নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ পাশৱিকতা

যুদ্ধ সদায় নৃশংস৷ যুদ্ধৰ ভয়াৱহতাৰ কথা বর্ণনাতীত৷ কিন্তু আধুনিক যুদ্ধত অতি ভয়াৱহভাৱে আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে শিশুসকলক৷ অত্যাধুনিক মাৰণাস্ত্রৰ লক্ষ্য হৈ পৰিছে কেৱল নিৰীহ–নিৰস্ত্র জনতা৷ শেহতীয়াকৈ গাজা ভূখণ্ডত নিৰীহ পেলেষ্টাইনীৰ ওপৰত যি পাশৱিক বোমাবর্ষণ চলি আছে, সেয়া কল্পনাতীত৷ বিশ্বৰ বিভিন্ন দেশৰ মানৱ অধিকাৰ সংস্থাসমূহে এই বর্বৰ যুদ্ধক গৰিহণা দিছে৷ ইজৰাইলে সঘনে বোমা–ক্ষেপণাস্ত্রৰে ধ্বংস কৰি আছে গাজাৰ অসামৰিক লোকৰ বসতি অঞ্চলবোৰ৷ সুদীর্ঘ ৯ মাহ ধৰি চলা যুদ্ধত গাজাত প্রাণ হেৰুৱাইছে হাজাৰ হাজাৰ নিৰীহ লোকে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ যিসকলে যুদ্ধৰ কোনো ভাষা বুজি নাপায়, যিসকলৰ বাবে মাৰণাস্ত্রৰ ব্যৱহাৰ সম্ভৱ নহয়, সেইসকলেই অত্যাধুনিক মাৰণাস্ত্রৰ বলি হ’বলগীয়া হৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই দুবছৰ অতিক্রম কৰি গৈছে৷ এই দুবছৰত কিমান নিৰীহ ইউক্রেইনীয়ে প্রাণ হেৰুৱাবলগীয়া হ’ল, তাৰ প্রকৃত হিচাপ এতিয়াও কোনেও দিব পৰা নাই৷ ইয়াৰ মাজতেই পৰাক্রমী ৰাছিয়াই ইউক্রেইনৰ শিশু হাস্পতালত আক্রমণ কৰা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ বাৰে বাৰে কিয় দানৱীয় যুদ্ধৰ বলি হ’বলগীয়া হৈছে শিশুসকল৷ তাক লৈ বিভিন্ন মহলত উত্থাপন হৈছে প্রশ্ণ৷ কিন্তু কোনে ইয়াৰ উত্তৰ দিব, কোনে এই নাৰকীয় যুদ্ধ বন্ধ কৰিবলৈ তৎপৰতা চলাব৷ ইউক্রেইনৰ সমান্তৰালকৈ গাজাতো চলি আছে একেই পাশৱিক যুদ্ধ৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নিঃশেষ কৰাৰ বাবে ইজৰাইলী সেনাই আৰম্ভ কৰা যুদ্ধৰ বলি হ’বলগীয়া হৈছে গাজাৰ অসংখ্য নিৰীহ লোক৷ আটাইতকৈ পৰিতাপৰ কথাটো হৈছে গাজাৰ হাস্পতাল, শিক্ষানুষ্ঠান তথা ধর্মীয় অনুষ্ঠানক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷ অকল সেয়াই নহয়, দুর্গত পেলেষ্টাইনী লোকসকলৰ আশ্রয় শিবিৰত ইজৰাইলে বাৰে বাৰে ক্ষেপণাস্ত্রৰে আঘাত হানিছে৷ যাৰ ফলত প্রতিদিনে পাইকাৰী হাৰত মৃত্যু হৈছে নিৰীহ লোকৰ৷
