বিনোদন উদ্যোগৰ ভৱিষ্যৎ
শেহতীয়াভাৱে এখন অসমীয়া চিনেমাই বক্স অফিচত ভাল ফল প্রদর্শন কৰিছে আৰু এই কথাটোৱে বিনোদন উদ্যোগৰ লগত জড়িত লোকসকলৰ মনলৈ উদ্দীপনা বহন কৰি আনিছে৷ যোৱা কেইটামান বছৰত বিগ বাজেটৰ কেইবাখনো ছবিয়ে ভাল ব্যৱসায় কৰিছে বাবে এটা কথা উদ্যোগটোৰ লগত জড়িত মানুহৰ মনত সোমাইছে যে অসমত এতিয়া বিগ বাজেটৰ ছবিৰ দিন চলিছে৷ কথাবোৰ ইমান সহজে সৰলীকৰণ কৰিব পৰা নাযায়৷ চিনেমাৰ বিগ বাজেটৰ পৰিৱেশ সৃষ্টি হোৱা এই সময়তে অসমৰ পেছাদাৰী বিনোদন জগতৰ অন্যতম স্তম্ভ ভ্রাম্যমাণ থিয়েটাৰে ব্যয় সংকোচনৰ কথা ভাবিছে আৰু এই বিষয়ত ঐকমত্য প্রকাশ কৰি তাৰকা অভিনেতাৰ পাৰিশ্রমিকৰ ক্ষেত্রত উচ্চতম সীমা নির্ধাৰণ কৰি দিছে ৷ অসমৰ বিনোদন উদ্যোগ ক্ষেত্রখন সীমিত৷ এটা সময়ত গীতৰ চিডি–কেছেট বিক্রীৰ ভাল ব্যৱসায় আছিল৷ এতিয়া সেই ব্যৱসায় মঞ্চ পৰিৱেশনলৈ পৰিৱর্তিত হৈছে৷ চিনেমাৰ ব্যৱসায় সদায়েই অনিশ্চিত৷ এইবোৰৰ বিপৰীতে ভ্রাম্যমাণ থিয়েটাৰৰ ব্যৱসায় ভালেখিনি স্থিৰ আৰু ই অভিনেতা–অভিনেত্রী আদিক আর্থিক নিৰাপত্তা দিবলৈ সক্ষম হৈছিল৷ কিন্তু শেহতীয়াভাৱে অসমীয়া চিনেমা আৰু ভ্রাম্যমাণ থিয়েটাৰৰ যিখন ছবি স্পষ্ট হৈ উঠিছে, সেই ছবিখনে কিন্তু সামগ্রিকভাৱে খুব উজ্জ্বল আশাৰ বাতৰি বহন নকৰে৷ বিগ বাজেটৰ ছবি কৰি ব্যৱসায় কৰা কথাটো ছবি উদ্যোগৰ বাবে খুব ভাল কথা৷ কিন্তু একেসময়তে কম বাজেটত কৰা স্বতন্ত্র ছবিবোৰৰ অস্তিত্বৰ কথাও চিন্তা কৰিব লাগে৷ এই কম বাজেটৰ ছবিবোৰ প্রতিযোগিতামূলক বজাৰত থিয় হোৱা কষ্টকৰ৷ তেওঁলোকে ছবি প্রদর্শনৰ এটা বিকল্প ব্যৱস্থা বিচাৰিছে৷ সেই বিকল্প ব্যৱস্থাৰ এটা বিধিসন্মত পথ উদ্ভাৱনৰ বাবে উদ্যোগটোৰ লগত জড়িত সকলোৰে সদিচ্ছাৰ প্রয়োজন৷
যিকোনো ব্যৱসায় বা উদ্যোগৰ বিকাশৰ বাবে প্রয়োজন হোৱা শেহতীয়া প্রযুক্তিৰ সহায়ৰ প্রসংগটো বিনোদন ব্যৱসায়ৰ ক্ষেত্রতো বিবেচনা কৰিব লাগিব৷ শেহতীয়াভাৱে ছবি নির্মাণক ভিএফএক্স–এ প্রভাৱিত কৰিছে৷ প্রযুক্তিবিদ্যাৰ এই অৱদানে ছবি জগতত কাৰিকৰী আৰু নান্দনিক উভয় ধৰণে সম্বৃদ্ধ কৰিছে৷ অতি সম্প্রতি কৃত্রিম