ভূ–স্বর্গত সন্ত্রাসবাদীৰ বর্বৰতা
পুনৰ সন্ত্রাসবাদীৰ নৰমেধ ভূ–স্বর্গ কাশ্মীৰত৷ এইবাৰ পাক মদতপুষ্ট সন্ত্রাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিলে নিৰীহ পর্যটকক৷ বিভিন্ন সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি তিনি–চাৰিজনীয়া সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীচালনাত কাশ্মীৰৰ পেহেলগামৰ ‘মিনি ছুইজাৰলেণ্ড’ খ্যাত বৈছৰণ ভেলীত মুহূর্ততে ঢলি পৰিল অৱসৰ বিনোদন কটাবলৈ যোৱা পর্যটকসকলৰ দেহ৷ উৰি–পাঠানকোট আৰু পুলৱামাৰ পিছত পেহেলগামৰ এই আক্রমণৰ ঘটনা অতি ভয়াৱহ হিচাপে চিহ্ণিত হৈছে৷ কাশ্মীৰ উপত্যকাক অশান্ত কৰিবলৈ সন্ত্রাসবাদীয়ে এইবাৰ পর্যটনকাৰীক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ এই জঘন্য হত্যাকাণ্ডক তাৎক্ষণিকভাৱে গৰিহণা দিছে বিশ্বৰ বিভিন্ন দেশে৷ লক্ষণীয়ভাৱে এই বর্বৰ আক্রমণৰ পিছতে কাশ্মীৰ উপত্যকাত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ইতিমধ্যে এই হিংস্রতাৰ বলি লোকসকলৰ আত্মীয়ৰ সৈতে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে গৃহমন্ত্রীগৰাকীয়ে৷ ইফালে, দুদিনীয়া ভ্রমণসূচীৰে ছৌদি আৰবলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভ্রমণসূচী চমু কৰি কালি পুৱাৰ ভাগতে উভতি আহিছে দেশলৈ৷ আহিয়েই প্রধানমন্ত্রীগৰাকীয়ে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বিদেশ মন্ত্রী এছ জয়শংকৰ প্রমুখ্যে নেতা তথা শীর্ষ বিষয়ববীয়াসকলৰ সৈতে বিমানবন্দৰতে জৰুৰী বৈঠক আহ্বান কৰে৷ এই আক্রমণৰ ঘটনাৰ লগে লগে সেনাৰ তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে কাশ্মীৰৰ পৰিস্থিতি সন্দর্ভত আলোচনাত মিলিত হৈছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ ইফালে, এনে শিহৰণকাৰী ঘটনাৰ লগে লগে কাশ্মীৰৰ পৰা বিভিন্ন স্থানৰ পর্যটকসকলে নিজ নিজ ঘৰলৈ প্রত্যাৱর্তন কৰিবলৈ লৈছে৷ লক্ষণীয় বিষয়টো হৈছে এই সময়ছোৱাত কাশ্মীৰৰ পর্যটন অর্থনীতি ঠন ধৰি উঠে৷ কিন্তু এইবাৰ পর্যটকসকলৰ ওপৰত সন্ত্রাসবাদীয়ে হিংস্র আক্রমণ চলোৱাৰ লগে লগে সমগ্র উপত্যকাৰ আর্থিক দিশটোলৈ আশংকা নামি আহিছে৷ ইফালে, কেন্দ্রৰ মোদী চৰকাৰে এই নাৰকীয় হত্যালীলাৰ সৈতে জড়িত সন্ত্রাসবাদীক ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছে৷ ইয়াৰ মাজতে বিৰোধী পক্ষই প্রশ্ণ তুলিছে যে কাশ্মীৰ উপত্যকালৈ শান্তি উভতি অহা বুলি কেন্দ্রীয় চৰকাৰে দাবী কৰি থকাৰ সময়তে এনে ভয়ংকৰ হত্যাকাণ্ড সন্ত্রাসবাদীয়ে কেনেদৰে সংঘটিত কৰিবলৈ সক্ষম হ’ল৷ আনকি দেশৰ চোৰাংচোৱা সংস্থাসমূহে কিয় এনে জঘন্য আক্রমণ সংঘটিত হ’ব পাৰে বুলি কিয় পূর্বানুমান কৰিব পৰা নাছিল, তাক লৈও সৰৱ হৈছে বিৰোধী দলবোৰ৷ এনে পৰিস্থিতিৰ মাজতে পুনৰ ভাৰতবিৰোধী কূটাঘাতত পাকিস্তানে সহায় আগবঢ়াই থকা বিষয়টো চর্চালৈ আহিছে৷ যদিও পাকিস্তানে এই হত্যাকাণ্ডক লৈ উদ্বেগ প্রকাশ কৰাৰ লগতে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে, তথাপি এই কূটাঘাতী কাণ্ডত পাকিস্তান জড়িত থকা বুলিয়েই বিভিন্ন মহলে সন্দেহ প্রকাশ কৰিছে৷
পেহেলগামৰ এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ ছায়া সংগঠন টিআৰএফে৷ ‘দ্য ৰেজিণ্টেঞ্চ ফ্রণ্ট’ (টিআৰএফ) নামৰ সংগঠনটো লস্কৰৰ সহযোগী বুলি ইতিমধ্যেই বিভিন্ন তথ্য প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে লস্কৰ–ই–তৈবাৰ মূল আশ্রয়স্থল হৈছে পাকিস্তান৷ গতিকে, এই সংগঠনটোৰ আশ্রয়ৰ ক্ষেত্রত বা বিভিন্ন ধৰণে সংগঠনটোক সহায় কৰাৰ ক্ষেত্রত পাকিস্তানৰ হাত থকা বুলিয়েই ধাৰণা কৰিছে চোৰাংচোৱা সংস্থাসমূহে৷ অর্থাৎ পাকিস্তানে এই হত্যাকাণ্ডত দেশখনৰ হাত নাই বুলি যিমানেই চিঞৰি নাথাকক, বিশ্ববাসীৰ দৃষ্টিত এই জঘন্য হত্যা পাকিস্তানৰ প্রৰোচনাতেই হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকসকলৰ ধর্মৰ পৰিচয় সুধি আক্রমণ কৰিছিল৷ বাছি বাছি হিন্দু লোকসকলক হত্যা কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ অর্থাৎ সন্ত্রাসবাদীৰ কার্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ইছলামিক জেহাদৰ সৈতে জড়িত হৈ আছে এই কুখ্যাত হত্যাকাৰীবোৰ৷ ইয়াৰ উপৰি মাত্র এসপ্তাহ পূর্বে পাকিস্তানৰ সেনা মুৰব্বীয়ে হিন্দুসকলৰ সৈতে পাকিস্তানৰ মাজত থকা স্পষ্ট পার্থক্যক লৈ উচটনিমূলক ভাষণ দিছিল৷ পাক সেনা মুৰব্বীগৰাকীৰ বক্তব্যৰ পিছতে ভাৰতজুৰি সৃষ্টি হৈছিল বিতর্ক৷ এই ঘটনাৰ এসপ্তাহ পিছতে পেহেলগামত পর্যটকসকলক ধর্মৰ পৰিচয় সুধি গুলীচালনা কৰা ঘটনাই ইয়াৰ মাজত যেন এক সম্পর্ক থকা কথাকেই সূচাইছে৷ গতিকে, বিষয়টো পুনৰ চর্চালৈ আহিছে৷ ইফালে, সন্ত্রাসবাদীয়ে পর্যটকসকলক আক্রমণ কৰাৰ সময়ত লগত ব’ডী কেম লৈ আহি সমষ্ট ঘটনাৰ ভিডিঅ’ বনাইছিল বুলি তদন্তকাৰীয়ে দাবী কৰিছে৷ গতিকে, অত্যাধুনিকভাৱে সন্ত্রাসবাদী যে সজ্জিত হৈ আছিল, সেয়া নিশ্চিত হৈছে৷ ইতিমধ্যে চাৰি সন্ত্রাসবাদীক চিনাক্ত কৰি নিৰাপত্তা বাহিনীয়ে ছবি মুকলি কৰি দিছে৷ এনে হিংস্র হত্যাৰ পিছত তাৎক্ষণিকভাৱে কেন্দ্রীয় চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে কি কঠোৰ পদক্ষেপ গ্রহণ কৰিব, সেয়া লক্ষণীয় হ’ব৷