শেহতীয়াকৈ দক্ষিণ গাজাত পুনৰ ৰাষ্ট্রসংঘ পৰিচালিত শিক্ষানুষ্ঠান আৰু দুর্গত পেলেষ্টাইনীৰ আশ্রয় শিবিৰত আক্রমণ চলাইছে ইজৰাইলে৷ মাত্র চাৰি দিনৰ ভিতৰত এই আক্রমণত প্রাণ হেৰুৱাবলগীয়া হৈছে ৭০জনতকৈ অধিক নিৰীহ লোকে৷ ইফালে, ইউক্রেইনৰ শিশু হাস্পতালত সংঘটিত আক্রমণত প্রাণ হেৰুৱাইছে ৪১জনতকৈ অধিক লোকে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ অর্থাৎ যুদ্ধৰ অর্থ নুবুজা, সদায় যুদ্ধৰ বিৰুদ্ধে শান্তিৰ পক্ষত থকা নিৰীহ লোকসকল হৈছে দানৱীয় যুদ্ধৰ প্রথম টার্গেট৷ ইয়াক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিশ্বৰ প্রতিখন দেশেই এনে পাশৱিক যুদ্ধক গৰিহণা দিছে৷ ৰাছিয়া আৰু ইজৰাইলক নিৰীহ লোকক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা বাবে আন্তর্জাতিক মানৱাধিকাৰ সংগঠনসমূহে ধিক্কাৰ দি আহিছে৷ আনকি ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এই ভয়াৱহ যুদ্ধ শীঘ্রে বন্ধ কৰাৰ বাবে সকলো পক্ষক তৎপৰতা গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷ কিন্তু কোনো পক্ষই এই যুদ্ধ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা নাই৷ বৰঞ্চ প্রতিদিনে অধিক ভয়াৱহ ৰূপত চলোৱা হৈছে আক্রমণ৷ লক্ষণীয় বিষয়টো হৈছে প্রাচীন যুগৰে পৰা যুদ্ধয়ো কিছু নীতি অনুসৰণ কৰি চলিছিল৷ সদায় অসামৰিক নিৰীহ লোকক ৰক্ষা কৰাটো আছিল যুদ্ধৰ নিয়ম৷ কিন্তু আধুনিক যুদ্ধত অতি হিংস্র ৰূপত নিৰীহ লোকক আক্রমণ কৰা হৈছে৷ যাক লৈ উদ্বিগ্ণ বিশ্বৰ শান্তিকামী জনতা তথা মানৱ অধিকাৰ সংগঠনসমূহ৷ শেহতীয়াকৈ ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ অৱসান ঘটাবলৈ বিভিন্ন মহলে তৎপৰতা চলাইছে৷ সেইদৰে গাজাত হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধৰ অৱসান বিচাৰি বিভিন্ন মহলে শান্তিৰ প্রস্তাৱ আগবঢ়াইছে৷ কিন্তু এই পদক্ষেপবোৰে কোনোধৰণৰ সুফল লাভ কৰা নাই৷ ইজৰাইলে যিদৰে নিজৰ অৱস্থান সলনি কৰা নাই, সেইদৰে ৰাছিয়ায়ো ইউক্রেইনৰ ক্ষেত্রত নিজৰ অৱস্থান সলনি কৰা পৰিলক্ষিত হোৱা নাই৷ পৰিণতিত সাধাৰণ মানুহৰ জীৱনৰ মূল্য অর্থহীন হৈ পৰিছে৷ প্রতিদিনে সাধাৰণ জনতাৰ জীৱন বিপদাপন্ন হৈ পৰিছে যুদ্ধৰ ফলত৷ য’ত শিশু আৰু মহিলাকে ধৰি অতি নিৰীহ লোকসকলক হত্যা কৰা হয়, তেনে যুদ্ধ কেতিয়াও কাৰো কাম্য হ’ব নোৱাৰে৷ এই যুদ্ধ শীঘ্রে বন্ধ নহ’লে বিশ্বত কেতিয়াও শান্তি আৰু সুস্থিৰতা প্রতিষ্ঠা হোৱাটো সম্ভৱ নহয়৷ ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাসমূহে এই ক্ষেত্রত অধিক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷

You might also like