নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ দ্বৈত স্থিতি

যুদ্ধভূমি গাজাত ৰক্তপাতৰ অৱসানৰ সকলো সম্ভাৱনাৰ অন্ত পৰিল৷ যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত আগবঢ়োৱা হৈছিল প্রস্তাৱ৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে নিজাববীয়াকৈ এই যুদ্ধবিৰতিৰ উদ্যোগ লৈছিল৷ গাজাত ইজৰাইলী সেনাই চলাই থকা নৰমেধৰ অৱসান ঘটাবলৈ যুদ্ধবিৰতি জৰুৰী হৈ পৰিছে৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নিঃশেষ কৰাৰ নামত গাজাত নির্বিচাৰভাৱে ইজৰাইলে বোমাবর্ষণ কৰিছে৷ প্রতিদিনে শ শ লোক নিহত হৈছে যুদ্ধভূমি গাজাত৷ নিহত লোকসকলৰ অধিকসংখ্যকেই শিশু আৰু মহিলা৷ পেলেষ্টাইনী সূত্রই সদৰী কৰা অনুসৰি, ইজৰাইলে গাজাত চলোৱা ৰক্তপাতৰ ফলত ১৭ সহস্রাধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকল সম্পূর্ণৰূপে নিৰস্ত্র আছিল বুলি দাবী কৰা হৈছে৷ প্রতিদিনে চলি থকা এই নৰসংহাৰৰ বাবে সমগ্র বিশ্বই দাবী জনাই আহিছে যে গাজাত যুদ্ধবিৰতি পালন কৰিব লাগে৷ ইজৰাইল আৰু হামাছৰ মাজত তাৎক্ষণিকভাৱে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হ’ব লাগে৷ আনকি আমেৰিকা, ভাৰত, চীনসহ প্রতিখন দেশে গাজাৰ ৰক্তপাতক লৈ উদ্বেগ প্রকাশ কৰি আহিছে৷ ইয়াৰ মাজতে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে ইজৰাইল আৰু হামাছৰ মাজত শীঘ্রে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হ’ব লাগে বুলি এক প্রস্তাৱ আগবঢ়ায় নিৰাপত্তা পৰিষদক৷ ৰাষ্ট্রসংঘৰ জৰুৰীকালীন অনুসূচী হিচাপে চিহ্ণিত আর্টিকেল ৯৯ ব্যৱহাৰ কৰি নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰে গুটেৰেছে৷ এই বৈঠকতে যুদ্ধবিৰতিৰ প্রস্তাৱ দাখিল কৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)য়ে৷ ১৫ সদস্যৰ নিৰাপত্তা পৰিষদত এই প্রস্তাৱৰ সপক্ষে ১৩খন দেশে ভোটদান কৰে যদিও ভোটদানৰ পৰা বিৰত থাকে ব্রিটেইন৷ ইফালে, এই প্রস্তাৱত প্রতিৰোধ লগায় আমেৰিকাই৷ আমেৰিকাই যুদ্ধবিৰতিৰ প্রস্তাৱত ভেটো প্রয়োগ কৰাৰ লগে লগে দেশখনৰ দ্বিচাৰিতা পুনৰ উন্মোচন হৈছে৷ স্থায়ী সদস্য দেশ হিচাপে আমেৰিকাই যুদ্ধবিৰতিৰ প্রস্তাৱত ভেটো প্রয়োগ কৰাৰ লগে লগে এই প্রস্তাৱ নাকচ হৈছে৷ লক্ষণীয়ভাৱে আমেৰিকা, ৰাছিয়া, ব্রিটেইন, ফ্রান্স আৰু চীন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য যদিও আমেৰিকা আৰু ব্রিটেইন এই সমগ্র বিষয়টোত সন্দেহজনক ভূমিকা পালন কৰে৷
