ফুটবলৰ সর্বোচ্চ সন্মান
বিশ্বৰ পেছাদাৰী ফুটবলাৰসকলৰ বাবে আগবঢ়োৱা অন্যতম শ্রেষ্ঠ বঁটাটিয়ে হৈছে বেলন ডিঅ’ৰ৷ ১৯৫৬ চনৰ পৰা ফ্রান্সৰ আলোচনী ‘ফ্রান্স ফুটবল’ৰ তৰফৰ পৰা আগবঢ়াই অহা হৈছে৷ ক্রীড়া বিষয়ৰ লেখক গেব্রিয়েল হানোট আৰু জ্যেক ফেৰানোৰ কল্পনাপ্রসূত এই সন্মানজনক বঁটাটো ২০০৬ চনলৈ ফুটবল সাংবাদিকৰ ভোটদানৰ ওপৰত ভিত্তি কৰি প্রদান কৰা হৈছিল৷ মূলতঃ এই বঁটা কেৱল ইউৰোপৰ ফুটবলাৰসকলক দিয়া হৈছিল আৰু ই বর্ষশ্রেষ্ঠ ইউৰোপীয়ান ফুটবলাৰৰ পুৰস্কাৰ হিচাপে পৰিচিত হৈছিল৷ ১৯৯৫ চনৰ পৰা ইয়াৰ পৰিসৰ কিছু সম্প্রসাৰণ কৰা হয়৷ ফলত ইউৰোপীয়ান ক্লাবসমূহত সক্রিয় সকলো খেলুৱৈক অন্তর্ভুক্ত কৰা হয়৷ ২০০৭ চনত এই পুৰস্কাৰ সমগ্র বিশ্বলৈ প্রসাৰিত হয়৷ এতিয়া বিশ্বৰ সকলো পেছাদাৰী ফুটবলাৰৰ মাজৰ পৰা শ্রেষ্ঠজনক বিবেচিত কৰা হয় এই বঁটাৰ বাবে৷ ২০১৬ চনৰ পৰা সাংবাদিকসকলে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূর্বে জাতীয় দলৰ প্রশিক্ষক আৰু অধিনায়কসকলকো ভোটাধিকাৰৰ অধিকাৰ দিয়া হয়৷ ২০১০ আৰু ২০১৫ চনৰ ভিতৰত ফিফাৰ সৈতে হোৱা এক চুক্তি অনুসৰি এই পুৰস্কাৰটি সাময়িকভাৱে ফিফাৰ বর্ষশ্রেষ্ঠ খেলুৱৈসকলৰ সৈতে একীভূত হয় আৰু এই বঁটা পৰিগণিত হয় ফিফাৰ বেলন ডিঅ’ৰ নামেৰে৷ অৱশ্যে ২০১৬ চনত এই পুৰস্কাৰটো বেলন ডিঅ’ৰক ওভতাই দিয়া হয়৷ ২০২২ চনত ‘ফ্রান্স ফুটবল’-এ বেলন ডিঅ’ৰৰ বাবে নিয়মৰ পৰিৱর্তন ঘটায়৷ এই অনুসৰি এবছৰৰ শ্রেষ্ঠ খেলুৱৈৰ বাবে নহয়, এটা ফুটবল ছিজনত শ্রেষ্ঠত্ব প্রদর্শন কৰা ফুটবলাৰক বাছনি কৰা হয়৷ তদুপৰি ফিফা ৰেংকিঙৰ ১০০টা স্থানত থকা দেশসমূহৰ পৰা এজনকৈ সাংবাদিকক ভোটদানৰ অনুমতি প্রদান কৰে৷ আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে অভিলেখসংখ্যক ৮বাৰ বেলন ডিঅ’ৰ সন্মান অর্জন কৰিছে৷ এই সন্মান পর্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে লাভ কৰিছে ৫বাৰ৷ জোহান ক্রুইফ, মিছেল প্লাটিনি আৰু মার্কো ভান বাষ্টেনে তিনিবাৰকৈ লাভ কৰিছে বেলন ডিঅ’ৰ বঁটা৷ আনহাতে, আলফ্রেডো ডি ষ্টেফানো ফ্রেজ বেকেনবাৱাৰ, কেভিনকিগান, কার্ল–হেইজ ৰুমেনিডো আৰু ৰোনাল্ডোৱে এই বঁটা দুবাৰকৈ জয় কৰিছে৷
