নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ পুনৰুত্থান

তালিবানৰ হাতলৈ পুনৰ যাব পাৰে আফগানিস্তান৷ ইতিমধ্যে মধ্য এছিয়াৰ ৰাষ্ট্রখনৰ ১০খনকৈ প্রাদেশীক ৰাজধানী চহৰ তালিবানে দখল কৰিছে৷ দেশখনৰ বিভিন্ন প্রান্তত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে চৰকাৰী বাহিনীয়ে৷ লক্ষণীয়ভাৱে প্রায় দুই দশক ধৰি দেশখনৰ সংঘর্ষজর্জৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ আমেৰিকা আৰু নাটো বাহিনীৰ লগতে কেইবাখনো দেশৰ সেনাই প্রচেষ্টা চলাই আছে৷ শেহতীয়াকৈ নাটো বাহিনী আৰু আমেৰিকাই আফগানিস্তানৰ পৰা প্রত্যাৱর্তনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে বিদেশী সেনাৰ প্রত্যাৱর্তন প্রক্রিয়া আৰম্ভ হৈছে৷ পাৰস্য উপ–সাগৰীয়া ৰাষ্ট্র কাটাৰৰ ৰাজধানী দ’হাত আমেৰিকাৰ মধ্যস্থতাত আফগান চৰকাৰ আৰু তালিবানৰ মাজত ইতিমধ্যে কেইবালানিও শান্তি আলোচনা অনুষ্ঠিত হৈ গৈছে৷ আনকি এই শান্তি আলোচনাত তালিবানে চৰকাৰৰ অংশীদাৰ হ’ব বুলি ঘোষণাও কৰিছে৷ কিন্তু শান্তি আলোচনাৰ সমান্তৰালকৈ তালিবানে আফগানিস্তানত চৰকাৰী বাহিনীৰ বিৰুদ্ধে অভিযানো তীব্রতৰ কৰি আছে৷ ইয়াৰ ফলত বহু অসামৰিক লোকে পলায়ন কৰিবলগীয়া হৈছে দেশখনৰ পৰা৷ আনকি তালিবানৰ দখললৈ যোৱা চহৰবোৰৰ পৰা অসামৰিক লোকসকলে নিৰাপদ আশ্রয়স্থল বিচাৰি পলায়ন কৰা ঘটনাক লৈ হতচকিত হৈ পৰিছে মানৱাধিকাৰ সংস্থাসমূহ৷ শেহতীয়াকৈ গজনি চহৰ তালিবানৰ দখললৈ গৈছে৷ কান্দাহাৰৰ গুৰুত্বপূর্ণ অঞ্চল এতিয়া তালিবানৰ নিয়ন্ত্রণত৷ পাকিস্তান আৰু ইৰান সীমান্তৱর্তী কেইবাটাও গুৰুত্বপূর্ণ চকী ইতিমধ্যে তালিবানে দখল কৰিছে৷ লক্ষণীয়ভাৱে তালিবানৰ হাতত পৰাভূত হোৱাৰ পিছত আফগান সেনাই কির্গিস্তান, তাজিকিস্তান আদি দেশত আশ্রয় লৈছে৷ আনকি পাকিস্তানতো আশ্রয় ল’বলগীয়া হৈছে তালিবানে৷ শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে তালিবানৰ বিৰুদ্ধে সেনাক যোগ্য প্রত্যুত্তৰ দিবলৈ আহ্বান জনাইছে যদিও প্রতিৰোধী যুদ্ধত আফগান সেনাই বাৰে বাৰে পৰাজয় স্বীকাৰ কৰাৰ বাবে দেশখনৰ সেনা মুৰব্বীক অপসাৰণ কৰা হৈছে৷
তালিবানৰ আজিৰ এই উত্থানৰ বাবে কেইবাখনো ৰাষ্ট্রই আমেৰিকাকেই জগৰীয়া কৰিছে যদিও হোৱাইট হাউছ প্রশাসনে আফগানিস্তানৰ পৰা প্রত্যাৱর্তনৰ সিদ্ধান্ত যুক্তিসংগত বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ মতে আফগানিস্তানত এতিয়া পুনৰ নির্মাণ তথা শান্তি প্রক্রিয়াত বিদেশী শক্তি জড়িত হৈ থকাৰ প্রয়োজন নাই৷ তালিবানৰ সৈতে শান্তিপূর্ণ আলোচনা অনুষ্ঠিত হোৱাৰ পিছত সন্ত্রাসবাদী সংগঠনটো এতিয়া আফগানিস্তানৰ জনসাধাৰণৰ প্রতিনিধি হোৱাৰ যোগ্য বুলিও মন্তব্য কৰি আহিছে জ’ বাইডেন প্রশাসনে৷ কিন্তু দুই দশক ধৰি আফগানিস্তানৰ ধ্বংসযজ্ঞত অৰিহণা যোগাই অহা আমেৰিকা আৰু নাটো বাহিনীয়ে শেহতীয়াকৈ দেশখনৰ পৰা প্রত্যাৱর্তন কৰিবলৈ লোৱা কার্যক আন্তর্জাতিক মহলে সমালোচনা কৰিছে৷ তালিবানে এই মুহূর্তত আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চল দখল কৰা বুলি দাবী কৰিছে৷ তালিবানৰ এই দাবী সত্য নহয় যদিও দেশখনৰ গ্রামাঞ্চলসমূহ এতিয়া সম্পূর্ণৰূপে সংগঠনটোৱে দখল কৰিছে৷ প্রতিদিনে ইখনৰ পিছত সিখন চহৰ দখল কৰি আগন্তুক তিনি মাহৰ ভিতৰত আফগানিস্তান সম্পূর্ণৰূপে দখল কৰাৰ আশংকা ঘনীভূত কৰিছে তালিবানে৷ তালিবানৰ এই অগ্রগতি তথা উত্থানে দেশখনত যে মধ্যযুগীয় পাশৱিকতাক পুনৰ প্রতিষ্ঠাৰ সুযোগ দিব সেই কথা সংগঠনটোৰ কট্টৰ ইছলামপন্থী নীতিৰ দ্বাৰাই স্পষ্ট হৈ আছে৷ ইতিমধ্যে আফগানিস্তানত নাৰীক পুনৰ বোর্খাৰ তললৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে৷ য’ত তালিবানৰ নিয়ন্ত্রণ সাব্যস্ত হৈছে তাতেই সর্বসাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে আশংকা৷ কাৰণ তালিবানৰ পূর্বৰ শাসনৰ অভিজ্ঞতা আছে আফগানবাসীৰ৷ কি পাশৱিকতাৰ সন্মুখীন হ’বলগীয়া হৈছিল আফগানিস্তানৰ জনসাধাৰণ, সেয়া ১৯৯৬ৰ পৰা ২০০১ চনলৈ বিশ্বৰ সন্মুখতো নজিৰ হিচাপে চিহ্ণিত হৈ আছে৷ তালিবানৰ বর্বৰ শাসনৰ সন্মুখীন যদি আকৌ আফগানিস্তানৰ জনগণ হ’বলগীয়া হয়, তেতিয়াহ’লে নিৰীহ লোকসকলৰ স্বাধীনতা বুলি একো বর্তি নাথাকিব৷ এনে এক অপশক্তিক প্রতিৰোধ কৰিবলৈ আফগান চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷

You might also like