নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্রুপদী ভাষাৰ গৌৰৱ

তিনি অক্টোবৰ, ২০২৪৷ দেশৰ ভাষা–সাহিত্যৰ ইতিহাসত অসমীয়া ভাষাৰ এক গৌৰৱোজ্জ্বল দিন৷ অসমীয়া ভাষা–সাহিত্য সাধকৰ আশাশুধীয়া সাধনা আৰু ত্যাগৰ বাবেই আমাৰ ভাষাটোৱে ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ কেবিনেট বৈঠকে অসমীয়া, বাংলা, পালি, প্রাকৃত আৰু মাৰাঠী ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতিৰ প্রস্তাৱত অনুমোদন দিয়ে৷ দেশৰ সংবিধান স্বীকৃত ২২টা ভাষাৰ ভিতৰত অসমীয়া ভাষাই গুৰুত্বপূর্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দেশৰ ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বাবে আমাৰ ভাষা–সাহিত্যৰ গৱেষক আৰু সাধকসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ বিগত দুই শতিকাজুৰি অসমীয়া ভাষাই উপযুক্ত মর্যাদা লাভ কৰাৰ বাবে আমাৰ ভাষা–সাহিত্যৰ সেৱক আৰু গৱেষকসকলে নেৰানেপেৰা চেষ্টা চলাই আছিল৷ অসমীয়া ভাষাটোৰ ঐতিহাসিক বৈশিষ্ট্যহীনতা আৰু বাংলা ভাষাৰ অপভ্রংশৰূপে প্রতিষ্ঠা কৰিবলৈও বিভিন্ন সময়ত চক্রান্তৰ জাল পেলোৱা হৈছিল৷ আনকি অসমৰ পৰাই অসমীয়া ভাষাক উচ্ছেদ কৰি বাংলা ভাষা প্রৱর্তন কৰাৰ বাবে ষড়যন্ত্র চলোৱা হৈছিল৷ ব্রিটিছশাসিত অসমত ১৮৩৬ চনৰ পৰা ১৮৭০ চনলৈ অসমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ ঠাইত বাংলা মাধ্যমত শিক্ষাদান কৰা হৈছিল৷ ৰাজ্যখনত অসমীয়া ভাষা প্রচলনক লৈ দেশে স্বাধীনতা লাভ কৰাৰ পাছতো সংগ্রাম অব্যাহত আছিল৷ এনে আন্দোলনত অসমৰ কেইবাজনো শ্বহীদ হোৱাৰ লগতে অসংখ্য লোক ঘুণীয়া হৈছিল৷ অসমত অসমীয়া ভাষাৰ প্রভুত্ব আৰু ভাষাটোক যোগ্য মর্যাদা প্রদানৰ বাবে দীর্ঘকাল চলি থকা যুঁজখনে ৩ অক্টোবৰৰ ঐতিহাসিক দিনটোত উপযুক্ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল৷ কুৰি শতিকাজোৰা আমাৰ ভাষা–সাহিত্যৰ সাধকসকলৰ অৱদানৰ বাবেই যে অসমীয়া ভাষাই এনে গৌৰৱোজ্জ্বল স্বীকৃতিৰ মূল হোতা৷ কিন্তু অসমীয়া ভাষাৰ এনে স্বীকৃতি অর্জনৰ বাবে অসম প্রকাশন পৰিষদ, অসম সাহিত্য সভা, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকা অনন্য আছিল৷ অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানৰ দীর্ঘদিনীয়া সংগ্রামখনে প্রকৃতার্থত গতি লাভ কৰিবলৈ সক্ষম হৈছিল ২০২০ চনতহে৷ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ হৈ থকাৰ সময়তে অসমীয়া ভাষাৰ ধ্রুপদী ভাষাৰ মর্যাদাৰ সংগ্রামখনে বিশেষ গতি লাভ কৰিছে৷ ড০ শর্মাৰ নেতৃত্বতে অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ তথা আধুনিক অসমীয়া অভিধানৰ প্রণেতা সুমন্ত চলিহাক অধ্যক্ষ, সচিব প্রমোদ কলিতাক সদস্য সচিব, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল বৰদলৈ, বৰভাগ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ নমিতা দেৱী আৰু আবিলাকৰ ভাষা আৰু ভাষা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ভাস্কৰজ্যোতি শর্মাক লৈ এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল৷ অসমীয়া ভাষাৰ প্রাচীনত্ব আৰু মহত্ত্ব নিৰূপণেৰে আমাৰ ভাষাটো যে ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ জোখাৰে প্রয়োজনীয় চর্ত বর্তাই ৰাখিছে, সেয়া উচ্চস্তৰীয় কমিটীখনে প্রমাণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ লগে লগে মুখ্যমন্ত্রী ড০ শর্মা আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা বলিষ্ঠ সিদ্ধান্তৰ বাবে অসমীয়া ভাষাই এনে ঐতিহাসিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল৷
অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত আমাৰ ভাষা–সাহিত্যপ্রেমীসকলৰ মাজত উছাহৰ সৃষ্টি হৈছে৷ ইয়াৰ লগে লগে সংবাদ মাধ্যম বিশেষকৈ সামাজিক মাধ্যমত ধ্রুপদী ভাষাৰ স্বীকৃতিক লৈ ব্যক্তিবিশেষৰ মাজত সাফল্য দাবী কৰা পৰিলক্ষিত হৈছে৷ অসমীয়া ভাষাৰ এনে গৌৰৱোজ্জ্বল স্বীকৃতিৰ বাবে আমাৰ ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰা প্রত্যেকজন লোকৰ কম–বেছি পৰিমাণে অৰিহণা আছে৷ এই কথা অনস্বীকার্য যে দেশৰ অন্যান্য বহু ভাষা–সাহিত্যৰ তুলনাত অসমীয়া ভাষা–সাহিত্যৰ মান বহু উন্নত৷ ১৮৪৬ত অৰুনোদই আলোচনী প্রকাশৰ পিছতে অসমৰ সংবাদ–পত্রৰ ইতিহাস আৰম্ভ হৈছিল৷ ব্রিটিছ শাসনকালত পি আৰ গর্ডন, নাথান ব্রাউন, মাইলছ ব্রনছন, হেমচন্দ্র গোস্বামী আদিয়ে প্রথমখন অসমীয়া ভাষাৰ অভিধানত অন্তর্ভুক্ত কৰিছিল প্রায় ২৪ হাজাৰ শব্দ৷ পৰৱর্তী সময়ত হেমচন্দ্র বৰুৱাৰ অভিধানৰ প্রথম সংস্কৰণত অন্তর্ভুক্ত হৈছিল প্রায় ২৫ হাজাৰ শব্দ৷ বিগত প্রায় ডেৰ দশকৰ ভিতৰত অসমীয়া অভিধানত এক লাখ ২৫ হাজাৰৰো অধিক শব্দ অন্তর্ভুক্ত হৈছে৷ এয়া অসমীয়া ভাষা–সাহিত্যৰ বাবে গৌৰৱৰ বিষয়৷ বিশ্বৰ বহু ভাষাৰ তুলনাত এতিয়া অসমীয়া ভাষা–সাহিত্য চহকী হৈছে৷ অসমীয়া ভাষা–সাহিত্যৰ এই সমৃদ্ধ অৱস্থাৰ মূলতে অসমৰ সংবাদ–পত্র আৰু আলোচনীসমূহৰ বিশেষ অৰিহণা আছে৷ অসমৰ ১৭৮ বছৰীয়া সংবাদ পত্রৰ ইতিহাসৰ সময়ছোৱাত অসমীয়া ভাষা–সাহিত্যৰ যিদৰে বিকাশ হৈছে সেয়া তুলনা কৰিব নোৱাৰি৷ কিন্তু অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ লগে লগে অসমীয়া লোকসকলৰ দায়িত্ব আৰু কর্তব্য বৃদ্ধি হৈছে৷ ধ্রুপদী ভাষাৰ মর্যাদাৰ লগে লগে অসমীয়া ভাষা যে কমেও ২০০০ বছৰ পুৰণি সেয়া প্রমাণ হৈছে৷ অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যও এতিয়া ঐতিহাসিকভাৱে প্রতিপন্ন হৈছে৷ কিন্তু আমাৰ ভাষাপ্রেমীসকলে এই কথাও অনুধাৱন কৰা উচিত যে প্রয়োজনীয় পঢ়ুৱৈ সৃষ্টি আৰু ভাষাটোৰ উত্তৰণত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন হৈছে৷ অসমীয়া ভাষাৰ সৃষ্টিশীল ৰচনাৰাজিৰ উপৰি বাতৰিকাকত, আলোচনী আদিৰ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি হ’ব লাগিব৷ অসমীয়া ভাষাত দেশ–বিদেশৰ সৃষ্টিশীল ৰচনাৰাজিৰ অনুবাদ আৰু গৱেষণাত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন হৈছে৷ অসমত থকা কেন্দ্রীয় বিশ্ববিদ্যালয়কে ধৰি দেশৰ অন্যান্য প্রান্তত থকা উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত অসমীয়া ভাষাৰ চর্চাৰ ব্যৱস্থা কৰিব লাগিব৷ অনাগত দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান আৰু অধিক উন্নত কৰিব লাগিব৷ অসম চৰকাৰৰ প্রত্যেকটো বিভাগতে অসমীয়া ভাষা ব্যৱহাৰত বিভাগীয় বিষয়া–কর্মচাৰীক উৎসাহিত কৰিব লাগিব৷ অসমীয়া ভাষাক জগতসভাত প্রতিষ্ঠা কৰিবলৈ দেশ–বিদেশত প্রচাৰৰ বাবে ৰাজ্য চৰকাৰ আৰু আমাৰ জাতীয় অনুষ্ঠানসমূহেও দায়বদ্ধ হ’ব লাগিব৷ এনে ব্যৱস্থাইহে অসমীয়া ভাষাক আৰু অধিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব৷ এই ক্ষেত্রত ৩ অক্টোবৰৰ দিনটো অসমীয়া ভাষাৰ গৌৰৱৰ দিন ৰূপে অভিহিত কৰি প্রত্যেক বছৰে উদযাপন কৰা উচিত৷

You might also like