গ্রন্থমেলাৰ আশাৰ বার্তা
অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত অসম গ্রন্থমেলাই অসমৰ ভাষা–সাহিত্য জগতখনলৈ সুখবৰ কঢ়িয়াই আনিছে৷ গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে অনুষ্ঠিত অসম গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ গ্রন্থ বিক্রী হৈছে৷ এইবাৰ গ্রন্থমেলাত ৰাজ্যখনৰ অধিকাংশ প্রকাশন গোষ্ঠীৰ উপৰি দেশৰ কেইবাটাও প্রকাশন প্রতিষ্ঠানে যোগদান কৰিছে৷ দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সমাপ্তিৰ পিছত প্রকাশন পৰিষদৰ অসম গ্রন্থমেলাই ৰাজ্যখনৰ গ্রন্থ আন্দোলনৰ প্রতি বিশেষ অৰিহণা আগবঢ়াইছে৷ তথ্য–প্রযুক্তিৰ দ্রুত পৰিৱর্তনৰ ফলত পঢ়ুৱৈৰ সংখ্যা হ্রাস হোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ ক’ভিডকালীন সময়ৰ পৰাই ৰাজ্যখনত পঢ়ুৱৈৰ সংখ্যা কিছু পৰিমাণে হ্রাস হোৱাটো অসত্য নহয়৷ পঢ়ুৱৈৰ সংখ্যা হ্রাস পোৱাৰ ফলত বাতৰিকাকত–আলোচনী প্রচলনৰ সংখ্যাও হ্রাস হৈছে৷ কিন্তু তথ্য–প্রযুক্তিৰ বিকাশৰ পৰিৱর্তিত পৰিস্থিতিৰ সন্মুখীন হৈ যিসমূহ বাতৰিকাকত–আলোচনীয়ে নিৰলস যুঁজ চলাই আছে, সেইবোৰৰ পঢ়ুৱৈৰ সংখ্যা হ্রাস হোৱাৰ বিপৰীতে বৃদ্ধিহে হৈছে৷ আগশাৰীৰ দৈনিক বাতৰিকাকতসমূহৰ এতিয়া তথ্য–প্রযুক্তিৰ সহায়ত একে সময়তে কেইবাটাও সংস্কৰণ প্রকাশ হোৱাৰ ফলত ৰাজ্যখনৰ আওহতীয়া অঞ্চলৰূপে পৰিচিত ঠাইসমূহতো বাতৰিকাকত উপলব্ধ হৈছে৷ ফলত নতুন নতুন অঞ্চলত বাতৰিকাকতৰ পঢ়ুৱৈৰ সংখ্যা পূর্বৰ তুলনাত বৃদ্ধি হৈছে৷ ক’ভিডকালীন পৰিস্থিতিৰ পিছত ৰাষ্ট্রীয় পর্যায়ৰ সংবাদ মাধ্যম আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷ আনকি কেইবাখনো ৰাষ্ট্রীয় বাতৰিকাকত–আলোচনীৰ অপমৃত্যু হৈছে৷ ৰাষ্ট্রীয় পর্যায়ৰ সংবাদ মাধ্যমৰ তুলনাত আঞ্চলিক ভাষাৰ বাতৰিকাকত–আলোচনীৰ ক্ষতি নগণ্য৷ ১২ দিনীয়া অসম গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ গ্রন্থ বিক্রীৰ বার্তা অসমীয়া ভাষা–সাহিত্যৰ বাবেও এক আশাপ্রদ বার্তা৷ অসম গ্রন্থমেলাত পঢ়ুৱৈৰ আগ্রহ বৃদ্ধিয়ে নতুন বছৰটোত গ্রন্থ আন্দোলনক এটা নতুন গতি প্রদান কৰাৰ সম্ভাৱনা দেখা গৈছে৷ অসম গ্রন্থমেলা আৰম্ভ হোৱাৰ এদিন পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিব্রুগড়ত ঘোষণা কৰিছিল যে ২০২৫ বর্ষক কিতাপৰ বছৰ ৰূপে উদযাপন কৰা হ’ব৷ অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভ কৰাৰ তিনি মাহ পিছত ৰাজ্য চৰকাৰখনৰ এনে ইতিবাচক সিদ্ধান্তক গ্রন্থপ্রেমীসকলেই নহয়, লেখক–লেখিকাসকলেও আদৰণি জনাইছে৷ চৰকাৰখনে এনে সিদ্ধান্ত ঘোষণা কৰিয়েই ক্ষান্ত থকা নাই৷ মন্ত্রী–বিধায়কসকলে গ্রন্থমেলাৰ বিপণীলৈ গৈ অসমীয়া লেখক–লেখিকাৰ বিভিন্ন গ্রন্থ ক্রয় কৰিছে৷ কিতাপৰ বছৰৰ প্রভাৱ ৰাজ্যৰ বৌদ্ধিক ক্ষেত্রখনত প্রতিফলিত হৈছে৷
