নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক বিশ্বযুদ্ধ

কেইবাগৰাকী বিদগ্ধ বাণিজ্যিক পর্যবেক্ষক আৰু অর্থনৈতিক সমীক্ষকে এইটো দশকৰ আৰম্ভণিতে সকীয়নি প্রদান কৰিছিল যে পৰৱর্তী বিশ্বযুদ্ধ হ’ব বাণিজ্যক লৈ৷ সহজ অর্থত ব্যৱসায়িক প্রতিদ্বন্দ্বিতা আৰু ব্যৱসায়িক লাভালাভক লৈ হ’ব বিশ্বযুদ্ধ৷ সেই অর্থনৈতিক পণ্ডিতসকলৰ পূর্বানুমান আৰু সকীয়নি যে সঠিক আছিল, সেয়া যোৱা সপ্তাহত প্রায় প্রমাণিত হৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তেওঁৰ বহুচর্চিত বিদেশী ৰাষ্ট্রৰ আমদানিকৃত সামগ্রীৰ ওপৰত পণ্য শুল্ক ঘোষণাৰ পিছতে বিশ্বজুৰি তীব্র উত্তেজনাৰ সৃষ্টি হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই শুল্ক বোমাৰ আঘাতত ভাৰত–মেক্সিকো–কানাডা আদি দেশ প্রভূত লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে এই দেশবোৰে ট্রাম্পৰ শুল্ক বোমাৰ প্রত্যুত্তৰত নিজাকৈও বোমা নিক্ষেপ কৰিছে আৰু আমেৰিকাৰ সামগ্রীৰ ওপৰত বেছ বুজন পৰিমাণৰ শুল্ক নতুনকৈ নির্ধাৰণ কৰিছে৷ স্বাভাৱিকতে এনে নতুন শুল্ক নির্ধাৰণে আমেৰিকাৰ অর্থনীতিকো ক্ষতিগ্রস্ত কৰিব৷ অৱশ্যেই আমেৰিকাৰ তুলনাত এই দেশবোৰৰ ক্ষতি তথা আর্থিক লোকচানৰ পৰিমাণ প্রভূত পৰিমাণে বেছি হ’ব৷ সৰু সৰু ঔদ্যোগিক প্রতিষ্ঠানৰ বিপৰীতে বৃহৎ প্রতিষ্ঠানবোৰৰ, যিবোৰ প্রতিষ্ঠান আমেৰিকাৰ বজাৰখনৰ ওপৰত যথেষ্ট পৰিমাণে নির্ভৰশীল, সেই প্রতিষ্ঠানসমূহ ট্রাম্পৰ শুল্ক বোমাত প্রায় ধৰাশায়ী হৈ পৰিব (ইতিমধ্যে এনে প্রতিষ্ঠানে সংকটত পৰা দেখা গৈছেই) আৰু এই বৃহৎ লোকচানৰ প্রভাৱ সংশ্লিষ্ট দেশসমূহৰ অর্থনীতিতো পৰিব৷ সৰু সৰু ৰাষ্ট্র যেনে– ভিয়েটনাম, ভেনিজুৱেলা আদি দেশৰ অর্থনৈতিক মেৰুদণ্ডই ভাঙি পৰাৰ উপক্রম হ’ব৷ কিন্তু এই সকলো দেশৰ তুলনাত সবাতোকৈ ক্ষতিগ্রস্ত হ’ব বা হৈছে চীন৷ কেৱল সামৰিক শক্তিৰে নহয়, অর্থনৈতিক সমৃদ্ধিৰেও চীন এতিয়া বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ৷ আমেৰিকাক যদি এই মুহূর্তত কোনো এখন