নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট যুদ্ধ

মোদী–৩.০ চৰকাৰৰ বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে৷ এইখন অষ্টাদশ লোকসভাৰো প্রথম অধিৱেশন৷ অধিৱেশনখন ১২ আগষ্টলৈকে চলিব৷ অধিৱেশনত মুঠ ১৬খন বৈঠক অনুষ্ঠিত হ’ব৷ বৈঠককেইখনৰ মাজত ২৩ জুলাইত অনুষ্ঠিত বৈঠকখন অতিকৈ গুৰুত্বপূর্ণ৷ সিদিনাই বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদত বাজেট উত্থাপন কৰিব৷ অধিৱেশনখনক লৈ শাসক আৰু বিৰোধী উভয় পক্ষ ৰণনীতি প্রস্তুত কৰি ইতিমধ্যে সাজু হৈ উঠিছে৷ নিম্ন সদনত এইবাৰ তুলনামূলকভাৱে বিৰোধীৰ সংখ্যা অধিক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনক ইয়ে অলপ চিন্তাত ৰখা যেন দেখা গৈছে৷ বিগত দুটা কার্যকালত চৰকাৰখনে নিম্ন সদনত বিৰোধীৰ বিশেষ প্রত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল৷ বাজেটত কঠিন সিদ্ধান্ত অথবা নির্বাচনী প্রতিশ্রুতি অনুসৰি নীতি তথা আঁচনি হাতত লওঁতে অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷ ৰাজ্যসভাত চৰকাৰখন সংখ্যাগৰিষ্ঠ নাছিল যদিও বিজেডিৰ দৰে দলে সদায়েই চৰকাৰখনক সমর্থন জনাই আহিছিল৷ এইবেলি ওড়িশা বিধানসভা নির্বাচনৰ পৰা দল দুটাৰ মাজত পূর্বৰ মধুৰ সম্পর্কৰ যতি পৰে৷ বিজেডিয়ে চৰকাৰবিৰোধী অৱস্থান গ্রহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ তদুপৰি শেহতীয়াকৈ চাৰিগৰাকী মনোনীত সদস্যৰ কার্যকাল সমাপ্ত হোৱাত উচ্চ সদনত বিজেপিৰ শক্তি ৮৬লৈ হ্রাস পাইছে৷ এনে প্রেক্ষাপটত বাজেট অধিৱেশনতে চৰকাৰখনে পৰিকল্পনা কৰি ৰখা বিধেয়ককেইখন গৃহীত কৰোৱাৰ পথ উজু হৈ থকা নাই বুলি চর্চা চলিছে৷ তদুপৰি শাসক পক্ষৰ ভিতৰতে কিছুমান সমস্যাৰ উকমুকনি দেখা গৈছে৷ সাধাৰণ নির্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত বিধানসভা নির্বাচনত চন্দ্রবাবু নাইডু পুনৰ অন্ধ্রপ্রদেশৰ ক্ষমতালৈ উভতি আহিছে৷ তেওঁ এইবাৰ কেন্দ্রৰ এনডিএ চৰকাৰৰো অন্যতম গুৰুত্বপূর্ণ অংশীদাৰ৷ নিজ প্রদেশত নিজৰ ৰাজনৈতিক প্রতিচ্ছবি উজ্জ্বল কৰাৰ বাবে বাজেট অধিৱেশনখনক তেওঁ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে৷ বিৰোধীৰ আক্রমণাত্মক মনোভাবৰ সময়ত চন্দ্রবাবু নাইডুৰ সৈতে বাজেটক লৈ মতান্তৰলৈ চৰকাৰখন নোযোৱাটোৱেই স্বাভাৱিক৷
টিডিপিৰ নেতাগৰাকীয়ে অন্ধ্রপ্রদেশৰ জনসাধাৰণৰ দাবী প্রদেশখনক বিশেষ ৰাজ্যৰ মর্যাদাপ্রাপ্তিৰ বাট সৰল কৰিবলৈ অথবা প্রদেশখনৰ জনগণক আশ্বস্ত কৰিবলৈ আর্থিক পেকেজৰ দাবী কৰিব পাৰে৷ অন্ধ্রপ্রদেশৰ দাবীটো মানি ল’লে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ পৰাও একেই দাবী আহিব পাৰে৷ ইয়ে এনডিএৰ আন অংশীদাৰ দলকো অনুৰূপ দাবী কৰাত উৎসাহিত কৰাৰ সম্ভাৱনা আছে৷ এইবাৰ লোকসভাত বিৰোধী পক্ষৰ শক্তি যথেষ্ট পৰিমাণে থকাত আৰু চৰকাৰ গঠনৰ ক্ষেত্রত সেই সংখ্যা বৰ বেছি দূৰৈত নথকাত এনডিএত যিকোনো সাধাৰণ অসন্তুষ্টি বা খেলিমেলিৰ সুবিধা বিৰোধী শিবিৰে আদায় কৰিব পাৰে৷ চৰকাৰ গঠনৰ জোখেৰে সেয়া যথেষ্ট নহ’লেওবা তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ নহ’লেও চৰকাৰখনৰ বিৰুদ্ধে মনো বৈজ্ঞানিক যুঁজ এখন আৰম্ভ কৰি দিব৷ ইয়াৰ কু–প্রভাৱ শাসক পক্ষৰ কোটি কোটি সমর্থকৰ মাজত পৰিব৷ এইবাৰৰ সাধাৰণ নির্বাচনৰ এটা বিশেষ পৰিদৃশ্য লক্ষণীয় হৈ পৰিছে৷ বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে মর্চা হিচাপে দুই নতুন মিত্রক লৈ এনডিএক ক্ষমতা লাভৰ বাবে যিমানকেইখন আসন লাগে ততোধিক লাভ কৰিছে৷ অর্থাৎ হেলাৰঙে চৰকাৰ গঠন কৰিব পৰাৰ অৱস্থাত উপনীত হৈছে৷ কিন্তু নিজৰ সপক্ষে নগ’লেও নির্বাচনী ফলাফলক নিজৰ অনুকূলে ব্যৱহাৰ কৰি দেশৰ জনসাধাৰণৰ মাজত একধৰণৰ বিজয়ৰে ধাৰণা এটা শিপাই দিব বিচাৰিছে বিৰোধী শিবিৰে৷ শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যক সামৰি অনুষ্ঠিত ১৩টা লোকসভাৰ উপ–নির্বাচনত বিৰোধীয়ে ১০খন আসন লাভ কৰিছে৷ ইয়ে শিবিৰটোৰ উছাহ আকাশলৈ লৈ গৈছে৷ তদুপৰি চলিত বর্ষটোতে দেশৰ কেইবাখনো গুৰুত্বপূর্ণ ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ উজ্জীৱিত বিৰোধীয়ে বাজেট অধিৱেশনতে তাৰে ভেটি এটা প্রস্তুত কৰি বিচাৰিব পাৰে৷ মুঠতে এইবেলিৰ বাজেট অধিৱেশনখন শাসক পক্ষৰ বাবে সহজ হৈ থকাৰ সম্ভাৱনা কম৷ ইয়াতে স্পষ্ট হ’ব চৰকাৰখনৰ নেতৃত্বৰ বিচক্ষণতা৷

You might also like