অসমৰ বান
অসমৰ বান এটা স্থায়ী সমস্যা আৰু দিনকদিনে এই সমস্যাই সৃষ্টি কৰা সংকটৰ ভাৰ বৃদ্ধি পাই গৈ আছে৷ স্বাধীনতাৰ পিছৰে পৰা এই সমস্যাৰ কথা বিভিন্নজনে আলোচনা কৰিছে, বিভিন্নজনে গৱেষণা কৰিছে, কিন্তু এই সকলোবোৰ চলি থকাৰ পিছতো সমস্যাটোৰ সমাধানৰ বাবে কোনো দিশৰ পৰাই কাম হাতত লোৱা কোনেও দেখা নাই৷ বানৰ সময়ত আমাৰ ইয়াত কেৱল তাৎক্ষণিক ব্যৱস্থা হাতত লোৱা হয়৷ এই ব্যৱস্থাবোৰে কেতিয়াবাহে সামান্য সকাহ দিব পাৰে, বেছিভাগ ক্ষেত্রতে এনে ব্যৱস্থাৰ কথা ভবা হয় বানে অনিষ্ট কৰি যোৱাৰ পিছত৷ এসময়ত প্রাক্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহই কৰা মন্তব্য এটাই সেই সময়ত চৰকাৰী চিন্তাৰ নমুনা প্রকাশ কৰিছিল৷ তেওঁ কৈছিল যে চৰকাৰে বানপানী হোৱা অঞ্চলবোৰত মাটিৰ ওখ ঢিপ নির্মাণ কৰিব, যাতে বানপানীৰ সময়ত মানুহে তাত আশ্রয় ল’ব পাৰে৷ মুখ্যমন্ত্রী এজনে ৰাজ্যৰ সমস্যাক লৈ যেতিয়া এনেধৰণৰ মন্তব্য কৰিব পাৰে, তেতিয়াই বুজা যায় যে সমস্যাটো চৰকাৰে কিমান মনোযোগেৰে গ্রহণ কৰিছিল৷ বানপানী সমস্যা সমাধানৰ বাবে চৰকাৰে গৱেষক–বিজ্ঞানীৰ মতামত শুনি সেইমতে কাম কৰাৰ কথা ভবাৰ সলনি বানপানীৰ সৈতে সহাৱস্থানৰ দিহাহে দিছিল মুখ্যমন্ত্রীগৰাকীয়ে৷ তৰুণ গগৈৰ উপলুঙা আছিল বন্যার্ত মানুহক কৰা অপমানৰ আটাইতকৈ জঘন্য উদাহৰণ৷ বানপানী ক’ত নহয়, আমেৰিকাতো হয়– সেয়াই আছিল এগৰাকী মুখ্যমন্ত্রীয়ে তেওঁৰ ৰাজ্যৰ বানপীড়িত নাগৰিকৰ বাবে প্রকাশ কৰা সহমর্মিতা৷ এই মানসিকতাৰ চৰকাৰে ৰাইজৰ মংগলৰ বাবে কি কৰিব, তাক সমাজে দেখিয়েই আছে৷ অসমৰ বানপানীৰ সমস্যা এদিনতে সমাধান কৰিব পৰা সমস্যা নহয়৷ ইয়াৰ বাবে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী আঁচনি লাগিব, সেই আঁচনিমতে কাম কৰিব লাগিব৷ ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহেও প্রতিশ্রুতি দিছিল যে পাঁচ বছৰৰ ভিতৰতে অসমৰ বানপানীৰ সমস্যা সমাধান কৰা হ’ব৷ কিন্তু বাস্তৱত এই প্রতিশ্রুতি ৰূপায়িত কৰাৰ কোনো লক্ষণ দেখা যোৱা নাই৷
