বিৰোধীৰ অনৈক্যৰ বার্তা
২০১৪ৰ লোকসভা নির্বাচনত চমকপ্রদ সাফল্যৰ জৰিয়তে প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাৰে পৰা দেশৰ ৰাজনীতিত বিশেষ পৰিৱর্তন পৰিলক্ষিত হৈছে৷ বিগত ১১ বছৰত বিজেপিয়ে প্রতিটো নির্বাচনতে ধাৰাবাহিক সাফল্য লাভ কৰাৰ বিপৰীতে শতিকাপুৰণি কংগ্রেছ দলে সীমাহীন দুর্যোগৰ সন্মুখীন হৈছে৷ বিজেপিৰ এনে সাফল্যৰ মূলতেই হ’ল দলটোৰ সাংগঠনিক ভেটি আৰু সহযোগী ৰাজনৈতিক দলৰ স’তে মিত্রতা৷ ২০০৯ৰ লোকসভা নির্বাচনত কংগ্রেছে ধাৰাবাহিক চৰকাৰ গঠনৰ সময়ত ২০৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল মাথোঁ ১১৬খন আসন৷ ২০১৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে ২৮২খন আসনত জয়লাভ কৰাৰ মূলতেই আছিল এনডিএৰ অংশীদাৰী দলসমূহৰ শক্তিশালী ভেটি৷ কংগ্রেছবিৰোধী ৰাজনৈতিক ঢৌ সৃষ্টিৰ ক্ষেত্রত বিজেপিৰ সহায়ক হৈ উঠা সহযোগী দলসমূহৰ সক্রিয় অংশগ্রহণৰ বাবেই বিজেপিয়ে ধাৰাবাহিক ক্ষমতাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিয়ে ৩০৩খন আসন লাভ কৰাৰ অন্তৰালতো আছে সহযোগী দলসমূহৰ সক্রিয় ভূমিকা৷ ২০২৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে ২৪০খন আসনত জয়লাভ কৰিলেও বিশ্বস্ত সহযোগী দলসমূহৰ সমর্থনত নিৰাপদে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে৷ এনডিএৰ সহযোগী জনতা দল (ইউনাইটেড)ৰ ১২জন, শিৱসেনাৰ ৭জন, লোক জনশক্তি পার্টীৰ ৫জন, ৰাষ্ট্রীয় লোক দল, জনতা দল (ছেকুলাৰ) আৰু জনসেনা পার্টীৰ দুজনকৈ সাংসদ আছে৷ ইয়াৰ উপৰি এনডিএৰ সহযোগী অসম গণ পৰিষদ, নেচনেল কংগ্রেছ পার্টী, ইউপিপিএল, অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন, অপনা দল, হিন্দুস্থানী আৱাম মর্চা আৰু চিকিম ক্রান্তিকাৰী মর্চাৰ এজনকৈ সাংসদৰ সমর্থনত নিৰাপদে ক্ষমতাত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখন৷ সংসদত এজনো সাংসদ নাথাকিলেও এনডিএৰ এনে বহু অংশীদাৰ দল আছে, যিকেইটা ৰাজনৈতিক দলৰ ৰাজ্যভিত্তিক অথবা অঞ্চলভিত্তিক বিশেষ প্রভাৱ আছে৷ সেই দলকেইটাৰ ভিতৰত নেচনেল পিপল পার্টী, তামিল মানিলা কংগ্রেছ, নাগা পিপলছ ফ্রণ্ট, অল ইণ্ডিয়া এন আৰ কংগ্রেছ, ৰাজনৈতিক লোক জনশক্তি পার্টী, ৰাষ্ট্রীয় সমাজ পক্ষ, ইউনাইটেড ডেমক্রেটিক পার্টী, হাৰিয়ানা লক্ষিত পার্টী, কেৰালা কামাৰাজ পার্টী, গোর্খা নেচনেল লিবাৰেচন ফ্রণ্ট, জন সুৰক্ষা শক্তি, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়া আদি৷ বিগত ১০ বছৰত বিজেপিয়ে অসমতো বিশেষ সাফল্য লাভ কৰাৰ মূলতেই হ’ল নির্বাচনী মিত্রতাৰ জৰিয়তে শক্তিশালী ভেটি স্থাপন৷ বিজেপিয়ে অসম গণ পৰিষদ আৰু ইউপিপিএলৰ স’তে মিত্রতা স্থাপন কৰাই নহয়, ৰাজ্যখনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ সহায় লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে মিত্রতাৰ বাবে এসময়ত কংগ্রেছৰ ভেটিৰূপে প্রতিষ্ঠিত ৰাজ্যখনৰ খিলঞ্জীয়া লোক অধ্যুষিত সমষ্টিত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷
বিজেপিৰ ঐক্যবদ্ধ ৰাজনৈতিক যুঁজখন প্রতিহত কৰাটো বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে সহজসাধ্য নহয়৷ বিজেপিৰ আগ্রাসী ৰাজনীতিৰ বাবে বাঁওপন্থী দলসমূহকে ধৰি দেশৰ কেইবাটাও ৰাজনৈতিক দলে বিগত এটা দশকত গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ইয়াৰ লগে লগে দিনক দিনে বিপর্যয়ৰ মুখামুখি হৈছে শতিকাপুৰণি কংগ্রেছ দল৷ এই কথা স্পষ্ট যে অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ তুলনাত কংগ্রেছৰ সাংগঠনিক ভেটি এতিয়াও আছে৷ কিন্তু নির্বাচন জিকাৰ জোখাৰে অথবা চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় জনাদেশ লাভ কৰাৰ বাবে কংগ্রেছ আজি শক্তিহীন৷ সন্মুখত থকা শক্তিশালী বিজেপিক প্রতিহত কৰি নির্বাচন জিকিবলৈ কংগ্রেছক প্রয়োজন অঞ্চলভিত্তিক অথবা ৰাজ্যভিত্তিক শক্তিশালী দলৰ সমর্থন৷ ঐক্যবদ্ধ বিৰোধী অবিহনে কেতিয়াও কংগ্রেছে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সপোন পূৰণ কৰিব নোৱাৰে৷ দীর্ঘকাল মাথোঁ পৰাজয়ৰ গ্লানিৰে কোনো এটা ৰাজনৈতিক দলে জনগণৰ মাজত পৰিৱর্তনৰ ধাৰাও সৃষ্টি কৰিব নোৱাৰিব৷ সর্বসাধাৰণ লোকৰ আশা–ভৰসা অবিহনে কংগ্রেছে কোনো কাৰণতে ক্ষমতাত অধিষ্ঠিত হ’ব নোৱাৰে৷ কিন্তু কংগ্রেছ নেতৃত্বৰ বাবে বিড়ম্বনা এয়ে যে গণভিত্তি থকা শক্তিশালী বিশ্বস্ত সহযোগীৰ একনিষ্ঠ সমর্থন এতিয়াও লাভ কৰা নাই৷ মিত্রতাৰ ধর্ম পালন কৰিবলৈ এৰা–ধৰা কৰাৰ মানসিকতাও গ্রহণ কৰিবলৈ আগ্রহী নহয় দলটোৰ নেতৃত্ব৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত দলটোৰ ধাৰাবাহিক বিপর্যয়ৰ অন্তৰালত আছে নেতৃত্বকেন্দ্রিক দ্বন্দ্ব আৰু বিশ্বাসযোগ্য সহযোগী দলৰ অভাৱ৷ বিগত লোকসভা নির্বাচন আৰু শেহতীয়াকৈ ৫টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিৰোধী শিবিৰৰ ভোট বিভাজনৰ সুযোগ শাসকীয় পক্ষই লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে ধাৰা অব্যাহত থাকিলে আগন্তুক পঞ্চায়ত নির্বাচন আৰু ২০২৬ৰ বিধানসভা নির্বাচনত শাসকীয় দলে একপক্ষীয় জনাদেশ লাভ কৰাটো স্বাভাৱিক৷ কংগ্রেছৰ নেতৃত্বত ৰাজ্যখনৰ বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰিবলৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ নেতৃত্বত ছজন ব্যক্তিয়ে শেহতীয়াকৈ বিশেষ উদ্যোগ লৈছে৷ নাগৰিক সমাজৰ নামত ড০ গোহাঁয়ে বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰিবলৈ সোণাপুৰৰ আতিথ্য ৰিজ’ৰ্টত ১ মার্চত আয়োজন কৰা বৈঠকখন দুর্বাদল কাজিয়াৰ ক্ষেত্রত পৰিণত হৈছে৷ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈৰ স’তে দুর্বাদল কাজিয়াৰ পৰিণতিত কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে ক্ষোভ উজাৰি সভাস্থলী ত্যাগ কৰাৰ পাছতে বিৰোধী দল দুটাৰ মাজত মতানৈক্য বৃদ্ধি হৈছে৷ ৰাজনৈতিক মিত্রতা ফলপ্রসূ কৰিবলৈ হ’লে অংশীদাৰ দলসমূহে এৰা–ধৰা কৰিবই লাগিব৷ কিন্তু বিৰোধী দলসমূহে যে সামূহিক স্বার্থত এনে পদক্ষেপ গ্রহণ কৰাৰ বার্তা এতিয়াও দিব পৰা নাই৷ বিৰোধী ৰাজনৈতিক দলকেইটাৰ নেতৃত্বক সৈমান কৰাৰ ক্ষেত্রতো ড০ হীৰেন গোহাঁই নেতৃত্বাধীন নাগৰিক সমাজ বাৰুকৈয়ে ব্যর্থ হৈছে৷ মাথোঁ বিজেপিক ক্ষমতাচ্যুত কৰি ক্ষমতা দখলৰ লক্ষ্যৰে বিৰোধী মর্চা গঠন কেতিয়াও সফল নহয়৷ কিয়নো প্রত্যেকটো দলৰেই নিজস্ব স্থিতি আৰু সাংগঠনিক ভেটি আছে৷ ইয়াৰ বাবে বিৰোধী দলকেইটাৰ মাজত উমৈহতীয়া ইছ্যু বাছনি কৰিব লাগিব৷ কিন্তু নাগৰিক সমাজৰ নামত ‘কংগ্রেছপন্থী বুদ্ধিজীৱী’য়ে শূন্যতে গদা ঘূৰাই বিৰোধী ঐক্যমঞ্চ গঠনৰ কুচকাৱাজ চলাইছে৷ এই পদক্ষেপে ৰাজ্যৰ ৰাজনীতিত বিশেষ পৰিৱর্তন ঘটাব নোৱাৰে৷