নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ উলংগ নৃত্য

সোণাপুৰত জনজাতীয় বেষ্টনীৰ ভূমি অবৈধ বেদখলকাৰীৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ অর্থে শেহতীয়াকৈ চৰকাৰে চলাই থকা উচ্ছেদ অভিযানটোৱে দেশৰ সবাতকৈ পুৰণি ৰাজনৈতিক দল কংগ্রেছক পুনৰ উলংগ কৰিলে৷  দলটো যে তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা এখোজো আঁতৰি নাহে বা নাযায়, সেহটো তর্কাতীতভাৱে সুস্পষ্ট হৈ পৰিল৷ ইতিহাসে কয়, যেতিয়াই সময়ে সঁচা ছবি এখন উদঙাহ দি নাগৰিকত্ব অথবা উদ্দেশ্যক লৈ এটা বিশেষ ধর্মীয় গোষ্ঠীৰ কোনো কোনো অংশ বা একাংশক প্রশ্ণৰ কাঠগড়াত তুলি দিয়ে তেতিয়াই দলটো নির্লজ্জ হৈ পৰে আৰু নীলা শিয়ালৰ দৰে হোৱা দিবলৈ আৰম্ভ কৰি দিয়ে৷  অর্থাৎ আৰম্ভ  হয় দলটোৰ তুষ্টিকৰণৰ ৰাজনীতিৰ উলংগ নৃত্য৷  সোণাপুৰতো কংগ্রেছে নিজকে পুনৰ উলংগ কৰিলে৷  তুষ্টিকৰণৰ ৰাজনীতিৰ সোণৰ টুকুৰাটো খিলঞ্জীয়াৰ বেদনাৰ জুইত তুলি দি উজলাহ তোলাৰ অপচেষ্টা চলালে৷  এই ৰাজনীতিৰ লক্ষ্য আৰু উদ্দেশ্য কি সেয়া দুগ্ধপোষ্য লোকেও বুজিব পাৰে৷ সোণাপুৰত উচ্ছেদ অভিযান চলোৱা হৈছে জনজাতীয় আবেষ্টনীৰ বেদখলীকৃত ভূমি মুক্ত কৰাৰ বাবে৷ যিসকলক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোক জনজাতীয় নহয়৷  ইয়াৰ সৰল অর্থটো হৈছে উচ্ছেদিত বা উচ্ছেদৰ লক্ষ্যত থকা মানুহখিনি সোণাপুৰৰ উচ্ছেদ চলা অঞ্চলটোৰ বৈধ বাসিন্দা নহয় নতুবা সাংবিধানিকভাৱে সেই স্থানত বসবাস কৰাৰ অধিকাৰো নাই৷ অকল সেয়াই নহয়, যিসকল লোকক অভিযানটোত উচ্ছেদ কৰা হৈছে আৰু বেদখলীকৃত ভূমি ত্যাগ কৰিবলৈ প্রশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জাননী প্রদান নাইবা প্রেৰণ কৰা হৈছে, তেওঁলোক ভূমিহীনো নহয়৷  বেছিভাগেই নিকটৱর্তী মৰিগাঁও জিলাৰ পৰা যোৱা৷ কিছু কিছু মানুহ বৰপেটা জিলাৰ পৰা গৈও তাত বসতি স্থাপন কৰিছিল৷  আনকি উত্তৰ অসমৰ ৰৌতা অঞ্চলৰ পৰা যোৱা লোকো তাত আছে৷ জিলা প্রশাসনে ঠাই মুকলি কৰি দিবলৈ দিয়া জাননী লাভ কৰা বহু লোকে উচ্ছেদ অভিযানৰ পূর্বেই নিজৰ নিজৰ ঘৰ ভাঙি পূর্বৰ ঠাইলৈ গুচি গৈছিল৷  তদুপৰি আৰক্ষী তথা প্রশাসনৰ লোকক আক্রমণ কৰা ঘটনাৰ পিছতে জিলা প্রশাসনৰ তৰফৰ পৰা তিনি দিনৰ ভিতৰত ঠাই এৰিবলৈ দিয়া জাননী পোৱা লোকেও সা–সম্পত্তি লৈ পূর্বৰ ঠাহলৈ আঁতৰি যোৱা দেখা গৈছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে উচ্ছেদিত লোকসকল ভূমিহীন নহয়৷ যিহেতুকে তেওঁলোক এটা বিশেষ ধর্মীয় গোষ্ঠীৰ, কংগ্রেছক দ্বিতীয়টো যুক্তিৰ প্রয়োজন নাথাকে৷ আইন–আদালত, সংবিধান, খিলঞ্জীয়াৰ অধিকাৰ–দুর্দশা আদি একোৱেই দলটোৰ বিবেচনালৈ নাহে৷  সকলো অস্থিৰ হৈ পৰে মাথোঁ এটাই চিন্তাত– কিদৰে তেওঁলোকৰ মনৰ মানুহ হৈ থাকিব পাৰি৷ কিন্তু কংগ্রেছৰ এই অস্থিৰতাৰ মূল্য সেইসকলেই ভৰিবলগীয়া হয়৷ কচুতলীত উচ্ছেদ অভিযান প্রথমৰ পৰাই শান্তিপূর্ণভাৱে চলিছিল৷ প্রতিৰোধ আছিল তেনেই সামান্য৷ প্রশাসনৰ লোক আহি চকুৰ সন্মুখতে নিজৰ ঘৰটো ভাঙি পেলাব, দৃশ্যটো বিশেষকৈ মহিলা আৰু শিশুৰ বাবে অসহনীয় হৈ পৰে আৰু উচ্ছেদথলীত আৱেগিক পৰিৱেশ এটা সৃষ্টি হয়েই৷  সেয়া প্রতিৰোধৰ শাৰীত নপৰে৷  চৰকাৰীভাৱে জাননী লাভ কৰা বেছিভাগেই ইতিমধ্যে বুজিও উঠিছিল যে জনজাতীয় বেষ্টনীৰ ভূমিত বসবাস কৰিব পৰাকৈ তেওঁলোক উপযুক্তও নহয়৷  কিছু কিছু লোক আঁতৰিও গৈছিল৷  কিন্তু শান্তিপূর্ণ উচ্ছেদ অভিযানটো শান্তিপূর্ণ হৈ  নাথাকিল৷ সশস্ত্র প্রতিৰোধ গঢ় লৈ উঠিল৷  এয়া স্বাভাৱিক নহয়৷

যিদিনাই সোণাপুৰৰ কচুতলীত অপ্রীতিকৰ পৰিস্থিতি উদ্ভৱ হৈছিল, আৰক্ষী–প্রশাসনৰ দলক হাজাৰ হাজাৰ সশস্ত্র লোকে তিনি ফালৰ পৰা ঘেৰি লৈ আক্রমণ কৰিছিল আৰু উপায়হীন হৈ আৰক্ষীয়ে চলোৱা গুলীত দুজন আক্রমণকাৰী নিহত হৈছিল, সিদিনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অপ্রীতিকৰ ঘটনাটো কংগ্রেছৰ উচটনিৰ ফলশ্রুতি বুলি অভিযোগ কৰিছিল৷  মুখ্যমন্ত্রীগৰাকী ৰাজ্যখনৰ প্রশাসনিক মুৰব্বী৷  তদুপৰি তেওঁ ৰাজ্যখনৰ গৃহ মন্ত্রালয়ৰো দায়িত্বত আছে৷  সাংবিধানিক পদবীত এটাত থকা ব্যক্তি এগৰাকীয়ে কোৱা কথা অথবা অভিযোগৰ ভিত্তি থাকিবই৷  তদুপৰি উচ্ছেদ অভিযানথলীত অপ্রীতিকৰ ঘটনা আৰম্ভ হোৱাৰ কিছু সময় পূর্বে অসম বিধানসভাত বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্রেছ নেতা দেৱব্রত শহকীয়াই উচ্ছেদৰ বিৰোধিতাৰে সংবাদ মাধ্যমৰ লোকক সম্বোধন কৰিছিল৷  মুখ্যমন্ত্রী ড০ শর্মাৰ পর্যবেক্ষণত দেৱব্রত শইকীয়াৰ উচ্ছেদবিৰোধী সংবাদ মেলখনৰ প্রতিপাদ্য বিষয়ো আহিছিল৷ সকলো মিলাই মুখ্যমন্ত্রী ড০ শর্মাই কচুতলীত আৰক্ষী–প্রশাসনৰ লোকৰ ওপৰত চলা সংগঠিত আক্রমণ কংগ্রেছৰ উচটনিত হোৱা বুলি অভিযোগ কৰিছিল৷ মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য অথবা অভিযোগক আৰক্ষী প্রশাসনে আওকাণ নকৰে৷  তদন্ত চলিব নিশ্চয়৷  তদুপৰি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে সোণাপুৰ কাণ্ডৰ আঁৰত তৃতীয় শক্তি জড়িত থকা বুলি প্রকাশ কৰিছে৷  লক্ষণীয় কথাটো হৈছে, সোণাপুৰ অঞ্চলৰ বাসিন্দা ভূমিপুত্রৰ মাজতো অনুৰূপ অনুভৱ প্রতিফলন হৈছে৷ তেওঁলোকৰ মতেও কচুতলীত হিংসাত অৱতীর্ণ হোৱা লোকসকল তৃতীয় পক্ষৰ উচটনিত সংগঠিত হৈছিল৷  সেয়ে হঠাৎ আৰম্ভ হৈছিল সশস্ত্র প্রতিৰোধ৷ হাতে হাতে লাঠী–দা আদি লৈ হাজাৰ হাজাৰ লোক আক্রমণলৈ ওলাই গৈছিল৷ সোণাপুৰ কাণ্ডটো প্রকৃততে কাৰ উচটনিত সংঘটিত হৈছিল, সেয়া এদিন নিশ্চয় পোহৰলৈ আহিব৷ সত্যটোক পোহৰলৈ অনাৰ দায়িত্ব চৰকাৰৰ৷ কিন্তু সোণাপুৰ কাণ্ডক লৈ কংগ্রেছে এতিয়ালৈকে য়ি কৰিলে সেয়া তুষ্টিকৰণৰ ৰাজনীতিৰ নগ্ণ প্রকাশ৷  ৰাজনৈতিক দলটোৰ এটা প্রতিনিধি দল শেহতীয়াকৈ কচুতলীলৈ গৈছিল৷  কচুতলীত জনজাতীয় বেষ্টনীৰ ভূমি বেদখল কৰি থকা সন্দেহজনক লোক আছে৷  তেওঁলোকৰ এটা উমৈহতীয়া ধর্মীয় পৰিচয় আছে৷  ইয়াৰ বিপৰীতে অঞ্চলটোত হাজাৰ হাজাৰ ভূমিপুত্রও৷  ভূমিপুত্রসকলে দীর্ঘদিন ধৰি অঞ্চলটোৰ জনজাতীয় বেষ্টনীৰ ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনাই আহিছে৷  চৰকাৰে অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাত ভূমিপুত্রসকল মুকলিকৈ চৰকাৰৰ পক্ষত অৱস্থান কৰে৷ তেওঁলোকৰো মর্মবেদনা এটা আছে৷  কিন্তু কংগ্রেছৰ প্রতিনিধি দলটোৱে খিলঞ্জীয়া ভূমিপুত্রৰ আৱেগ–অনুভূতিক উপেক্ষা কৰি পোনে পোনে জনজাতীয় বেষ্টনীৰ ভূমি বেদখল কৰি থকা আৰু চৰকাৰে উচ্ছেদ কৰিব বিচৰা লোকসকলৰ কাষলৈহে যাবলৈ ওলাইছিল৷  ভূমিপুত্রৰ প্রবল প্রতিবাদত দলটো উভতি যাবলগীয়া হয়৷ বিশেষ ধর্মীয় গোষ্ঠীটোহে কংগ্রেছৰ যে লক্ষ্য সেইটো স্পষ্ট হৈ পৰিছে৷  এয়া তুষ্টিকৰণৰ ৰাজনীতিৰ নগ্ণ নৃত্যৰ বাহিৰে আন একো নহয়৷  এতিয়া যিসকলে উগ্র প্রতিবাদ অথবা প্রতিৰোধৰ নামত তিনিজন নিজৰ মানুহক হেৰুৱালে, তেওঁলোকে ভবা উচিত যে পৰৱর্তী সময়ত খবৰ ল’বলৈ যোৱা লোকসকলৰ মাজত সেই সর্পডাল আছে নেকি যিয়ে দংশন কৰিছিল৷ ৰাজনীতিত উচটাহ স্বার্থ সিদ্ধি কৰা ৰাজনৈতিক দলৰ অভাৱ নাই৷

 

You might also like