নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্চাত নেচনেল হেৰল্ড

দেশত সবাতোকৈ চর্চিত বিষয়ৰ অন্যতম নেচনেল হেৰল্ড৷ নেচনেল হেৰল্ড গোচৰ পুনৰ চর্চালৈ আহিছে৷ এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে নেচনেল হেৰল্ডৰ লগত সম্পর্কিত গান্ধী পৰিয়ালৰ সৈতে জড়িত প্রতিষ্ঠানৰ ৭৫২ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ পিছতে এই বিষয়টো পুনৰ চর্চিত হৈছে৷ ৰাষ্ট্রীয় ৰাজধানী নতুন দিল্লীকে ধৰি বিভিন্ন প্রান্তত নেচনেল হেৰল্ড বাতৰিকাকতখনৰ কার্যালয় আছে৷ কংগ্রেছৰ দ্বাৰা পৰিচালিত আৰু প্রকাশিত বাতৰিকাকত নেচনেল হেৰল্ড৷ এই বাতৰিকাকতখনৰ এক ঐতিহাসিক ভূমিকা আছে৷ ১৯৩৮ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুৰ সৈতে মিলি পণ্ডিত জৱাহৰলাল নেহৰুৱে নেচনেল হেৰল্ড প্রকাশ কৰিছিল৷ ভাৰতীয় জাতীয় কংগ্রেছৰ দৃষ্টিভংগী প্রচাৰৰ লক্ষ্যৰে প্রকাশিত হৈছিল নেচনেল হেৰল্ড৷ এছ’চিয়েটেড জার্নেল লিমিটেড (এজেএল)ৰ দ্বাৰা প্রকাশিত এই বাতৰিকাকতখন স্বাধীনতাৰ পিছত কংগ্রেছৰ মুখপত্র হৈ পৰে৷ এই কাকতখন হিন্দী আৰু উর্দু ভাষাত প্রকাশ কৰা হৈছিল যদিও ২০০৮ চনত ৯০ কোটি টকা ধাৰ হোৱাৰ পৰিপ্রেক্ষিতত কাকতখন বন্ধ কৰি দিয়া হয়৷ জৱাহৰলাল নেহৰুৱে ৫ হাজাৰ স্বাধীনতা যুঁজাৰুক অংশীদাৰ হিচাপে লৈ ১৯৩৭ চনত এ জে এল স্থাপন কৰি পিছত নেচনেল হেৰল্ড প্রকাশ কৰে৷ এই কোম্পানীটোৰ মালিকী স্বত্ব কোনো এজন ব্যক্তিৰ হাতত নাছিল৷ ২০১০ চনত এই কোম্পানীটোৰ অংশীদাৰ ১০৫৭জনলৈ নিম্নগামী হয়৷ কাকতখনৰ ব্যাপক লোকচানৰ ফলত প্রকাশক কোম্পানী এ জে এলৰ সম্পত্তি ২০১১ চনত ইয়ং ইণ্ডিয়া প্রাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা হয়৷ ২০১০ চনত ইয়ং ইণ্ডিয়া লিমিটেড ৰাহুল গান্ধীয়ে স্থাপন কৰিছিল৷ সেই সময়ত ৰাহুল গান্ধী কংগ্রেছ দলৰ সাধাৰণ সম্পাদক হিচাপে এগৰাকী সঞ্চালক হয়৷ এই ইয়ং ইণ্ডিয়া কোম্পানীৰ অংশীদাৰিত্ব ৭৬ শতাংশ আছে ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ৷ বাকী ২৪ শতাংশ কংগ্রেছ নেতা মতিলাল ভোৰা আৰু অস্কাৰ ফার্নাণ্ডেজৰ নামত আছে৷ কোম্পানীটোৰ কোনো বাণিজ্যিক লেনদেন নাছিল৷ এই কোম্পানীটোক লৈ পিছলৈ এ জে এলৰ কেইবাজনো অংশীদাৰে অভিযোগ উত্থাপন কৰে৷ ইয়াৰে ভিতৰত প্রাক্তন কেন্দ্রীয় আইনমন্ত্রী শান্তি ভূষণ আৰু এলাহাবাদ আৰু মাদ্রাজ উচ্চ ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ মার্কাণ্ডে কাট্জু অন্যতম৷ তেওঁলোকে অভিযোগ কৰা মতে এ জে এলৰ সম্পত্তি ইয়ং ইণ্ডিয়া লিমিটেডলৈ হস্তান্তৰ কৰাৰ সময়ত কর্তৃপক্ষই তেওঁলোকক কোনোধৰণৰ জাননী প্রেৰণ কৰা নাছিল৷ আৰু তেওঁলোকৰ পিতৃৰ সন্মতি অবিহনে ২০১০ চনত এ জে এলৰ অংশীদাৰিত্ব স্থানান্তৰ কৰা হৈছিল৷ এই অভিযোগৰ পিছতে ইয়ং ইণ্ডিয়া লিমিটেডলৈ এ জে এলৰ সম্পত্তি হস্তান্তৰকৰণৰ সময়ত ব্যাপক ধনৰ অবৈধ লেনদেন হোৱা বুলি চর্চিত হয়৷