অসমৰ বানপানীৰ মূল হ’ল ব্রহ্মপুত্রৰ পানী আৰু সেই পানী আহে অৰুণাচল, নাগালেণ্ড আৰু মেঘালয়ৰ পৰা৷ ব্রহ্মপুত্রৰ উপনৈ সোৱণশিৰি, লোহিত, দিহাং, দিবাং আদিৰ পৰা পানী আহে প্রায় সত্তৰ শতাংশ আৰু পাহাৰৰ পৰা নামি অহা সেই পানীয়েই ব্রহ্মপুত্রৰ পানীৰ মূল কাৰণ৷ মূল উৎসত যদি পানী নিয়ন্ত্রণ কৰিব পৰা নাযায়, তেনে অৱস্থাত বানপানী নিয়ন্ত্রণ সম্ভৱ নহয়৷ অকল পানীয়েই নহয়, পানীৰ লগতে অহা গেদবোৰো বানপানীৰ অন্যতম কাৰণ৷ এই গেদবোৰে ব্রহ্মপুত্রৰ তলিখন ওপৰলৈ তুলি আনিছে, যাৰ ফল বানপানীৰ প্রকোপ বৃদ্ধি৷ ব্রহ্মপুত্রৰ তলিত বছৰি গোট খোৱা গেদৰ পৰিমাণ প্রায় দুই বিলিয়ন মেট্রিকটন৷ ৰাজ্য চৰকাৰে যিমানেই নকওক কিয়, ব্রহ্মপুত্রৰ সমস্যা সমাধান কৰাটো ৰাজ্য চৰকাৰে বলে পৰা বিষয় নহয়৷ ব্রহ্মপুত্র বিয়পি আছে তিনিখন দেশৰ মাজত৷ ফলত সমস্যাটিয়ে এটা আন্তর্জাতিক চৰিত্র লাভ কৰিছে৷ এই তিনিওখন ৰাষ্ট্রৰ মাজত হোৱা আলোচনা–চুক্তি আদিৰেহে কেন্দ্র চৰকাৰে কামটোত আগবাঢ়িব পাৰিব৷ বিভিন্ন গৱেষণা–প্রকল্পই দিয়া মূল পৰামর্শ হ’ল ব্রহ্মপুত্রৰ বানপানীৰ পৰিমাণ কমাবলৈ উপনৈবোৰৰ পৰা বাগৰি অহা পানীৰ পৰিমাণ কমাব লাগিব আৰু সেই কামৰ বাবে উপনদীবোৰত বান্ধ দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ একাধিক ৰাজ্যৰ আওতাত পৰা এইবোৰ বিষয়ৰ একোটা সমাধান সূত্র কেন্দ্র চৰকাৰেহে নির্ণয় কৰিব পাৰিব৷ এই ক্ষেত্রত ৰাজ্য চৰকাৰৰ কাম হ’ব বান সমস্যা সমাধানৰ বাবে কেন্দ্রক জোৰকৈ হেঁচা দিয়া৷ অসমৰ সাংসদ আৰু মন্ত্রীসকলে এই দিশত আগবাঢ়িব লাগিব আৰু কেন্দ্রৰ নেতৃত্বক আহুকলীয়া পৰিস্থিতিৰ মুখামুখি হ’ব নিদিয়াকৈ এই সমস্যা সমাধানৰ বাবে বাধ্য কৰাব পাৰিব লাগিব৷ অসমৰ বান সমস্যা সমাধানৰ বাবে বিভিন্ন গৱেষক আৰু বিজ্ঞানীৰ বিজ্ঞানসন্মত সমাধান সূত্রৰ অভাৱ নাই৷ অভাৱ মাথোঁ ৰাজনৈতিক সদিচ্ছাৰ৷ কংগ্রেছৰ পূর্বৰ মুখ্যমন্ত্রী দুগৰাকীৰ সদিচ্ছাৰ নমুনাৰ উত্তৰ এতিয়াৰ মুখ্যমন্ত্রীয়ে দিব পাৰিব লাগিব৷ অসমৰ ৰাইজে মুখ্যমন্ত্রীৰ পৰা সেইখিনি আশা কৰে৷