নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক বটলৰ ভয়াৱহতা

প্লাষ্টিক প্রদূষণ সম্প্রতি পৃথিৱীৰ বাবে ভয়াৱহ সমস্যা হৈ উঠিছে৷ এই প্লাষ্টিক প্রদূষণ মানৱ স্বাস্থ্যৰ প্রতিও ভাবুকি হৈ পৰিছে৷ খাদ্য সামগ্রী পেকেজিঙৰ পৰা মানুহৰ দৈনন্দিন জীৱনত ব্যৱহূত হৈ আহিছে প্লাষ্টিক৷ প্লাষ্টিকৰ দ’ম–আৱর্জনা এতিয়া চহৰৰ লগতে দুর্গম অঞ্চলসমূহতো সমস্যা হিচাপে চর্চিত হৈছে৷ কাহানিও মানুহৰ সংস্পর্শলৈ নহা প্রশান্ত মহাসাগৰৰ অতি দুর্গম অঞ্চলতো প্লাষ্টিকৰ দ’ম বান্ধিছে৷ আনকি পৃথিৱীৰ সর্বোচ্চ পর্বতশৃংগ এভাৰেষ্টতো প্লাষ্টিকৰ আৱর্জনা বাঢ়ি গৈ আছে৷ কার্যতঃ স্থল, জলৰ পাছত মহাকাশতো প্লাষ্টিকৰ আৱর্জনা ভৰি পৰিছে বুলি তথ্যত প্রকাশ পাইছে৷ মানুহে ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্রীৰ ভিতৰত শেহতীয়াভাৱে প্লাষ্টিকৰ বটলৰ ভয়াৱহতা বিজ্ঞানী দলৰ গৱেষণাত পোহৰলৈ আহিছে৷ প্লাষ্টিক প্রদূষণে পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাৰ সমান্তৰালকৈ মানৱ স্বাস্থ্যলৈও অশনি সংকেত কঢ়িয়াই আছে বুলি ইতিমধ্যে গৱেষণাত প্রকাশ পাইছে৷ পানী খোৱা প্লাষ্টিকৰ বটল কিমান ভয়াৱহ হ’ব পাৰে, এই তথ্য বিভিন্ন সময়ত প্রকাশ পাই আহিছে যদিও শেহতীয়া গৱেষণাত উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ এক লিটাৰৰ প্লাষ্টিকৰ পানীৰ বটল এটাত থকা প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাই মানৱ দেহৰ অংগৰ ক্ষতি কৰাৰ লগতে বিভিন্ন অংগত কর্কট ৰোগৰ কাৰক হোৱাৰ তথ্য প্রকাশ পাইছে৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ দল এটাই চলোৱা গৱেষণাৰ প্রতিবেদনত এক লিটাৰ পানীৰ বটল এটাত ২,৪০,০০০ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাৰ সন্ধান পোৱা বুলি প্রকাশ কৰিছে৷ নেচনেল একাডেমী অৱ ছায়েঞ্চৰ জার্নেল প্রচিডিংছত প্রকাশ পোৱা গৱেষণাৰ প্রতিবেদন মতে, এক লিটাৰৰ পানীৰ বটলত থকা ২,৪০,০০০ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাই মানৱ দেহৰ বিভিন্ন অংগত নেতিবাচক প্রভাৱ পেলায়৷ বিভিন্ন গৱেষণাত ধৰা নপৰা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰা কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষণাত ধৰা পৰিছে৷ সেই গৱেষণা অনুসৰি প্লাষ্টিকৰ টুকুৰা মানৱ দেহৰ কোষত প্রৱেশ কৰে৷

গৱেষণাত লাভ কৰা উদ্বেগজনক তথ্য মতে প্লাষ্টিকৰ বটলত থকা ক্ষুদ্রতম প্লাষ্টিকৰ কণিকা মানুহৰ তেজ সৰবৰাহৰ যোগেদি বিভিন্ন অংগলৈ যায়৷ প্লাষ্টিকৰ এই টুকুৰাই যকৃৎ, বৃক্ককে ধৰি শৰীৰৰ বিভিন্ন অংগত নেতিবাচক প্রভাৱ পেলায়৷ অর্থাৎ যকৃৎ, বৃক্ক আদি অংগৰ ক্ষতি হয়৷ তেনেদৰে মূত্রাশয়কে ধৰি বিভিন্ন অংগত কর্কট ৰোগৰ কাৰক হৈ পৰে৷ প্লাষ্টিকৰ বটলত থকা অসংখ্য টুকুৰাৰ তথ্য ইয়াৰ পূর্বৰ গৱেষণাত চিনাক্ত হোৱা নাছিল যদিও প্লাষ্টিকৰ বটলত পানী খালে মানৱ দেহত নেতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত আছিল৷ কিন্তু শেহতীয়া গৱেষণাই নেনো প্লাষ্টিকে মানৱ দেহত ভয়াৱহ ক্ষতি কৰে বুলি নিশ্চিত কৰা হৈছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, পানীৰ বটলত থকা নেনো প্লাষ্টিক হৈছে এক মাইক্র’মিটাৰৰ তলত৷ ই হৈছে মানুহৰ চুলিৰ এক চতুর্থাংশতকৈও ক্ষুদ্র৷ এনে ক্ষুদ্র প্লাষ্টিকৰ টুকুৰা মানুহৰ কোষত, মানুহৰ তেজত প্রৱেশ কৰি শৰীৰৰ অংগ–প্রত্যংগৰ ক্ষতিসাধন কৰি আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রত ব্রেণ্ড পানী কোম্পানীৰ বটলত গৱেষণা চলাই কলম্বিয়া বিশ্ববিদ্যালয়ৰ বাবে এই তথ্য জার্নেল প্রচিডিংছত প্রকাশ কৰিছে৷ অৱশ্যে কোনকেইটা কোম্পানীৰ পানীৰ বটল গৱেষণাৰ অংশ হিচাপে লৈছিল সেয়া প্রকাশ কৰা নাই৷ প্রতি লিটাৰ পানীৰ বটলত ১,১০,০০০ৰ পৰা ৩,৭০,০০০লৈকে ক্ষুদ্রতম প্লাষ্টিকৰ টুকুৰা ধৰা পেলাইছে৷ ইয়াৰে ৯০ শতাংশই নেনো প্লাষ্টিক৷ গৱেষণাৰ প্রতিবেদনে প্লাষ্টিক প্রদূষণৰ আন এক ভয়াৱহতাই মানৱ জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ ইংগিত দিছে বুলিও প্রকাশ কৰিছে৷ পৃথিৱীৰ লগতে মানৱ জাতিৰ বাবে ভয়াৱহ সমস্যা ৰূপে পৰিণত হোৱা প্লাষ্টিকৰ উদ্ভাৱকজনো প্লাষ্টিক উদ্ভাৱনৰ পিছত ইয়াৰ ভয়াৱহতাক লৈ উদ্বিগ্ণ হৈছিল৷ উদ্ভাৱকজনে আনকি এই প্লাষ্টিকে পৃথিৱীক এদিন সংকটত পেলাব বুলি ভৱিষ্যদ্বাণী কৰি থৈ গৈছে৷ ইয়াৰ পিছতো প্লাষ্টিক প্রদূষণক লৈ মানৱ জাতি অধিক সজাগ আৰু সচেতন নোহোৱাটো দুর্ভাগ্যজনক বুলি বিবেচিত হৈছে৷

You might also like