নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতি কৰা মানুহৰ পোছাক–প্রসাধন

নির্বাচন অহাৰ লগে লগে ৰাজনৈতিক ব্যস্ততাৰ তীব্রতা বাঢ়ে আৰু ৰাইজৰ সন্মুখলৈ ভালেমান নতুন নতুন ৰাজনৈতিক মুখ ওলাই আহে৷ ছাত্র এগৰাকী ছাত্রনেতা হৈ থাকোঁতে তেওঁৰ দেহভংগিমা, পোছাক–পৰিচ্ছদ আদিৰ লগত ৰাইজ যেনেদৰে পৰিচিত হৈ থাকে, এটা ৰাজনৈতিক দলৰ নেতাৰ ৰূপত সেই একে ৰূপতে মানুহে তেওঁক আস্থাৰে গ্রহণ কৰিব পাৰিবনে? ৰাজনৈতিক নেতা এজনৰ সাজ–পোছাক, চেহেৰা আদিয়ে ভোটাৰক প্রভাৱিত কৰিব পাৰে নে নোৱাৰে, সেই বিষয়ে আলোচনাৰ অন্ত নাই৷ কিন্তু সাধাৰণভাৱে সকলোৱে বিশ্বাস কৰে যে বিশ্বাসযোগ্য পৰিচ্ছন্ন চেহেৰা আৰু পৰিপাটি কাপোৰ–কানিয়ে এটা ভাল ধাৰণাৰ সৃষ্টি কৰাত সহায় কৰে৷ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি মমতা বেনার্জী, অৰবিন্দ কেজৰিৱাল, শৰৎ চন্দ্র সিংহ, অখিল গগৈ আদিৰ পোছাক আৰু বেশভূষাৰ সৰলতাই ইয়াৰ প্রমাণ৷ নেতাৰ চেহেৰাৰ সৌন্দর্যই তেওঁক ভোট লাভত সহায় কৰিব পাৰে নে নাই, এই বিষয়ে আলোচনা হোৱাই নহয়, গৱেষণাও হৈছে৷ কেলিফ’র্নিয়া ইনষ্টিটিউট অৱ টেকন’লজীয়ে ২০১০ চনত এদল গৱেষকক দায়িত্ব দি এই বিষয়ৰ গৱেষণা এটা কৰাইছিল আৰু ছয়ত্রিশযোৰা ৰাজনৈতিক নেতাৰ ফটোৰ মাজৰ পৰা পছন্দৰ গৰাকী নির্বাচন কৰিবলৈ দিয়া হৈছিল৷ শেষত দেখা গৈছিল যে ৰাইজে চেহেৰা–বেশভূষাৰ দিশৰ পৰা পছন্দ কৰাকেইজনৰ অধিকাংশই নির্বাচনত পৰাজিত হৈছিল৷ এয়া বিদেশৰ উদাহৰণ৷ ভাৰতৰ দৰে ৰাষ্ট্র এখনত এই তথ্য কিমান দূৰ সত্য বুলি প্রমাণিত হ’ব, তাত সন্দেহ আছে৷ এইখন দেশত মহাত্মা গান্ধীৰ দৰে সাধাৰণ চেহেৰা–বেশভূষাৰ নেতাৰ সমান্তৰালভাৱে জৱাহৰলাল–জিন্নাৰ দৰে চৌখিন নেতাও জনপ্রিয় আছিল, ৰাজীৱ গান্ধী–শশী থাৰুৰৰ দৰে চৌখিন নেতাৰ সমানে হুকুমদেউ নাৰায়ণ যাদৱৰ দৰে অতি সাধাৰণ পোছাক আৰু চেহেৰাৰ নেতাও সমানেই জনপ্রিয়৷ কথা হ’ল, এই নেতাসকল নিজৰ কাম অথবা ভাগ্যৰ দ্বাৰা একোটা স্থানত বহি লৈছে আৰু তাৰ পিছতহে তেওঁলোকৰ কথা চর্চালৈ আহিছে৷ ৰাজীৱ গান্ধী প্রথমেই প্রধানমন্ত্রীৰ চকীত বহিছিল, সেই সময়ত তেওঁৰ বাবে ৰাইজৰ আছিল সদ্যমাতৃহাৰা হোৱা এজনৰ প্রতি থকা স্বাভাৱিক আৱেগ৷ ইয়াত চেহেৰাৰ পৰিৱর্তে আৱেগে অধিক কাম কৰিছিল৷ এই কথাটোও চাব লাগিব যে সেই সময়ত ভিজুৱেল মিডিয়াৰ ইমান প্রকোপ নাছিল৷ কিন্তু কালক্রমত ভিজুৱেল মিডিয়াৰ প্রসাৰ আৰু প্রভাৱ বাঢ়ি যোৱাৰ লগে লগে মানুহৰ দৃশ্যৰূপটোৰ প্রভাৱ অধিক শক্তিশালী হৈ আহিল৷
