বজালী–পাঠশালাৰ ঐতিহ্য
শতবর্ষ পুৰণি অসম সাহিত্য সভাই অসমীয়া ভাষা–সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত যি ভূমিকা গ্রহণ কৰি আহিছে তাক অস্বীকাৰ কৰা সম্ভৱ নহয়৷ এসময়ত অসমৰ স্কুল–কলেজ আৰু অফিচ–আদালতৰ পৰা অসমীয়া ভাষা বিতাড়িত হৈছিল৷ এই ভাষা পুনৰ প্রতিষ্ঠা কৰাৰ যি দীঘলীয়া বৌদ্ধিক সংগ্রাম তাৰ আঁৰত বহু বৰেণ্য ব্যক্তিৰ শ্রম আৰু ত্যাগ জড়িত হৈ আছে৷ ১৯ শতিকাৰ শেষৰ ফালে কলকাতালৈ অধ্যয়নৰ বাবে যোৱা অসমীয়া ছাত্রসকলে অসমীয়া ভাষা প্রতিষ্ঠাৰ বাবে যুঁজ দিবলগীয়া হৈছিল৷ এই ভাষাটোক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ১৮৮৮ খ্রীষ্টাব্দৰ ২৫ আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্রতিষ্ঠা কৰে৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিম চন্দ্র বৰা, তীর্থনাথ শর্মা, কমল চন্দ্র শর্মাৰ দৰে বিশিষ্ট ব্যক্তিসকলে এই সভা প্রতিষ্ঠাত বিশেষভাৱে উদ্যোগ লৈছিল৷ এই উদ্যোগৰ ফলশ্রুতিতে ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়৷ সেই বছৰৰে ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্রথমখন অধিৱেশন অনুষ্ঠিত হয়৷ সভাৰ প্রথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই৷ অসম সাহিত্য সভাৰ প্রথমগৰাকী প্রতিষ্ঠাপক সম্পাদক আছিল শৰৎ চন্দ্র গোস্বামী৷ অসমীয়া ভাষা–সাহিত্য আৰু সংস্কৃতিৰ সর্বাংগীণ উন্নয়নৰ স্বার্থতে গঠন কৰা হৈছিল এই সভা৷ ২০১৭ চনতে অসম সাহিত্য সভাই শতবর্ষ পূর্ণ কৰিছে৷ ইতিমধ্যে বিভিন্ন ঘাত–প্রতিঘাতৰ মাজেৰে সভাই এক বর্ণিল পৰিক্রমা অতিক্রম কৰি বর্তমানৰ পর্যায়ত উপনীত হৈছে৷ অৱশ্যে সাহিত্য সভা গঠনৰ পূর্বে পদ্মনাথ গোহাঞি বৰুৱাৰ উদ্যোগত নাগালেণ্ডৰ ক’হিমাত প্রতিষ্ঠা লাভ কৰিছিল ক’হিমা সাহিত্য সভাই৷ ১৮৯৫ চনতে ক’হিমা সাহিত্য সভাই জন্মলাভ কৰিছিল৷ সম্প্রতি বিশ্বৰ ভিতৰতে সর্ববৃহৎ সাহিত্য সংগঠন হিচাপে পৰিগণিত হৈছে অসম সাহিত্য সভা৷ এইবাৰ সভাৰ ৭৭সংখ্যক অধিৱেশন আৰম্ভ হৈছে নামনি অসমৰ বজালী জিলাৰ শিক্ষা আৰু সংস্কৃতিৰ অন্যতম প্রাণকেন্দ্র পাঠশালাত৷ নতুনকৈ গঠিত বজালী জিলাৰ সদৰ হিচাপেও স্বীকৃতি লাভ কৰিছে এই পাঠশালাই৷ অসমৰ শিক্ষা আৰু নাট্যনগৰী হিচাপে এক বিশেষ পৰিচিতি আছে এই ঠাইখনৰ৷ ভট্টদেৱ ক্ষেত্রত বিস্তৃত কার্যসূচীৰে আৰম্ভ হৈছে পাঠশালা অধিৱেশন৷ পাঠশালাৰ ভট্টদেৱ নগৰৰ দক্ষিণ ফালে আৰু বর্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পূব দিশে থকা বৃহৎ পথাৰখনতে অনুষ্ঠিত হৈছে এই অধিৱেশনখন৷
