নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুদলীয় চৰকাৰৰ সম্ভাৱনা

অষ্টাদশ লোকসভা নির্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিলৈ কেইবাটাও গুৰুত্বপূর্ণ বার্তা বহন কৰিছে৷ দেশৰ ৰাজনীতিত একক ক্ষমতাৰে শাসনভাৰ লাভ কৰাটো যে সহজ নহয়, সেয়া সদ্যসমাপ্ত লোকসভা নির্বাচনে আকৌ এবাৰ প্রমাণ কৰিলে৷ ’৯০ দশকৰ পৰা সুদীর্ঘ আঢ়ৈ দশক ধৰি দেশৰ ৰাজনীতিত বহুদলীয় চৰকাৰৰ গুৰুত্ব বৃদ্ধি হৈছিল৷ দেশত এখন একক সংখ্যাগৰিষ্ঠ দলৰ চৰকাৰ গঠনৰ বাবে প্রয়োজন ২৭২গৰাকী সাংসদৰ৷ ১৯৮৯ত দেশত প্রধানমন্ত্রীৰ আসনত ৰাজীৱ গান্ধী অধিষ্ঠিত হোৱাৰ সময়ত কংগ্রেছৰ মুঠ সাংসদৰ সংখ্যা আছিল ১৯৭গৰাকী৷ ১৯৯১ত ২৩২গৰাকী সাংসদৰ শক্তিৰে কংগ্রেছ দল পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছিল আৰু প্রধানমন্ত্রীৰূপে পি ভি নৰসিংহ ৰাৱে ৫ বছৰীয়া কার্যকাল সম্পূর্ণ কৰিবলৈ সক্ষম হৈছিল৷ দেশৰ অর্থনৈতিক উদাৰীকৰণ নীতি প্রৱর্তনৰ ক্ষেত্রত নৰসিংহ ৰাও চৰকাৰখনে গ্রহণ কৰা বলিষ্ঠ ভূমিকাই বিগত তিনি দশক ধৰি দেশৰ অর্থনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ১৯৯৬ত প্রথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বত দিল্লীত চৰকাৰ গঠন হৈছিল৷ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চৰকাৰ গঠন হ’লেও বিজেপি সাংসদৰ সংখ্যা আছিল ১৬১গৰাকী৷ এই চৰকাৰখন দীর্ঘস্থায়ী হোৱা নাছিল৷ ১৯৯৮ৰ লোকসভা নির্বাচনত বিজেপিৰ সাংসদৰ সংখ্যা ১৮২গৰাকীলৈ বৃদ্ধি হৈছিল যদিও একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল৷ ফলত দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অটল বিহাৰী বাজপেয়ীয়েও তেওঁৰ পূর্ণ কার্যকাল সম্পূর্ণ কৰিব নোৱাৰিলে৷ ১৯৯৯ৰ লোকসভা নির্বাচনত বিজেপিয়ে ১৮২খন আসন লাভ কৰি গঠন কৰা চৰকাৰখনে পূর্ণ কার্যকাল চলাবলৈ সক্ষম হৈছিল৷ ২০০৪ চনৰ লোকসভা নির্বাচনত কংগ্রেছে ১৪৫খন আসন লাভ কৰি দিল্লীৰ ৰাজপাটত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল৷ ড০ মনমোহন সিঙৰ নেতৃত্বত বহুদলীয় চৰকাৰখনে পাঁচ বছৰ সম্পূর্ণ কৰাৰ পিছত ২০০৯ৰ লোকসভা নির্বাচনত ২০৬খন আসন লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশৰ ৰাজনীতিত বিজেপিয়ে পৰিৱর্তনৰ এক ছুনামি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ প্রায় আঢ়ৈ দশকজোৰা মিশ্রিত জনাদেশৰ বিপৰীতে ২০১৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে ২৮২খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ দেশৰ ৰাজনীতিত বিজেপিৰ এনে উত্থান অব্যাহত আছিল ২০১৯ৰ লোকসভা নির্বাচনতো৷ ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিয়ে এককভাৱে ৩০৩খন আসন লাভ কৰাৰ উপৰি এনডিএৰ অংশীদাৰ দলসমূহক লৈ মুঠ ৩৫২খন আসন লাভ কৰিছিল৷
