দুগ্ধ বিপ্লৱ
সমগ্র দেশতে গাখীৰৰ চাহিদা অপৰিসীম৷ প্রতিদিনে ব্যৱহাৰ কৰা খাদ্য সামগ্রীসমূহৰ ভিতৰত অন্যতম পুষ্টিকৰ খাদ্যবিধেই হৈছে গাখীৰ৷ সেইবাবেই দেশজুৰি গাখীৰৰ চাহিদা সর্বাধিক৷ বিগত শতিকাৰ ’৫০ৰ দশকতে আৰম্ভ হোৱা দুগ্ধ বিপ্লৱে সমগ্র ভাৰতত এক জোৱাৰ আনিবলৈ সক্ষম হৈছে৷ অসমতো গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে বর্তমানৰ চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যত দুগ্ধজাত সামগ্রীৰ বিপ্লৱ ঘটোৱাৰ লক্ষ্যৰে এটি ব্যাপক কৌশলৰ বিষয়ে ইতিমধ্যে প্রচেষ্টা হাতত লৈছে৷ সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত দুগ্ধ প্রক্রিয়াকৰণ ইউনিট স্থাপনৰ পৰিকল্পনা গ্রহণ কৰিছে৷ ইয়াৰ জৰিয়তে ১০ লক্ষ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এইদৰে গাখীৰ উৎপাদন কৰিব পাৰিলে অসমত গাখীৰৰ চাহিদা বহু পৰিমাণে পূৰণ কৰিব পৰা যাব আৰু গো–পালকসকলো লাভৱান্বিত হ’ব৷ মন কৰিবলগীয়া যে এটা সময়ত সমগ্র দেশতে গাখীৰৰ উৎপাদন একেবাৰে কম আছিল৷ ১৯৭০ চনত সেই সমস্যা সমাধানৰ বাবে দেশত ‘অপাৰেচন ফ্লাড’ আৰম্ভ কৰে ড০ ভার্গিছ কুৰিয়েনে৷ ইয়াৰ লক্ষ্য আছিল ভাৰতবর্ষত গাখীৰৰ উৎপাদন দ্রুতগতিত বৃদ্ধি কৰা৷ তেওঁৰ প্রচেষ্টাতে ১৯৯৮ চনত বিশ্বৰ সর্বাধিক গাখীৰ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হয় ভাৰত৷ ভাৰতত ড০ ভার্গিছৰ এই অৱদানক স্মৰণ কৰাৰ বাবে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৬ নৱেম্বৰৰ দিনটো দেশত ৰাষ্ট্রীয় দুগ্ধ দিৱস ৰূপে পালন কৰাৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে ১৯২১ চনৰ ২৬ নৱেম্বৰত কেৰালাৰ ক’জিকোডত ভার্গিছ কুৰিয়েনৰ জন্ম হৈছিল৷ ১৯৪০ চনত চেন্নাইৰ লয়োলা কলেজৰ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰাৰ পিছত চেন্নাইৰ জি চি ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইঞ্জিনীয়াৰিঙত ডিগ্রী লাভ কৰে৷ পৰৱর্তী সময়ত তেওঁ মিছিগান ষ্টেট ইউনিভার্ছিটীৰ পৰা ইম্পেৰিয়েল ইনষ্টিটিউট অৱ এনিলেন হাজবেন্দ্রি এণ্ড ডেইৰী, বেংগালুৰুত বিশেষ প্রশিক্ষণ গ্রহণৰ পিছত ডেইৰী ইঞ্জিনীয়াৰিং অধ্যয়নৰ বাবে ইংৰাজশাসিত ভাৰত চৰকাৰৰ পৰা বৃত্তি লাভ কৰে৷ ১৯৪৮ চনত কুৰিয়েনে আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহে আৰু ১৯৫০ চনত কয়ৰা জিলা দুগ্ধ উৎপাদক সমবায় সংঘত মহাপ্রবন্ধক হিচাপে যোগদান কৰে৷ কুৰিয়েনে এই পদত যোগদান কৰাৰ পিছত ভাৰতত দুগ্ধ সমবায় আন্দোলনে লাভ কৰে নতুন গতি৷ ইয়াৰ মাজতে ১৯৬৫ চনৰ ১৬ জুলাইত ভাৰতত ৰাষ্ট্রীয় দুগ্ধ উৎপাদন ব’ৰ্ড প্রতিষ্ঠিত হয়৷ এই ব’ৰ্ডৰো অধ্যক্ষ পদত আছিল কুৰিয়েন৷ ১৯৬৫ চনৰ পৰা ১৯৯৮ চনপর্যন্ত ড০ ভার্গিছ এই পদত অধিষ্ঠিত হৈছিল৷
অসমত সম্প্রতি দুগ্ধ বিপ্লৱৰ প্রয়োজন হৈছে৷ কিয়নো অসমৰ প্রায় সকলো গ্রামাঞ্চল গছ–গছনি তথা বন–জংঘলেৰে ভৰি আছে৷ তদুপৰি ইয়াত খেতিপথাৰো যথেষ্ট আছে৷ অসমত যিহেতু এতিয়া বহুজাতিক কোম্পানীসমূহে আশা কৰাধৰণে উদ্যোগ স্থাপন কৰা নাই, সেইবাবে ইয়াত গো–পালন তথা দুগ্ধ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট সুযোগ আছে৷ অসমৰ প্রায় প্রতিটো পৰিয়ালে গৰু পোহে আৰু কম–বেছি পৰিমাণে গাখীৰ উৎপাদন কৰে৷ ইতিমধ্যে বহুকেইখন জিলাত ব্যৱসায়িকভাৱে গো–পালন কৰি কৃতকার্যতা লাভ কৰাও পৰিলক্ষিত হৈছে৷ এতিয়াও অসমত অধিকাংশ গো–পালকেই নেপালী আৰু অসমীয়া যুৱক–যুৱতী অতি কমসংখ্যকহে এই ব্যৱসায়ৰ সৈতে জড়িত৷ অসমীয়া যুৱক–যুৱতীসকলে গো–পালন তথা দুগ্ধ ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিলে নিশ্চিতভাৱে নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হ’ব আৰু তেওঁলোক স্বাৱলম্বী হ’ব৷ থলুৱাভাৱে উৎপাদিত গাখীৰেৰে পূৰবী, সীতাজখলা, সুধা আদি গাখীৰ উদ্যোগে প্রাণ প্রতিষ্ঠা লাভ কৰিছে৷ আনকি আমূলৰ দৰে বৃহৎ উদ্যোগেও অসমত আশাপ্রদ ব্যৱসায় চলাই আছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– সমগ্র দেশতে গাখীৰৰ চাহিদা দিনে দিনে বাঢ়িব ধৰিছে৷ এক সমীক্ষা অনুসৰি আগন্তুক ১০ বছৰত ভাৰতত দুগ্ধ উৎপাদন বছৰি বর্তমানৰ ১৯৮.৪ মিলিয়ন টনৰ বিপৰীতে ৩৩০ মিলিয়ন টনলৈ বৃদ্ধি পাব৷ সমগ্র বিশ্বৰ ভিতৰতে আমাৰ দেশ গাখীৰ উৎপাদনৰ ক্ষেত্রত আদর্শৰূপে পৰিগণিত হৈছে৷ অসম চৰকাৰে শেহতীয়াভাৱে গ্রহণ কৰা আঁচনিসমূহ সম্পূর্ণৰূপে কৃতকার্য হ’লে দুগ্ধ উৎপাদনৰ লগত জড়িত উদ্যোগৰ যোগেদি নিশ্চিতভাৱে অসমৰ অর্থনীতি টনকিয়াল হ’ব৷