নতুন প্রজন্মৰ মানসিকতা
নতুন প্রজন্মৰ মানসিকতা
অলপতে দেশৰ আগশাৰীৰ ৰাষ্ট্রীয় বাতৰি কাকত ‘দ্য হিন্দু’ত ‘ৰেট পার্ছন’ নামকৰণেৰে প্রকাশ পাইছিল এটা লেখা৷ এই লেখাটোৱে পঢ়ুৱৈ সমাজৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে বহু সচেতন অভিভাৱকক উদ্বিগ্ণ কৰি তুলিছে৷ কিয়নো এই ‘ৰেট পার্ছন’ মানসিকতাই নতুন প্রজন্মক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছে৷ একাংশ যুৱক–যুৱতীয়ে এতিয়া কর্মসংস্থাপনত নিয়োজিত নহৈ, বিয়া-বাৰু নকৰাই এক ভোগবাদী জীৱন অতিবাহিত কৰিব বিচাৰে৷ ‘ৰেট পার্ছন’ মানসিকতাত আচ্ছন্ন এইসকল ল’ৰা–ছোৱালীয়ে এক এলেহুৱা জীৱন কটাব খোজে৷ ক’ৰোনা মহামাৰীৰ পিছত এনে মানসিকতা তেওঁলোকৰ মাজত অধিক গাঢ় হৈ পৰা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ প্রথম অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ যুৱপ্রজন্মৰ মাজত এনে মানসিকতা দেখিবলৈ পোৱা গৈছিল৷ কিন্তু লাহে লাহে বিশ্বৰ বিভিন্ন দেশৰ যুৱ সমাজত এনে এক বৰবিহে শিপাই উঠা পৰিলক্ষিত হৈছে৷ চীনৰ এগৰাকী যুৱতীয়ে প্রথমে ছ’চিয়েল মিডিয়াত নিজৰ দৈনন্দিন জীৱনশৈলী পোহৰলৈ আনিছিল৷ পুৱা বহু দেৰিলৈ শুই থকা, বিয়লি পুৱাৰ আহাৰ গ্রহণ কৰা, পুৱতি নিশা নৈশভোজন কৰা, প্রায় গোটেই নিশা ইণ্টাৰনেটত কটোৱা, মদ্যপান কৰা, নিশা বন্ধুৰ সৈতে ওলাই যোৱা আদি নতুন ধৰণৰ জীৱনশৈলীৰ বিষয়ে সদৰী কৰাৰ লগে লগে নেটজগতত তীব্র আলোড়নৰ সৃষ্টি হৈছিল৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল- যুৱতীগৰাকীৰ এনে জীৱনশৈলীক বহুতে সমর্থন জনাইছিল৷ তেওঁলোকে হয়তো নিজৰ মাজতো এনে এটি এলেহুৱা জীৱন বিচাৰি পাইছিল৷ জাবৰৰ দ’মৰ মাজত সোমাই থকা এটি এন্দুৰৰ দৰে এনে ‘ৰেট পার্ছন’ মানসিকতাই পিছে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে৷ কাৰণ এনে মানসিকতাই নতুন প্রজন্মৰ লগতে নিজৰ সন্তানসকলৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে আগুৱাই নিব৷
মন কৰিবলগীয়া কথাটো হ’ল, এই ‘ৰেট পার্ছন’ মানসিকতাই শেহতীয়াভাৱে অসমৰ যুৱক–যুৱতীসকলক প্রভাৱিত কৰিছে৷ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্রায়বোৰ সৰু সৰু চহৰৰ যুৱপ্রজন্মৰ মাজত ‘ৰেট পার্ছন’ মানসিকতা গঢ় লৈ উঠিছে৷ দিনৰ দিনটো নিজকে ঘৰৰ ভিতৰত আবদ্ধ ৰাখি গোটেই নিশা বাহিৰলৈ ওলাই বিভিন্ন কার্যৰে জীৱনটো উপভোগ কৰে৷ নিশা যুৱক–যুৱতী বাৰলৈ গৈ মদ্যপান কৰি এক উচ্ছৃংখল জীৱন অতিবাহিত কৰে৷ নতুন প্রজন্মৰ একাংশৰ এনে প্রৱণতাই সমাজক বিভিন্ন ধৰণে চুই গৈছে৷ ই সমসাময়িক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে একপ্রকাৰ বিদ্রোহৰ নামান্তৰ৷ তেওঁলোকে কেৰিয়াৰৰ প্রতি সচেতন হোৱাৰ বিপৰীতে এক অলস জীৱন কটোৱাৰ প্রতিহে আগ্রহী৷ নিজকে ৰেট পার্চন বুলি পৰিচয় দিয়াসকলে অধিকাংশ সময় বিছনাত শুই–বহি কটায় আৰু ইণ্টাৰনেট জগতত ব্যস্ত থাকে৷ তেওঁলোকে উৎপাদনশীলতাতকৈ বিশ্রাম আৰু আৰামক সদায় প্রাধান্য দিয়ে৷ ইয়াৰ ফলত তেওঁলোকৰ কেৰিয়াৰৰ উচ্চাকাংক্ষা ক্রমান্বয়ে হ্রাস পায়৷ আমেৰিকা আৰু চীনৰ যুৱ সমাজৰ এনে অৱস্থাই লাহে লাহে অসমৰ একাংশকো স্পর্শ কৰিছে৷ ইয়াৰ ফলত ব্যক্তিগতভাৱে তেওঁলোক কিদৰে লাভান্বিত হৈছে, সেয়া জনা নাযায় যদিও সামাজিক পৰিৱেশ যে বিঘ্ণিত হৈছে, সেই কথা নিশ্চিত৷ অসমৰ সচেতন ব্যক্তিসকলৰ মনত নিশ্চয় এতিয়াও যোৱা বছৰ পুৱতিনিশা সংঘটিত এটি দুর্ঘটনাৰ স্মৃতি সজীৱ হৈ আছে৷ পুৱতিনিশা যুৱতীৰ সৈতে খানাপাৰা অভিমুখে তীব্রবেগেৰে গৈ থকা এখন বাহন তাজ হোটেলৰ সন্মুখত দুর্ঘটনাত পতিত হোৱাত থিতাতে নিহত হৈছিল যুৱক আৰু যুৱতীহাল৷ হয়তো মাজনিশালৈ মদ্যপান কৰাৰ পিছত পিতৃৰ বিলাসী বাহন লৈ ওলাই গৈছিল কম বয়সীয়া যুৱকজন৷ এই ঘটনাৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে যোৱা সপ্তাহত এগৰাকী অধিবক্তা শ্বিলং অভিমুখে বন্ধু–বান্ধৱীৰ সৈতে মাজনিশা গৈ থকা সময়তে দুর্ঘটনা সংঘটিত হোৱাত থিতাতে নিহত হৈছিল৷ নিশা প্রায় দুই বজাত এই যুৱক–যুৱতীৰ দলটো শ্বিলং অভিমুখে ৰাওনা হৈছিল৷ মাজনিশা বিলাস ভ্রমণলৈ যোৱাৰ এনে মানসিকতাই অসংখ্য অবাঞ্ছিত ঘটনাৰ সৃষ্টি কৰিছে৷ এই ঘটনাটোৱে ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এই ঘটনাৰ পিছতে সাৱধানে ঘূৰা–ফুৰা কৰিবলৈ যুৱক–যুৱতীসকলক আহ্বান জনাইছে৷ এইক্ষেত্রত পিতৃ–মাতৃসকলো সচেতন হোৱাৰ প্রয়োজনীয়তা আছে৷