২০১৪ আৰু ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিৰ এনে উত্থানে দলটোৰ মনোবল ইমানেই বৃদ্ধি কৰিছিল যে সদ্যসমাপ্ত লোকসভা নির্বাচনত চাৰি শতাধিক আসনত জয়ৰ লক্ষ্য লৈছিল৷ বিজেপিৰ এনে লক্ষ্যৰ বিপৰীতে দেশজুৰি বিৰোধী ৰাজনৈতিক দলসমূহ বহুধাবিভক্ত হৈ পৰা দেখা গৈছিল৷ প্রত্যাশিত সাফল্য লাভ নকৰিলেও সদ্যসমাপ্ত লোকসভা নির্বাচনত বিজেপিয়ে ২৪০খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ পূর্বৰ দুটা নির্বাচনৰ তুলনাত বিজেপিৰ শক্তি বহু পৰিমাণে হ্রাস হৈছে যদিও এনডিএৰ সহযোগী দলসমূহৰ শক্তিৰ আধাৰত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ জনাদেশ বিজেপিয়ে লাভ কৰিছে৷ এনডিএৰ অংশীদাৰ টিডিপিয়ে ১৬খন, জেডিইউয়ে ১২খন, শিৱসেনাই ৭খন, এলজেপিই ৫খন আৰু অন্যান্য সহযোগী দলে মুঠ ১৩খন আসন লাভ কৰি ক্ষমতাৰ অংশীদাৰ হৈছে৷ সদ্যসমাপ্ত নির্বাচনত কেইবাখনো ৰাজ্যত বিজেপিৰ ভোটৰ হাৰ হ্রাস হৈছে৷ শাসকীয় দলটোৱে ২০১৯ৰ লোকসভা নির্বাচনৰ তুলনাত হাৰিয়ানাত ১২.১ শতাংশ, হিমাচলত ১২.৭ শতাংশ, উত্তৰাখণ্ডত ৪.২ শতাংশ, ঝাৰখণ্ডত ৬.৪ শতাংশ, কর্ণাটকত ৫.৩ শতাংশ, দিল্লীত ২.২ শতাংশ, ৰাজস্থানত ৯.২ শতাংশ, উত্তৰ প্রদেশত ৮.৫ শতাংশ, জম্মু–কাশ্মীৰত ২ শতাংশ, গুজৰাটত ০.৮ শতাংশ, বিহাৰত ১.১ শতাংশ, অৰুণাচলত ৯.৪ শতাংশ, মণিপুৰত ১৭.৬ শতাংশ, পশ্চিমবংগত ১.৯ শতাংশ ভোট হেৰুৱাইছে৷ ইয়াৰ বিপৰীতে কেইবাখনো ৰাজ্যত বিজেপিৰ ভোট বৃদ্ধি হৈছে৷ সদ্যসমাপ্ত নির্বাচনত পঞ্জাবত ৮.৯ শতাংশ, তেলেংগানাত ১৫.৪ শতাংশ, তামিলনাডুত ৭.৬ শতাংশ, কেৰালাত ৩.৭ শতাংশ, অন্ধ্রপ্রদেশত ১০.৩ শতাংশ, ছত্তিশগড়ত ১.২ শতাংশ, মধ্যপ্রদেশত ১.৩ শতাংশ, অসমত ১ শতাংশ, ত্রিপুৰাত ৩১.৭ শতাংশ আৰু ওড়িশাত ৭ শতাংশ ভোট বৃদ্ধি হৈছে৷ দেশৰ ৰাজনীতিত তুলনামূলকভাৱে দুর্বল দাক্ষিণাত্যৰ অধিকাংশ ৰাজ্যত বিজেপিৰ ভোট এইবাৰ বৃদ্ধি হৈছে৷ তথাপি দেশৰ শেহতীয়া নির্বাচনৰ ফলাফল বিজেপিৰ বাবে সুখকৰ বুলি ক’ব নোৱাৰি৷ বিশেষকৈ বিজেপিশাসিত উত্তৰপ্রদেশ, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত বিজেপিৰ ভোট হ্রাস পোৱাটো দলটোৰ বাবে এক গুৰুতৰ প্রত্যাহ্বান৷ কিন্তু বিজেপিয়ে সন্মুখীন হোৱা এনে প্রত্যাহ্বান সত্ত্বেও দেশৰ ৰাজনীতি কংগ্রেছ তথা বিৰোধী দলসমূহৰ বাবে এতিয়াও অনুকূল হৈ উঠা নাই৷ সদ্যসমাপ্ত লোকসভা নির্বাচনত কংগ্রেছে কিছু পৰিমাণে সফলতা লাভ কৰিছে যদিও দলটোৱে মাথোঁ ৯৯খন আসনতহে জয়ী হৈছে৷ কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চাৰ সহযোগী সমাজবাদী পার্টীয়ে ৩৭খন আৰু টিএমচিয়ে ২৯খন আসনত জয়লাভ কৰাটো বিশেষ তাৎপর্যপূর্ণ৷ ইণ্ডি মর্চাৰ সহযোগী ডিএমকেই ২২খন, শিৱসেনাৰ ঊদ্ধৱ থাকৰে গোটে ৯খন, এন চি পিৰ শাৰদ পাৱাৰ গোটে ৮খন, চিপিএমে ৪খন, আৰজেডিয়ে ৪খন, আপে ৩খন আৰু সহযোগী দলে ১৯খন আসন লাভ কৰিলেও বিৰোধী মর্চাটোৱে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ বহু বাকী আছে৷ সদ্যসমাপ্ত লোকসভা নির্বাচনত বিজেপিয়ে এককভাৱে লাভ কৰা ভোটৰ হাৰ আছিল ৩৬.৬ শতাংশ৷ বিপৰীতে কংগ্রেছে লাভ কৰা ভোটৰ হাৰ হৈছে ২১.২ শতাংশ৷ বিজেপি অথবা এনডিএক ক্ষমতাচ্যুত কৰিবলৈ হ’লে কংগ্রেছ দলটো শক্তিশালী হ’বই লাগিব৷ কিন্তু গান্ধী পৰিয়ালৰ চক্রবেহুত সোমাই থকা শতিকাপুৰণি দলটোৰ প্রতি দেশৰ জনগণৰ আস্থা আৰু বিশ্বাসত যিধৰণে খহনীয়া হৈছে তাৰ পৰা দলটোৱে ওলাই অহাৰ আশা কৰিব নোৱাৰি৷ এনে অৱস্থাত বিজেপিৰ শক্তি হ্রাস হ’লেও কেন্দ্র আৰু ৰাজ্যসমূহত বিজেপিৰ নেতৃত্বত বহু দলীয় চৰকাৰৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে৷

You might also like