ভোগালীৰ উছাহ
ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে সমগ্র ৰাজ্যখনত৷ অসমীয়াৰ প্রাণৰ উৎসৱ ভোগালী বিহুৰ বাবে ইতিমধ্যে গাঁও–ভূঁই সকলোতে আৰম্ভ হৈছে উৎসৱৰ পৰিৱেশ৷ আজি উৰুকা৷ উৰুকাৰ ভোজ–ভাতৰ বাবে ইতিমধ্যে অসমীয়া সমাজত চলিছে পূর্ণ প্রস্তুতি৷ অসমীয়া কৃষক–গঞা আছিল বিহুৰ স্রষ্টা৷ বিহু বুলিয়েই নহয়, সকলো উৎসৱৰ স্রষ্টা গাঁৱৰ শ্রমজীৱী জনতা৷ ভোগালী বিহুও কৃষি উৎসৱ৷ পথাৰৰ পৰা ধান চপাই আজৰি হয় অসমৰ কৃষক সমাজ৷ তেতিয়াই এক মুক্ত মন আৰু উৎসৱৰ চিন্তাই সকলোকে আলোড়িত কৰে৷ তেনে সময়তে আহি পৰে শীতৰ মৌসনা সন্ধিক্ষণত মাঘ বিহু৷ এই মাঘ বিহুৱেই ভোগেৰে উপচাই দিয়ে জাতিটোক৷ ভোগালীক আদৰাৰ পূর্বে অর্থাৎ মাঘ বিহুৰ এদিন পূর্বে নিশা উৰুকাত সমূহীয়া ভোজ–ভাত খোৱাটো এক দীর্ঘদিনীয়া পৰম্পৰা৷ ইয়াৰ সৈতে জড়িত হৈ আছে অসমীয়া সমাজৰ ঐক্যৰ বার্তা৷ পথাৰত ভোজ–ভাত খোৱাৰ লগতে মেজি সাজি বিহুৰ পুৱা মেজিৰ জুইত উম লোৱাটো ভোগালী বিহুৰ মূল বৈশিষ্ট্য৷ মেজি–ভেলাঘৰ সাজি ভোজ–ভাত খোৱা এই উৎসৱৰ আনন্দ অসমীয়া সমাজৰ বাহিৰে অন্য জাতি–জনগোষ্ঠীৰ মাজত বিৰল বুলি ক’ব পাৰি৷ গতিকে ভোগালী বিহু আৰু উৰুকা অসমীয়াৰ প্রাণৰ উৎসৱ৷ কিন্তু উৎসৱৰ সেই পূর্বৰ পৰম্পৰা আজিও বর্তি আছে নে নাই, তাক লৈ বিভিন্ন মহলে উদ্বেগ প্রকাশ কৰি আহিছে৷ মূল কথাটো হৈছে, বর্তমান সময়ত সকলো উৎসৱেই হৈ পৰিছে পণ্য৷ উৎসৱৰ বজাৰমুখী এক যাত্রা যেন আৰম্ভ হৈছে পূর্বৰে পৰা৷ গম নোপোৱাকৈয়ে গাঁৱৰ ভোগালীয়ে আহি নগৰৰ চাহিদা পূৰণ কৰিবলৈ লৈছে৷ ভোগালীক লৈ এতিয়া গঢ়ি উঠিছে বিভিন্ন বজাৰ তথা মেলা৷ ই উৎসৱবিধক ব্যাপক মাত্রা প্রদান কৰিছে যদিও ইয়াত নিহিত হৈ থকা প্রকৃত বার্তা যেন ক্রমাৎ ম্লান হৈ পৰিছে৷ কৃষক–গঞাই পূর্বতে যেনেদৰে ভোগালীক আদৰিছিল, সেই উৎসাহ যেন এতিয়া ক্রমাৎ নোহোৱা হৈ পৰিছে৷ ইয়াৰ মূল কাৰণ হৈছে গাঁৱৰ সাধাৰণ জনতাও এতিয়া কৃষিৰ পৰা ক্রমাৎ বিচ্ছিন্ন হৈ পৰিছে৷ চাবলৈ গ’লে প্রকৃত কৃষকৰ হাতত এতিয়া মাটিয়েই নাই৷ পূর্বে গাঁৱৰ প্রতিটো পৰিয়ালেই আছিল কৃষিৰ সৈতে জড়িত৷ সকলোৰে ঘৰত আছিল খেতি–বাতি৷ নদন–বদন খেতি–বাতিৰে সমৃদ্ধ আছিল গঞা ৰাইজ৷ কিন্তু এতিয়া গাঁওবোৰৰ সেই ছবি নাই৷ দুই–তিনি হাল গৰু লৈ খেতি কৰা গাঁৱৰ পৰিয়ালবোৰৰ এতিয়া নিছলা অৱস্থা৷ প্রকৃতার্থত কৃষকে হেৰুৱাবলগীয়া হৈছে নিজৰ খেতিপথাৰ৷ এনে পৰিস্থিতিত কৃষক গঞাৰ প্রাণৰ উৎসৱ ভোগালীয়ে পূর্বৰ বার্তা কঢ়িয়াই লৈ ফুৰিব কেনেকৈ?
