উৰন্ত কফিন
উৰন্ত কফিন
এতিয়া আৰু বিমান যাত্রা লাক্সাৰী পৰিবহণ সেৱা হৈ থকা নাই৷ দূৰণিবটীয়া ভ্রমণৰ বাবে বিমান যাত্রা এতিয়া এক সুলভ যাত্রা৷ যোৱা এটা দশকত ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিমানত ভ্রমণ কৰা যাত্রীৰ সংখ্যা৷ স্বাভাৱিকভাৱেই যাত্রীৰ সংখ্যা যেনেদৰে বৃদ্ধি পাইছে, ঠিক তেনেদৰে যাত্রীৰ চাহিদা পূৰণৰ বাবে বৃদ্ধি পাইছে যাত্রীবাহী বিমানৰ সংখ্যাও৷ এটা সময় আছিল, যেতিয়া দূৰ ভ্রমণৰ বাবে আঢ্যৱন্ত মানুহৰ কাৰণেহে সম্ভৱপৰ আছিল বিমান যাত্রা৷ বিমানৰ টিকটৰ উচ্চ দৰৰ বাবেই ইচ্ছা থাকিলেও সাধাৰণ মানুহৰ বাবে সম্ভৱপৰ নাছিল বিমান যাত্রা৷ এনে স্তৰৰ যাত্রীসকলে বিমানৰ পৰিৱর্তে সহজ আৰু সুলভ ৰে’ল যাত্রাকে প্রথম পছন্দ হিচাপে বাছি লৈছিল৷ কিন্তু যোৱা দহটা বছৰত এই ছবিখন প্রভূত পৰিমাণে সলনি হৈ গৈছে৷ এসময়ৰ ধনী মানুহৰ পৰিবহণ সেৱা হিচাপে গণ্য কৰা বিমানসেৱা এতিয়া সাধাৰণ মানুহৰো পদূলিমুখৰ সেৱা হৈ পৰিছে৷ ৰে’লত দুই–তিনি দিন লগা যাত্রা এটা দুই–তিনি ঘণ্টাতে লক্ষ্যস্থানত উপস্থিত হ’ব পৰাৰ সক্ষমতাৰ বাবেই সাধাৰণ মানুহৰ প্রথম পছন্দ হৈ পৰিছে বিমান সেৱা৷ ভাৰতত বিমান যাত্রীৰ সংখ্যা আৰু বিমান সেৱা প্রতিষ্ঠানৰ সংখ্যা যি দ্রুতহাৰত বৃদ্ধি পাইছে, তাৰ বিপৰীতে কিন্তু বিমান সেৱাৰ মান এতিয়াও উন্নত নোহোৱাৰ অভিযোগ উঠি আহিছে৷ বিশেষকৈ যাত্রীসকলৰ নিৰাপত্তা আৰু আৰামদায়ক ভ্রমণৰ বাবে প্রয়োজনীয় সুবিধা প্রদানৰ ক্ষেত্রত আন বিদেশী বিমান পৰিবহণ সংস্থাসমূহৰ তুলনাত ভাৰতৰ বিমান পৰিবহণ সংস্থাসমূহ এতিয়াও বহু পিছপৰি ৰোৱাৰ অভিযোগ উঠিছে৷ আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ শোকাৱহ দুর্ঘটনাটোৱে আকৌ এবাৰ দেশীয় বিমান পৰিবহণ সংস্থাসমূহৰ নিৰাপত্তাক লৈ বৃহৎ প্রশ্ণৰ সৃষ্টি কৰিছে৷ তিনি শতাধিক লোক নিহত হোৱা ইতিহাসৰে এক অন্যতম ভয়াৱহ এই বিমান দুর্ঘটনাটোৱে ক্রমশঃ ঠন ধৰি উঠিব খোজা ভাৰতৰ বিমান উদ্যোগটোলৈ তুমুল প্রত্যাহ্বান কঢ়িয়াই আনিব৷
