰ পৰিৱর্তন হোৱাটো স্বাভাৱিক৷ কাৰণ এইবোৰে যুৱপ্রজন্মৰ মাজত নৈতিক মূল্যবোধৰ পৰিৱর্তন ঘটাইছে৷ যুৱকসকলৰ মাজত মূল্যবোধৰ চৰিত্র গঠনৰ ব্যৱধানো সৃষ্টি কৰিছে৷ নৈতিক শিক্ষা বুলি ক’লে মূল্যবোধ, নৈতিকতা আৰু চৰিত্র বিকাশৰ শিক্ষাকে বুজা যায়৷ এই শিক্ষাই মানুহৰ সহানুভূতি, দায়িত্ব আৰু আনৰ প্রতি শ্রদ্ধাশীল কৰি তোলাত সহায় কৰে৷ প্রতিগৰাকী শিক্ষার্থীৰ জীৱন প্রত্যাহ্বান, পৰিৱর্তন আৰু বিৱর্তনেৰে পূর্ণ৷ এটি শিশুৱে স্তৰে স্তৰে বিভিন্ন প্রত্যাহ্বানৰ মাজেৰে আগবাঢ়ি পূর্ণবয়স্ক হয়৷ এইক্ষেত্রত শৈশৱৰ পৰাই মূল্যবোধ সম্পর্কে সচেতন হোৱা শিশুৰ চৰিত্র বিকাশত আৰু তেওঁলোকৰ সত্তাৰ ভেটি গঠনত সহায় কৰে৷ মূল্যবোধৰ শিক্ষাই ল’ৰা–ছোৱালীক ভুল আৰু শুদ্ধৰ মাজত পার্থক্য বুজি পাবলৈ শিকায়৷ ফলত নৈতিক শিক্ষাৰে শিক্ষিতসকলে ভুল কাম কৰাৰ পূর্বে হাজাৰবাৰ চিন্তা কৰে৷

You might also like