নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকশিত ৰাষ্ট্রলৈ পথটো

স্বাধীনতাৰ এশ বছৰ পূর্তি অর্থাৎ ২০৪৭ চনত ভাৰতবর্ষক এখন বিকশিত অর্থাৎ উন্নত ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দীর্ঘদিন ধৰি লক্ষ্যটোৰ কথা কৈ আহিছে৷ বিশেষকৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত প্রধানমন্ত্রীগৰাকীয়ে বিকশিত ভাৰত গঢ়াৰ লক্ষ্য আৰু সময়ৰ কথা দেশৰ জনসাধাৰণক অৱগত কৰিছিল৷ ইয়াৰ প্রধান উদ্দেশ্য আছিল দেশবাসীক তাৰ বাবে মানসিক তথা সর্বতো দিশে সাজু কৰি তোলা৷ দেশ এখন এজন নেতাৰ দ্বাৰা সাধাৰণ অথবা মধ্যমীয়া অৱস্থাৰ পৰা উন্নত ৰাষ্ট্রত পৰিণত নহয়৷ তাৰ বাবে দেশখনৰ জনসাধাৰণৰ অকৃত্রিম আৰু অকুণ্ঠ সহায় আৰু সহযোগিতা লাগিব৷ লক্ষ্যবিহীন জনশক্তি এটাহ ৰাষ্ট্র নির্মাণ কৰিব নোৱাৰে, আর্থিক বুনিয়াদো শক্তিশালী কৰিব নোৱাৰে৷ লক্ষ্য নেতাৰো থাকিব লাগিব, জনসাধাৰণৰো থাকিব লাগিব৷ এটা লক্ষ্যপ্রাপ্তিৰ দিশে ৰাষ্ট্রশক্তি আৰু জনশক্তি একেলগে আগবাঢ়িলে দেশৰ প্রগতিয়ে নতুন উচ্চতা স্পর্শ কৰাটোক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ দেশবাসীৰ বাবে সৌভাগ্য আৰু সুখৰ কথা যে কিছুদিন পূর্বে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনখনত উপৱিষ্ট হোৱা ৰাজনৈতিক নেতাগৰাকীয়ে এই লক্ষ্যৰ কথা কৈছে৷ দেশখন ৰাজনৈতিক নেতৃত্বই পৰিচালনা কৰে৷ গতিকে ৰাজনৈতিক নেতৃত্বৰ দেশক লৈ লক্ষ্য এটা থকাটো জৰুৰী আৰু ভৱিষ্যতৰ বাবে আশাৰ কথা৷ ইমানদিনে কোনো প্রধানমন্ত্রীয়ে দেশ নির্মাণৰ সময় নির্ধাৰিত লক্ষ্যৰ কথা কোৱা নাছিল৷
ভাৰতবর্ষক যদিওবা ২০৪৭ চনলৈ বিকশিত ৰাষ্ট্র গঠনৰ লক্ষ্যৰ কথা কৈ থকা হৈছে বা কৈ অহা হৈছে, লক্ষ্যপ্রাপ্তি কিদৰে সম্ভৱ হ’ব, সেই কথা আজিলৈকে ৰাজনৈতিক নেতৃত্ব অথবা চৰকাৰী পক্ষই উল্লেখ কৰা নাছিল৷ কোনেও সেই ৰূপৰেখা প্রস্তুত কৰি দেশবাসীৰ আগত দাঙি ধৰা নাই৷ কিন্তু শেহতীয়াকৈ যোৱা ২৭ জুলাইত অনুষ্ঠিত নিটি আয়োগৰ বৈঠকত আয়োগৰ ফালৰ পৰা দেশখন ২০৪৭ চনত বিকশিত ৰাষ্ট্র হ’লে আর্থিক, সামাজিককে ধৰি বিভিন্ন ক্ষেত্রত দেশখনে প্রগতি অর্জন কৰিব লাগিব, তাক তথ্য আৰু তত্ত্বগত দিশ ফঁহিয়াহ তুলি ধৰা হৈছে৷ প্রথম কথাটো হৈছে লক্ষ্যপ্রাপ্তিৰ বাবে হাতত সময় অধিক নাই৷ আছে প্রায় ২৫ বছৰ৷ এই সময়ছোৱাত দেশখনৰ আর্থিক বিকাশৰ বছৰি ৭ৰ পৰা ১০ শতাংশৰ ভিতৰত থাকিব লগিব৷ কার্যতঃ এয়া সহজ নহয়৷ তদুপৰি বিকশিত ভাৰত গঢ়িবলৈ হ’লে দেশখনৰ জিডিপিক ৩০ লাখ কোটি ডলাৰলৈ লৈ যাব লাগিব৷ দেশখনৰ বর্তমান জিডিপিৰ পৰিমাণ হৈছে ৩.৩৬ লাখ কোটি৷ ২০৪৭ চনলৈ বিকশিত ৰাষ্ট্রত পৰিণত হ’বলৈ আজিৰ পৰিমাণটোক দহগুণলৈ বৃদ্ধি কৰিব লাগিব, অর্থাৎ আজিৰ তুলনাত দহ গুণ বাঢ়িলেহে বিকশিত ভাৰত গঢ়াৰ চর্ত এটা পূৰণ হ’ব৷ আজিৰ তাৰিখত দেশখনৰ জনমূৰি আয় বছৰি ২,৩৯২ ডলাৰ৷ বিশ্ব বেংকৰ সংজ্ঞা অনুসৰি ২০২৩ বর্ষটোত যিবোৰ দেশৰ বার্ষিক জনমূৰি আয় ৪,০০৫ ডলাৰ আছিল, তেনে দেশক উন্নত অর্থনীতিৰ দেশ বুলি কোৱা হৈছিল৷ ২০৪৭ চনলৈ বর্তমানৰ জনমূৰি আয়ৰ পৰিমাণ ৮ গুণ বৃদ্ধি হ’লেহে ভাৰত উন্নত ৰাষ্ট্র হৈ পৰিব৷ সামাজিক লক্ষ্যও পূৰণ হ’ব লাগিব৷ সাক্ষৰতাৰ হাৰত বর্তমানৰ ৭৭ শতাংশৰ পৰা ১০০ শতাংশ হ’ব লাগিব৷ চাকৰিত মহিলাৰ অনুপাত বর্তমানৰ ৩৭ শতাংশৰ পৰা ৭৭ শতাংশ হ’ব লাগিব৷ এনে বহু কঠিন লক্ষ্য পূৰণৰ কণ্টকাকীর্ণ বাট অতিক্রম কৰিহে দেশখন ২০৪৭ চনত বিকশিত ৰাষ্ট্রত পৰিণত হ’ব পাৰিব৷ লক্ষ্য কঠিন কিন্তু অসম্ভৱ নহয়৷ আর্থিক দিশৰ পৰা দেশখনৰ প্রগতি সদ্যহতে ঈর্ষণীয়৷ সামাজিক দিশত বিকাশ বহু পৰিমাণে ত্বৰান্বিত কৰিব লাগিব৷ এইটো কিন্তু গভীৰ প্রত্যাহ্বানৰ বিষয়৷ জনবিস্ফোৰণে ইতিমধ্যে ভয়ংকৰ ৰূপ পৰিগ্রহ কৰিছে৷ ইমান মানুহৰ জীৱন ধাৰণৰ স্তৰ উন্নীত নকৰাকৈ ভাৰতবর্ষ বিকশিত ৰাষ্ট্রত পৰিণত হ’ব নোৱাৰে, চৰকাৰ আৰু জনগণে ইয়াৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিব লাগিব৷

You might also like