নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধী আৰক্ষী

নলবাৰীৰ ঘগ্রাপাৰ থানাত আবদ্ধ কৰি ২১ জুনৰ নিশা এগৰাকী কিশোৰীৰ ওপৰত চলোৱা যৌন নির্যাতনৰ ঘটনাই লজ্জানত কৰিছে অসম আৰক্ষীক৷ ‘জনহিত–জনসেৱার্থে’ হ’ল অসম আৰক্ষীৰ মূলমন্ত্র৷ ৰাজ্যখনৰ প্রতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্রদান কৰাটো আৰক্ষীৰ মুখ্য দায়িত্ব৷ আৰক্ষীৰ মূলমন্ত্রক এলাগী কৰি ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াকে ধৰি একাংশ আৰক্ষী বিষয়াই এগৰাকী কিশোৰীক যিদৰে নির্যাতন চলালে, তাক লৈ সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সর্বসাধাৰণ ৰাইজে বিপদৰ সময়ত নিজ অঞ্চলৰ থানাখনকে নিৰাপদ স্থান বুলি গণ্য কৰে৷ অন্যায়–বিচাৰ হ’লেই ৰাইজে থানাৰ সহায় লয়৷ কিন্তু ২১ জুনৰ নিশা এগৰাকী অসহায় কিশোৰীক ন্যায় প্রদানৰ বিপৰীতে যিদৰে যৌন নির্যাতন চলোৱা হ’ল, তাৰ দ্বাৰা আৰক্ষীয়ে আইনৰ ৰক্ষক বুলি প্রতিপন্ন কৰিব নোৱাৰে৷ সমাজৰ সাধাৰণ লোকৰ অসহায় অৱস্থাৰ সুযোগ লৈ আৰক্ষীয়ে যে সমাজত অপৰাধৰ ভয়ংকৰ জাল পেলাইছে সেয়া ঘগ্রাপাৰ থানাৰ জঘন্য কাণ্ডই উন্মোচন কৰিছে৷ ঘগ্রাপাৰ থানাত সংঘটিত ঘটনাটো ২৮ জুনত সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পিছত ৰাজ্যজুৰি তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ এনে বর্বৰ কার্যক অসমৰ সর্বশ্রেণীৰ লোকে ধিক্কাৰ দিছে৷ উপায়হীন হৈ আৰক্ষী সঞ্চালকপ্রধানে ২৯ জুনত জৰুৰী তদন্তৰ নির্দেশ দিয়াৰ লগে লগে অন্তর্ধান হৈছে ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া বিমান ৰয়৷ প্রাৰম্ভিক তদন্তৰ ভিত্তিত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে আৰক্ষী বিষয়া বিমান ৰয়ক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ উপৰি থানাখনৰ অন্যান্য বিষয়া–কনিষ্টবলকো জেৰা কৰিছে৷ নিশা থানাত আবদ্ধ কৰি ৰাখি এগৰাকী কিশোৰীক যিদৰে নির্যাতন চলোৱা হ’ল, সেয়া এক সাধাৰণ ঘটনা নহয়৷ কিয়নো, কিশোৰীগৰাকী অপৰাধী নাছিল৷ এটি সাধাৰণ পৰিয়ালৰ কিশোৰী এগৰাকীয়ে আৱেগত গ্রহণ কৰা অপৰিপক্ব সিদ্ধান্তৰ বাবে কিশোৰীগৰাকীক মানসিক শক্তি প্রদান কৰি সাহসেৰে জীৱনটো গঢ়াৰ বাবে আৰক্ষীয়ে সহায় কৰিব লাগিছিল৷ কিন্তু এনে দায়িত্বৰ পৰা আঁতৰি গৈ ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ কিশোৰীগৰাকীৰ ওপৰত জঘন্য নির্যাতনৰ ঘটনা নিশ্চিতভাৱে গুৰুতৰ অপৰাধ৷ আইনৰ ৰক্ষকৰ দায়িত্ব বহন কৰা আৰক্ষী বিষয়াৰ এনে অপৰাধ কোনো কাৰণতে সহ্য কৰা উচিত নহয়৷ কিশোৰীগৰাকীৰ ওপৰত জঘন্য নির্যাতন চলোৱাৰ ঘটনাত ভাৰপ্রাপ্ত বিষয়াগৰাকীক মুখ্য অভিযুক্তৰূপে চিনাক্ত কৰা হৈছে যদিও এই জঘন্য কাণ্ডৰ স’তে থানাখনৰ অন্যান্য আৰক্ষী বিষয়া তথা কনিষ্টবলৰ ভূমিকাক লৈও সন্দেহ ঘনীভূত হৈছে ৷ আনকি এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সময়ত যৌন নিপীড়িত কিশোৰীগৰাকীক মনে মনে থাকিবলৈ থানাখনৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই ধমক দিয়া বুলি বাতৰি প্রচাৰ হৈছে ৷ এগৰাকী নিঃসহায় কিশোৰীৰ ওপৰত চলা এনে অমানৱীয় কাণ্ডৰ সময়ত মহিলা আৰক্ষী বিষয়াগৰাকীৰ ভূমিকা নিশ্চিতভাৱে উদ্বেগজনক৷