বুদ্ধিমত্তাই মানৱ জীৱনক এক বিশাল আৱৰণেৰে ঢাকি দিবলৈ ওলাইছে৷ কৃত্রিম বুদ্ধিমত্তা ভাল নে বেয়া, সেয়া অন্য এক প্রসংগ, কিন্তু প্রতিযোগিতামূলক বজাৰত নিজকে প্রথম শাৰীত ৰাখিবলৈ প্রয়োজন হোৱা শেহতীয়া প্রযুক্তিবিদ্যাৰ প্রয়োগৰ দিশেৰে বিশ্লেষণ কৰি কৃত্রিম বুদ্ধিমত্তাক আদৰি লোৱাৰ বিকল্প নাই৷ কৃত্রিম বুদ্ধিমত্তাই বাস্তৱৰ লগত কম্পিউটাৰসৃষ্ট চৰিত্র বা বস্তুৰ যি সংযোজন কৰি দর্শকক দিয়া এক নতুন দর্শন অভিজ্ঞতাই ইতিমধ্যে সফলতা লাভ কৰিছে৷ অসমীয়া ছবিৰ বর্ধিত বাজেটত এনেবোৰ কথাৰ সংযোজন নিশ্চয় ঘটিব৷ প্রযুক্তিবিদ্যাৰ প্রাথমিক জ্ঞান থকা লোকেও প্রাথমিক স্তৰৰ কৃত্রিম বুদ্ধিমত্তাৰ সহায়েৰে নাটক বা চিনেমাৰ বাবে চৰিত্র সৃষ্টি কৰিব পাৰে, কথাংশ লিখিব পাৰে, সংগীত ৰচনা কৰিব পাৰে আৰু বিশেষ দৃশ্য ৰচনা কৰিব পাৰে৷ ই বিষয়বস্তু সৃষ্টিকর্তাসকলৰ সন্মুখত উন্মোচন কৰে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ৷ ইয়ে স্রষ্টাৰ সৃষ্টি প্রক্রিয়াত সহায় কৰে আৰু লগতে উচ্চমানৰ সামগ্রী অধিক কার্যক্ষম আৰু সীমিত ব্যয়েৰে উৎপাদন বা প্রস্তুত কৰিব পাৰে৷ সৃষ্টিৰ বাবে অতি প্রয়োজনীয় তথ্য ভাণ্ডাৰৰ সমস্যা এই কৃত্রিম বুদ্ধিমত্তাই সহজে সমাধান কৰি দিব পাৰে৷ নাটক বা চিনেমাৰ দৃশ্যসজ্জা, পোছাকৰ আর্হি প্রস্তুতকৰণ, চিত্রাংকন, ডিজাইন, বিজ্ঞাপনৰ ভিডিঅ’, সামাজিক মাধ্যমৰ বাবে প্রচাৰ সামগ্রী, বিজ্ঞাপন আদিৰ দৰে কামবোৰ কৃত্রিম বুদ্ধিমত্তাই সহজে অতি কম খৰচতে, অতি কম সময়তে কৰি দিব পাৰে, যিটো গুণ ব্যৱসায়িক ক্ষেত্র এখনত দৃঢ় স্থিতিৰ বাবে খুব প্রয়োজনীয়৷ কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰ বিকাশৰ ধাৰাবাহিকতাৰ সমান্তৰালভাৱে বিনোদন উদ্যোগত ইয়াৰ প্রভাৱ দ্রুতগতিত বৃদ্ধি পাব ৷ বিষয়বস্তু সৃষ্টিৰ পৰা ব্যক্তিগত অভিজ্ঞতা আৰু তথ্য–পৰিচালিত সিদ্ধান্ত গ্রহণলৈকে এই সকলোতে কৃত্রিম বুদ্ধিমত্তাই আধিপত্য বিস্তাৰ কৰিবলৈ সাজু হৈছে৷ এই বাস্তৱ সত্যৰ প্রয়োজনীয় সহায়ক গুণবোৰ বিনোদন উদ্যোগত ব্যৱহাৰ কৰাটো নতুন ধৰণৰ বহনক্ষম অভিজ্ঞতা হ’ব ৷