পাকিস্তানৰ হিন্দু শৰণার্থীৰ সমস্যা
পাকিস্তানৰ হিন্দু শৰণার্থীৰ সমস্যা
ভাৰত বিভাজনৰ পিছত নৱগঠিত দুখন দেশৰ মাজত ব্যাপক জনসংখ্যা বিনিময় ঘটিছিল৷ ভাৰত–পাকিস্তানৰ মাজত সীমা নির্ধাৰণ হোৱাৰ পিছত অসংখ্য মানুহ ইখন দেশৰ পৰা সিখন দেশলৈ যায়৷ সম্প্রতি প্রায় পাঁচ লাখ পাকিস্তানী হিন্দু শৰণার্থীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত দুর্বিষহ জীৱন অতিবাহিত কৰিছে৷ তেওঁলোক মূলতঃ দিল্লী, পঞ্জাব, ৰাজস্থান, গুজৰাট আৰু হাৰিয়ানাৰ উত্তৰাঞ্চলত বাস কৰি আহিছে৷ কিন্তু পেহেলগামত পাকিস্তানী সন্ত্রসাবাদীয়ে চলোৱা হত্যালীলাৰ পিছত এই শৰণার্থীসকলৰ মাজলৈ গভীৰ অনিশ্চয়তা নামি আহিছে৷ বিশেষকৈ ভাৰত চৰকাৰে আমাৰ দেশত বাস কৰি থকা পাকিস্তানী লোকৰ ভিছা বাতিলৰ নির্দেশ দিয়াৰ পিছতে তেওঁলোক অধিক অন্ধকাৰৰ দিশে গতি কৰিছে৷ ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া এক নির্দেশে শৰণার্থীসকলৰ বিষয়টো অধিক জটিল কৰি তুলিছে৷ দিল্লীৰ যমুনা নদীৰ পাৰত থকা পাকিস্তানী হিন্দু শৰণার্থীসকলৰ শিবিৰ উচ্ছেদ কৰিবলৈ উদ্যোগ গ্রহণ কৰিছে দিল্লীৰ উন্নয়ন পৰিষদে৷ শৰণার্থীসকলৰ শিবিৰ উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ত আবেদনো জনোৱা হৈছিল৷ কিন্তু দিল্লী ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছে৷ এই বছৰৰ শুনানিত পোহৰলৈ আহে যে যমুনা নদীক সংৰক্ষণ তথা ৰক্ষাৰ বাবে এই অঞ্চলটো দখলমুক্ত কৰাৰ প্রয়োজন আছিল আৰু এইক্ষেত্রত দিল্লী উন্নয়ন পৰিষদৰ ওপৰত যথেষ্ট পৰিমাণে চাপ বৃদ্ধি পাইছিল৷ এনে অৱস্থাত উচ্চ ন্যায়ালয়ে জনায় যে মানসিক আৰু সহানুভূতিশীলতাৰ দিশসমূহ বিবেচনা কৰা হ’লেও এই প্রক্রিয়াত হস্তক্ষেপ কৰা নহ’ব৷ উল্লেখ্য যে দিল্লীৰ মঞ্জু কা টিলা অঞ্চলত যমুনাৰ পাৰত প্রায় ৮ শতাধিক লোকে বসবাস কৰি আহিছে৷ এই অঞ্চলটো যমুনাৰ প্লাৱন ভূমিৰ ভিতৰত পৰে৷ পৰিৱেশ বিজ্ঞানীসকলৰ মতে, বাস্তুশাস্ত্রৰ দিশৰ পৰাও গুৰুত্বপূর্ণ যমুনাৰ প্লাৱন ভূমিত সুৰক্ষা কৰাৰ প্রয়োজনীয়তাক লৈও সন্দেহৰ অৱকাশ আছে৷ কেৱল পৰিৱেশ ৰক্ষাৰ দৃষ্টিকোণৰ পৰাই নহয়, উচ্চতম ন্যায়ালয়, ৰাষ্ট্রীয় পৰিৱেশ আদালত আৰু এই আদালতৰ নির্দেশ মানি চলাৰ বাবেও প্লাৱন ভূমি ৰক্ষা কৰা প্রয়োজন৷ বাস্তু তন্ত্র সুৰক্ষা, দিল্লীবাসী আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে এটি বাসোপযোগী সুস্থ পৰিৱেশৰ মৌলিক অধিকাৰ ৰক্ষা কৰাই দিল্লী উচ্চ ন্যায়ালয়ৰ লক্ষ্য৷
এই গোচৰত কেন্দ্র আৰু দিল্লী উন্নয়ন পৰিষদসহ সংশ্লিষ্ট সকলো পক্ষৰ বক্তব্য শুনিছে আদালতে৷ শৰণার্থীসকলৰ পুনর্বাসন সংক্রান্তীয় বিষয়টোও আদালতত উত্থাপন হয়৷ সেই সময়ত কেন্দ্রীয় আৱাসন আৰু নগৰ উন্নয়ন মন্ত্রালয়ে আদালতক জনায় যে এই বিষয়টো প্রাথমিকভাৱে দিল্লী উন্নয়ন পৰিষদৰ অন্তর্ভুক্ত৷ ইয়াত মন্ত্রালয়ৰ কোনো ভূমিকা নাই৷ পৰৱর্তী সময়ত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰা ন্যায়ালয়ক জনোৱা হয় যে শৰণার্থীসকলে সংশোধিত নাগৰিকত্ব আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷ ইয়াৰ বাহিৰে মন্ত্রালয়ৰ কৰিবলগীয়া একো নাই৷ পুনর্বাসনৰ বিষয়টো মন্ত্রালয়ৰ অধীনস্থ নহয়৷ অৱশ্যে শৰণার্থীসকলৰ পুনর্বাসনক লৈ বিভিন্ন কর্তৃপক্ষই দেখুওৱা গা এৰা দিয়া মনোভাবক লৈ ন্যায়ালয়ে অসন্তুষ্টি প্রকাশ কৰিছে৷ শৰণার্থীসকলৰ পুনর্বাসন আৰু অন্য স্থানলৈ স্থানান্তৰ কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে যোগাযোগৰ আন্তৰিক প্রচেষ্টা চলায় ন্যায়ালয়ে৷ কিন্তু সেয়া ফলপ্রসূ হোৱা নাই৷ ন্যায়ালয়ে ধাৰণা কৰিছে যে আমোলা স্তৰত ইজনে সিজনৰ ওপৰত দায়িত্ব ঠেলি দিয়াৰ বাবে এনে অৱস্থা হৈছে৷ দিল্লী ন্যায়ালয়ে এই কথাও জনাইছে যে শৰণার্থীসকলক এই দুর্দশাৰ পৰা মুক্তিৰ বাবে কোনো নীতি প্রণয়নৰ কাম আদালতে কৰিব নোৱাৰে৷ শৰণার্থীসকলৰ এই অঞ্চল দখল কৰি থকাৰ কোনো অধিকাৰ নাই বুলিও আদালতে জনাইছে৷ উল্লেখ্য যে ১৯৪৭ চনত ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা প্রতিবেশী দেশসমূহৰ পৰা অহা বিভিন্ন শৰণার্থীক ভাৰতে গ্রহণ কৰিবলগীয়া হৈছিল৷ কিন্তু বিগত সুদীর্ঘ সময়ছোৱাত শৰণার্থীসকলৰ সমস্যা সমাধান নহ’ল৷