অসম আৰক্ষীত অপৰাধৰ ঘটনা নতুন নহয় ৷ আইনৰ ৰক্ষকৰ ভূমিকাত অৱতীর্ণ একাংশ আৰক্ষী বিষয়াই সহজে ধন ঘটাৰ বাবে অপৰাধী চক্রক সুৰক্ষা প্রদান কৰাই নহয়, বিভিন্ন সময়ত অপৰাধজনিত ঘটনাত প্রত্যক্ষভাৱে জড়িত হৈছে ৷ কেইবাকোটি টকা আৰু জব্দকৃত সোণ চুৰিৰ গোচৰত ৰঙাঘৰত সোমোৱা নিপু কলিতা নামৰ আৰক্ষী উপ–পৰিদর্শকজনক্ ৩ জুলাইত চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে৷ যি সময়ত অসম আৰক্ষীয়ে জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে দিন–ৰাতি একাকাৰ কৰি নিৰলস সেৱা আগবঢ়াই আছে, সেই সময়তে বিমান ৰয়ৰ দৰে গুৰু–গোসাঁই নমনা একাংশ আৰক্ষী বিষয়াও আছে, যিসকল বিষয়াই প্রকৃততে আইন ৰক্ষাৰ দায়িত্বক ধন আৰু শক্তি আহৰণৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ অপৰাধজনিত ঘটনাৰ স’তে জড়িত মাথোঁ বিমান ৰয়েই নহয়, অসম আৰক্ষীত কেইবাশ বিষয়া আৰু কনিষ্টবল আছে৷ ইয়াৰ ভিতৰত চুৰি–ডকাইতিৰ দৰে ঘটনাত লিপ্ত আৰক্ষী বিষয়াও আছে৷ কিন্তু অপৰাধজনিত ঘটনাত অভিযুক্ত হোৱাৰ পিছত এখন থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ দায়িত্বত থকা বিমান ৰয়ে যিদৰে পলায়ন কৰিলে, সেয়া কোনো কাৰণতে সাধাৰণ ঘটনা বুলি গণ্য কৰিব নোৱাৰি ৷ দেশৰ প্রচলিত আইনৰ সন্মুখীন হ’বলৈ সাহস নকৰা অভিযুক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আৰক্ষীয়ে নলবাৰী, গোৱালপাৰা আৰু গুৱাহাটীত অভিযান চলাই আছে যদিও কোনো শুংসূত্র উলিয়াব পৰা নাই ৷ ছয় দিন ধৰি থানাৰ ভাৰপ্রাপ্ত বিষয়াজন পলাতক হৈ থকাৰ ঘটনা অসম আৰক্ষীৰ বাবেই লজ্জাজনক৷ অভিযুক্ত বিমান ৰয়ৰ গ্রেপ্তাৰৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰিছে অসম আৰক্ষীৰ ভাবমূর্তি৷ কিয়নো, আদালতৰ মজিয়াত অভিযুক্ত বিমান ৰয়ৰ শাস্তি কি হ’ব, সেয়া এতিয়াই ক’ব নোৱাৰি৷ কিন্তু পলাতক বিমান ৰয়ক শীঘ্রে জালত পেলাব নোৱাৰিলে অসম আৰক্ষীৰ ভূমিকাক লৈও বিভিন্ন প্রশ্ণৰ উদয় হ’ব৷ অসম আৰক্ষীৰ ভাবমূর্তি সর্বসাধাৰণ ৰাইজৰ মাজত বিনষ্ট হোৱাটো অসমৰ বাবে শুভ লক্ষণ নহয়৷ কিয়নো, অসম আৰক্ষীৰ বিৰুদ্ধে যিমানেই অভিযোগ নাথাকক কিয়, সর্বসাধাৰণ ৰাইজৰ বিপদৰ বন্ধু কিন্তু আৰক্ষীয়েই৷ আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস হেৰাই গ’লে সর্বসাধাৰণ ৰাইজ আইনৰ সুৰক্ষাৰ পৰাও বঞ্চিত হোৱাৰ আশংকা আছে৷ সেয়ে অসম আৰক্ষীত বিৰাজমান অপৰাধী চক্রটোক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে গুৰুত্ব আৰোপ কৰা উচিত৷ এইক্ষেত্রত বিমান ৰয়ৰ দৰে অন্যান্য অপৰাধী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও তৎকালীন কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণৰ জৰিয়তে অসম আৰক্ষীক নিকাকৰণত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে দৃষ্টান্ত দাঙি ধৰা উচিত ৷

You might also like