নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পাকিস্তান হ’ব কানাডা

এজন খালিস্তানী উগ্রপন্থীৰ হত্যাক লৈ শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ কানাডাই দেশখনৰ পৰা ভাৰতীয় কূটনৈতিক বিষয়া এজনক বহিষ্কাৰ কৰিছে৷ প্রত্যুত্তৰত ভাৰতেও কানাডাৰ কূটনীতিক এজনক পাঁচ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নির্দেশ দিছে৷ বিষয়টোক লৈ এতিয়া চৰম অস্বস্তিত পৰিবলগীয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড, অষ্ট্রেলিয়াৰ দৰে দেশ৷ কিয়নো কানাডা হৈছে পশ্চিমীয়া মিত্রশক্তিৰ এখন গুৰুত্বপূর্ণ ৰাষ্ট্র৷ দেশখন জি–৭ৰো সদস্য৷ ইফালে, নাটো আৰু জি–৭ৰ সদস্য ৰাষ্ট্রসমূহৰে ভাৰতৰো সম্পর্ক৷ আন দেশ হোৱাহেঁতেন এতিয়ালৈকে সকলোৱে মিলি অৱস্থা নাইকিয়া কৰিলেহেঁতেন৷ আজিৰ বিশ্বত ভাৰত এটা অনুপেক্ষণীয় শক্তি হৈ থকাত কোনেও ভাৰতক ৰঙাচকু দেখুৱাব পৰা নাই৷ ইংলেণ্ড, ইউৰোপীয় ইউনিয়ন, অষ্ট্রেলিয়া, আমেৰিকা যুক্তৰাষ্ট্রই প্রকাৰান্তৰে জাষ্টিন ট্ৰুডোক এঘৰীয়াহে কৰিছে ৷ ইয়াৰ লগতে আন এটা কথাও জড়িত হৈ আছে৷ কানাডাৰ প্রধানমন্ত্রীগৰাকীয়ে সমগ্র বিষয়টোত চৰম অপৰিপক্বতা প্রদর্শন কৰিছে৷ তেনে এজন নেতা স্বাভাৱিকতে বিশ্ব সমুদায়ৰ সমর্থন আদায়ৰ অযোগ্য হিচাপেহে বিবেচিত হয় অথবা হ’বলৈ বাধ্য৷ কানাডাৰ প্রধানমন্ত্রীগৰাকীয়ে শেহতীয়াকৈ ভাৰতৰ সৈতে সংঘাতৰ পথ লোৱাৰ কাৰণটো হৈছে চলিত বর্ষটোৰ জুনত সংঘটিত হোৱা এটা হত্যাকাণ্ড৷ ঘটনাটোত খালিস্তানী উগ্রপন্থী নেতা হৰদীপ সিং নিজ্জৰক আঁততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷ নিজ্জৰ ভাৰতৰ এজন ম’ষ্ট ৱাণ্টেড উগ্রপন্থী৷ তেওঁ ভাৰতৰ পৰা পলাই গৈ জালিয়াতিৰে কানাডাৰ নাগৰিকত্ব সৰকাই লৈছে৷
খালিস্তানী উগ্রপন্থীজনৰ সৈতে জাষ্টিন ট্ৰুডোৰ আছে ব্যক্তিগত সম্পর্ক৷ অকল নিজ্জৰেই নহয়, ট্ৰুডোৰ সহায় আৰু সমর্থনত কানাডা হৈ পৰিছে শ শ খালিস্তানী উগ্রপন্থীৰ লীলাভূমি৷ এক কথাত জাষ্টিন ট্ৰুডোৰ ক্ষমতাৰ খঁকত কানাডা ভাৰতৰ বাবে দ্বিতীয়খন পাকিস্তানত পৰিণত হৈ পৰিছে৷ পাকিস্তানত যিদৰে ভাৰতবিৰোধী সন্ত্রাসবাদীয়ে ৰাজনৈতিক, আর্থিককে ধৰি বিভিন্ন সহায়–সহযোগ লাভ কৰে, কানাডাতো খালিস্তানী সন্ত্রাসবাদীয়ে ট্ৰুডো চৰকাৰৰ পৰা