নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল–পেলেষ্টাইনৰ যুদ্ধ

সম্প্রতি বিশ্বৰ সবাতোকৈ চর্চিত বিষয় ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘাত দীর্ঘদিনীয়া৷ শনিবাৰে পুৱা ৬.৩০ বজাত ইজৰাইলৰ দক্ষিণ প্রান্তলৈ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীয়ে ২০ মিনিটৰ ভিতৰত পাঁচ সহস্রাধিক ৰকেট নিক্ষেপ কৰাৰ পাছতেই ইজৰাইলৰ পৰিস্থিতি ভয়াৱহ হৈ উঠে৷ লগে লগে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ শনিবাৰৰ পৰা ইজৰাইলে হামাছৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তোলে৷ ইপিনে, হামাছে ইজৰাইলৰ দক্ষিণ প্রান্তত পাঁচ সহস্রাধিক ৰকেট নিক্ষেপ কৰাৰ সমান্তৰালকৈ সীমান্তৰে ইজৰাইলৰ ভূমিত প্রৱেশ কৰি হত্যালীলা আৰম্ভ কৰিছে৷ ইজৰাইলী নাগৰিকৰ ওপৰত জধে-মধে গুলীচালনা কৰাৰ সমান্তৰালকৈ দেশখনৰ সেনাক কৰায়ত্ত কৰি হত্যালীলা চলাইছে ৷ ইজৰাইলত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি কৰা হামাছৰ বিৰুদ্ধে দেশখনৰ সেনাই গাজাত প্রচণ্ড আক্রমণ চলাইছে৷ ইজৰাইলী সেনাৰ আক্রমণত ইতিমধ্যে কেইবাশ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীসহ সাধাৰণ নাগৰিকৰ মৃত্যু ঘটিছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ হামাছৰ মাজত যুদ্ধই এতিয়া বিশ্বৰ আন আন দেশবোৰকো উদ্বিগ্ণ কৰি তুলিছে৷ সন্ত্রাসবাদী আক্রমণৰ বিৰোধিতা কৰি ইজৰাইলৰ পক্ষত আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপীয় দেশসমূহৰ লগতে ভাৰতে থিয় দিছে৷ শনিবাৰে পুৱা কোনোধৰণৰ আগজাননী বা সকীয়নি নিদিয়াকৈ হামাছৰ সামৰিক গোটৰ অল–কাছাম ব্রিগেডৰ মুৰব্বী মহম্মদ ডেইফে ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপেৰে ‘অল–আকছা ফ্লাড অপাৰেচন’ আৰম্ভ হোৱা বুলি ঘোষণা কৰে৷ মুৰব্বী ডেইফে শত্রুৰ স্থান, বিমানবন্দৰ, সামৰিক ঘাটিকে ধৰি বিভিন্ন অঞ্চলক লক্ষ্য কৰি পাঁচ সহস্রাধিক মিছাইল নিক্ষেপ কৰা বুলি প্রকাশ কৰে৷ হামাছৰ এই অতর্কিত আক্রমণত ইজৰাইল চৰকাৰ হতচকিত হয় যদিও ততালিকে হামাছক প্রত্যুত্তৰ দিয়াৰ বাবে যুদ্ধ ঘোষণা কৰে৷ হামাছৰ আক্রমণত তিনি শতাধিক ইজৰাইলী লোক নিহত হোৱাৰ লগতে কেইবাশ আহত হৈছে৷
হামাছ সন্ত্রাসবাদীক প্রত্যুত্তৰ দিবলৈ ইজৰাইলে ‘আইৰন চর্ড’ অভিযান চলাইছে৷ ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রীয়ে ভিডিঅ’ বিবৃতিযোগে হামাছে মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ নাগৰিকক জধে-মধে কৰায়ত্ত কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ হামাছৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তোলাত ইতিমধ্যে ইজৰাইলী সেনাৰ আক্রমণত তিনি শতাধিক পেলেষ্টাইনীসহ পাঁচশ লোকৰ প্রাণহানি হৈছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ হামাছৰ মাজত দুদিনৰ সংঘর্ষত হাজাৰৰো অধিক লোকে প্রাণ হেৰুওৱাৰ লগতে কেইবাহাজাৰো লোক আহত হৈছে৷ পেলেষ্টাইনত মুছলিম ৰাষ্ট্র গঠনৰ বাবে ১৯৮৭ চনত হামাছ গঠন কৰা হয়৷ বর্তমান এই সন্ত্রাসবাদী গোটটোৱে পেলেষ্টাইনৰ গাজা ষ্ট্রিপ শাসন কৰি আছে৷ ২০০৬ চনত পেলেষ্টাইনৰ নির্বাচনত জয়ী হোৱাৰ পাছতে ২০০৭ চনত হামাছে গাজা নিজৰ দখললৈ আনে৷ প্রতিদ্বন্দ্বী ফাতাহৰ বিৰুদ্ধে হিংসাত্মক সংঘর্ষৰ পাছত গাজাৰ নিয়ন্ত্রণ সম্পূর্ণকৈ নিজৰ আয়ত্তলৈ আনে হামাছে৷ ইজৰাইলৰ দ্বাৰা হামাছক সন্ত্রাসবাদী সংগঠন ঘোষণা কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় সংঘ আৰু বিশ্বৰ আন কেইবাখনো দেশে হামাছক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰি আহিছে৷ এনে পৰিপ্রেক্ষিতত হামাছে ইজৰাইল আক্রমণ কৰাক লৈ উল্লিখিত দেশসমূহৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্রমণত উল্লিখিত দেশসমূহে পূর্ণ সমর্থন আগবঢ়াইছে৷ ২০০৫ চনত ইজৰাইলে গাজা ষ্ট্রিপৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ পাছতে পেলেষ্টাইনৰ সৈতে সংঘর্ষ আৰম্ভ হয়৷ মধ্যপ্রাচ্যৰ যুদ্ধত ইজিপ্তৰ পৰা ইজৰাইলে গাজা দখল কৰাৰ ৩৮ বছৰ পাছত সেনা প্রত্যাহাৰ কৰে আৰু ইয়াৰ নিয়ন্ত্রণ পেলেষ্টাইনৰ হাতলৈ আহে৷ ইয়াৰ পাছতে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘর্ষ আৰম্ভ হয় আৰু ই আজিও চলি আছে৷

You might also like