নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিবন্ধত আঘাত টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰাহুল

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ছিডনী টেষ্টলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা লোকেশ ৰাহুল আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হৈছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এক বিবৃতিযোগে   এই কথা প্রকাশ কৰিছে৷ নেটত বেটিঙৰ সময়ত তাৰকা বেটছমেনগৰাকীয়ে বাঁওহাতৰ মণিবন্ধত আঘাতৰ সন্মুখীন হোৱা বুলি ব’র্ডে জানিবলৈ দিছে৷ সম্পূর্ণৰূপে সুস্থ হ’বলৈ ৰাহুলক অতি কমেও তিনি সপ্তাহৰ প্রয়োজন হ’ব৷ বুধবাৰে তেওঁ দেশলৈ উভতি আহি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তোলাৰ প্রক্রিয়া আৰম্ভ কৰিব৷

উল্লেখ্য যে ৩৬খন টেষ্টত পাঁচটা শতক আৰু ১১টা অর্ধশতকসহ মুঠ ২০০৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা ৰাহুলে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্টত মূল একাদশত স্থান পোৱাৰ পূর্ণ সম্ভাৱনা আছিল৷ দুর্বল ফর্মত ভুগি থকা হনুমা বিহাৰীৰ স্থানত ৰাহুলক মিডল অর্ডাৰত স্থান দিবলৈ ভাৰতীয় দলীয় মেনেজমেণ্টে পৰিকল্পনা ৰচিছিল৷

You might also like