ভেটো প্রয়োগৰ পক্ষত ৱাশ্বিংটনৰ যুক্তি হৈছে যে এই প্রস্তাৱে যুদ্ধক্ষেত্রৰ পৰিস্থিতি কোনো কাৰণতে সলনি নকৰে৷ আমেৰিকাৰ মতে এই যুদ্ধবিৰতিৰ প্রচেষ্টা অর্থহীন৷ কিন্তু গাজাত প্রতিদিনে নিৰীহ লোক নিহত হৈ থকা বিষয়টোতো উদ্বেগ প্রকাশ কৰিছে আমেৰিকাই৷ এই উদ্বেগ যুক্তিহীন বুলি চিহ্ণিত হৈছে৷ কাৰণ যুদ্ধবিৰতিৰ প্রস্তাৱৰ সপক্ষত সমগ্র বিশ্ব থকাৰ পিছতো আমেৰিকাই এই প্রস্তাৱত প্রতিৰোধ লগাইছে৷ গতিকে পেলেষ্টাইনী ভূখণ্ডত ইজৰাইলৰ হিংস্র আক্রমণক কৌশলেৰে সমর্থন কৰি আহিছে হোৱাইট হাউছ প্রশাসনে৷ ৰাষ্ট্রসংঘত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ৰবার্ট উডে কয় যে ইজৰাইল আৰু পেলেষ্টাইনত শান্তি প্রতিষ্ঠা হ’ব লাগে বুলি হোৱাইট হাউছ প্রশাসনে দাবী কৰি আহিছে৷ কিন্তু এতিয়াই যুদ্ধবিৰতিৰ পক্ষত নাই আমেৰিকা৷ তেনে সংঘর্ষবিৰতিয়ে পৰৱর্তী যুদ্ধৰ বীজ ৰোপণ কৰিব বুলি উডে ঘোষণা কৰে৷ দীর্ঘম্যাদী শান্তি স্থাপনৰ কোনো ইচ্ছা হামাছৰ নাই বুলিও আমেৰিকাই ঘোষণা কৰে৷ যুদ্ধবিৰতিৰ সুযোগ কামত লগাই হামাছে পুনৰ শক্তি বৃদ্ধি কৰিব বুলি যুক্তি দর্শাইছে মার্কিন কূটনীতিকগৰাকীয়ে৷ কিন্তু যুদ্ধবিৰতি নহ’লে পেলেষ্টাইনত ৰক্তপ্লাৱন কেনেদৰে বন্ধ কৰিব সেই প্রশ্ণৰ উত্তৰ দিব পৰা নাই আমেৰিকাই৷ ৰাষ্ট্রসংঘই বাৰে বাৰে উল্লেখ কৰি আহিছে যে পেলেষ্টাইনৰ স্বাধীনতাৰ প্রসংগক অগ্রাধিকাৰ দি শান্তি প্রতিষ্ঠাৰ পথ বিচাৰিব লাগিব৷ কিন্তু দ্বিৰাষ্ট্রৰ ধাৰণাটোক বাৰে বাৰে অগ্রাহ্য কৰি আহিছে হোৱাইট হাউছে৷ এনে পৰিস্থিতিত গাজা হৈ পৰিছে এতিয়া নিৰীহৰ বধ্যভূমি৷ প্রতি মুহূর্ততে ঢলি পৰিছে নিষ্পাপ শিশুৰ দেহ৷ ইজৰাইলী বোমা আৰু ক্ষেপণাস্ত্রৰ আঘাতত বাৰে বাৰে থানবান হৈছে গাজা ভূখণ্ডত থকা নিৰীহ পেলেষ্টাইনীৰ বাসগৃহ৷ আনকি ৰাষ্ট্রসংঘৰ আশ্রয়গৃহসমূহতো ইজৰাইলে বোমাবর্ষণ কৰিছে৷ সাৰি যোৱা নাই হাস্পতাল তথা বিদ্যালয়সমূহ৷ গতিকে গাজাত ইজৰাইলী বোমাবর্ষণৰ পৰা ৰক্ষা পাবলৈ আশ্রয়স্থলী বিচাৰি পোৱা নাই নিৰীহ লোকসকলে৷ এনে এক ভয়াৱহ পৰিস্থিতি সত্ত্বেও আমেৰিকাই কি যুক্তিত এতিয়াই যুদ্ধবিৰতিৰ প্রয়োজন নাই বুলি ক’ব পাৰিছে সেয়া আশ্চর্যৰ বিষয়৷ আচলতে ইজৰাইলৰ জৰিয়তে পেলেষ্টাইনীসকলক নিঃচিহ্ণ কৰি পেলোৱাৰ বাবে আমেৰিকাই কৌশলপূর্ণ অৱস্থান গ্রহণ কৰিছে৷ ইয়াৰ ফলত সমগ্র মধ্যপ্রাচ্যৰ পৰিস্থিতি অধিক অশান্ত হৈ পৰিব বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে৷

You might also like