বিভিন্ন ধৰণে সহায় লাভ কৰে৷ চৰকাৰখনে আনকি নিজ ৰাষ্ট্রত খালিস্তানক লৈ শিখ সম্প্রদায়ৰ মাজত জনমতো সংগ্রহ কৰিছিল৷ ভাৰতক বিভাজন কৰাৰ বাবে প্রত্যক্ষভাৱে ষডযন্ত্রত লিপ্ত হৈছিল৷ ভাৰতৰ নাগৰিকত্ব নথকা লোকৰ ভাৰতৰ বিভাজন ঘটাই এখন সুকীয়া ৰাষ্ট্র গঠনৰ দৰে ভয়ংকৰ চক্রান্তত প্রধানমন্ত্রী ট্ৰুডো লিপ্ত হৈছিল৷ ক্ষমতাত থাকিবলৈ কানাডিয়ানক শিখক তৈল মর্দন কৰি অহা ট্ৰুডোৰ এই ভাৰতবিৰোধী তৎপৰতাৰ বাবে ট্ৰুডোৰ সৈতে ভাৰতীয় ৰাজনৈতিক নেতৃত্বৰ ভিতৰি ভিতৰি সংঘাত চলি আছিল৷ বহুতে ইয়াৰ বহিঃপ্রকাশৰহে অপেক্ষাত আছিল৷ ভাৰতীয় ৰাজনৈতিক নেতৃত্বৰ কূটনৈতিক পৰিপক্বতাৰ বাবে ইয়াৰ বহিঃপ্রকাশ ঘটা নাছিল৷ ভাৰতে বিষয়টো কূটনৈতিক স্তৰত উত্থাপন কৰি কানাডা চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰি আহিছিল৷ কিন্তু ক্ষমতাৰ খঁকত অন্ধ ট্ৰুডোৱে চৰম অপৰিপক্বতাৰ পৰিচয় দি নিজ্জৰ হত্যাত ভাৰতীয় এজেঞ্চীৰ হাত থকা বুলি কোনো প্রমাণ নিদিয়াকৈ মাথোঁ অভিযোগৰ ভিত্তিত ভাৰতৰ বিৰুদ্ধে নিজ দেশৰ সংসদত অভিযোগ কৰে৷ এখন দেশৰ বিৰুদ্ধে কোনো প্রমাণ নোহোৱাকৈ অভিযোগ কৰাটো চূডান্ত অপৰিপক্বতাৰ নিদর্শন৷ যাৰ বাবে তেওঁ এতিয়া নিজ দেশতে সমালোচনাৰ সন্মুখীন হ’ব লগাত পৰাৰ লগতে সর্বকালৰ অজনপ্রিয় নেতাত পৰিণত হৈছে৷ অৱশ্যে এইটো চিন্তাৰ বিষয় নহয়৷ ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে কোনো প্রমাণ নোহোৱাকৈ এটা গুৰুতৰ অভিযোগ কৰিছে, ভাৰতৰ কূটনীতিকক দেশখনৰ পৰা বহিষ্কাৰ কৰিছে, নতুন দিল্লীয়ে ইয়াৰ এটা যোগ্য প্রত্যুত্তৰ দিয়াৰ আৱশ্যক আছিল৷ ভাৰতে তাকেই কৰিছে৷ অকল সেয়াই নহয়, খালিস্তানী সন্ত্রাসবাদীক লৈ দেশখনে ভাৰতৰ বিৰুদ্ধে ইমানদিনে যি কৰি আহিছে, ভাৰতে বিশ্ব সমুদায়ৰ সন্মুখত তাক দাঙি ধৰি তাৰো এটা হিচাপ–নিকাচ কৰিব লাগিব৷ সন্ত্রাসবাদীক সহায় কৰা বাবে পাকিস্তান বহু বছৰ এফএটিএফৰ নিষিদ্ধ তালিকাত আছিল৷ কানাডাৰো অপকর্মক ভাৰতে উদঙাই দিব লাগিব৷ বিশ্বৰ বুকুত আৰু এখন পাকিস্তানৰ সৃষ্টি হওক– ভাৰতবাসীয়ে কোনো কাৰণতে এইটো নিবিচাৰে৷ এইক্ষেত্রত ভাৰতৰ ৰাজনৈতিক নেতৃত্ব অধিক শক্তিশালী হ’ব লাগিব৷ আজিৰ বিশ্বক ভাৰতৰ প্রয়োজন আছে৷ ভাৰতে অর্জন কৰা নিজৰ এই শক্তিক বুজিব লাগিব৷

You might also like