অসমৰ জাতীয় জীৱনৰ পৱিত্র ভাদ মাহৰ তাৎপর্য
আধ্যাত্মিকতাৰ এখন সুকীয়া জগতত প্রৱেশ কৰিলে অসমৰ জাতীয় জীৱনে৷ এমাহ ধৰি অসমীয়াই ইয়াৰ অমৃতময় নির্যাস পান কৰি নিজকে সমৃদ্ধ কৰি ৰাখিব৷ কিয়নো আজি অসমীয়া জাতীয় জীৱনৰ সবাতোকৈ গুৰুত্বপূর্ণ তথা পৱিত্র মাহ ভাদৰ পহিলা দিন৷ দিনটোৰ পৰা সমগ্র মাহটো ৰাজ্যখনৰ নামঘৰ–সত্র আদি নাম–কীর্তনৰ অমিয়া ধ্বনিৰে মুখৰ হৈ থাকিব৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ মাজেৰে অসমীয়াই পৰমাত্মাৰ সৈতে কথা পাতিব অথবা সম্পর্ক স্থাপনৰ বিনম্র প্রয়াস কৰিব৷ কি উজনি, কি নামনি, কি উত্তৰ অথবা মধ্য অসম- সকলোতে সকলো বিলীন হৈ পৰিব ভক্তিৰসত৷ পৱিত্র ভাদ মাহটো বাৰিষাৰ বিৰামহীন বৃষ্টি আৰু যন্ত্রণাদায়ক বানৰ পৰা মুক্তি লাভৰ প্রথমটো খোজ৷ নদীমাতৃক অসমত বাৰিষা মানে সৃষ্টিৰ নির্মল আখৰা৷ এই সময়ছোৱাত কৃষকৰ পথাৰ খেতিৰ বাবে উপযোগী হৈ উঠে৷ কঠীয়া ৰোপণ পর্ব সমাপ্ত হয়৷ অকল সেয়াই নহয়, বাৰিষাৰ বৃষ্টিৰ সৈতে অভিশাপ হৈ অসমৰ জাতীয় জীৱনলৈ বান নামৰ ভয়াৱহ প্রাকৃতিক দুর্যোগটোও আহে৷ মানুহৰ জীৱন অবর্ণনীয় সংকটত পৰে৷ ঘৰ–বাৰী, খেতিপথাৰ, ভঁৰাল সকলো ধ্বংস হয়৷ ঘৰলৈ অহা–যোৱা কৰা, বজাৰ–সমাৰলৈ অহা–যোৱা কৰা বাট–পথবোৰ ধ্বংসপ্রাপ্ত হৈ পৰে৷ জীৱন অকল্পনীয়ভাৱে কঠিন আৰু প্রত্যাহ্বানজনক হৈ পৰে৷ পৱিত্র ভাদ মাহলৈ বান–বাৰিষা লাহে লাহে অতীত হ’বলৈ ধৰে৷ বর্ণনাতীত কষ্টৰ পৰা চহা জীৱন লাহে লাহে ঠন ধৰি উঠিবলৈ আৰম্ভ কৰে৷ জীৱনে আধ্যাত্মিকতাৰ সন্ধান কৰে৷ খেতিপথাৰৰ ব্যস্ত জীৱন আৰু বানৰ তাণ্ডৱে বিপর্যস্ত কৰা জীৱনৰ পৰা ভাদ মাহটোত দিয়া খোজটোৱে চহা অসমীয়াক সকাহ দিবলৈ আৰম্ভ কৰে৷ তেওঁলোক নামঘৰ–সত্রলৈ গৈ আধ্যাত্মিকতাৰ সন্ধান কৰে৷ পৱিত্র ভাদ মাহতে আহে অসমৰ দুই মহাপুৰুষ তথা যুগস্রষ্টা শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি৷ তদুপৰি মাহটোতে ভগৱান শ্রীকৃষৰ জন্মাষ্টমী৷ তিনিওগৰাকী মানৱ সভ্যতাৰ মহানায়কক আৰাধনাৰ মহান মাহ এই ভাদ৷ সেয়ে ভাদ মাহ পৱিত্র আৰু অনুপম৷ আৰাধনাৰ বাবে গুৰু দুজনাই দি থৈ যোৱা পথেৰে চহা অসমীয়াই আধ্যাত্মিকতাৰ জগতখনত প্রৱেশ কৰে৷
