ক্ষমতা দখলৰ ৰাজনীতি
দেশৰ ৰাজনীতিত এতিয়া কোনো ৰাজনৈতিক দলৰে একাধিপত্য নচলে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্রায় আঢ়ৈ দশক ধৰি দেশৰ ৰাজনীতিত কংগ্রেছ দলে বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ দেশজুৰি দলটোৰ জনসমর্থন আৰু সাংগঠনিক ভেটি ইমানেই শক্তিশালী আছিল যে দলটোৱে ক্ষমতা দখলৰ জোখাৰে সহজে শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল৷ বিগত চাৰিটা দশকত দেশৰ ৰাজনীতিৰ ব্যাপক পৰিৱর্তন পৰিলক্ষিত হৈছে৷ আশীৰ দশকত কংগ্রেছবিৰোধী ঢৌ আৰম্ভ হোৱাৰ সময়তে জনতা দল আৰু সমাজবাদী দলৰ উত্থান হৈছিল৷ ইয়াৰ সমান্তৰালভাৱে দেশজুৰি কেইবাখনো ৰাজ্যত আঞ্চলিক দলৰ লক্ষণীয় উত্থান দেখা গৈছিল৷ ইয়াৰ ফলত ৰাজ্যভিত্তিক গঢ়ি উঠা নতুন ৰাজনৈতিক সমীকৰণৰ বাবে কংগ্রেছ দলে তীব্র দুর্যোগৰ সন্মুখীন হৈছিল৷ দেশৰ ৰাজনীতিত এতিয়া কোনো এটা ৰাজনৈতিক দলে একক শক্তিৰে ক্ষমতা দখল কৰাটো সহজসাধ্য হৈ থকা নাই৷ ২০২৪ৰ লোকসভা নির্বাচনলৈ ছমাহ আছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ সপোন দেখা বিজেপিয়ে ইতিমধ্যে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে৷ দলটোৱে একক ক্ষমতাৰে তিনি শতাধিক আসনত জয়লাভ কৰিব বুলি দলটোৰ নেতাসকলে দাবী উত্থাপন কৰিছে যদিও ৰাজ্যভিত্তিক কেইবাটাও দলৰ স’তে মিত্রতা গঢ়ি তুলিছে শাসকীয় দলটোৱে৷ দলটোৰ এনে মিত্রতাৰ অন্তৰালত আছে ক্ষমতা দখলৰ ৰাজনীতি৷ ৰাজ্যভিত্তিক শক্তিশালী ৰাজনৈতিক দল–সংগঠনসমূহ স’তে মিত্রতা অবিহনে ক্ষমতা দখলৰ বাবে প্রয়োজনীয় শক্তি আহৰণ যে সম্ভৱ নহয়, সেয়া বিজেপিৰ দৰে শক্তিশালী দলেও বুজি পাইছে৷ সাম্প্রতিক ৰাজনীতিত বিজেপিক ক্ষমতাচ্যুত কৰাটো সহজসাধ্য নহয়৷ বিশেষকৈ বিভিন্ন শিবিৰত বিভক্ত হৈ থকা বিৰোধী ৰাজনৈতিক দলসমূহে এই কথা ভালকৈ উপলব্ধি কৰিছে৷ বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে কংগ্রেছৰ নেতৃত্বত ঐক্যমর্চা গঠন কৰা হৈছে৷ অৱশ্যে কংগ্রেছ নেতৃত্বাধীন ঐক্যমর্চাত এতিয়ালৈ চামিল হোৱা নাই কেইবাখনো ৰাজ্যত বিশেষ প্রভাৱ থকা বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহে৷ এনে পৰিস্থিতিত ২০২৪ৰ লোকসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএক পৰাভূত কৰাটো বিৰোধীৰ বাবে সহজসাধ্য নহয়৷ বিশেষকৈ নির্বাচনৰ সময়ত আসনৰ ভাগ–বাটোৱাৰাক কেন্দ্র কৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত সহমত গঢ়ি তোলাটো এক কষ্টকৰ বিষয়৷ কিয়নো কোনো ৰাজনৈতিক দলে এইক্ষেত্রত ত্যাগৰ মনোভাব বাস্তৱ ক্ষেত্রত প্রকাশ নকৰে৷ দলীয় প্রার্থিত্ব লাভ নকৰিলেও প্রভাৱশালী নেতাসকলে নির্বাচনৰ আগমুহূর্তত অন্য দলত যোগদান কৰা অথবা নির্দলীয় প্রার্থীৰূপে নির্বাচনী যুঁজত নমাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে৷ এনে ঘটনাৰ বাবেই নির্বাচনী মিত্রতা সঁচা অর্থত বর্তাই ৰখাটো প্রতিটো ৰাজনৈতিক দলৰ বাবে কষ্টসাধ্য হৈছে৷