দেশে সামৰিক আৰু অর্থনৈতিক দিশেৰে প্রত্যাহ্বান জনোৱাৰ ক্ষমতা ৰাখে, তেন্তে সেই দেশখনেই হৈছে ৰঙা চীন৷ যোৱা তিনিটা দশকত চীনে অর্থনৈতিকভাৱে অভাৱনীয় সমৃদ্ধি লাভ কৰিছে আৰু জাপান–জার্মানী–অষ্ট্রেলিয়া-গ্ৰেট ব্রিটেইন আৰু আন শক্তিশালী উন্নত দেশক বহুদূৰ পিছ পেলাই অর্থনৈতিকভাৱে ছুপাৰ পাৱাৰ হৈ উঠিছে৷ শক্তিশালী দেশে সামৰিক সহযোগিতাৰে বিভিন্ন দেশৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ বিপৰীতে চীনে বিশ্বৰ বহু সৰু সৰু দেশক ঔদ্যোগিক ক্ষেত্র বিস্তাৰৰ বাবে আর্থিক আৰু প্রযুক্তিগত সহায় আগবঢ়াই ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিছে আৰু সংগোপনে নিখুঁত পৰিকল্পনাৰে বাণিজ্য বিস্তাৰ সম্প্রসাৰিত কৰিছে৷ আফ্রিকাৰ আর্থিকভাৱে বহু দেশত এনে সহযোগিতাৰে চীনে নিজৰ উপস্থিতি শক্তিশালী কৰাৰ সমান্তৰালকৈ ভাৰতীয় উপমহাদেশতো পাকিস্তান, নেপাল, শ্রীলংকা আৰু অতি শেহতীয়াকৈ বাংলাদেশৰ দৰে অর্থনৈতিকভাৱে দুর্বল দেশক আর্থিক সহযোগিতাৰে নিজৰ বাণিজ্যিক বিস্তাৰৰ দখললৈ নিছে৷ বিশ্বৰ অন্যতম শক্তিশালী (সামৰিক আৰু অর্থনৈতিক) দেশ হিচাপে চীনৰ এই অভ্যুত্থানক আমেৰিকাই চোকা নজৰ ৰাখিছে আৰু সেয়ে বিশ্বত একমাত্র শক্তিধৰ দেশ হিচাপে নিজৰ স্থিতি অটুট ৰখাৰ বাবে চীনক অর্থনৈতিকভাৱে বিপদত পেলোৱাৰ অংক কৰিছে৷ সেই অংকৰে অংশ ৰাষ্ট্রপতি ট্রাম্পে চীনৰ ওপৰত নিক্ষেপ কৰা অভাৱনীয় শুল্ক বোমা৷ ট্রাম্পে ৰাষ্ট্রপতিৰ আসনত বহাৰ পিছত আমেৰিকাই যে নতুন শুল্ক নীতি গ্রহণ কৰি কিছু কঠোৰ পদক্ষেপ গ্রহণ কৰিব, সেই বিষয়ে চীন প্রশাসন নিশ্চিত আছিল যদিও ট্রাম্পে একেকোবে ৫৪ শতাংশ প্রতিশুল্ক আৰোপ কৰিব বুলি হয়তো পূর্বানুমান কৰিব পৰা নাছিল৷ ট্রাম্পৰ এই বৃহৎ পৰিমাণৰ প্রতিশুল্কই চীনক আর্থিকভাৱে ভীষণ লোকচানৰ সন্মুখীন কৰাটো নিশ্চিত হৈ পৰাৰ পিছতে চীনত আমেৰিকাৰ বিৰুদ্ধে বৃহৎ অংকৰ প্রতিশুল্ক আৰোপ কৰি কার্যতঃ বাণিজ্যিক যুদ্ধ ঘোষণা কৰি দিছে৷