বিজেপিৰ জ্যেষ্ঠ নেতা, অধিবক্তা সুব্রমণিয়ন স্বামীয়ে কিছুসংখ্যক কংগ্রেছ নেতাই এ জে এলৰ সম্পত্তি ইয়ং ইণ্ডিয়া লিমিটেডলৈ হস্তান্তৰৰ সময়ত প্রৱঞ্চনা আৰু জালিয়াতি কৰা বুলি ২০১২ চনত নিম্ন আদালতত এক অভিযোগ দাখিল কৰে৷ সুব্রমণিয়ন স্বামীয়ে আদালতত দাখিল কৰা অভিযোগ মতে নেচনেল হেৰল্ডৰ সম্পত্তি ইয়ং ইণ্ডিয়া লিমিটেডে অসৎ পন্থাৰে নিজৰ দখললৈ আনিছে৷ তেওঁ আদালতত অভিযোগ কৰা মতে ২০০০ কোটিতকৈ অধিক টকাৰ সম্পত্তি বেআইনীভাৱে ইয়ং ইণ্ডিয়া লিমিটেডে লাভ কৰিছে৷ এইক্ষেত্রত ইয়ং ইণ্ডিয়া লিমিটেডে মাত্র ৫০ লাখ টকা আদায় দি কংগ্রেছ দলৰ সম্পত্তি এ জে এলৰ ৯০.২৫ কোটি টকাৰ সম্পত্তিৰ অধিকাৰ নিজৰ হাতলৈ আনিছে৷ এ জে এলৰ হাতত থকা সম্পত্তিখিনি ঋণ যদিও সেই ঋণো বেআইনী আছিল৷ কিয়নো, এ জে এলৰ সম্পত্তি দলৰ পুঁজি আছিল৷ বিজেপি নেতা স্বামীৰ আদালতত দাখিল কৰা অভিযোগত অর্থাৎ নেচনেল হেৰল্ড গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফার্নাণ্ডেজ, সাংবাদিক সুমন ডুবে আৰু টেক’ন’ক্রেট শাম প্রিট্রডাৰ নাম উল্লেখ কৰিছিল৷ নিম্ন আদালতৰ পৰা এই গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত চলি থকাৰ সময়তে নেচনেল হেৰল্ড গোচৰৰ তদন্ত আৰম্ভ কৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে৷ ২০১৫ চনত বিজেপি নেতা স্বামীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাই দিল্লী উচ্চ ন্যায়ালয়ত শুনানি প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ আহ্বান জনায়৷ ২০১৫ চনৰ ১৯ ডিচেম্বৰত নিম্ন আদালতৰ পৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে উক্ত নেচনেল হেৰল্ড গোচৰত জামিন লাভ কৰে৷ ২০১৬ চনত উচচতম ন্যায়ালয়ে গান্ধী পৰিয়ালসহ আটাইকেইজন অভিযুক্তক ব্যক্তিগতভাৱে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়ে যদিও গোচৰটো চলাই যাবলৈ নিম্ন আদালতক অনুমতি দিয়ে৷ ২০১৮ চনত কেন্দ্রীয় চৰকাৰে ৫৬ বছৰীয়া পুৰণি লীজ সমাপ্ত কৰাৰ লগতে এ জে এলক হেৰল্ড হাউছ চৌহদৰ পৰা উচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰে যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ হৈ নুঠিল৷ ২০১৯ চনৰ ৫ এপ্রিলত উচ্চতম ন্যায়ালয়ে এ জে এলক উচ্ছেদৰ সিদ্ধান্ত স্থগিত ৰাখি নির্দেশ জাৰি কৰে৷ নেচনেল হেৰল্ড অবৈধ ধনৰ লেনদেন গোচৰৰ তদন্ত চলাই থকা ইডিয়ে তদন্ত ক্ষিপ্রতৰ কৰি তুলি অভিযুক্ত কংগ্রেছৰ শীর্ষ নেতা ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্র সাংসদ ৰাহুল গান্ধীক উক্ত গোচৰ সর্ন্দভত জেৰা কৰে৷ তাৎপর্যপূর্ণ যে এই গোচৰত অভিযুক্ত আটাইকেইজনকে ইডিয়ে জেৰা কৰিছে৷ কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ সাংসদ পুত্র ৰাহুল গান্ধীক জেৰা কৰাৰ অন্তত ইডিয়ে নেচনেল হেৰল্ডৰ কার্যালয় ছীল কৰে৷ ঐতিহাসিক নেচনেল হেৰল্ড বাতৰিকাকতৰ সম্পত্তি কংগ্রেছৰ শীর্ষ নেতাই বে–আইনীভাৱে নিজৰ কোম্পানীৰ অধীনলৈ অনাটো বিতর্কৰ বিষয়৷ আদালতত এই গোচৰ চলি আছে৷ ইডিয়ে শেহতীয়াকৈ সম্পত্তি জব্দ কৰা বিষয়টোৱে ৰাজনৈতিক মহলত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like