লোকসভা নির্বাচনৰ আগমুহূর্তত অসমতো শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে৷ ২০১৯ৰ লোকসভা নির্বাচনত অসমৰ ১৪খন আসনৰ ভিতৰত সর্বাধিক ৯খন আসন লাভ কৰিছিল বিজেপি দলে৷ ইয়াৰ বিপৰীতে কংগ্রেছ দলে তিনিখন আসন, এআইইউডিএফ আৰু নির্দলীয়ই এখনকৈ আসন লাভ কৰিছিল৷ আগন্তুক লোকসভা নির্বাচনত ১১খন আসনত বিজেপি আৰু অংশীদাৰ দলৰ জয় নিশ্চিত বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাবী কৰিছে৷ বিজেপিৰ এনে আত্মমনোবলৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহৰ সাংগঠনিক তৎপৰতা এতিয়াও পৰিলক্ষিত হোৱা নাই৷ ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ ধাৰা ঘাইকৈ নিয়ন্ত্রিত হৈ আছে কংগ্রেছ আৰু এআইইউডিএফৰ স’তে৷ ২০০৬ৰ পৰা ৰাজ্যৰ ৰাজনীতিত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ অভূতপূর্ব উত্থানে এইক্ষেত্রত দলটোক সহায়ো কৰিছে৷ কিন্তু আজমল নেতৃত্বাধীন দলটোৰ ওপৰত ধর্মীয় সংখ্যালঘু লোকসকলৰ আস্থা আৰু বিশ্বাস পূর্বৰ তুলনাত বহু পৰিমাণে হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে ধর্মীয় সংখ্যালঘুৰ একাংশ লোক এআইইউডিএফৰ সংগ এৰি কংগ্রেছমুখী হৈছে৷ ২০১৯ৰ লোকসভা নির্বাচনত ইয়াৰ প্রতিচ্ছবিখন স্পষ্ট হৈছে৷ উক্ত নির্বাচনত আজমল নেতৃত্বাধীন দলটোৰ ভোট ৭ শতাংশ হ্রাস হৈছে৷ ফলত এআইইউডিএফৰ মুৰব্বীগৰাকীৰ সাংসদ ভাতৃকে ধৰি দলটোৰ দুজন সাংসদ পৰাজিত হৈছিল৷ ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়াও এআইইউডিএফৰ প্রভাৱ নাইকিয়া হৈ যোৱা নাই৷ এনে পৰিস্থিতিত এআইইউডিএফে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত দলীয় প্রার্থী থিয় কৰালে আগন্তুক লোকসভা নির্বাচনত কংগ্রেছে আশাপ্রদ ফলাফল লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ এআইইউডিএফক বাদ দি কংগ্রেছে অসমত যি ঐক্যমঞ্চ গঠন কৰিছে তাৰ অংশীদাৰ দলসমূহৰ সাংগঠনিক ভেটিৰ সীমাবদ্ধতা আছে৷ অংশীদাৰ দলসমূহৰ কোনো সাংসদ নাই৷ একক ক্ষমতাৰে লোকসভা নির্বাচনত বিজয় সাব্যস্ত কৰাৰ জোখাৰে শক্তিও নাই৷ তথাপি ঐক্যমঞ্চৰ অংশীদাৰ অসম জাতীয় পৰিষদে ছখন আসন, তৃণমূল কংগ্রেছে ৫খন আসন, চিপিএমে এখন আসনত প্রার্থিত্ব বিচাৰিছে৷ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে যোৰহাট সমষ্টিত প্রার্থিত্ব দিবলৈ আগ্রহী যদিও শেহতীয়াকৈ দলটোৱে নির্বাচনী যুঁজৰ পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছে৷ অৱশ্যে অখিল গগৈৰ এনে ঘোষণাক বিৰোধী দলৰ নেতৃত্বই এতিয়াও সহজে গ্রহণ কৰা নাই৷ প্রার্থিত্বকেন্দ্রিক যুঁজৰ বাবেই বিৰোধী ঐক্যমঞ্চৰ নির্বাচনী যুঁজৰ সফলতাক লৈ বিভিন্ন সন্দেহ ঘনীভূত হৈছে৷ এইক্ষেত্রত বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলকেইটাৰ নেতৃত্বই আগন্তুক দিনবোৰত গ্রহণ কৰা ভূমিকা নিশ্চিতভাৱে লক্ষণীয় হ’ব৷