নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাপতা লেডিজ

বিশ্বৰ চলচ্চিত্র জগতত অস্কাৰকে সর্বোচ্চ সন্মান বুলি গণ্য কৰা হয়৷ সেইবাবে প্রতিগৰাকী পৰিচালকৰ অস্কাৰ জয় কৰাৰ দুর্বাৰ আকাংক্ষা থাকে৷ আনকি অস্কাৰৰ বাবে ছবি মনোনীত হোৱাটোও এক বৃহৎ স্বীকৃতিৰূপে গণ্য কৰা হয়৷ বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাত নির্মিত ছবিসমূহৰ বাছনিপ্রাপ্ত চলচ্চিত্র অস্কাৰৰ যুঁজত নামে আৰু ইয়াৰে শ্রেষ্ঠ ছবিয়ে আঁজুৰি আনে অস্কাৰ বঁটা, একেদৰে অভিনেতা–অভিনেত্রীসকলৰ বাবে অস্কাৰৰ যিকোনো বিভাগত বঁটা অর্জন কৰাটো এক মহৎ স্বীকৃতি৷ পৃথিৱীৰ অন্যতম শ্রেষ্ঠ পুৰস্কাৰ প্রদান অনুষ্ঠানত পৰিচালক, অভিনেতা আৰু লেখকসকলৰ কর্মৰাজিক আনুষ্ঠানিকভাৱে সন্মানিত কৰা হয়৷ ২০০১ চনৰ পৰা ২০১২ চনলৈ হলীউডৰ কোডাক থিয়েটাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ ২০১৩ চনৰ পৰা লছ এঞ্জেলছৰ ন’কিয়া থিয়েটাৰত অস্কাৰ প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রতিবছৰে সমগ্র বিশ্বৰ দেশসমূহে এই বঁটাৰ বাবে মনোনয়ন লাভৰ আশাৰে তেওঁলোকৰ ছবিসমূহ জমা দিয়ে৷ ২০২৫ চনৰ অস্কাৰৰ মনোনয়নৰ বাবে ভাৰতৰ পৰা কেইবাখনো চলচ্চিত্রই যুঁজত নামিছিল৷ বিগত কিছুদিন ধৰি দেশৰ চলচ্চিত্র বিশেষজ্ঞসকলৰ লগতে অনুৰাগীসকলৰ মাজতো এই বিষয়টোক লৈ চর্চা চলি আছিল৷ এইবাৰ অস্কাৰৰ যাত্রাত কোনখন ভাৰতীয় ছবিয়ে সুযোগ লাভ কৰিব, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছিল৷ এনে জল্পনা–কল্পনাৰ মাজতো বিশেষজ্ঞসকলে আশা কৰা ধৰণেই ২০২৫ চনৰ অস্কাৰ মঞ্চত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ বাছনি লাভ কৰিছে কিৰণ ৰাও পৰিচালিত ছবি ‘লাপতা লেডিজ’–এ৷ ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই সদৰী কৰা অনুসৰি, ২০২৫ চনত অস্কাৰত বিদেশী ভাষাৰ ছবি বিভাগত ভাৰতৰ পৰা প্রতিদ্বন্দ্বিতাত নামিব এই ছবিখনে৷ ইয়াৰ লগতে ছবিখন সম্পর্কত কোৱা হৈছে যে সমর্পণ আৰু কর্তৃত্ববোধৰ সংমিশ্রণ হৈছে ভাৰতীয় নাৰী৷ শক্তিশালী চৰিত্রৰ মাধ্যমেৰে ‘লাপতা লেডিজ’–এ এই ব্যক্তব্যকে তুলি ধৰিছে৷ কেৱল ভাৰতীয় মহিলাই নহয়, সমগ্র বিশ্বৰ মহিলাসকলৰ বাবেও এক গুৰুত্বপূর্ণ বার্তা বহন কৰিছে এইখন চলচ্চিত্রই৷ মন কৰিবলগীয়া যে আগন্তুক বর্ষৰ অস্কাৰৰ বাবে ভাৰতৰ ২৯খন ছবি যুঁজত নামিছিল৷ ইয়াৰ ভিতৰত আছিল– ‘এনিমেল’, ‘শ্রীকান্ত’, তামিল ছবি ‘বাজহাই’, মালয়ালম ছবি ‘অট্টম’ আৰু চলিত বর্ষত কাঁ চলচ্চিত্র মহোৎসৱত গ্রাঁ প্রি বিজয়ী ‘অল উই ইমাজিন এজ লাইট’ৰ দৰে কেইবাখনো উন্নতমানৰ ছবি৷ অৱশ্যে বিশিষ্ট পৰিচালক জাহ্ণু বৰুৱাৰ অধীনস্থ জুৰী ব’র্ডে শেষ মুহূর্তত ‘লাপতা লেডিজ’ ছবিখন অস্কাৰলৈ প্রেৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ ছবিখনে আন্তর্জাতিক ফিচাৰ ফিল্ম বিভাগত দেশক প্রতিনিধিত্ব কৰিব৷ এই ছবিখন ২০২৩ চনৰ ৮ ছেপ্টেম্বৰত টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্রদর্শিত হৈছিল আৰু চলিত বর্ষৰ ১ মার্চত প্রেক্ষাগৃহত মুক্তি লাভ কৰিছিল৷ কোনো প্রখ্যাত তথা গ্লেমাৰসর্বস্ব অভিনেতা–অভিনেত্রীক ছবিখনত অভিনয়ৰ বাবে বাছনি কৰা নাই৷ ইয়াৰ বিপৰীতে প্রতিভাৱান আৰু নতুন শিল্পীক বাছনি কৰিছে৷
অতি সম্প্রতি ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিচালক কিৰণ ৰাওৱে তেওঁৰ চলচ্চিত্রখনত প্রতিষ্ঠিত অভিনেতা–অঅভিনেত্রীৰ পৰিৱর্তে নতুন শিল্পীক অন্তর্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰিছে৷ দর্শকসকলে নতুন মুখ দেখিলে ছবিৰ কাহিনীৰ ওপৰত সম্পূর্ণৰূপে নিমগ্ণ হৈ পৰিব বুলি তেওঁৰ ধাৰণা৷ ‘লাপতা লেডিজ’ৰ নির্মাণকার্য আৰম্ভ হৈছিল ২০১৮ চনত৷ ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে নিতানশি গোৱেল, প্রতিভা ৰান্তা আৰু স্পর্শ শ্রীবাস্তৱে৷ ছবিৰ প্রযোজনা বিশিষ্ট অভিনেতা আমিৰ খানৰ৷ কিৰণ ৰাওৰ অন্তিমখন ছবিয়ে মুক্তি লাভ কৰাৰ সুদীর্ঘ ৭ বছৰৰ পিছত এই ছবিখনৰ নির্মাণ আৰম্ভ কৰিছিল৷ ছবিখনে মুক্তিৰ পিছতে সমালোচক আৰু বাণিজ্যিক উভয় ক্ষেত্রতে ব্যাপক প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছবিখন যে ব্যতিক্রমধর্মী সেই কথা আৰম্ভণিৰ পৰাই স্পষ্ট হৈ পৰে৷ কাহিনীভাগ সুন্দৰভাৱে চিত্রিত কৰা হৈছে দুগৰাকী সদ্য বিবাহিত মহিলাৰ ৰে’লযাত্রাৰ জৰিয়তে৷ দুর্ঘটনাক্রমে তেওঁলোকে নিজ নিজ স্বামীৰ ঘৰলৈ ৰে’লেৰে যাত্রা