এতিয়া অকল টিভিয়েই নহয়, ফেচবুক–ইনষ্টাগ্রাম দৰে সামাজিক মাধ্যমেও জনমানসত প্রভাৱ সৃষ্টি কৰিব পৰা হৈছে৷ অকল লিখিত শব্দই নহয়, তাত প্রচাৰ কৰা ছবি বা ফটোৰো সমানেই প্রভাৱ৷ এতিয়া কুৰি বছৰ পূর্বৰ গৱেষণাৰ লগত পৰিৱর্তিত সময়, সমাজ আৰু মনস্তত্ত্বৰ কথা সংযোগ কৰাৰ প্রয়োজন হ’ব৷ অসমৰ পৰিপ্রেক্ষিতত চালে দেখা যায় যে ৰাজনৈতিক নেতাবোৰে নিজৰ সাজ–পোছাক অথবা বেশভূষাত বিশেষ গুৰুত্ব দিয়া নাছিল বা কথাটো সিমান ভবা নাছিল৷ ছাত্রনেতাৰ পৰা ৰাজনৈতিক নেতা হোৱা প্রফুল্ল কুমাৰ মহন্ত অথবা ভৃগু ফুকন অথবা শিক্ষকৰ পৰা ৰাজনৈতিক নেতা হোৱা নগেন শইকীয়া বা পৰাগ চলিহায়ো নিজৰ চেহেৰাৰ কোনো পৰিৱর্তন কৰাৰ কথা ভবা নাছিল অথবা পৰিৱর্তন কৰাৰ চেষ্টা কৰা নাছিল৷ সেই চেহেৰাবোৰক ৰাইজে গ্রহণ কৰিছিল৷ কিন্তু ছ’চিয়েল মিডিয়াই জনমত গঠন কৰা এতিয়াৰ কথা পৃথক৷ ৰাজনৈতিক নেতাৰ শেহতীয়া সংযোজন অখিল গগৈয়ে কিন্তু দীর্ঘদিনৰ প্রস্তুতিৰে নিজৰ এটা স্বকীয় ৰূপ নির্মাণ কৰি লৈছে আৰু সেই ৰূপ সর্বসাধাৰণ লোকৰ বাবে ওচৰৰ ৰূপ৷ এই চেহেৰা নির্মাণৰ নেপথ্যত মমতা বেনাজ্ৰ প্রভাৱ থকা বুলি ভবাৰ স্থল ৰৈ যায়, কাৰণ দুয়োৰে ইমেজ নির্মাণ পদ্ধতি একেই৷ এতিয়া ৰাজনীতিৰ পৰা প্রায় আঁতৰত ৰৈ যোৱা প্রদ্যুৎ বৰাই পৰিকল্পিত পদ্ধতিৰে নিজৰ ভাবমূর্তি নির্মাণৰ চেষ্টা চলাইছিল আৰু তেওঁৰ পূর্ব পৰিচয় নথকা বাবে সেই ভাবমূর্তি নির্মাণ প্রায় সহজ কাম আছিল৷ কিন্তু একেই কথাটো এটা প্রত্যাহ্বানৰ দৰে হৈ উঠিছে লুৰিণজ্যোতি গগৈৰ বাবে৷ ছাত্রনেতা হিচাপে তেওঁৰ যি চেহেৰা আৰু বেশভূষা আছিল, এটা ৰাজনৈতিক দলৰ প্রধান হিচাপে সেই একেই চেহেৰাই ৰাইজৰ মনত প্রভাৱ পেলাব পাৰিবনে? ছাত্র সন্থাত থাকোঁতে তেওঁৰ মূৰৰ ওপৰত আছিল সমুজ্জ্বল ভট্টাচার্য নামৰ প্রভাৱী ছাতিটো, কিন্তু এতিয়া সেই অৱস্থা নাই৷ এমুখ অযত্নপালিত দাঢ়িৰে প্রায় মলিয়ন চেহেৰাৰ মুখমণ্ডলেৰে তেওঁ ৰাইজৰ মনত কিমান প্রভাৱ বিস্তাৰ কৰিব পাৰিব, তাত সন্দেহৰ অৱকাশ ৰৈ যায়৷ প্রসংগত হিন্দী চিনেমাৰ উদাহৰণ টানি আনিব পাৰি৷ আয়ুষ্মান খুৰানা নামৰ অভিনেতাগৰাকীয়ে এখন ছবিত এমুখ অযত্নপালিত দাঢ়িৰে অভিনয় কৰিছিল আৰু সেই চেহেৰাৰ বাবেই দর্শকে তেওঁক গ্রহণ কৰা নাছিল৷ কিন্তু তুলনামূলকভাৱে পৰিচ্ছন্ন চেহেৰাৰ ছবিয়ে অধিক দর্শকক সন্তুষ্ট কৰিব পাৰিছে৷ ভাৰতীয় পৰিৱেশ্য কলাত অযত্নপালিত দাঢ়ি ভৰা মুখ জীৱন যুদ্ধত পৰাজিত মানুহৰ ছবি৷ সাধাৰণ মানুহৰ মনৰ পৰা এই ধাৰণা কিমান আঁতৰ হৈছে, তাক কোৱাটো বৰ কঠিন৷

You might also like