পৰমাণু যুদ্ধৰ আশংকা
আশংকা কৰা ধৰণেই ইউক্রেইন যুদ্ধ পৰমাণু যুদ্ধত পৰিণত হ’ব পাৰে৷ পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে প্রত্যাক্রমণ তথা প্রতিৰোধ তীব্রতৰ কৰি তুলিবলৈ ইউক্রেইনক অত্যাধুনিক সমৰাস্ত্র প্রদান কৰি আহিছে৷ শেহতীয়াকৈ ইউক্রেইনক আমেৰিকাত নির্মিত এফ–১৬ যুদ্ধ বিমান প্রদান কৰাৰ সিদ্ধান্ত লৈছে নেদাৰলেণ্ডছ আৰু ডেনমার্কে৷ ইউৰোপত অত্যাধুনিক এফ–১৬ যুদ্ধ বিমান চালনাৰ প্রশিক্ষণ লৈ থকা ইউক্রেইনী পাইলটসকলৰ প্রশিক্ষণ পর্বৰ সামৰণি পৰিলেই দুয়োখন ইউৰোপীয় দেশে এই বিধ্বংসী যুদ্ধ বিমান প্রেৰণ কৰিব ইউক্রেইনীলৈ৷ শেহতীয়াকৈ আমেৰিকাৰ বিদেশ দপ্তৰে এই কথা সদৰী কৰিছে৷ ৰাছিয়াৰ সৈতে ডেৰ বছৰ ধৰি চলা যুদ্ধত ধাৰাবাহিক ড্র’ন আক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছে ইউক্রেইনে৷ আগ্রাসী হৈছে ৰুছ বায়ুসেনাও৷ সেইবাবে দেশৰ আকাশীপথ সুৰক্ষিত কৰিবলৈ আৰু ৰাছিয়াৰ বিৰুদ্ধে প্রত্যাক্রমণ তীব্রতৰ কৰিবলৈ আমেৰিকাত নির্মিত এফ–১৬ যুদ্ধ বিমান বিচাৰি আহিছে ইউক্রেইনে৷ ইউক্রেইন চৰকাৰে বাৰে বাৰে আমেৰিকা তথা ইউৰোপীয় দেশসমূহক এই অত্যাধুনিক যুদ্ধ বিমান প্রদান কৰিবলৈ অনুৰোধ জনাই আহিছিল৷ সেই অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি প্রদান কৰিছে ডেনমার্ক আৰু নেডাৰলেণ্ডছে৷ ইউক্রেইনৰ সেনাই এফ–১৬ যুদ্ধ বিমান লাভ কৰিলেই ৰাছিয়াৰ বিৰুদ্ধে প্রতিৰোধ তীব্রতৰ হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ কিন্তু ইয়াৰ ফলত বৃদ্ধি পাব পৰমাণু যুদ্ধৰ আশংকা৷ আন্তর্জাতিক বিশেষজ্ঞসকলৰ একাংশই আশংকা প্রকাশ কৰিছে যে ইউক্রেইনে অত্যাধুনিক এফ–১৬ যুদ্ধ বিমান লাভ কৰাৰ ফলত অধিক হিংস্র হৈ পৰিব পাৰে ৰুছ ৰাষ্ট্রপতি পুটিন৷ ইতিমধ্যে ৰাছিয়াই এই যুদ্ধত ইউক্রেইনৰ সৈতে সমগ্র ইউৰোপৰ বিৰুদ্ধে যুদ্ধ কৰি থকা বুলি ঘোষণা কৰিছে৷ অর্থাৎ ইউৰোপীয় দেশসমূহৰ লগতে আমেৰিকাই ইউক্রেইনক বিভিন্ন ধৰণে সহায় কৰি থকা বিষয়টোৰ বাবে এই যুদ্ধখন অকল ইউক্রেইনৰ যুদ্ধ নহয় বুলি ঘোষণা কৰিছে মস্কো প্রশাসনে৷ অকল সেয়াই নহয়, প্রয়োজন হ’লে ৰাছিয়াই আত্মৰক্ষাৰ বাবে পৰমাণু অস্ত্র ব্যৱহাৰ কৰিব বুলি হুংকাৰ দি আহিছে৷ ইউক্রেইনৰ হাতত এফ–১৬ যুদ্ধ বিমান পৰা মানেই ৰাছিয়াৰ এই ভাবুকি অধিক তীব্রতৰ হ’ব৷
