সাংস্কৃতিক সন্ধিয়াৰ প্রাসংগিকতা
অসমত ব’হাগী বিদায় নামেৰে এবিধ উৎসৱৰ প্রচলন আৰম্ভ হোৱা কেইবছৰমান হ’ল, যাৰ চৰিত্র এতিয়া পালন কৰি থকা ব’হাগ বিহুৰ লগত একেই৷ ব’হাগ বিহুৰ সময়ত বিহু উদ্যাপন কৰাৰ নামত যি চৰিত্রৰ সাংস্কৃতিক সন্ধিয়া ধৰণৰ অনুষ্ঠান বিভিন্নজনে উদ্যাপন কৰে, ব’হাগী বিদায়ো ঠিক তেনে অনুষ্ঠান, কেৱল উদ্যাপনৰ তাৰিখ থিৰাং কৰা হয় আয়োজকসকলৰ সুবিধা মতে৷ ব’হাগী বিদায় আয়োজনৰ কিছুমান বাস্তৱ ভিত্তি নিশ্চয় আছে, বিদায় শব্দটোৰো যুক্তিপূর্ণ কাৰণ আছে৷ কিন্তু এতিয়া বিহুৰ নামত যি ধৰণৰ অনুষ্ঠান পতা হয়, তাক ‘বিহু’ আখ্যা দিয়াটো কোনো ধৰণেই উচিত নহয়৷ বিহু আৰু তাৰ লগত বিহু উপলক্ষে পতা সাংস্কৃতিক সন্ধিয়াক একাকাৰ কৰি দিয়াটো পৰম্পৰাগত জাতীয় অনুষ্ঠান এটাৰ প্রতি প্রদর্শন কৰা উচিত সন্মান নহয়৷ কালৰ সোঁতত বহু পৰম্পৰাগত অনুষ্ঠান লুপ্ত হৈ যায়, সামাজিক পৰিৱর্তন সেই বিলুপ্তিৰ প্রধান কাৰণ, ঠিক তেনেদৰে পৰম্পৰাগত বিহুও লুপ্ত হৈ যোৱাটো একো আচৰিত কথা নহয়৷ সঁচা কথাত পৰম্পৰাগতভাৱে চলি অহা তিনিটি বিহুৰ মাজৰ কাতি বিহুটিহে বর্তি আছেগৈ৷ সময় আৰু সামাজিক পৰিৱেশৰ পৰিৱর্তনৰ প্রভাৱ পৰম্পৰাগত উৎসৱ আদিৰ ওপৰত পৰাটো অতি স্বাভাৱিক কথা হ’লেও এই পৰিৱর্তনৰ কথাকে যুক্তি হিচাপে আগবঢ়াই বিহুৰ পৰিৱর্তনক মানি লোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কোনো উচিত কাম নহয়৷ বিহুৰ দৰে পৰম্পৰাগত অনুষ্ঠান এটাৰ স’তে মানুহৰ আত্মিক সম্বন্ধ থাকে, সেই অনুষ্ঠানবোৰে আমাৰ চহকী সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ কথা প্রকাশ কৰে৷ পৰম্পৰা এটা ইমানদিনে চলি অহাৰ মূল কাৰণ হ’ল– তাৰ মূল আবেদনৰ লগত মানুহে কোনো পৰিকল্পিত কাৰণ অবিহনেই স্থাপন কৰিব পৰা ব্যাখ্যাহীন সম্বন্ধ৷ সমাজবিজ্ঞানীসকলে এই আকর্ষণৰ মূল তিনিটা কাৰণ বিচাৰি উলিয়াইছে– অনুষ্ঠানবোৰৰ আদিম সৰলতা, দৃশ্য আৰু শ্রাব্যৰ চিত্তউদ্দীপক ধ্বনি আৰু দৃশ্য আৰু শক্তিভৰা–প্রাণময় উত্তেজনা৷ বিহুগীত আৰু বিহুনৃত্যৰ পিনে মন কৰিলেই এই কথাটোৰ সত্যতা উপলব্ধি কৰিব পাৰি৷