যোৱা প্রায় ছটা মাহত ভাৰতত সৰু–বৰ ১৭টা বিমান দুর্ঘটনা সংঘটিত হৈছে৷ এই দুর্ঘটনাসমূহৰ ভিতৰত ৰানৱেৰ পৰা বিমান পিছলি যোৱা, উৰণৰ সময়ত বৃহৎ টার্বুলেন্সৰ সন্মুখীন হোৱা, ভয়াৱহ ধুমুহাৰ মাজত পৰা আদিও আছে৷ অৱশ্যেই এই দুর্ঘটনাসমূহত বিশেষ ক্ষয়-ক্ষতিৰ সন্মুখীন নোহোৱাৰ বাবে এনে দুর্ঘটনাসমূহক লৈ আলোচনা হোৱা দেখা পোৱা নগ’ল৷ বিপৰীতে কালিৰ দুর্ঘটনাটোৱে কেৱল ভাৰতকে নহয়, সমগ্র বিশ্বৰ বিমান পৰিবহণ উদ্যোগকে জোকাৰি গৈছে৷ বিমান পৰিবহণৰ প্রাথমিক চর্তই হৈছে যাত্রীৰ সর্বাধিক সুৰক্ষা নিশ্চিত কৰা৷ আৰু পৰহি এয়াৰ ইণ্ডিয়াৰ ভয়ানক কাৰিকৰী ত্রুটি তথা গাফিলতিৰ বাবেই শোকাৱহ দুর্ঘটনাটো সংঘটিত হোৱাটো নিশ্চিত হৈছে, যাৰ বাবে প্রায় তিনিশ নিৰীহ লোকে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ এই মৃত্যুৱে হাজাৰ স্বপ্ণক সকৰুণভাৱে সমাধিস্থ কৰিছে৷ কোনো মূল্যৰ বিনিময়ত, কোনো ক্ষমা প্রার্থনাৰ বিনিময়ত এই ক্ষতি কাহানিও পূৰণ কৰিব পৰা নাযাব৷ অৱশ্যে প্রকৃততে কি বিসংগতিৰ বাবে এই দুর্ঘটনাটো সংঘটিত হ’ল সেয়া নিশ্চিত কৰাৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ আকস্মিক যান্ত্রিক বিজুতি নে বিমানখনৰ কাৰিকৰী দিশ চোৱাচিতা কৰাত জড়িত কোনো কর্মচাৰীৰ গাফিলতিৰ বাবেই এই ঘটনা ঘটিবলৈ পালে, সেয়া ঠাৱৰ কৰিব পৰা যাব পুংখানুপুংখ তদন্তৰ পিছতহে৷ সাধাৰণতে বিমানৰ সমগ্র মেচিনাৰী ছিষ্টেমটোৱে যথেষ্ট জটিল৷ আৰু সেয়ে বিমান দুর্ঘটনাৰ দৰে এটা জটিল দুর্ঘটনাৰ নিশ্চিত কাৰণ ঠাৱৰ কৰাৰ সিদ্ধান্তত উপনীত হ’বলৈ যথেষ্ট বিশ্লেষণৰ প্রয়োজন হয়৷ সেইবাবে নিয়মমাফিক উৰণ আৰম্ভ কৰা এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানখন মাত্র ৪০ ছেকেণ্ডতে ভূপতিত হৈ ভয়ংকৰ দুর্ঘটনাত সম্পূর্ণৰূপে কি কাৰণে জ্বলি গ’ল সেয়া নিশ্চিত কৰিবলৈ সময়ৰ প্রয়োজন হ’ব৷ যিসকল এই দুর্ঘটনাটোত চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ’ল, তেওঁলোকক আৰু কাহানিও ওভতাই আনিব পৰা নাযাব৷ কিন্তু এই ঘটনাৰ পৰা পোৱা শিক্ষাই ভৱিষ্যতে দেশৰ বিমান পৰিবহণ সংস্থাসমূহক যাত্রীৰ নিৰাপত্তা এশ শতাংশ সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ লোৱাৰ কাৰণে দায়বদ্ধ কৰিব লাগিব৷