ইতিমধ্যে মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেনে নেডাৰলেণ্ডছ আৰু ডেনমার্কৰ বিদেশ দপ্তৰক ইউক্রেইনলৈ এফ–১৬ যুদ্ধ বিমান প্রেৰণৰ সিদ্ধান্তৰ কথা জনাই দিছে৷ লগে লগে দুয়োখন দেশে এই সিদ্ধান্তক আদৰণি জনাইছে৷ দুয়োখন দেশত মজুত থকা এফ–১৬ যুদ্ধ বিমান প্রত্যক্ষভাৱে ইউক্রেইনলৈ প্রেৰণ কৰা হ’ব৷ এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব দুয়োখন দেশে৷ ইফালে, ইউক্রেইনক অত্যাধুনিক এফ–১৬ যুদ্ধ বিমান প্রদানৰ সিদ্ধান্তৰ সময়তে বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাচেনকোৱে পোলেণ্ড, লিথুৱানিয়া আৰু লাটভিয়াক পৰমাণু আক্রমণৰ ভাবুকি প্রদান কৰিছে৷ সম্প্রতি বেলাৰুছৰ কার্যকলাপক লৈ ইউৰোপত বৃদ্ধি পাইছে দুশ্চিন্তা৷ ৰাছিয়াৰ ভাৰাতীয়া সেনা বাহিনী ৱাগ্নাৰ গোটে আশ্রয় লৈছে বেলাৰুছত৷ পোলেণ্ড সীমান্তত ৱাগ্নাৰৰ সবল অৱস্থানক লৈ দুশ্চিন্তাত পৰিছে দেশখন ৷ গতিকে পোলেণ্ডে প্রয়োজনত বেলাৰুছত আক্রমণ চলোৱা হ’ব বুলি হুংকাৰ দিছে৷ অনুৰূপ হুংকাৰ দিছে লিথুৱানিয়া আৰু লাটভিয়াই৷ ইয়াৰ পাছতে লুকাচেনকোৱে ঘোষণা কৰিছে যে এই তিনিখন দেশে যদি বেলাৰুছত আগ্রাসন চলায় তেন্তে প্রয়োজনত পৰমাণু অস্ত্র ব্যৱহাৰ কৰা হ’ব তিনিওখন দেশৰ বিৰুদ্ধে৷ লক্ষণীয় বিষয়টো হৈছে যোৱা জুন মাহতে বেলাৰুছত পৰমাণু অস্ত্র মোতায়েন কৰিছিল ৰুছ ৰাষ্ট্রপতি পুটিনে৷ পুটিনৰ ঘোষণাৰ পাছতেই ইউৰোপজুৰি সৃষ্টি হৈছিল চাঞ্চল্য৷ এতিয়া সেই পৰমাণু অস্ত্র বেলাৰুছে ব্যৱহাৰ কৰিব বুলি হুংকাৰ দিয়াৰ লগে লগে বিষয়টোক লৈ উদ্বেগ বৃদ্ধি পাইছে৷ ইউক্রেইনক এফ–১৬ যুদ্ধ বিমান প্রদান কৰাৰ সিদ্ধান্ত আমেৰিকাই গ্রহণ কৰাৰ দিনাখনেই বেলাৰুছৰ ৰাষ্ট্রপতিয়ে তিনিখন দেশৰ বিৰুদ্ধে পৰমাণু অস্ত্র ব্যৱহাৰৰ ভাবুকি প্রদান কৰিছে৷ বেলাৰুছত পুটিনৰ সেনাই পৰমাণু অস্ত্র মজুত কৰা বুলি নিশ্চিত কৰিছে নাটো দেশসমূহে৷ অৱশ্যে পৰমাণু অস্ত্রৰ সংখ্যা নিশ্চিত কৰিব পৰা নাই ইউৰোপে৷ কিন্তু ৰাছিয়াৰ বাবে ইউৰোপীয় দেশৰ বিৰুদ্ধে পৰমাণু অস্ত্র প্রয়োগৰ সঠিক অৱস্থান বেলাৰুছ হ’ব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ গতিকে বেলাৰুছৰ ৰাষ্ট্রপতিৰ ভাবুকিয়ে ইউৰোপত বিষয়টোক লৈ নতুন আতংক সৃষ্টি কৰিছে৷ ইফালে আমেৰিকাৰ ডিফেন্স ইণ্টেলিজেঞ্চ এজেঞ্চীৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে যে পুটিনৰ পৰমাণু অস্ত্র বেলাৰুছৰ পৰাই ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে৷ গতিকে ইউক্রেইন যুদ্ধ পৰমাণু যুদ্ধত পৰিণত হ’ব পাৰে বুলি পুনৰ সৃষ্টি হৈছে আতংক৷