নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়া জগতৰ সর্বোচ্চ সন্মান

প্রতিগৰাকী খেলুৱৈয়ে কেৰিয়াৰ আৰম্ভ কৰাৰ সময়তে অলিম্পিক গেমছৰ নিচিনা বৃহৎ প্রতিযোগিতাত খেলাৰ সপোন দেখে৷ আনহাতে খেলুৱৈ হিচাপে প্রতিষ্ঠা লাভ কৰাৰ লগে লগে তেওঁলোকৰ মনত আন এক সপোনে ভুমুকি মাৰে৷ সেই সপোন হৈছে দেশৰ ক্রীড়াক্ষেত্রৰ সর্বোচ্চ সন্মান খেলৰত্ন পুৰস্কাৰ অর্জন কৰা ৷ ভাৰতৰ বিভিন্ন ক্রীড়া ইভেণ্টত আন্তঃৰাষ্ট্রীয় পর্যায়ত সাফল্য লাভ কৰা খেলুৱৈসকলে এই বঁটাৰ বাবে যুঁজত অৱতীর্ণ হয়৷ পূর্বতে এই সন্মান প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামত প্রদান কৰা হৈছিল৷ এতিয়া এই সন্মান প্রদান কৰা হয় কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ নামত৷ খেলৰত্ন হৈছে ভাৰতীয় প্রজাতন্ত্রৰ সর্বোচ্চ অসামৰিক ক্রীড়া সন্মান৷ এই বঁটাত থাকে এটা পদক, এখন মানপত্র আৰু নির্দিষ্ট পৰিমাণৰ আর্থিক পুৰস্কাৰ৷ ২০০৪–০৫ চনৰ হিচাপ অনুসৰি বর্তমান এই পুৰস্কাৰৰ আর্থিক মূল্য হৈছে ৫ লাখ টকা৷ উল্লেখ্য যে ১৯৯১–৯২ চনত দেশৰ ক্রীড়াক্ষেত্রলৈ আগবঢ়োৱা সর্বোচ্চ অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ প্রদানৰ শুভাৰম্ভ হৈছিল৷ অৱশ্যে এই পুৰস্কাৰৰ আগৰ পৰাই প্রতিবছৰে ক্রীড়াক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে অর্জুন পুৰস্কাৰ প্রদানৰ পৰম্পৰা অব্যাহত আছে৷ ভাৰতৰ কেইবাগৰাকী বিশিষ্ট ক্রীড়াবিদক খেলৰত্ন বঁটা প্রদান কৰা হৈছে৷ প্রথম বছৰ এই সন্মানীয় বঁটা প্রদান কৰা হৈছিল দবাৰ বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দক৷ পৰৱর্তী সময়ত বিশ্ব বিলিয়ার্ড চেম্পিয়ন গীত শেঠী, ভাৰোত্তোলক কর্ণম মালেশ্বৰী, টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজ, মহান ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ, হকী খেলুৱৈ ধনৰাজ পিল্লাই, শ্বাটলাৰ পুল্লেলা গোপীচান্দ, শ্বুটাৰ অভিনৱ বিন্দ্রা আদিৰ নিচিনা প্রখ্যাত খেলুৱৈসকলে এই বঁটা লাভ কৰিছে৷ এইবাৰ খেলৰত্ন বঁটাৰে বিভূষিত হৈছে তাৰকা শ্বুটাৰ মনু ভাকেৰ৷ অৱশ্যে খেলুৱৈগৰাকীৰ নাম এই বঁটাৰ বাবে অন্তর্ভুক্ত হোৱাৰ পূর্বে সৃষ্টি হৈছিল তুমুল বিতর্ক৷ খেলুৱৈগৰাকীৰ পিতৃয়েও প্রকাশ কৰিছিল তীব্র ক্ষোভ৷ অৱশেষত সকলো বিতর্কৰ অন্ত পেলাই তেওঁক খেলৰত্ন বঁটা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ লগতে হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং, দবাৰু ডি গুকেশ আৰু পেৰা এথলীট প্রবীণ কুমাৰে এই বঁটা লাভ কৰিব৷
মন কৰিবলগীয়া যে যোৱা বছৰ পেৰিছ অলিম্পিকত দুটা ব্রঞ্জৰ পদক লাভ কৰিছিল মনুয়ে৷ তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু ১০ মিটাৰ পিষ্টলত অর্জন কৰিছিল অলিম্পিক ব্রঞ্জ৷ কিন্তু তেওঁ খেলৰত্ন লাভক লৈ সৃষ্টি হৈছিল তীব্র অনিশ্চয়তা৷ প্রতিবছৰে দেশৰ শ্রেষ্ঠ ক্রীড়াবিদক এই বঁটা প্রদান কৰা হয়৷ সেই ফালৰ পৰা এইবাৰ মনু ভাকেৰে অলিম্পিকত দুটাকৈ পদকেৰে ইতিহাস সৃষ্টি কৰাৰ পিছত এই পুৰস্কাৰৰ বাবে দ্বিধাহীনভাৱে যোগ্য হৈ পৰিছিল৷ কিন্তু খেলৰত্নৰ বাবে প্রকাশ পোৱা প্রাথমিক তালিকাত তেওঁৰ নাম অন্তর্ভুক্ত হোৱা নাছিল৷ ইয়াৰ পিছতে দেশৰ ক্রীড়াক্ষেত্রত আৰম্ভ হৈছিল বিতর্কৰ৷ বহুতে প্রশ্ণ উত্থাপন কৰিছিল যে মনুৰ দৰে সফল ক্রীড়াবিদৰ নাম অন্তর্ভুক্ত নোহোৱাটো দুর্ভাগ্যজনক৷ আনহাতে কন্যাৰ নাম নেদেখি ক্রীড়া মন্ত্রণালয়ক সমালোচনাৰে থকা–সৰকা কৰিছিল তেওঁৰ পিতৃ ৰামকিষণে৷ তেওঁ সমালোচনা কৰি কৈছিল যে শ্বুটিঙৰ দৰে ক্রীড়া গ্রহণ কৰাটো ভুল আছিল৷ কন্যাক ক্রিকেটাৰ হিচাপে গঢ়ি তুলিব লাগিছিল৷ কাৰণ ক্রিকেটাৰসকলে সকলো সন্মান আৰু পুৰস্কাৰ লাভ কৰে৷ দেশৰ প্রথমগৰাকী খেলুৱৈ হিচাপে এখন অলিম্পিকতে দুটাকৈ পদক অর্জন কৰি দেখুওৱা কীর্তিক ক্রীড়া মন্ত্রণালয়ে সন্মান প্রদর্শন কৰা উচিত বুলিও তেওঁ মন্তব্য কৰিছিল৷ অৱশ্যে সামাজিক মাধ্যমত মনু ভাকেৰে অন্য ধৰণে তেওঁৰ মন্তব্য প্রকাশ কৰিছিল৷ তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল– ক্রীড়াবিদ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ পদক লাভ কৰা৷ পুৰস্কাৰ পালে আত্মবিশ্বাস বৃদ্ধি পায়৷ কিন্তু এয়াই একমাত্র লক্ষ্য নহয়৷ মই পুৰস্কাৰ নাপালেও দেশৰ হৈ পদক অর্জনৰ চেষ্টা অব্যাহত ৰাখিম৷ অনুগ্রহ কৰি এই বিষয়ত বিতর্ক নকৰিব৷ অৱশ্যে শেষ পর্যন্ত মনুৰ নাম ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ লগতে সদ্য বিশ্ব দবা চেম্পিয়ন গুকেশৰ নামো ঘোষণা কৰা হৈছে৷ অলিম্পিক হকীত ব্রঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীতকো দিয়া হ’ব খেলৰত্ন বঁটা৷ ইয়াৰ উপৰি পেৰালিম্পিকত হাইজাম্পত স্বর্ণবিজয়ী প্রবীণকো এই পুৰস্কাৰ প্রদান কৰা হ’ব৷ শেহতীয়াভাৱে ক্রীড়া মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত তালিকাত মনুৰ নাম অন্তর্ভুক্ত হোৱাৰ লগে লগে এক বিতর্কৰ অৱসান ঘটিল৷ জানিব পৰা মতে, আবেদন আৰু পর্যবেক্ষণৰ ভিত্তিত চূড়ান্ত নামসমূহ কেন্দ্রীয় চৰকাৰে বাছনি কৰিছে৷ অহা ১৭ জানুৱাৰীত ৰাষ্ট্রপতি ভৱনত খেলুৱৈসকলৰ হাতত এই পুৰস্কাৰ তুলি দিয়া হ’ব৷

You might also like