কৃত্রিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ
বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জটিল ক্ষেত্রবোৰৰ কথা বাদেই, এতিয়া মানুহৰ দৈনন্দিনত কৃত্রিম বুদ্ধিমত্তাই গভীৰভাৱে প্রৱেশ কৰি জীৱনটোৰ ভালেমান কথা সলনি কৰি দিছে৷ আজি এ আইভিত্তিক প্রযুক্তিসমূহে স্বাস্থ্যসেৱা, শিক্ষা, ব্যৱসায়, বিনোদন আৰু চৰকাৰী প্রশাসনৰ দৰে ক্ষেত্রবোৰত গভীৰ প্রভাৱ বিস্তাৰ কৰিছে৷ উদাহৰণস্বৰূপে, ব্যক্তিগত সহায়কাৰী যেনে ‘চিৰি’, এলেক্সা’, গুগল এছিষ্ট আদিয়ে তথ্য সংগ্রহৰ কামটো ইমান খৰতকীয়াকৈ কৰে যে এইবোৰৰ সহায় লোৱাটো এতিয়া অতি স্বাভাৱিক কাম হৈ পৰিছে৷ এইবোৰ পৰিচালনা কৰিবলৈ অকল কণ্ঠৰ নির্দেশেই যথেষ্ট আৰু ইয়ো এ আইৰ অন্যতম চমকপ্রদ সফলতা৷ শিক্ষাৰ ক্ষেত্রত এ আইভিত্তিক বিভিন্ন প্লেটফর্মসমূহে ব্যক্তিগতকৃত শিক্ষাৰ সুবিধা প্রদান কৰিছে আৰু সেই পদ্ধতিৰে শিক্ষা লাভ কৰাটো এতিয়া এটা স্বাভাৱিক প্রক্রিয়ালৈ ৰূপান্তৰিত হৈছে৷ চিকিৎসাৰ ক্ষেত্রতো এ আই নিয়ন্ত্রিত ভালেমান আহিলাই ৰোগ নির্ণয়ত সহায় কৰি চিকিৎসা ব্যৱস্থাক অধিক গতিশীল কৰি তুলিছে৷ ব্যক্তিগত জীৱনতো এই প্রভাৱ দিনকদিনে বৃদ্ধি পাই গৈ আছে৷ চিনেমা চাব পৰা আৰু গান শুনিব পৰা ষ্ট্রিমিং প্লেটফর্মসমূহে ব্যক্তিগত পছন্দ অনুসৰি ভিডিঅ’ আৰু কণ্টেণ্ট আগবঢ়াই দিয়া কামটোও এ আইৰ দ্বাৰাই পৰিচালিত৷ ইয়াৰ উপৰি ই–কমার্চ কোম্পানীসমূহে এ আইৰ সহায়ত গ্রাহকৰ অভ্যাস বিশ্লেষণ কৰি পছন্দ অনুযায়ী সামগ্রী প্রদর্শন কৰে৷ ভাৰতৰ পৰিপ্রেক্ষিতত বিভিন্ন চৰকাৰী সেৱায়ো এ আইৰ সহায় লৈ সেৱাসমূহক অধিক দক্ষ আৰু স্বচ্ছ কৰি তুলিছে৷ উদাহৰণস্বৰূপে, আধাৰ কার্ড নিয়ন্ত্রণ কৰা প্লেটফর্মে নাগৰিকসকলৰ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰি পৰম্পৰাগত কাগজৰ নথি-পত্র ব্যৱহাৰৰ প্রয়োজনীয়তা কমাই দিছে৷ এইদৰে বিভিন্ন ধৰণে এ আইৰ ব্যৱহাৰে অকল ব্যৱসায়িক ক্ষেত্রতে নহয়, ব্যক্তিগত জীৱনৰ বিভিন্ন কাম–কাজ সম্পাদনত এক নতুন দিশ প্রদান কৰিছে আৰু ইয়াৰ ফলত মানুহৰ দৈনন্দিন জীৱনৰ বহু কাম–কাজ অধিক সুবিধাজনক, দক্ষ আৰু সময় ব্যয় সংকোচনী হৈ পৰিছে৷