শ্রীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক দি যোৱা অনুপম উপহাৰ নামঘৰ–সত্রত সকলোৱে বহি নামধর্মৰ অমিয়া সোৱাদ লয়৷ ভকতৰ কৰধ্বনিত সত্র–নামঘৰৰ পৰা বৈকুণ্ঠলৈ মোক্ষৰ অমৃতময় ধাৰা প্রৱাহিত হয়৷ তাল–নাগাৰাৰ ধ্বনিত প্রতিটো সত্র–নামঘৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয়৷ আই আৰু বাপসকলৰ হৰিনামৰ ধ্বনিত পুৱাৰ প্রহৰ ভাগে, নিশা গভীৰ হয়৷ কি দিন কি ৰাতি মাথোঁ নাম–কীর্তনৰ পুণ্যভূমি হৈ পৰে সত্র–নামঘৰ৷ গুৰুজনাৰ ওপজা ভূমিৰ বটদ্রৱা থান, মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্র, একেজনা গুৰুৱে প্রতিষ্ঠা কৰা উজনিৰ ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলীয়া নামঘৰ আদি আজিৰে পৰা এখন নতুন জগত হৈ পৰিব৷ তাত নাম–কীর্তন চলিব৷ দিনৰ চাৰিও প্রসংগ চলিব৷ আই আৰু বাপসকলৰ শৃংখলিত ভিৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈ পৰিব৷ সকলোৱে জাতীয় সাজপাৰ পিন্ধি নেদেখাজনৰ ওচৰত মূৰ দোৱাব৷ নিজৰ লগতে দহজনৰ মংগল প্রার্থনা কৰিব৷ ভকতৰ পৰা আশিস গ্রহণ কৰিব৷ শিৰত নির্মালি তুলি ল’ব৷ মুঠতে এখন অনন্য জগত৷ ভাদ মাহ মানে অকল নাম–প্রসংগ অথবা যুগল নহয়৷ মাহটোত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰো আখৰা চলে৷ বৃদ্ধৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে মঞ্চত ভাওনা প্রদর্শন কৰি ভক্তিৰসৰ অমিয়া নৈ বোৱাই দিয়ে৷ বিশেষকৈ উজনি আৰু মধ্য অসমৰ সত্র–নামঘৰত ভাওনাই ভকত সমাজৰ মাজত ভক্তিৰ অনন্য জগত এখন সৃষ্টি কৰে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সৃষ্টি কৰা কিছুমান আখ্যানভিত্তিক চৰিত্রৰ জৰিয়তে এই ভাওনাক মানুহৰ মাজলৈ লৈ আহিছিল৷ মূলতঃ চৰিত্রায়ন আৰু সংলাপৰ জৰিয়তে মানুহক আধ্যাত্মিকতাৰ সোৱাদ দিবলৈ তেওঁ ভাওনাৰ সৃষ্টি কৰিছিল৷ মহাপুৰুষজনাৰ সৃষ্ট এই ভাওনা পৱিত্র ভাদ মাহত পৰিপূর্ণ হৈ উঠে৷ চৰিত্রসমূহৰ জৰিয়তে দুষ্টক দমন আৰু সন্তক পালনৰ মহাবাণীও প্রতিফলন হয়৷ সেয়ে পৱিত্র ভাদ মাহটো কেৱল নাম–ধর্মৰ মাহেই নহয়, ই আত্মবিশ্লেষণৰো এটা উত্তম অজুহাত৷ মানুহে নিজৰ মাজত ধাৰণ কৰি থকা ভুল চিন্তাধাৰাক বিদায় দি সমাজ তথা নিজৰ কাৰণে এখন সুন্দৰ জগতৰ প্রার্থনা কৰিবলৈ মাহটোৱে মানুহক প্রেৰণা যোগায়৷ পৱিত্র ভাদ মাহটোৱে এইদৰে অসমৰ চহা জীৱনলৈ আধ্যাত্মিকতাৰ নতুন জগত এখন লৈ আহে৷ অসমীয়াক কুশল–মংগল প্রার্থনাৰ অকৃত্রিম পৃথিৱী এখনো পৱিত্র ভাদ মাহটোৱে দিয়ে৷ জাতিটোক ই সংযমী হ’বলৈও শিকায়৷