কৰাৰ সময়ত স্থান পৰিৱর্তন ঘটে৷ শক্তিশালী বার্তা আৰু অনুভূতিৰ বাবে ছবিখনে ২৯খন অন্যান্য সমান আকর্ষণীয় আৰু মর্মস্পর্শী চলচ্চিত্রৰ মাজৰ পৰা ৯৭সংখ্যক অস্কাৰৰ বাবে মনোনীত হৈছে৷ এখন শক্তিশালী আৰু বিশ্বাসযোগ্য বিশেষজ্ঞ সমিতিৰ দ্বাৰা অস্কাৰলৈ দেশক প্রতিনিধিত্ব কৰাৰ বাবে চলচ্চিত্রসমূহ নির্বাচিত হয়৷ এফ এফ আইৰ সভাপতি ৰবি কোট্টাৰাকা নেতৃত্বাধীন কার্যনির্বাহক কমিটীৰ ১৩গৰাকী সদস্যৰ জুৰীয়ে মূল্যায়নৰ জৰিয়তে ছবিসমূহ বাছনি কৰে৷ সম্প্রতি জুৰীৰ নেতৃত্বত আছে অসম তথা দেশৰ আগশাৰীৰ চলচ্চিত্র পৰিচালক জাহ্ণু বৰুৱা৷ ছবিখন কমেও ৪০ মিনিট দৈর্ঘ্যৰ হ’ব লাগিব আৰু মার্কিন যুক্তৰাষ্ট্রৰ বাহিৰত নির্মিত হ’ব লাগিব৷ সংলাপ হ’ব লাগিব ইংৰাজীৰ বাহিৰে অন্য ভাষাত আৰু কমপক্ষেও ৭ দিন চিনেমা হলত চলিব লাগিব৷ ইয়াৰ উপৰি ১.২৫ লাখ টকা জমা দিয়াৰ প্রক্রিয়াও সম্পূর্ণ কৰিব লাগে৷ এই চর্তসমূহ পূৰণ কৰি নির্মাতাসকলে নিজৰ নিজৰ ছবি জমা দিয়ে জুৰীৰ ওচৰত৷ অৱশ্যে অস্কাৰৰ বাবে কোনখন ছবিয়ে ভাৰতক প্রতিনিধিত্ব কৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণৰ পূর্বে জুৰীৰ প্রত্যেকেই প্রতিযোগিতালৈ অহা চলচ্চিত্রসমূহ উপভোগ কৰে৷ তাৰ পিছতে ভোটৰ জৰিয়তে সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে এইপর্যন্ত তিনিখন ভাৰতীয় চলচ্চিত্রই চূড়ান্ত মনোনয়নত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ছবিকেইখন হ’ল– ‘মাদাৰ ইণ্ডিয়া (১৯৫৭), ছালাম বোম্বে (১৯৮৮) আৰু লগান (২০০১)৷ যোৱা বছৰ মালয়ালম ছবি এভৰিয়ান ইজ এ হিৰ’ই ভাৰতৰ হৈ আনুষ্ঠানিক প্রৱেশ ঘটাইছিল৷ ছবিখন কেৰালাৰ বন্যাৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা হৈছিল৷ মন কৰিবলগীয়া যে প্রতিবছৰে বলীউডৰ বিভিন্ন ভাষাত অসংখ্য ছবি নির্মাণ কৰা হয়৷ কিন্তু অস্কাৰ জয় কৰাত হিন্দী চলচ্চিত্রসমূহ ব্যর্থ হৈ আহিছে৷ ইয়াক লৈ সময়ে সময়ে সমালোচনাৰো উদ্রেক ঘটা পৰিলক্ষিত হয়৷ ভাৰতত বছৰি প্রায় ২,০০০ ছবি নির্মাণ কৰা হয়৷ এই সংখ্যা বিশ্বত নির্মিত মুঠ চলচ্চিত্রৰ প্রায় আধা৷ তৎসত্ত্বেও অস্কাৰ জয় কৰাটো আমাৰ বাবে এতিয়াও সপোন৷

You might also like