মন কৰিবলগীয়া যে বজালীৰ বিছানকুছি গাঁৱতে জন্মগ্রহণ কৰিছিল অসমীয়া গদ্য সাহিত্যৰ জনক তথা কবিৰত্ন ভট্টদেৱে৷ এইগৰাকী অসমীয়া গদ্যৰ পিতৃস্বৰূপ ভট্টদেৱৰ নামত ১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনৰ সময়তো এইক্ষেত্রখনৰ নামকৰণ কৰা হৈছিল৷ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য নামৰ এইগৰাকী মহান সাহিত্যিকৰ নামটো আয়োজকসকলে আজিও অব্যাহত ৰাখিছে৷ উল্লেখ্য যে সমগ্র অসমৰ ভিতৰতে বজালী তথা পাঠশালা নগৰৰ আছে এক বিশেষ ঐতিহ্য৷ এই অঞ্চলটোৰ আছে অসংখ্য গুণী–জ্ঞানী ব্যক্তি, বিশিষ্ট সাহিত্যিক, দার্শনিক পণ্ডিত, শিক্ষাবিদ আৰু সংগীতজ্ঞ৷ ভ্রাম্যমাণ থিয়েটাৰ জগতৰ পাঠশালাক নাভিকেন্দ্র বুলি কোৱা হয়৷ গদ্য সাহিত্যৰ জনক ভট্টদেৱ, স্বাধীনতা আন্দোলত প্রাণ বিসর্জন দিয়া শ্বহীদ মদন বর্মন, ৰাউতাৰাম কোচ আদিৰ জন্মও হৈছিল সেই স্থানতে৷ পদ্মশ্রীপ্রাপক চন্দ্রপ্রভা শইকীয়ানী, দার্শনিক–পণ্ডিত ভৱানন্দ দত্ত, সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰী, হৰেন্দ্র নাথ শর্মা, প্রেমনাৰায়ণ দত্ত, কার্টুনিষ্ট ত্রৈলোক্য দত্ত, ভ্রাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ, অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰ, অসম সৌৰভ কৃষ্ণ ৰয়, সত্রীয়া নৃত্যৰ গুৰু ৰামকৃষ্ণ তালুকদাৰ আদিৰ নিচিনা পুৰোধা ব্যক্তিসকলে এই অঞ্চলটোৰ পৰাই অসমৰ সাহিত্য, শিক্ষা, সংস্কৃতি জগত বর্ণাঢ্য কৰি তুলিছে৷ বহু ঐতিহাসিক তথা ধর্মীয় স্থানৰ বাবেও এই স্থান সর্বজনবিদিত৷ আহোমৰ ৰাজত্বকালৰ বজালীৰ ডুবিৰ শ্রীশ্রী পৰিহৰেশ্বৰ দেৱালয় আৰু দেৱদাসী নৃত্যই সকলোকে মুগ্ধ কৰি আহিছে৷ বর্তমান সময়তো বজালীৰ দেৱদাসী নৃত্যই অসমৰ সাংস্কৃতিক জগতত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ পাঠশালাক নামনি অসমৰ শিক্ষাৰ অন্যতম প্রাণকেন্দ্র বুলি কোৱা হয়৷ পাঠশালা, ৰামপুৰ অর্থই হৈছে শিক্ষাৰ সৈতে জড়িত থকাৰ ইংগিত৷ এসময়ত অঞ্চলটোত থকা শিক্ষাকেন্দ্রৰ ঐতিহ্যৰ বাবেই নাম পাঠশালা হোৱা বুলি বহু পণ্ডিতে উল্লেখ কৰিছে৷ অৱশ্যে এই নামৰ উৎপত্তিৰ সৈতে বিভিন্ন ঐতিহাসিক মতবাদো শুনিবলৈ পোৱা যায়৷ সম্প্রতি পাঠশালাত গঢ়ি উঠিছে অসংখ্য প্রাথমিক, মাধ্যমিক বিদ্যালয়ৰ লগতে উচ্চ শিক্ষাৰ অনুষ্ঠান৷ ২০১৯ চনত পূর্বৰ বজালী মহাবিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে৷ শিক্ষাৰ ক্ষেত্রত থকা বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানৰ বাবে অসমৰ বিভিন্ন প্রান্তৰ পৰা জ্ঞানপিপাসু ছাত্র–ছাত্রীসকল এই অঞ্চললৈ আহে৷