এইবাৰ অসম গ্রন্থমেলা উপলক্ষে প্রায় ডেৰ হাজাৰ গ্রন্থ প্রকাশ হৈছে৷ অসম প্রকাশন পৰিষদে ৪০খন নতুন গ্রন্থ প্রকাশ কৰি উলিয়াইছে৷ গ্রন্থমেলাৰ বিপণীত প্রকাশন পৰিষদে এইবাৰ গ্রন্থ বিক্রীৰ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ গ্রন্থমেলাৰ বাকৰিত এইবাৰ দৈনিক নতুন নতুন গ্রন্থ উন্মোচন হৈছে৷ ইয়াৰ উপৰি ভাষা–সাহিত্য বিষয়ক মনোজ্ঞ আলোচনাৰে অসম গ্রন্থমেলাই গ্রন্থপ্রেমীসকলক আকর্ষিত কৰাৰ চেষ্টা চলাইছে৷ এই কথা ঠিক যে ছপা মাধ্যমতো তথ্য–প্রযুক্তিৰ বিকাশৰ লগে লগে গ্রন্থ প্রকাশ সহজসাধ্য হৈছে৷ নতুন নতুন গ্রন্থ ছপা হোৱাৰ ফলত আমাৰ ভাষা–সাহিত্যৰ ভঁৰাল চহকী হৈছে৷ কিন্তু ৰাজ্যখনত প্রকাশিত গ্রন্থৰ সংখ্যা বৃদ্ধিৰ সমানে পঢ়ুৱৈৰ সংখ্যা নাবাঢ়িলে গ্রন্থ আন্দোলনে ইতিবাচক ফল দিব বুলি আশা কৰিব নোৱাৰি৷ গ্রন্থ আন্দোলনৰ সপক্ষে ৰাজ্যখনত যি ইতিবাচক বাতাৱৰণ সৃষ্টি হৈছে, সেয়া সজীৱ কৰিবলৈ হ’লে মাথোঁ ৰাজ্য চৰকাৰেই নহয়, ভাষা–সাহিত্যৰ প্রতি দায়বদ্ধ প্রতিজন বিবেকৱান লোক আগবাঢ়ি আহিব লাগিব৷ আমি একোজন লেখকৰ লগতে পঢ়ুৱৈও হ’ব লাগিব৷ পঢ়ুৱৈ অবিহনে সৃষ্টিশীল ৰচনাৰ জৰিয়তে এটা জাতিৰ ভাষা–সাহিত্যৰ ৰাজহাড় কেতিয়াও শক্তিশালী নহয়৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু প্রকাশন পৰিষদে প্রতিখন জিলা সদৰত পর্যায়ক্রমে গ্রন্থমেলা অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্রহণ কৰিব পাৰে৷ গ্রন্থমেলাসমূহত সংশ্লিষ্ট জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্র–ছাত্রীসকলৰ অংশগ্রহণ নিশ্চিতকৰণৰ বাবে এলানি পদক্ষেপ গ্রহণ কৰিব পাৰে৷ গ্রন্থমেলাত প্রত্যেকখন বিদ্যালয়তে গল্প, কবিতা, ৰচনা আদি প্রতিযোগিতা আয়োজন কৰাৰ লগতে পুৰস্কাৰৰ ব্যৱস্থা কৰিলে ছাত্র–ছাত্রীৰ মাজত সৃষ্টিশীল মনোভাব জাগ্রত হ’ব৷ ইয়াৰ উপৰি প্রতিখন শিক্ষানুষ্ঠানতে একোটা পুথিভঁৰাল স্থাপন কৰি গ্রন্থমেলাৰ সময়ত কিতাপ ক্রয়ৰ ব্যৱস্থা গ্রহণ কৰিলে ছাত্র–ছাত্রীসকলৰ মাজতো পঢ়াৰ অভ্যাস গঢ়ি উঠিব৷ ’৯০ দশকৰ পৰা প্রায় চাৰি দশক ধৰি প্রতিবাদমুখৰ ৰাজ্যখনৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা সর্বসাধাৰণ ৰাইজে পৰিত্রাণ বিচাৰিছে৷ বিগত এটা দশকৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি বহু পৰিমাণে সলনি হৈছে৷ এনে অৱস্থাত গ্রন্থ আন্দোলনে সঠিক বাটত অগ্রসৰ হ’লে ৰাজ্যখনৰ বৌদ্ধিৰ সৃষ্টিশীলতাই দেশৰ ভিতৰতে অনন্য ৰূপ লাভ কৰিব৷ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ নিজস্ব ভাষা–সাহিত্যৰ প্রতি এতিয়াও বহু পৰিমাণে দায়বদ্ধ৷ অসম সাহিত্য সভাক অসমবাসীয়ে জাতীয় অনুষ্ঠানৰূপে মান্যতা প্রদান কৰি আহিছে৷ এনে অৱস্থাত সঘন গ্রন্থমেলাৰ জৰিয়তে বৌদ্ধিক আন্দোলনত ৰাজ্য চৰকাৰে সহায়–সহযোগ কৰা উচিত৷