যোৱা দুটা দিনত দুয়োখন ছুপাৰ পাৱাৰ দেশে পৰস্পৰৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ নিৰিখৰ প্রতিশুল্কই আমেৰিকা আৰু চীনৰ বাণিজ্যিক যুদ্ধক উদ্বেগজনক কৰি তুলিছে৷ ৰাষ্ট্রপতি ট্রাম্পে চীনৰ বিৰুদ্ধে আৰোপ কৰা ৫৪ শতাংশ প্রতিশুল্কৰ প্রত্যুত্তৰত চীনেও আমেৰিকাৰ বিভিন্ন সামগ্রীত ৩৪ শতাংশ প্রতিশুল্ক জাৰি কৰিছে৷ চীনৰ এই যুদ্ধদেহিং অৱস্থানে ৰাষ্ট্রপতি ট্রাম্পক ভীষণ ক্ষুব্ধ কৰি তুলিছে৷ চীনে যদি আৰোপ কৰা প্রতিশুল্ক প্রত্যাহাৰ নকৰে, তেন্তে চীনা সামগ্রীৰ ওপৰত আমেৰিকাই অতিৰিক্ত ৫০ শতাংশ, অর্থাৎ মুঠ ১০৪ শতাংশ প্রতিশুল্ক আৰোপৰ ভাবুকি দিছে৷ কিন্তু ৰাষ্ট্রপতি ট্রাম্পৰ এই হুংকাৰক কেৰেপ কৰা নাই চীনে আৰু ওলোটাই হুমকি দিছে যে আমেৰিকাই যিমান হাৰত শুল্ক আৰোপ কৰে, সমহাৰত চীনেও প্রতিশুল্ক জাৰি কৰিব৷ কোনো কাৰণতে ৰাষ্ট্রপতি ট্রাম্পৰ প্রতিশুল্কত শিৰনত নকৰা চীনৰ এই আপোচহীন স্থিতিয়ে নিশ্চিতভাৱে নিকট ভৱিষ্যতত এই বাণিজ্যিক যুদ্ধ অধিক গভীৰ কৰি তুলিব আৰু এই যুদ্ধ আন দেশলৈও সম্প্রসাৰিত হ’ব৷ ইতিমধ্যে চীনে আমেৰিকাক এৰি আন দেশলৈ বজাৰ সম্প্রসাৰিত কৰাৰ পৰিকল্পনা কৰিছে৷ আশংকা কৰা মতে, অচিৰে চীনৰ সস্তীয়া সামগ্রীয়ে ইউৰোপৰ সৰু সৰু দেশসমূহৰ বজাৰ দখল কৰিব৷ যথেষ্ট কম দামত উপলব্ধ চীনৰ সামগ্রীয়ে সাময়িকভাৱে হ’লেও ইউৰোপৰ ক্রেতাক আকর্ষণ কৰাৰ যথেষ্ট থল আছে আৰু যদি এনে হয়, তেন্তে এয়া এখন পূর্ণাংগ বাণিজ্যিক বিশ্বযুদ্ধৰ সূচনা কৰিব৷ এনে আশংকাই নিশ্চিত কৰিছে যে এই মুহূর্তত কথাবোৰ যিমান সহজ যেন লাগি আছে অথবা সাধাৰণ জনতাক স্পর্শ কৰা যেন লগা নাই, কিন্তু বাস্তৱ ছবিখন যথেষ্ট উদ্বেগপূর্ণ৷ সামৰিক যুদ্ধৰ তুলনাত এই বাণিজ্যিক যুদ্ধ অধিক ঘাতক আৰু প্রাণঘাতী হ’ব৷ বিশ্বজুৰি তীব্র আর্থিক সংকট আৰু মন্দাৱস্থাৰ সৃষ্টি কৰিব আৰু পৰিস্থিতি চম্ভালিব নোৱৰাকৈ অৰাজক হৈ পৰিব৷ সকলোতকৈ ক্ষতিগ্রস্ত হ’ব ভাৰতৰ দৰে উন্নয়নৰ জখলাত বগুৱাবাবলৈ চেষ্টা কৰি থকা দেশসমূহ৷ অনুমান কৰা মতেই পৰৱর্তী দুটা বছৰ অত্যন্ত লক্ষণীয় হ’ব৷

You might also like