বিশ্বৰ সকলো ফুটবলাৰেই এবাৰ হ’লেও বেলন ডিঅ’ৰ জয় কৰাৰ সপোন মনত পুহি ৰাখে৷ এইবাৰ ৬৮সংখ্যক বেলন ডি’ৰ বঁটাৰে বিভূষিত হয় স্পেনিছ ফুটবলাৰ ৰড্রিগো৷ বিগত বর্ষৰ ১ আগষ্টৰ পৰা এই বছৰৰ ৩১ জুলাইলৈ আগবঢ়োৱা প্রদর্শনৰ ভিত্তিত তেওঁক এই সন্মান প্রদান কৰা হয়৷ যোৱা ৪ ছেপ্টেম্বৰতে এই বঁটাৰ বাবে মনোনীত ফুটবলাৰসকলৰ নাম ঘোষণা কৰা হৈছিল৷ এইবাৰ দুটা নতুন পুৰস্কাৰো প্রদান কৰা হয়৷ সেই অনুসৰি পুৰুষ আৰু মহিলাৰ দুই সফল প্রশিক্ষককো একেটা অনুষ্ঠানতে সন্মানিত কৰা হয়৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে পুৰুষ আৰু মহিলা উভয়ে একেই দেশৰ খেলুৱৈয়ে বেলন ডিঅ’ৰ বঁটাৰে সন্মানিত হয়৷ পুৰুষৰ বিভাগত স্পেইনৰ ৰড্রিগো আৰু মহিলাৰ বিভাগত একেই দেশৰ ফুটবলাৰ আইতানা বনমাতিয়ে এইবাৰ বেলন ডিঅ’ৰ লাভ কৰে৷ মহিলাৰ বেলন ডিঅ’ৰৰ বাবে এইবাৰ মুঠ ৩০গৰাকী তাৰকা ফুটবলাৰে মনোনয়ন লাভ কৰিছিল৷ শেষ মুহূর্তত ন’ৰৱেৰ ষ্ট্রাইকাৰ কেৰ’লিন গ্রাহাম হেনছেনক পৰাভূত কৰি এই সন্মান আঁজুৰি আনে স্পেইনৰ মিড ফিল্ডাৰ আইতানাই৷ আনহাতে, ১০০খন শীর্ষ ৰেংকিঙৰ দেশৰ ১০০গৰাকী ফুটবল সাংবাদিকে পুৰুষৰ বেলন ডিঅ’ৰ বঁটাৰ বাবে নির্বাচিত কৰে স্পেইনাৰ মিডফিল্ডাৰ ৰড্রিগোক৷ ২৮ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে ১৯৯৫ চনৰ বেলন ডিঅ’ৰ বঁটা বিজয়ী জর্জ ৱেহৰ হাতৰ পৰা এই সন্মানীয় বঁটাটো গ্রহণ কৰে৷ উল্লেখ্য যে মানচেষ্টাৰ চিটীৰ প্রথমগৰাকী ফুটবলাৰ হিচাপে ৰড্রিগোৱে এই বঁটা লাভ কৰিছে৷ যোৱা বছৰ তেওঁ একেৰাহে চতুর্থবাৰৰ বাবে ইংলিছ টপ–ফ্লাইট খিতাপ জয় কৰিছিল৷ সম্প্রতি ৰড্রিগোৱে আঁঠুৰ এক গুৰুতৰ আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে৷ ২০১৯ চনত মানচেষ্টাৰ চিটীত যোগদান কৰাৰ পিছৰে পৰা তেওঁ দলৰ সাফল্যত প্রভূত বৰঙণি আগবঢ়াই আহিছে৷ বেলন ডিঅ’ৰ গ্রহণ কৰাৰ পাছত ফুটবলাৰগৰাকীয়ে কয়– ‘বেলন ডিঅ’ৰ বঁটা জয় কৰাটো মোৰ বাবে এটি যেন সপোনৰ বাস্তৱায়ন৷ মই ফুটবলক যথেষ্টখিনি দিছোঁ আৰু আজি ফুটবলৰ সর্বোচ্চ সন্মানেৰে সন্মানিত হোৱা এই মুহূর্তটো মোৰ লগতে পৰিয়ালৰ সকলোৰে বাবে বিশেষ হৈ থাকিব৷ অৱশ্যে এনে ব্যক্তিগত পুৰস্কাৰসমূহ প্রায়ে কোনো শক্তিশালী দলৰ প্রদর্শনৰ বাবেই লাভ কৰা যায়৷ মই মানচেষ্টাৰ চিটীৰ সকলোৰে ওচৰত চিৰকৃতজ্ঞ৷’