কিন্তু কথা হ’ল, বিহুৰ নামত এতিয়া যিবোৰ অনুষ্ঠানৰ আয়োজন হয়, তাৰ মূল কথাটোৱেই হ’ল সন্ধিয়া হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান৷ তাত যিবোৰ তাৰকা গায়ক–গায়িকাই গান গায়, দর্শকে মাজৰাতিলৈকে উপভোগ কৰে, সেইবোৰ জনপ্রিয় গান পূর্বতে ৰাইজে বহুবাৰ শুনিছে৷ কিন্তু বিহুৰ মঞ্চত প্রিয় শিল্পীৰ কণ্ঠৰ সেই গান ওচৰৰ পৰা শুনাৰ অভিজ্ঞতা অতি ৰোমান্সকৰ, শ্রোতা–গায়ক উভয়ৰে বাবেই উৎসাহ প্রদানকাৰী, সাংস্কৃতিক চর্চাক আগবঢ়াই নিয়া উদ্দীপক৷ এনে অনুষ্ঠানৰ প্রয়োজন আছে৷ কিন্তু এয়া ৰঙালী বিহু নহয়৷ এইবোৰ বিহুৰ সময়ত গোৱা গীত নহয়৷ এইবোৰ অনুষ্ঠানক বিহু হিচাপে আগবঢ়াই দিয়াটো বা প্রদর্শন কৰাটো একধৰণৰ সাংস্কৃতিক অপৰাধ৷ এই অনুষ্ঠানবোৰ অসমৰ বহু গায়ক–গায়িকা, বাদ্যযন্ত্রী আদিৰ বাবে ‘নিশ্চিত ৰোজগাৰ যোজনা’ৰ লেখীয়া হৈছিলগৈ৷ যদি এই ৰোজগাৰ আঁচনিৰ অধীনত বিহুক এনে ৰূপলৈ নিয়া হৈছে, তাক কি ধৰণে ব্যাখ্যা কৰিব পৰা যাব, সন্দেহ আছে৷ বাস্তৱ সত্যটো হ’ল– গায়ক–গায়িকাসকল নিজৰ কষ্টেৰেই বিখ্যাত হয়, তাৰ বিনিময়ত ভাল মাননি লাভ কৰে বিহুমঞ্চৰ প্রদর্শনৰ পৰা৷ যাৰ বাবে জীৱিকা উপার্জনেই মূল কথা, তেওঁৰ পৰা সাংস্কৃতিক দায়বদ্ধতা আদিৰ কথা আশা নকৰাই ভাল৷ এইটো কথা ঠিক যে জনপ্রিয় গায়কক মঞ্চত গান গাবলৈ মাতি অনাৰ লগে লগে সেই আয়োজনটোৰ প্রচাৰ ভাল হয়, চান্দা বেছি উঠে বা বেছিকৈ তোলাৰ কাৰণ এটা সাজু হয়, দর্শকৰ ভিৰ বাঢ়ে আৰু দর্শকৰ ভিৰৰ লগে লগে বিভিন্ন কোম্পানীৰ অর্থনৈতিক অংশগ্রহণো বাঢ়ে৷ এক কথাত সকলো কথা আহি শেষ হয় টকা–পইচাৰ অংকত৷ পৰম্পৰাগত উৎসৱ এটা পইচা অর্জাৰ বাবে আয়োজন কৰা হয় নেকি? যদি নহয়, তাৰ অর্থ হ’ব আয়োজকসকলে ক’ব নোৱাৰাকৈয়ে অর্থ উপার্জনৰ চক্রবেহুত ভৰি দিছে৷ বিহু পালনৰ নামত যে পৰম্পৰাগত বিহুক হত্যা কৰি তাক মনোৰঞ্জক আৰু অর্থ উপার্জনকাৰী ফাংচনলৈ ৰূপান্তৰ কৰা হৈছে, সেই কার্যৰ প্রধান ঋত্বিক হ’ল বিহুৰ আয়োজকসকল৷ উচ্চমানৰ সাংস্কৃতিক চেতনা, পৰম্পৰাৰ প্রতি সন্মান, সামাজিক দায়িত্ববোধ আদি থকা আয়োজকৰ দ্বাৰা উদ্যাপন হোৱা হ’লে ৰঙালী বিহুটিয়ে এনেদৰে চৰিত্র হেৰুওৱা অৱস্থাটো চাই থাকিবলগীয়া নহ’লহেঁতেন৷