আমেৰিকা যুক্তৰাষ্ট্র, চীন আৰু ইউৰোপীয় ইউনিয়নে এ আইৰ বিকাশত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ ভাৰতেও এতিয়া এইক্ষেত্রত গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে আত্মপ্রকাশ কৰিছে৷ কিন্তু ভাৰতৰ দৰে গণতান্ত্রিক দেশ এখনত এ আইৰ ব্যাপক প্রয়োগৰ কথা চিন্তা কৰা সময়তে ব্যক্তিগত তথ্য সংগ্রহ আৰু ব্যৱহাৰৰ ক্ষেত্রত সুৰক্ষা আৰু নৈতিকতাৰ প্রসংগক লৈ বিভিন্ন ধৰণৰ চিন্তা প্রকাশ কৰা হৈছে৷ ইয়াৰ লগতে আন কিছুমান অসুবিধাৰো প্রশ্ণ উত্থাপিত হৈছে৷ ভাৰতৰ দৰে বিশাল দেশ এখনৰ জনসংখ্যাৰ সকলোকে সমানে সামৰি এ আইৰ প্রসাৰ ঘটাবলৈ প্রয়োজন হোৱা বিশেষজ্ঞ আৰু অভিজ্ঞ লোকৰ অভাৱ পূৰণ কৰোঁতে কেইবাবছৰৰো প্রয়োজন হ’ব, যিয়ে এই বিকাশৰ হাৰ বৃদ্ধি কৰাত বাধাৰ সৃষ্টি কৰিব৷ এ আইৰ ব্যৱহাৰৰ বাবে অতি প্রয়োজনীয় দুটি আহিলা হ’ল উচ্চ ক্ষমতাৰ গণনা প্রযুক্তি আৰু শক্তিশালী ইণ্টাৰনেট সংযোগৰ প্রয়োজন৷ ভাৰতত এতিয়াও সকলো ঠাইতে শক্তিশালী ইণ্টাৰনেট সংযোগ আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান, বিশেষকৈ গ্রামাঞ্চলত সৰলভাৱে পোৱা নাযায়৷ আৰু এটা গুৰুত্বপূর্ণ কথা হ’ল, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত ব্যৱহাৰ হোৱা এ আই আহিলাবোৰ অতি ব্যয়বহুল, অর্থনৈতিকভাৱে দুর্বল লোকৰ বাবে এই আহিলাৰ ব্যৱহাৰ খুব সহজ নহ’ব৷ এইবোৰ অসুবিধা থকাৰ পাছতো কৃত্রিম বুদ্ধিমত্তাই গ্রামাঞ্চলৰ ৰোগীসকলৰ বাবে বিশাল সুফল কঢ়িয়াই অনাৰ সুযোগ প্রদান কৰিব৷ দূৰ ঠাইত থকা ৰোগীসকল ডাক্তৰৰ সৈতে ভিডিঅ’ কলযোগে পৰামর্শ লাভ কৰিব পাৰিব৷ তেনেদৰে মাটিৰ গুণাগুণ বিশ্লেষণ, বতৰৰ পূর্বাভাস আৰু শস্য ৰোগ চিনাক্তকৰণত এ আই সহায় হ’ব৷ এ আই আজিৰ প্রজন্মৰ বস্তু৷ এ আইভিত্তিক কামৰ পৰিমাণ দিনকদিনে বাঢ়ি আহিছে আৰু এইক্ষেত্রত অধিক কর্মসংস্থাপনৰ সুবিধা আহি আছে৷ ফলত এ আই–শিক্ষিত ছাত্র–ছাত্রীৰ কর্মসংস্থাপনৰ সুবিধা সহজ হ’ব৷ কিন্তু এই বিষয়ৰ শিক্ষা এতিয়াও বহু খৰচী শিক্ষা হৈয়েই আছে৷ এইটো প্রজন্মক কম খৰচত সম্পূর্ণ এ আই–সাক্ষৰ কৰি তোলাৰ দায়িত্ব চৰকাৰেই গ্রহণ কৰিব লাগিব৷ চৰকাৰে সময়ৰ এই দাবীৰ প্রতি মনোযোগী হোৱা উচিত৷