তথাপি ভোগালী বা উৰুকাৰ প্রাসংগিকতাক জানো নুই কৰিব পাৰি! ভোগালী বিহু আৰু উৰুকাৰ নিশা পৰিয়ালৰ সকলোৱেই মিলিত হোৱাটো এক পৰম্পৰা৷ সেই পৰম্পৰা এতিয়াও অক্ষত আছে৷ গাঁৱৰ দুখীয়া কৃষকে পূর্বৰ দৰে ভোগৰ উপাদান লৈ উৰুকা আৰু ভোগালীক আদৰিব পৰা নাই যদিও প্রত্যন্ত গাঁৱৰ পৰা দূৰণিত গৈ থকা পৰিয়ালৰ সন্তানে এই উৎসৱৰ আগে আগে ঘৰত আহি উপস্থিত হোৱাটো এক নিয়ম৷ এই পৰম্পৰা আজিও অব্যাহত আছে৷ ইয়াতেই নিহিত হৈ আছে ভোগালী বিহু আৰু উৰুকাৰ তাৎপর্য৷ এনে উৎসৱ নথকা হ’লে হয়তো সমাজত সমূহীয়া ভোজ–ভাত খোৱা, উৎসৱ বুলি সকলোৱে একেলগ হোৱা মুহূর্তবোৰ আহি নপৰিলেহেঁতেন৷ গতিকে অভাৱ–অনাটন সত্ত্বেও সকলোতে উৰুকা আৰু ভোগালী বিহুক আদৰাৰ প্রস্তুতি চলিছে৷ পূর্বৰ দৰে মেজি বা ভেলা ঘৰ সজাৰ সেই উৎসাহ হয়তো কিছু ম্লান পৰিছে৷ কিন্তু অসমীয়া সমাজৰ পৰা ইয়াক কোনো সমস্যাই আঁতৰাই নিব নোৱাৰে৷ উৰুকাৰ পূর্বে দুখীয়া মাছমৰীয়াজনে হয়তো শীতৰ ঠেঁটুৱৈ লগা জাৰত কঁপি কঁপি বিলত ধৰা মাছ চহৰৰ মধ্যবিত্তৰ ভোগৰ চাহিদা পূৰণ কৰিবলৈ বিক্রী কৰিবলগীয়া হৈছে, দুখীয়া কৃষকজনে কষ্টৰে উৎপাদন কৰা জহা–বৰা চাউল হয়তো কেইটামান টকাৰ বিনিময়ত বিক্রী কৰিবলগীয়া হৈছে৷ তথাপি ভোগালী আৰু উৰুকাই সকলোকে দিছে ইয়াৰ আগমনৰ বার্তা৷ দুখীয়া, শ্রমজীৱী জনতাই সাধ্য অনুসৰি উৰুকা আৰু ভোগালীক আদৰিব৷ পূর্বৰ দৰে নানা তৰহৰ লাড়ু–পিঠা বা ভোগৰ সামগ্রী প্রস্তুত কৰিব নোৱাৰিলেও সাধ্য অনুসৰি বিভিন্ন খাদ্য প্রস্তুত কৰিব৷ মূল কথাটো হৈছে, পূর্বৰ দৰে উৎসৱক আদৰাৰ মন এটা থাকিলেও সমস্যাই মানুহক এইক্ষেত্রত কিছু সীমাবদ্ধ হ’বলৈ বাধ্য কৰাইছে৷ তথাপি ভোগালী বিহু আৰু উৰুকাৰ অন্তর্নিহিত তাৎপর্য সদায় অম্লান হৈ আছে আৰু থাকিব৷