নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ প্রাকক্ষণত অসমবাসীৰ বাবে সুখবৰঃ ব্যক্তিগতকৰণ নহয় এনআৰএল

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ৰঙালী বিহুৰ প্রাক্ক্ষণত অসমবাসীৰ বাবে সুখবৰ৷ পৰস্পৰ বিকাশ আৰু শক্তি সুৰক্ষাৰ ক্ষেত্রত সন্মিলিত প্রয়াসৰ অংশ হিচাপে নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)ৰ ৮০.১৬ শতাংশ স্বত্ব লৈছে অইল ইণ্ডিয়া লিমিটেডে৷

মঙলবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত আনুষ্ঠানিকভাৱে এই বিষয়ে সদৰী কৰে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্রই৷ এনআৰএলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা উপস্থিত থকা সংবাদ মেলখনত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মিশ্রই জানিবলৈ দিয়া মতে, যোৱা ২৫ মার্চত এনআৰএলৰ ৪৩.০৫ কোটি শ্বেয়াৰ অইল ইণ্ডিয়া লিমিটেড আৰু ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেড কনচর্টিয়াম অংশ ক্রয়ৰ চুক্তিত স্বাক্ষৰিত হয়৷ ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেডে ৩.২১ কোটি শ্বেয়াৰৰ বাবে ৬৯৯.৯৯ কোটি দিয়াৰ বিপৰীতে অইল ইণ্ডিয়া লিমিটেডে ৮,৬৭৫.৯৬ কোটি টকা ৩৯.৮৪ কোটি শ্বেয়াৰ ক্রয় কৰে৷ বাকী থকা ২.২৯ কোটি ইকুইটী শ্বেয়াৰ ৫০০ কোটি টকাত অসম চৰকাৰক দিয়া হয়৷

লগতে ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড (বিপিচিএল)–এ এনআৰএলত থকা মুঠ ৬১.৬৫ শতাংশ শ্বেয়াৰ উক্ত কনচর্টিয়াম আৰু অসম চৰকাৰলৈ হস্তান্তৰ কৰে৷ অংশ ক্রয়ৰ এই চুক্তি সম্পন্ন হোৱাৰ লগে লগে এনআৰএল ব্যক্তিগতকৰণ নোহোৱাটো নিশ্চিত হৈ পৰিল৷ সংবাদ মেলত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মিশ্রই কয় যে এনআৰএলৰ অধিকাংশ শ্বেয়াৰ আহৰণ কৰাটো অইল ইণ্ডিয়া লিমিটেডৰ বাবে কেৱল এক কৌশলগত ব্যৱসায়িক সিদ্ধান্তই নহয়৷ এক অন্বেষণ আৰু উৎপাদন প্রতিষ্ঠান হিচাপে তেল–গেছৰ মূল্য শৃংখলত উলম্ব একত্রীকৰণৰ ক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডৰ কর্প’ৰেট যাত্রাৰ অন্যতম এক নির্ণায়ক মুহূর্ত৷ ইয়াৰ দ্বাৰা অর্থ প্রৱাহৰ বিভিন্নতাৰ বাবে হোৱা খাৰুৱা তেলৰ মূল্য চক্রৰ অস্থিৰতাৰ প্রভাৱ আংশিক ৰূপত হ্রাসৰ লগতে অস্থিৰতা হ্রাস আৰু অংশীদাৰীৰ মূল্য বৃদ্ধিৰ আশা কৰা হৈছে৷ একে সময়তে এনআৰএলো এতিয়া সংহত শক্তি প্রতিষ্ঠানৰ এক অংশ হৈ পৰিল৷ অইল আৰু এনআৰএলে একেলগে অভূতপূর্ব সমন্বয় সৃষ্টি কৰিব পাৰিব৷

বিপিচিএলৰ দ্বাৰা নির্বিনিয়োজনৰ পিছত অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা এনআৰএলৰ অংশ আহৰণৰ বিশদ তথ্য তেওঁ সংবাদ মেলত দাঙি ধৰে৷ এই তথ্য অনুসৰি এতিয়া এনআৰএলত অইল ইণ্ডিয়া লিমিটেডৰ অংশীদাৰিত্ব থাকিব ৮০.১৬ শতাংশ৷ সেইদৰে অসম চৰকাৰ আৰু ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেডৰ অংশীদাৰিত্ব হ’ব ক্রমে ১৫.৪৭ শতাংশ আৰু ৪.৩৭ শতাংশ৷ অধিকাংশ অংশীদাৰিত্ব আহৰণেৰে অইল ইণ্ডিয়া লিমিটেড এনআৰএলৰ প্রমোটাৰ হল্ডিং কোম্পানী হোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অধিকাংশ অংশীদাৰিত্বৰ অধিকাৰী আৰু হল্ডিং কোম্পানী হিচাপে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে এনআৰএলৰ সঞ্চালক পৰিষদৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰিব৷ প্রতিটো অংশত ২১৭.৭৫ টকা ধার্যৰে বিপিচিএলে অংশীদাৰিত্ব বিক্রী কৰিছে৷ এই হিচাপত এনআৰএলৰ মূল্য হৈছে ১৬,০১৮ কোটি টকা৷

অসম চৰকাৰে এনআৰএলত নিজৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰাৰ কথাও তেওঁ সদৰী কৰে৷ অইল ইণ্ডিয়া লিমিটেড–এনআৰএলৰ সন্মিলিত প্রয়াসৰ প্রসংগত তেওঁ কয় যে এনআৰএলৰ বাবে খাৰুৱা তেলৰ প্রধান উৎস হৈছে অইল ইণ্ডিয়া লিমিটেড৷ বছৰি অইল ইণ্ডিয়া লিমিটেডে এনআৰএলক ২০০০ ত্রিলিয়ন মেট্রিক টন খাৰুৱা তেলৰ যোগান ধৰে৷ যিটো এনআৰএলৰ মুঠ প্রয়োজনৰ ৬৭ শতাংশ৷ তদুপৰি অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ স্থানীয় খাৰুৱা উৎপাদনৰ ৬০ শতাংশ খাৰুৱা তেল উত্তৰ–পূবত যোগান ধৰে৷ শোধনাগাৰক ফিড ষ্টক যোগান আৰু খাৰুৱা তেল শোধনৰ অনুকূলীকৰণ তথা অধিক উন্নতি সাধনৰ দ্বাৰা দুয়োটা প্রতিষ্ঠানে লাভান্বিত হ’ব পাৰে৷

উত্তৰ–পূবত অইলে প্রতিদিনে প্রায় ৭–৮ নিযুত মেট্রিক ঘনমিটাৰ প্রাকৃতিক গেছ উৎপাদন কৰে৷ আৰু ইয়াৰে ১ নিযুত মেট্রিক ঘনমিটাৰ প্রাকৃতিক গেছ প্রতিদিনে এনআৰএলক যোগান ধৰা হয়৷ অইল আৰু এনআৰএল বর্তমান ইন্দ্রধনুষ গেছ গ্রিড লিমিটেডৰো প্রমোটাৰ বুলি জানিবলৈ দি তেওঁ পুনৰ কয় যে দুয়োটা প্রতিষ্ঠানে ইন্দ্রধনুষ গেছ লিমিটেডৰ ২০ শতাংশকৈ অংশৰ অধিকাৰী৷ আমি উত্তৰ–পূবৰ সকলো ৰাজ্যৰ ৰাজধানীসমূহক সংযোগ কৰি ক্রছ কাণ্ট্ৰি এল জি পাইপ লাইন স্থাপন কৰিম৷

You might also like